(১,২,৩,৪,৫ লৈকে
খণ্ড খণ্ডকৈ প্ৰতিটো খণ্ডৰ সোৱাদ বেলেগ বেলেগ। ৰাইজে পঢ়ি কেনে পালে জনালে সুখী
হম। ইয়াৰে ৩ নম্বৰ আদ্দাৰ কাহিনীটো সৰ্ম্পূন কাল্পনিক, এইঘটনাৰ বস্তৱৰ লগত কোনো
মিল নাই। যদি অজানিতে কাৰোবাৰ লগত সাদৃশ্য হয় তাৰ বাবে লেখক জগৰীয়া নহয়।)
১) বহুদিনৰ আগৰ কথা,
তেতিয়া মই হায়াৰচেকেণ্ডাৰীৰ প্ৰথম কি দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিলো...আমাৰ পিতাইক
উন্নত চিকিত্সাৰ বাবে ডিব্ৰুগড় অসম চিকিত্সা মহাবিদ্যালয়লৈ লৈ গলো, লগত মই, মোৰ বন্ধু
এজন । তালৈ নিয়াৰ এটাই কাৰণ তাত সৰু ভাইটিটো চিকিত্সা পাথ্যক্ৰম পঢ়ি আছে বাবে
সুবিধা হব বুলিয়েই গলো। ৰাতিৰ বাছত আটাইকেইটা গৈ ডিব্ৰুগড় পালোগৈ দোকমোকালিতে।
তাতে মিলন নগৰত আমাৰ দেউতাৰ সৰ্ম্পকীয় কৱাইদেউ এজন আছিল, ডিব্ৰুগড় আদালতৰ
দণ্ডাধীশ। বেচ ধনী মানুহ...তেতিয়াৰ দিনতেই ৫মহলীয়া অট্টালিকা, দেখিয়েই ভয় লাগি
যায়। আমি বহুবছৰৰ মুৰত যাম বুল পাই বৰদেউতাই কলে বোলে তহঁতে হুটেলত থাকিব নালাগে
আমাৰ ঘৰতে থাকিবি। কথা মতেই কাম-আমিও ৰাতিপুৱাতেই বৰদেউতাহতৰ টোপনি ভাঙিবলৈ
অসুবিধা পোৱাত আটাইকেইটাই ওচৰতে থকা চাহৰ দোকানত বহি চাহ একাপ একাপ খাই ললো। ইফাল
সিফাল কৰোতে কৰোতে তেতিয়ালৈ প্ৰায় ৭মান বাজিছে, দেউতাই বোলে বল এতিয়া চাগৈ সিহঁত
উঠিছে।
কিছুসময়ৰ পাছত মিলন
নগৰৰ বৰদেউতা হতঁৰ ঘৰ পালোগৈ। আমাক দেখি আঠে-বেঠে বহিবলৈ দি খোৱা বোৱাৰ জোগাৰ
কৰিলে, আমি হাত-মুখ ধুই...বৰদেউতাই দেখুৱাই দিয়া ৰুম এটাতে কাপোৰ কানি সলাই অলপ
ফ্ৰি হৈ ললো, তাৰ পাছত খাইবৈ আমি মেডিকেল
কলেজলৈ গলো। তাত ডাক্তৰে কলে বোলে দুদিনমান থাকিব লাগিব পাৰিব নহয় ? দেউতাই বোলে হৱ। এইখিনিলৈকে ঠিকেই আছিল। গন্ধগোলটো লাগিল ৰাতি থাকি
পিচদিনা পুৱাতহে----
মোৰ দেউতা আছিল
হোজা, একেবাৰে মাটিৰ মানুহ। পিছদিনা পুৱা ৰাতিপুৱাই দেউতাৰ অভ্যাস উঠিয়েই বাহিৰৰ
কাম ফেৰা কৰাৰ। সেয়ে শোৱাৰ পৰা উঠিয়েই ৰূমৰ লগতে থকা লেটিনলৈ গল। আমি দুয়োটা
টোপনি, পিছে দেউতা গল হয়.....গৈ তাত এতিয়া বিমোৰত পৰিল., মনতে অকলে অকলে
ভাবিলে...কি কাণ্ড...ইয়াত বা এতিয়া কত, কেনি পায়খানা কৰে, এইটো বা খোলে কোনফালে,
চেহ মহা বিপদ, ইহঁত কেইটাও শুই আছে, কি কৰা যায়, কাকো সুধিবও নোৱাৰো লাজো লাগে।
(ৰাইজ বৰদেউতাৰহঁতৰ ঘৰত কুমুদ লেটিন আছিল, সেয়ে সমস্যা উদ্ভৱ) এনেকৈ ভাবি থাকোতেই
কিছু সময় গল, এনেকৈয়ে লিৰিকি-বিদাৰি থাকোতেই দেউতাৰ হাত খন লাগি কুমুদৰ ধাকনি খন
ঘটংকৈ উঠিল, তেতিয়া দেউতাই গম পালে যে সেইখন খুলি দিব লাগে, ডাঙি চাই দেখে হয়,
ঠিকেই এতিয়াহে পালো বিচাৰি, পিছে এইটোত
আগে-পিছে দেউতাৰ ৰাতিপুৱাৰ কামফেৰা কৰাৰ অভ্যাস কেতিয়াও হৈ পোৱাই নাই।
কেনেকৈ বা কৰে............এহ যি হয় হব বুলি এইবাৰ দেউতাই দুইভৰি উঠাই বহিলৈ
কামফেৰা কৰিয়েই পেলালে বাপ্পেকে। উহ ৰক্ষা বুলি দেউতাই ঈশ্বৰক চিন্তিলে বোলে ভগৱান
ভাল লাজৰ পৰা বচালা দেই। তাৰ পাছত কাম ফেৰা কৰি উঠি দেখে যে বস্তু কেইপিচ পাচহৈ
যোৱা নাই কিছু অংশ কাষতো লাগি আছে, আকৌ কি বিপদ, কি হৱ এতিয়া কেনেকৈ পানী মাৰা যায়।
এনেকৈ হাতটো দি আওজি থাকোতেই কেনেকৈ জানো দেউতাৰ হাততো ফ্লাচৰ চুইচটোত লাগি গল,
লগে লগে হৰহৰনিৰে বিকত শব্দ এটাত দেউতা উচপ খাই উঠিল, ভাবিলে সেইটো কিবা বেয়াই হৈ
গল নেকি? ৰৈ চাই আছে, অহ পানী বন্ধ নহয়হে নহয়
যে.....এনেকৈ চাই থাকোতে কিছুসময়ৰ পাছত যেনিবা পানী বন্ধ হল। গা-পা ধুই আহি আমাক
জাগই দিলে, কিন্তু ঘটনাটো দেউতাই লাজতে আমাক নকলে।
কিছুসময়ৰ পাছত মোৰো
যাব লগা হল, ভিতৰত গৈ মোৰো একেই অৱস্থা, কাৰণ আগে-পিছে তেনেকুৱা পৰিবেশত থাকি
পালেহে। আমি হৈছো পথাৰে, বাঁহিনীয়ে কৰা মানুহ। মইও ওলাই আহি কাকো একো নকলো, আৰু
তাৰ পাছত মোৰ বন্ধুৰো একেই সমস্যা। কোনেও কাকো একো নকৈ মনে মনে
থাকিলো...........দুদিন মান পাছত যেতিয়া ঘৰলৈ আহিলো....তেতিয়া দেউতাৰ মনত খুধুৱাই
থকা কথাটোৱে কেতিয়া ওলাই কেতিয়া ওলাই কৰি আছিল আৰু এদিন দেউতাই কৈয়েই দিলে ঘটনাটো।
তেতিয়া আমি দুটায়ো সৈ কাঢ়িলো যে আমাৰো একেই অৱস্থা, ঘৰৰ আটাইৰে পেটৰ নাড়ী দাল
দাল।
২) এদিন গুৱাহাটীলৈ
গৈছিলো, চনটো মনত নাই, উত্তৰ গুৱাহাটীৰ আই আই টিলৈ যাম, কিবা এটা
কামত.........কৱাইদেৱে বোলে তই গুৱাহাটীলৈ গলে মালিগাঁৱতে মোৰ বন্ধু বিশ্বজ্যিত্
থাকে তাৰ তাতে সোমাই এই কাগজখন দি আহিবি, মই বোলো হৱ পাৰিম।
সেইদিনা ৰাতিপুৱাই
গুৱাহাটীলৈ ৰেলেৰে গলো, পল্টনবজাৰ ষ্টেচনৰ পৰা গৈ পানবজাৰৰ পৰা চিটি বাছত উঠি
মালিগাওঁ পালোগৈ। গৈয়েই বিশ্বজ্যিত্ দাৰ ঘৰটো বিচাৰি বিচাৰি উলিয়ালো। মাতি নিলে
ভিতৰলৈ বহিলো, কিছুপৰ বহাৰ পাছত চাহ দিলে চাহ খালো, দুই এটা কথা পাতিলে,ঘৰৰ কথা
সুধিলে, তাৰ পাছত কলে তুমি একেবাৰে ভাতকেইটা খায়েই যাবা। নালাগে বুলি কোৱাৰ পাছতো
নৰে যোৰ জবচ খাবই লাগে, মই বোলো ঠিক আছে তেনেহলে
এতিয়া ১০ বাজিছেহে মই আই আই টিৰ পৰা আহি পামহি। আই আই টিৰ পৰা ঘুৰি আহি সোমালো,
মোক কলে তুমি গা-পা ধোৱা যদি ধুই লোৱা, এইয়া টাৱেল লোৱা, তাতে চেণ্ডেল পাবা যোৱা।
সোমালো বাথৰূমত, কত আৰু গা-ধোও, নাই সেইবোৰ বাদ....ভাবিলো ভালকৈ হাতভৰি কেইটাকে
ধুই লও, অলপ ফৰকালহৈ পৰিম তেতিয়া। তাৰ পাছত পানীৰ টেপ খুলি বোলো
ধোওঁ.........দেখিলো ৱালত পানীৰ টেপৰ লগতে চুইট আছে দেখোন দুটা.....অহ মনতে ভাবিলো
ডিব্ৰুগড়ৰ লেখিয়াকৈ কিবা অঘটন নহয়তো ইয়াতো....মনে মনে হাঁহিও উঠিল.....এইবুলি
টেপটোৰ পোনতে ৰৈ আগগুৰি নাভাবি দিলো নহয় এটা টেপ খুলি.....ভাবিলো পানী হৰ-হৰাই
ওলাব.... .অহ পানী নোলায়েই দেখোন...এনেকৈ ভাবি থাকোতেই কেতিয়ানো ওপৰৰ চাৱাৰৰ পৰা
পানী আহি হৰহৰাই মোক জুৰুলি-জুপুৰি কৰিলে ততেই ধৰিব নোৱাৰিলো.....আতহি আহো মানে
চাৰ্টটো তিতি শেষ.........চেহ মহা বিপদত আকৌ পৰিলো....কি কৰা যায় এতিয়া, তিতা
চাৰ্টটো পিন্ধি কেনেকৈ বাহিৰ ওলাম মই। সিহঁতে দেখিলে বাৰু কি ভাবিব.....উপাই নাই
উপস্থিত বুদ্ধি এটা আহিল মনলৈ........লগে লগে চাৰ্টটো খুলিলো আৰু হাতেৰে যিমান
পাৰো ইফালৰ পৰা সিফাললৈ জোকাৰি জোকাৰি বতাহত শুকুৱাবলৈ চেষ্টা কৰিলো...........কত
আৰু শুকাই ইমান সোনকালে.....প্ৰায় ৩০মিনিটমানৰ পাছত অলপ অলপ দকচা হওতেই ওলাবলৈ
বাধ্য নহলে গৃহস্থই কিবাহে ভাবিবগৈ.....গৰমৰ দিন আছিল বাবে বাচিলো.........ওলাইয়েই
দাদাক কলো....উহ ইমান গৰম....ভালকৈ গাটো ধুই ললো, এতিয়াহে ভাল
লাগিছে......বিশ্বজ্যিত দাই কলে তোমাৰ চাৰ্টটো দেখোন তিতিলেই....মই বোলো একোনহয়
গৰমত ভালহে লাগিছে। পিছে মইহে জানিছো কি হৈছে।
৩) যোৱা বন্ধ
কেইদিনত ঘৰতে থাকি থাকি আমনি লগাত সন্ধ্য ওলাই গলো খোজকাঢ়ি—গৈ দেখিলো
তিনিমুনিটোতে সেইসময়ত কেইজন মান সৰু বৰে কথাৰ মহলা মাৰি আছে নতুনকৈ সজা ডেকাচংখনতে-ময়ো
গৈ তাতে যোগ দিলোগৈ। কথা গৈ গৈ একেবাৰে সমাজৰ মাজ পালেগৈ..........এজন তাৰে মাজতে
ওচৰৰে দাদাইদেউ আছিল, দুজনমান কাণসমনীয়া, আৰু দুটামান কঠালগুটীয়া.....এপাকত
দাদাইদেৱে কলে যে কিজে সমাজৰ নিয়ম বোৰ হল আৰু দেই...বামুনীয়াই হৰিধনীয়াৰ ঘৰত
নাখায়....হৰিধনীয়াই আকৌ বামুনীয়াৰ ঘৰত নাখায়। আগতে এইবোৰ নাছিল বুইছ আমাৰ দিনত।
তেতিয়া ইঘৰে সিঘৰে যিয়েই নাপাতক কিয় সকলো সকলোৰে ঘৰলৈ গৈছিল আৰু খাইছিলো.....কথাৰ
মাজতে বহুদিন ওকমুকাই থকা কথাকিছুমান মইও গাই দিলো এই চেগত ---
বোলোঃ-হেৰি নহয় দদাই..?
দদাইটিঃ-কি?
বোলোঃ-সমাজৰ নিয়মবোৰ এতিয়া আৰু সলাবৰ হল, কি জান
তহঁতৰ দিনত বহুত নিয়ম ভূল আছিল অ।
দদাইটিঃ-কি নিয়ম আমাৰ দিনত ভূল আছিল হা ? যদি ভূলেই আছিল আমাৰ দিনত মানুহৰ মাজত ইমান মিলাপ্ৰীতি কিয় আছিল তেনেহলে
?
বোলোঃ- সেইটো ঠিকেই আছে, মই সেইটো কব বিচৰা নাই অ
দদাইটি।
দদাইটিঃ-কি কব বিচাৰিছ খোলা-খুলিকৈ ক ? পকাই-জকাই নাথাক।
বোলোঃ-এই ধৰি ল মোৰ পিতাই ঢুকাল, এতিয়া পিতাই
ঢুকাল বুলি আমি লৰা মখাই মুণ্ডন কৰিব লাগে হয়নে ?
দদাইটিঃ-হয়, তাতে কি হল, সেইটো অতীজৰে পৰা চলি
আহিছে, তই কি এতিয়া সেইটো সলাবলৈ বিচাৰিছ নেকি ?
বোলো-কথা সেইখিনিতেই, আমি যে লৰা মখাই মুৰৰ চুলি
খুৰাই দিব লাগে-একে পিতাইৰ ছোৱালী বোৰৰ কিয় চুলি খুৰাব নালাগে ? পিতাই মৰাৰ চুৱা
কি আমাৰ চুলিতহে লাগে নেকি ? ছোৱালীবোৰৰ চুলিত
নালাগে নেকি? আমাৰ চুলিবোৰ চুলি আৰু কি সিহঁতৰ চুলিবোৰ চুলি
নহয় নেকি? এইটো নিয়ম সলনি কৰিবৰ হল। কিমান অসুবিধা
হয় তহঁতেতো নাজন, আমিহে ওলাই গলে গম পাওঁ। আৰু ছোৱালীবোৰ ঘৰতে থাকে সিহঁতক কোনে
সুধিব কিয় চুলি খুৰালি বুলি।
বোলোঃ-অকল এইটোৱেই নহয় দদাইটি, আৰু আছে-পিতাই
ঢুকাওতে যে আমি লৰামখাই চেলেং চাদৰ লৈ চুৰিয়া পিন্ধি পুহমহীয়া জাৰতো কপি কপি থাকিব
লাগে, ছোৱালী বা তিৰোতা বোৰে আগৰ সাজেই পিন্ধিব পাৰে কিয় ? মাক-বাপেকৰ মৃ্ত্যুত কি আমিহে বগা সাজ পিন্ধিব লাগে বুলি কিবা কথা আছে
জানো ? কিয় তিৰোতা বা জীয়েক হঁতে পিন্ধিব নালাগে বগা সাজ
?
দদাইটি-কি ঔ এইটো, কিবোৰ বলকিবলৈ লৈছে চা ? ঐ তোৰ মূৰটো ঠিকেই আছেতো ?
বোলোঃ-ঠিকেই আছে ঠিকেই আছে,--অ দেখিছা......মই
এতিয়া সঁচা কথাটো কলত মূৰ মূৰটোহে বেয়া হলনে পাই ? তয়েই কথাটো চিন্তা কৰি চা । এইটো নিয়ম একপখীয়
হোৱা নাইনে বাৰু ? নিয়ম সদায় সকলোৰে বাবে সমান হৱ লাগে। এয়া জানো সমান হৈছে ক ?
দদাইটিঃ-এইবোৰ মই কব নোৱাৰো, আমাৰ পূৰ্বপুৰুষৰ পৰা
চলি আহিছে এইবোৰ নিয়ম, গতিকে চলিবই। ইয়াত কি ভূল কি শুদ্ধ ধৰিবলৈ মই কোন কুটা..?
বোলোঃ-সেইবোৰ বাৰু বাদ দিলো, তই সেইবোৰত কিবা
সাল-সালনি বাৰু অকলে কৰিব নোৱাৰ বুলি জানো। এটা কথা তই মোক কচোন.....এই যে বিয়া
হোৱা মাইকী মানুহে সেন্দুৰ লব লাগে, মতা মানুহে কিয় সেন্দুৰ লব নালাগে নেকি?
দদাইটিঃ-আজি তোৰ হৈছে কি অ...? ঘৰত কাজিয়া লাগি আহিছ নেকি? এতিয়া উৰহৰ খংটো ভগা ঢাৰিত তুলিবলৈ আৰু মানুহ
বিচাৰি নাপালি ? কটা গাতত পঁচা কৰবাৰ।
বোলোঃ-ৰহ অ দদাইটি, যি গালি পাৰ পাৰিবি বাৰু ,
আগতে মোৰ গোটেই কথাটো নুশুনাকৈ নামাতিবিচোন তই। তয়েই কচোন-খেলিমেলি হয় নহয় বুইছ।
দদাইটিঃ-কিহৰ খেলিমেলিখন হৱ অ ইয়াত ? তইহে খেলিমেলি কিবা দেখিলি ? তহঁত
এই নতুন চামৰ এইটো এটা বেমাৰ, যিহকে পাই তিহকে বলকিবলৈ পালেই হল আৰু।
বোলোঃ-খেলিমেলি! কিহৰ খেলিমেলি ? ভালকৈ শুন তই, এই ধৰি ল খুৰিটি কৰবালৈ ওলাই গল সাজি-কাচি, ইফালৰ পৰা ডেকা
কেইটামান আহি আছে, সিহঁতে খুৰিটিৰ লাইচেঞ্চ ডাল মানে তোৰ এই সেন্দুৰৰ দাগটো
দেখিয়েই গম পাই যাব যে খুৰিটি এজনী বোৱাৰী। হয়নে ? এইখিনিলৈকে
ঠিকেই আছে। তাৰ পাছত তই ধৰি ল চুট-পেণ্ট কৰি ওলাই গৈছ, চকুত চালিয়া চশমা, হাতত
সোণালী ৰঙৰ ঘড়ী, ভৰিত জোতা, একেবাৰে সাইলাখ এটা ধুনীয়া ডেকা লৰাহৈ। তাৰ পাছত
সিফালৰ পৰা আহক ধুনীয়া গাভৰু কেইজনীমান, ওচৰ পাই ধুনীয়া ডেকাক দেখি সিহঁতে তোলৈ
চালে আৰু তইও সিহঁতলৈ ঘুৰি ঘুৰি চালি, দুইপাৰ্টিৰ মাজত চকুৰ মিলন হল....তইও
মিচিকিয়াই হাঁহি মাৰিলি আৰু সিহঁতেও হাঁহি মাৰি পাৰহৈ গল, সেইসময়ত তই পাহৰিলিয়েই
যে ঘৰত এজনী তোৰ তিৰোতা আছিল। এইখিনিতেই ছোৱালী কেইজনীয়ে ৰাম ঠগন এটা খালেনে নাই
বাৰু তই কচোন ? এতিয়া ক তই সেয়ে মতা মানুহৰো সেন্দুৰ লোৱা নিয়মটো লাগেনে নালাগে বাৰু ? মানিছো এয়া তহঁতৰ দিনৰে পৰা
চলিছে, কিন্তু নিয়মবোৰ জানো সমান হৈছে কচোন তই ?
কেতিয়াবা মতাবোৰক আৰু কেতিয়াবা মাইকী বোৰক তহঁতৰ দিনৰ এইনিয়মবোৰে ৰাম ঠগন দিয়া
নাইনে বাৰু ?
দাদইটিঃ-শুন তোৰ খুৰিটিও অকলে ওলাই নাযায় আৰু ময়ো
ডেকাহৈ ওলাই নাযাও কেতিয়াওঁ আৰু গলেও ছোৱালীলৈ চোৱাৰ বয়স নাই মোৰ। তোৰ লগত লগলাগি
এইবোৰত সোমাই মই
পাপ চপাই লব নোৱাৰো।
বোলোঃ-তই নাযাৱ, খুৰিটিও নাযায়, কিন্তু তোৰ আৰু
খুৰিটিৰ দৰে হাজাৰ হাল বিবাহিতা পুৰুষ মহিলা এনেকৈ ওলাই গৈ বহুতকে বিপদত পেলাইনে
নেপেলাই ক ?
কত আৰু দাইটিয়ে মোৰ প্ৰশ্নৰ উত্তৰ দিব
পাৰে...........।দদাইটিয়ে ভাবিলে এইটোৱে লম্ভিলে যেতিয়া পলোৱাই ভাল হৱ.................এক,
দুই, তিনি বুলি দদাইটি লাহে লাহে পলাই পটলং মাৰিলে।
৪) আমাৰ ওচৰতে কেইবছৰ মানৰ আগৰ বিয়া এখনত। বিয়া
ঘৰীয়া শঙ্কৰসংঘৰীয়া নিয়মৰ। সংঘৰীয়া বিয়াৰ দৰাই মোচ খুৰাই যোৱাটো নিয়ম বুলি কয়।
জোৰোণৰ আগৰ দিনাই ৰাইজ বহি আলোচনা কৰি আছে বিয়া ঘৰৰ ৰভা তলিতে। এনেতে দৰা ওলাই
আহিল...দৰাক দেখি দুজন মান সমাজৰ বৰমুৰীয়াই কলে –হেৰৌ তই মোচকেইদাল কটাই নাই
হবলা...বাৰু ঠিক আছে কালিলৈ কাটি পেলাবি দেই।
তেতিয়া দৰাই মাত লগালে-বোলে কিয় খুৱাইদেউ, কিয় মোচ
খুৰাব লাগে ? এহ মই এইবোৰ মোচ-চোচ নুখুৰাও
দেই...এনেকৈয়ে ভাল। পাছত মানুহে যিহে ফিচিঙা-ফিচিং কৰিব। নোৱাৰি দেই।
খুৱাইদেউঃ-হেৰৌ আমাৰ নিয়ম মতে দৰা হল সেইদিনা এজন
দেৱতা, আৰু দেৱতাৰ মোচ নাথাকে নহয়, সেয়ে সেইদিনা তই মোচৰে সৈতে গলে মানুহে হাঁহিব।
সমাজৰ অপমান হৱ। কাটি পেলাবি, কাটি পেলাবি, নাপায় নাপয় এনেকৈ কব।
দৰাঃ-এহ যি বোলে বুলিব লোকে। মই মোচ নুখুৰাও দেই
কৈ থলো আজিয়েই, মোক জোৰ নকৰিব। আৰু হেৰি নহয় আপোনালোকে যে দৰাক দেৱতা বুলি কৈ মোচ
খুৰাবলৈ কয়, তাতকৈ দৰাক দেখোন অসুৰ বুলি ভাবি ললেই হল, তেতিয়াতো মোচ নুখুৰালেও হৱ।
এহ ধৰিলওক মই অসুৰ দৰা হলতো ....?? অসুৰ বোৰে কি বিয়া
নাপাতে নেকি ????
খুৱাইদেউঃ-হেই এইডালক কোনে কথা কয় ঔ.....? অবুজনক বুজোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা লেখিয়াহে হৈছেগৈ আৰু। তই যি কৰ
কৰিবি, কিন্তু মোচ নাকাটিলে আমি বিয়া নাখাও। আমি অসুৰৰ বিয়াৰ লগত যাবও নোৱাৰো কৈ
থলো। ৰাইজ উঠক এতিয়া অসুৰৰ চোতালত বহি মেল মাৰিবলৈ মন নাই আমাৰ।
এইবুলি ৰাইজ গো-গোৱাই গুচি গল। দৰাৰ দেউতাকে দৰাক
ললে গালি---তই শিক্ষিত হৈ ৰাইজৰ লগত তৰ্ক কৰ...?
দৰাঃ- কিনো তৰ্ক কৰিলো, সঁচা কথা কলে লাগে লেঠা।
নাহিলে নাই মোৰ বিয়া এনেকৈয়ে হৱ। পিতাই তই জাননে মোচ কাটাৰ পাছত কিমানক কিমান
প্ৰশ্নৰ উত্তৰ দিব লাগিব?
দৰাৰ বাপেকঃ-চব তোৰ মতে নহৱ নহয় ?
দৰা আকোঁৰ গোজ, মোচ নাকাটিলে...........ৰাইজৰ কিছু
সংখ্যকে বিয়ালৈ নাহিল, আৰু তাৰে কিছু সংখ্যকে লোভ সামৰিব নোৱাৰি বিয়ালৈও আহিল দৰাৰ
লগতো গল।
৫) এদিন বৰশী মাৰিবলৈ গলো লগৰ সমনীয়াৰ লগত। চবেই
বৰশী বায়-মইনো কিয় নোৱাৰিম বুলি গলো দোকানৰ পৰা ৩ টকাত পেৰাচুতৰ ৰচী ৫ মিটাৰ কিনি
আনিলো আৰু লগতে আনিলো এটা ১টকা দামৰ বৰশী। এইবুলি বাৰীৰ মাজৰ জাতি বাঁহ জোপাৰ পৰা
পিতাই কব নোৱাৰাকৈ আনিলো জাতি বাঁহৰ মিহি চাই আগ এটা কাটি। কাটি চাচি তাৰ আগডোখৰ
ধেনুভিৰিয়া অংশ ৰাখি কাটি তৈয়াৰ কৰিলো বৰশী চিপ। আগফালে লগৰবোৰে শিকাই দিয়াৰ দৰে
বান্ধিলো এটা ওপুঙা মৰাঠাৰিৰ। ৰছীডালৰ একেবাৰে আগত বান্ধিলো বৰশীটো । ৰছীৰ আনটো আগ
বন্ধিলো বাঁহৰ চিপটোৰ মূৰত। বচ হৈ গল বৰশী তৈয়াৰ।
গৰমৰ বন্ধ, স্কুল বন্ধ...ৰাতিপুৱাই চাহ
খাই-তিনটিলিকটে গৈ লগৰ কেইটাৰ ওচৰ পালোগৈ—বোলো যাবিহঁতনে বৰশী বাবলৈ। বোলে যামতো
আক ৰহ। এইবুলি সিহঁতৰ লগতে পথাৰৰ গৰুবাটৰ মাজেৰে গৈ ধাননীৰ মাজৰ পুখুৰীবোৰৰ কাষ
পালোগৈ। মাটি খান্দি উলিওৱা কেঁচু পোৱালী এটা ধৰি তাৰে এটুকুৰ চিঙি বৰশীটোত চিলাই
দিলো আৰু টিপিয়াইছো, লগতে সিহঁতেও
টিপিয়াইছে। প্ৰায় এঘণ্টামান খাপ পিটিও এটাও মাছ ধৰিব পৰা নাই। লগৰ কেইটাই দুই এটা
চেঙেলী মাছ পাইছে...মোৰহে বহনি হোৱা নাই। মাজতে কুফা লাগিল বুলি বৰশীটো উলিয়াই
মুখেৰে থুৱাই –থুই থুই বুলি কৈ আকৌ টিপিয়ালো....কি কথা নাজানো......এইবাৰ এটা মাছে
খুটিয়াইছে ...মাজে মাজে ওপঙাটো চুইট কৰি তললৈ যায় আকৌ ৰয়...লগৰ কেইটাই কলে ঐ তোৰ
বৰশী খুটিয়াইছে দেই..চাইথাক ভালকৈ টানিলেই চিপ মাৰি দিবি। পিছে মই আগে পিছে চিপ
মাৰি পোৱা নাই, সিহঁতে মাৰা দেখিয়েই ভাবিলো সিহঁতৰ দৰেই কোৱ এটা মাৰিম
বাপ্পেকে...এইবুলি বাট চাই ৰৈ আছো মাছটোৱে টানি নিয়ালৈ। এবাৰত দেখিলো মাছটোৱে মোৰ
বৰশীটো নিছে টানি, লগৰ কেইটাই কলে ঐ চিপ মাৰ, চিপ মাৰ বুলি চিঞৰটো মাৰৰ ---লগে লগেই
আগ-গুৰি নাভাবি দিলো চিপ মাৰি বাপ্পেকে....উপৰলৈ কিছুদুৰ মাছটো ওলমি অহা দেখি মনটো
ভাল লাগিছিল যদিও আধা বাটতে মাছটো সুলকি পৰিল...........আৰু বৰশীৰ দোলডালে একে
কোবে পাছফালৰ পৰা আহি মোৰ ভৰিত মাৰিলেহি কোবটো, আই ঔ বুলি চিটভুলুঙা খাই পৰি গলো
বাটতে। পাছতহে দেখাপালো যে বৰশীটো আহি মোৰ ভৰিৰ পিটটোত সোমাই গল। বিষতে চিঞৰিবলৈ
ধৰিলো। কি কৰিম কি নকৰিম লাগিল। ওচৰতে ঘাঁহ কাটি থকা ঘৰৰ ওচৰৰ ককাটিয়ে দেখি দৌৰ
মাৰি আহি সুধিলে বোলে-কি হল তোৰ ? মই বোলো চিপ মাৰিব
নাজানিলো বৰশী আহি ভৰিত সোমাল। তেতিয়া ককাইটিয়ে কৰবাৰ পৰা বাঁহৰ চেচু এডাল আনি
ভৰিৰ চাল কাঁটি বৰশী উলিয়াই দিয়াতহে ৰক্ষা। সেইদিনাৰ পৰা আৰু সাৱধান হলো ।
No comments:
Post a Comment