(১) গৰমৰ দিন। ১০ বছৰ মানৰ আগৰ কথা, তেতিয়া
গাঁৱৰ সকলোৰে ঘৰত বিজুলী সংযোগ হোৱাই নাছিল। যি কেইঘৰত আছে, তাকো
নিশা হ'লেই ঘনে ঘনে লোড ছেদিং হয়। সেয়ে সমনীয়া বোৰৰ
সৈতে কাৰেণ্ট গলেই আমি বাহিৰলৈ ওলাই আহো, পিন্ধনত হাফ পেণ্ট আৰু গেঞ্জিহে
থাকে।
প্ৰতিঘৰৰ
মানুহবোৰ নিজ নিজ চোতালতে চকী, ঢাৰি পাৰি বিচনী মাৰি ৰগৰ কৰি থাকে। আমি সমনীয়া বোৰে
নিশাৰ আন্ধাৰতে পথৰ কাষতে বহি আদ্দ দিওঁ।
এদিনৰ কথা, মই আৰু
দুজনমানে তেনেকৈ এঘৰৰ পদুলিতে আন্ধাৰতে বহি বিভিন্ন কথাৰ মহলা মাৰি আছিলো। কথাৰ কোনো আটিগুৰি
নাই, বিভিন্ন বিষয়ে আমাৰ আলোচনাত ঠাই পাইছিল। এটা সময়ত কথাৰ
মাজত মদাহীৰ বিষয়ে ওলাইছিল আৰু যিয়ে যিজানে তাকে কৈ আছিল। ঠিক তেনেকুৱাতে
ওচৰৰ গাঁৱৰ এজন বায়ন
(পিন্ধনত ধূতি পাঞ্জাৱী) দেমকেয়াৰ টনীক খাই চাইকেলেৰে
লটং পটংকৈ আহি আছে, ঠিক আমি বহি থকা ঠাইখিনিৰ ওচৰ পাওঁতেই শিলগুটিৰ
দ'ম এটাত উঠি কৰ্ফাল খাই পৰিলগৈ, আমি কেইটাইও
এক মূৰ্হুত্ব পলম নকৰি বায়ন খুৱাইদেউ গৈ উঠাবলৈ আগবাঢ়ি গ'লো। ধৰিবলৈ ধৰোতেই
উৱা.........খুৱাইদেউ গৰজি উঠিল, বোলে ঐ.......মোক ইমান কমজুৰি বুলি ভাবিছহঁত নেকি..?? তহঁতে মোক পেংলাই
কৰিবলৈ আহিছ..? আমি বোলো কথা বিষম! আতৰি
যোৱাই মঙ্গল, সেয়ে আতৰি আহিলো তিনিও। খুৱাইদেৱে আৰু
কথানাই বতৰানাই আৰু,
আৰম্ভ কৰি দিলে নহয় আমাক উদ্দেশ্যি গালি পৰা। কাষৰ ঘৰৰ পদুলিতে
ৰৈ আছিল আমাৰ কান সমনীয়া ছোৱালী মনি, তাইয়ো ঘটনাটো লক্ষ্য কৰি আছিল,
মনতে ভাবিলে তাই আৰু অলপ জমক বুলি, সেয়ে তাই তত্ক্ষণাত
আমাক ফচাই কৈ দিলে, বোলে খুৱাইদেউ.............সেইকেইটা সেইকেইটা, আপোনাক জোকোৱা কেইটা,..........আমাৰ অৱস্থা জোৰ পুৰি হাত পালেহি, তিনিও কিংকৰ্তব্য বিমোৰ
হৈ পৰিলো।
লগেলগে
নিজা চোতালত বহি কথাত ব্যস্ত হৈ থকা বন্ধুৰ দেউতাকে বহি থকাৰ পৰাই আমালৈ বুলি গালি
আৰম্ভ, আমি বোলো হে হৰি, কাক কেনেকৈ বুজাও এতিয়া...??
সমনীয়া এটাই খঙৰ ভমকত মনি বোলা ছোৱালীজনীৰ ফালে চোচা ল'লে........বোলে চাল্লি, তয়েই জতকুটৰ
ঘাই, আমাক মিছাকৈ গালি খুৱালি, ৰ'হ তোক আজি...........এই বুলি কৈ যিটোহে চোচা ল'লে........মনি একো কোৱে গৈ ভিতৰ পালগৈ আৰু দুৱাৰ মাৰি
সোমাল।
আমি
কেইটা বিনা দোষে শাস্তি খোৱাদি খালো। কোনোজনকে বুজাব নোৱাৰো, না-ফিটিং খুৱাইদেউ না বন্ধুৰ দেউতাক, কিবাকৈ বুজাবলৈ মুখ
মেলিলেই............মনে মনে থাক, তহঁতক
লক্ষ্য কৰি আছো বহুত দিনৰ পৰা। আমি আৰু কিৰো কি নকৰো কৈ সেইঠাইৰ পৰা লাহেলাহে
এমেনাসেমেন কৰি আতৰি তিনিআলীৰ ফালে সুৰসুৰাই আগবাঢ়িলো। মনত ক্ষোভৰ বহিঃপ্ৰকাশ, ভোৰভোৰাই
গৈ থাকিলো।
এটাই
ক'লে---এই মনিক মই কালিলৈ পাই লওঁ। এটাইটো কলে_এই বায়ন
বুঢ়াকো, কালিলৈ সঁচাকৈ পেলাইহে এৰিম, ৰাস্তাত
ৰচী বান্ধি থম বাপ্পেকে।
তাৰ পিছত বহুত দিনলৈ মনি
আমাৰ পৰা আতৰি আতৰি আছিল,
আমাক দেখিলেই লুকাই। এটা ভাল শিক্ষা হ'ল আমাৰো,
সেইদিনাৰ পৰা কোনোবাই দেমকেয়াৰ টনীক খায়েই হওঁক বা নোখোৱাকৈয়ে হওঁক পৰি
ককবকাই থাকিলেও ওচৰ নাচাপো।
(২) প্ৰায় ৮/৯ বছৰ মানৰ আগৰ কথা। বন্ধুৰে চেকেণ্ড
হেণ্ড মাৰুতি গাড়ী এখন কিনিছে। নকৈ ঘৰলৈ গাড়ীখন আনি অলৈ তলৈ যাবলৈ বৰ মন, হ'লে কিটো হ'ব চলাব জানিলেহে! সি
আহি মোক খাটনি ধৰিলেহি বোলে তাৰ লগত কামপুৰলৈ যাব লাগে আৰু আহোতে সোনকাল হলে ওচৰৰ খেলপথাৰত
তাক গাড়ী চলাবলৈ শিকাই দিব লাগে। ময়ো বোলো হ'ব দে, কথা মতেই কাম...........সময়ত মই সাজিকাচি সাজু হৈ তাৰ
ঘৰ ওলালোগৈ, গাড়ী উলিয়াই আনিলো পদুলিলৈ। সিয়ো যাবতীয় বস্তু (কাগজপাটিবোৰ)
বোৰ লৈ গাড়ীত বহিলহি। মই গাড়ী এৰি দিলো, কিছুদুৰ
যোৱাৰ পিছত তাক সুধিলো বোলো হে'ৰৌ তেল অলপ ভৰাই লবি নেকি..?
সি বোলে নালাগে, তেল আছে, সিদিনা ভৰাইছোহে। আগে পিছে সি স্কুটাৰ চলাই থকা মানুহ, স্কুটাৰত
এবাৰ তেল ভৰালে সি ১০ দিন মানলৈ নহলেও হয়, সেই ভাবিয়েই কথাটো
ক'লে নেকি নাজানো, ময়ো ভাবিলো ভৰাইছিলি
যদি হ'ব আৰু কিনো কথা। এইবুলি তেলৰ মিটাৰটোলৈ
চাই দেখিলো কাটাডাল দুটামান ঘাটতহে লাগি আছেগৈ, মই বোলো ঐ, তেলৰ মিটাৰৰ কাটাডালে কিন্তু কম দেখুৱাই আছে। কামপুৰৰ পৰা ঘুৰি
আহিব পাৰিমগৈতো...??
সি মোক ভেকাহি মাৰি ক'লে.........হেই তই সেইবোৰ ভাবিব নালাগে তই গাড়ী চলাব লাগে চলাই থাক, মই আছোৱেই নহয় মানুহটো।
মই বোলো সেইটোও ঠিক। তই আছ যেতিয়া
হ'ব আৰু। এনেকৈ গাড়ী হাইৱেত এৰি দিলো, এঘণ্টাতকৈ
কম সময়তে গৈ কামপুৰ পালোগৈ। দুঘৰ মানত সোমাই চাহ-জলপানেৰে
পেট পুৰাই প্ৰায় বিয়লি ৩ মান বজাত উভতিলো আমি। কামপুৰৰ পৰা কিছুদুৰ
আগুৱাই আহি ঠিক চেনীকলটো পাৰহৈ ২ কি.মি.মান আহিছোহে,
তেনেতে গাড়ীখনে থৰুগেৰু কৰিলেই নহয়, ঠোহোৰা মাৰি
এঠাইত আহি ৰৈ গ'লহি। কি হ'লনো বুলি
দুবাৰ মান চেল্ফ মাৰিলো, ওহো কেটকোট নকৰে। হেই ৰ'হ বুলি
ইঞ্জিনৰ বনেটখন খুলিলো, ইটো সিটো টিপি চাই আকৌ চেল্ফ মাৰিলো নাই
একেই অৱস্থা। তাক বোলো হেৰি নহয় ৰ'হ তেল
চেক কৰো, গাড়ীখন অলপ লৰাই চালো, তেলৰ একো
শব্দ নাই, উপাই নাপায়......... এইবাৰ তেলৰ
পাইপডাল কাৰ্বৰেটৰৰ পৰা খুলি মুখেৰে শুহা মাৰিলো দুটোপমান তেল আহিল আৰু নাই। তাক সুধিলো তই
তেল ভৰোৱা কিমান দিন হ'ল আৰু ভৰাইছিলি কিমান..?? কাৰ লগত কিমান দুৰ চলাইছিলি..??
সি মোৰ প্ৰশ্নক আওকান
কৰি ওলোটাই সুধিলে_তাৰ আগতে তই মোক এটা কথা ক-চোন, তেল বাৰু শেষেই হ'ল, কিন্তু ৰিজাৰ্ভটো
লাগিব লাগিছিল...?? মই তাৰ প্ৰশ্ন শুনি ভেবা লাগি তাৰ ফালে চাই
ৰ'লো। হে ভগৱান, কিহৰ পাল্লাত পৰিলো আজি..??
বোলো কি ৰিজাৰ্ভ লাগিব লাগিছিল..? ঐ তই এইখন তোৰ
ভঙা স্কুটাৰখন বুলি ভাবিছ নেকি যে ৰিজাৰ্ভ লাগিলে তেলৰ চুইটো ওপৰলৈ কৰি দিলেই আকৌ যাব
পাৰিবি..?? ঐ বুৰ্বক, ইয়াত তেলৰ কোনো চুইচ
নাথাকে আৰু ৰিজাৰ্ভো নালাগে, তেলৰ মিটাৰ চায়েই অনুমান কৰিব লাগিব। এতিয়া যা গিলানটো
হাতত লৈ তেল আনগৈ,
মই যাব নোৱাৰো দেই। সি হাতত গিলানটো লৈ বিপৰীত দিশৰ পৰা অহা গাড়ী এখনত
উঠি কামপুৰৰ পেট্ৰোল পাম্পৰ পৰা তেল আনিবলৈ গ'ল।
সি অহালৈকে মই এঘুমতি
মাৰি লওঁ বুলি গাড়ীৰ চিটটো হুৱলাই লৈ টোপনী গ'লো, তেল লৈ
আহি মাত দিয়ালৈ মোৰ ভালকৈয়ে এঘুমতি গ'ল। সেইদিনাহে সি
কথাটো বুজিব পাৰিলে যে গাড়ীৰ ৰিজাৰ্ভ নালাগে। আজি তাক এই কথাটো
কৈ কৈ জোকাই থাকো।
No comments:
Post a Comment