Saturday, 26 October 2013

হীৰেণ ভট্টাচাৰ্যৰ কবিতাঃ-

 
বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত
এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত।
হাবিৰ চৰাই হাবিয়েদি উৰি যায়
শুনো কি নুশুনো উৰণীয়া মাত
মোৰ হাবিয়াস নপলায়
বন্ধু লাহী পাখিত বেলি আহি লহিয়ায়
নেদেখিলে সেই চৰাইৰে জাক
মোৰ হাবিয়াস নপলায়
বন্ধু চকুলোৱে ঢাকে মোৰ দূৰণিৰ বাট।'
(হীৰেন ভট্টাচাৰ্য)

... তেজ মঙহৰ সম্পৰ্কৰ পাছতেই মানুহৰ জীৱনত লেখত ল'ব লগা কোনো আছে যদি সেয়ে বন্ধু। বন্ধুত্ব... আত্মাই আত্মাই খাপ খাইথকা এটা সম্পৰ্ক। জীৱনটোক অধিক সাৱলীল কৰি তুলিবলৈ প্ৰয়োজন, এই সম্পৰ্কৰ। জীৱনটোক অধিক ৰঙীন আৰু অৰ্থপূৰ্ণ কৰিবলৈ প্ৰয়োজন এই সম্পৰ্কৰ।

No comments:

Post a Comment