Saturday, 16 August 2014

সঁচাকৈয়ে বাৰু বিদ্যুতৰ নাটনি হৈছেনে অসমত...?? প্ৰকৃত্বতে বিদ্যুত অপচয় কৰিছে কোনে...??



সঁচাকৈয়ে বাৰু বিদ্যুতৰ নাটনি হৈছেনে...??
প্ৰকৃত্বতে বিদ্যুত অপচয় কৰিছে কোনে...??

 (এনে বিৰক্তিকৰ সংলাপ প্ৰায়ে প্ৰতিঘৰ মানুহৰ মুখত শুনা পোৱা যায়।)

        বিগত কেইবা বছৰে অসমৰ ৰাইজে বিদ্যুত্ বিভাগৰ মাচুল বৃদ্ধি, সঘনাই হোৱা বিদ্যুত্ কৰ্তনকে আদিকৰি জলা-কলা খাই অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে। বিভাগীয় মন্ত্ৰী জনেও যোৱা কেইবা দশক জুৰি বিভাগটোৰ অলপো উন্নতি সাধন কৰিব পৰা নাই যে সেয়া এতিয়া সকলোৱে বুজি উঠিছে। প্ৰতিবছৰে উত্কত গৰমৰ দিনকেইটাতেই বিদ্যুতৰ নাটনি, বিভাগটো লোকচানৰ সন্মোখীন আদি অনেক আজুহাত দেখুৱাই বিভাগীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিষয়া-কৰ্মচাৰী সকলোৱে গা-এৰা মন্তব্যৰে মুৰ-পুলোকা মাৰি আহিছে। কিন্তু কথা হৈছে সঁচাকৈয়ে বিদ্যুতৰ নাটনি হৈছেনে...?? সঁচাকৈয়ে বিভাগটোৱে লোকচান সন্মোখীন হৈছেন...? এনে বহু কথা সাধাৰণ ৰাইজে নজনাকৈয়ে থাকি যায়। এই সকলোবোৰ কথা ৰাইজে তেতিয়াহে গম পাব, যেতিয়া ইয়াৰ আঁৰৰ কথাবোৰ পোহৰলৈ আহিব। 

        কেইদিনমানৰ আগতে হঠাতে পাৱাৰ-গ্ৰীড কৰ্পাৰেচনৰ এজন দক্ষ অভিযন্তাক হঠাতে লগ পোৱাৰ সৌভাগ্য ঘটিছিল, চেগ চাই এই বিষয়ে দু-আষাৰ জানিব পাৰিম বুলিয়েই কথাৰ মাজতে বিষয়টো উলিয়াইছিলো। তেখেতে মোক ব্যক্তিগত ভাবে জনোৱা মতে--- পাৱাৰ গ্ৰীড কৰ্পাৰেচন এটা সম্পূৰ্ণ পৃথক কোম্পানী, ইয়াৰ লগত অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ কোনো মিতিৰালি নাই। তেখেতৰ তথ্য মতে পাৱাৰ-গ্ৰীড কৰ্পাৰেচনত বিদ্যুতৰ নাটনি ঘটা নাই আৰু বৰ্তমানেও প্ৰয্যপ্ত পৰিমানৰ বিদ্যুত মজুত আছে। পাৱাৰ-গ্ৰীডে বিদ্যুত পৰিষদ বোৰক বিদ্যুত্ যোগান ধৰে, অৰ্থাত্ অসম ৰাজ্যিক বিদ্যুত পৰিষদে পাৱাৰ গ্ৰীডৰ পৰা এক নিদিষ্ট ধনৰ বিনিময়ত বিদ্যুত ক্ৰয় কৰিব লগা হয়। কিন্তু ৰাজ্যত প্ৰয়োজনীয় বিদ্যুতৰ চাহিদা পুৰণ কৰিবলৈ অসম ৰাজ্যিক বিদ্যুত পৰিষদে পাৱাৰ-গ্ৰীডৰ পৰা বিদ্যুত ক্ৰয় কৰিব পৰা নাই।
মাজে-সময়ে অসম ৰাজ্যিক বিদ্যুত্ বিভাগে বিদ্যুতৰ নাটনি পুৰণ কৰাৰ উদ্দেশ্যে অবৈধ ভাবে ব্যৱহাৰ কৰা বিদ্যুতৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা যায়। ৰাইজৰ মাজতো প্ৰায়ে বিজ্ঞাপন আদিৰে সজাগতা সৃষ্টিৰ জৰিয়তে বিভাগটোৱে প্ৰতিঘৰ মানুহৰ নিজা বাসগৃহৰ অপ্ৰয়োজনীয় ভাবে জ্বলি থকা লাইট, ফেন আদি বন্ধ কৰি বিদ্যুত্ ৰাহি কৰিবলৈ আহ্বান জনোৱা দেখা য়ায়। ৰাইজেও পূৰ্ব্বতকৈ বৰ্তমানে বিদ্যুত্ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট মৃত্যব্যয়ী হোৱা দেখিবলৈ পোৱা গৈছে। 

কিন্তু সাধাৰণ জনতাৰ মনলৈ অহা প্ৰশ্নটো হৈছে......বিগত কেইবছৰত পৰিষদে লোকচান পুৰণ কৰিবলৈ সাধাৰণ জনতাৰ মূৰত ৰাম-টাঙোন সোধাই প্ৰতি ইউনিট বিদ্যুতৰ মাচুল নিজা ইচ্ছা মতেই বৃদ্ধি কৰাৰ পাছতো কিয় বিদ্যুতৰ সংকট বৰ্তমানেও মাৰ যোৱা নাই....?  তাৰোপৰি খাটিখোৱা সাধাৰণ ৰাইজে প্ৰতি মাহৰ বিদ্যুতৰ মাচুল নিদিষ্ট তাৰিখৰ আগতেই পৰিশোধ কৰা দেখা যায়। তেনেহলে কেৰুণটো লাগিছে কত......??
 
ৰাইজে শুনিলে আচৰিত হৈ পৰিব যে প্ৰায়বোৰ চৰকাৰী বিভাগে, বিদ্যুত পৰিষদক বছৰ বছৰ ধৰি ব্যৱহাৰ কৰা বিদ্যুতৰ মাচুল আজি কোপটি আনাদায় হৈ আছে আৰু এই বিভাগবোৰৰ অনাদায় মাচুলৰ পৰিমান লাখৰ ঘৰ অতিক্ৰম কৰি কোটিৰ ঘৰ চুইছেগৈ। সাধাৰণ ৰাইজে একেলেঠাৰীয়ে যদি এমাহ-বা দুমাহৰ বিদ্যুতৰ বিল পৰিশোধ নকৰাকৈ থাকে, তেনেহলে তৃতীয় মাহত বিভাগীয় কৰ্মচাৰীয়ে জখলা লৈ চোঁচা মাৰি আহে সংযোগ বিচিন্ন কৰিবলৈ। কিন্তু একেই বিদ্যুত বিভাগ, একেই বিদ্যুতৰ বিল পৰিশোধ নকৰা এই চৰকাৰী বিভাগ সমূহৰ বিদ্যুত সংযোগ বিচিন্ন কৰিবলৈ কিয় আজিলৈকে বিভাগীয় কৰ্মচাৰী জখলা লৈ অহা দেখা নাযায়...?  এই অনাদায় বিল সমূহ আদায়ৰ ক্ষেত্ৰত বিদ্যুত বিভাগৰ পৰাও কোনো ধৰণৰ কঠোৰ প্ৰদক্ষেপ লোৱা দেখা পোৱা নাই আৰু চৰকাৰ বা বিভাগবোৰও এই অনাদায় মাচুল সমূহ পৰিশোধৰ কোনো আগ্ৰহো প্ৰকাশ কৰা নাই। আনহাতে সাধাৰণ জনতাতকৈ চৰকাৰী বিভাগ বোৰত বিদ্যুতৰ অপব্যৱহাৰ বা অপচয় সৰ্বাধিক, নিজে দেখিশুনি পোৱা অভিজ্ঞতাৰ পৰা কওঁ- চৰকাৰী বিভাগবোৰত প্ৰায়ে দেখা পোৱা যায়, পুৱা ১০ বজাৰ আগতেই চকীদাৰে আহি কাৰ্য্যালয়ৰ প্ৰতিটো লাইট, ফেন, বিষয়া কৰ্মচাৰী অহাৰ আগতেই সকলোবোৰ চলাই থৈ যায় আৰু দিনৰ দিনটো কাৰ্য্যালয়ৰ কোঠাবোৰত বিষয়া কৰ্মচাৰী থাকক বা নাথাকক সেই লাইট, ফেন বোৰ অৰ্হনিশে চলিয়েই থাকে, সেই চলি থকা লাইট, ফেনবোৰ একেবাৰে সন্ধিয়া চকীদাৰে কাৰ্য্যালয় বন্ধ কৰাৰ সময়তহে বন্ধ কৰেহি। আন বিভাগ বা কাৰ্য্যলয়ৰ কথা নকলোৱেই বা খুদ বিদ্যুত্ বিভাগৰ কৰ্মচাৰীয়ে চহৰৰ প্ৰতিটো পথত থকা ষ্ট্ৰীট লাইট বোৰ বেলিদুপৰলৈকে অফ কৰিবলৈ নাহে। গতিকে বিদ্যুত্ অপচয় সাধাৰণ ৰাইজতকৈ চৰকাৰী বিভাগবোৰে অতিৰিক্ত ভাবে অপচয় কৰিছে বুলি ভাবো। 

বিদ্যুতৰ নাটনি, বিদ্যুতৰ লুকাভাকু, পাৱাৰ প্ৰজেক্ট, আদি এশ এবুৰি আলোচনা প্ৰায়ে হোৱা দেখা যায় যদিও এই ধৰণৰ আশোঁৱাহ বোৰৰ বিষয়ে কেতিয়াও আলোচনাও হোৱা দেখা নায়ায়। নে কথাবোৰ এনেকুৱা নেকি--- যে কেৱল চৰকাৰী বিভাগ হোৱা বাবেই বিদ্যুত মাচুল অনাদায়, বিদ্যুতৰ অপচয় কৰাৰ আদি সকলো দোষৰ পৰা মুক্ত...??

এতিয়া দেখা যায় যে বিদ্যুত নাটনিৰ যিখন নাটক আজি অত দিনে চলি আহিছে, এই সকলোবোৰ সমস্যা দেখোন চৰকাৰী বিভাগ বোৰৰ অনাদায় বিলসমূহ পৰিশোধ কৰিলেই বা আদায় কৰিব পাৰিলেই নিমিষতে নিস্পতি হৈ পৰিব। কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে...??


ঘটিয়ে ঘটিয়ে পানী খাইহে ত’ত আহিল গাতঃ-




ৰজা-মহাৰজাৰ দিনৰ বেলিকা, কোনো গাভৰুক বিয়া কৰাবলৈ হলে ভাবি জোঁৱায়ে শহুৰৰ ঘৰত বছৰ চেৰেক থাকি খেতিৰ কাম কৰি শস্য চপাই দেখুৱাই নিজকে কৰ্মী জোঁৱাই বুলি প্ৰতিপন্ন কৰিব লগা হৈছিল। এই সময়খিনিত লৰা আৰু ছোৱালীক বৰকৈ মিলামিছা কৰিবলৈ দিয়া হোৱা নাছিল। বতৰৰ শেষত খেতি ভাল হলেতো কথাই নাই, ছোৱালী পোৱাতো খাটাং, আৰু যদি খেতি চকুৰোৱা নহল, তেনেহলে ছোৱালী নেচেল।

পিছে কথাতে কয় নহয় বোলে--- সেই ৰামো নাই অযোধ্যাও নাই। ভাগ্য ভাল আছিল যে ময়ো সেই তাহানিৰ দিনত নুপজিলো। চেহ এইবোৰ আবোল তাবোল ভাবি ভাবি আহি থাকোতেই কৃষ্ণমণিৰ বিহুটিলৈ মনত পৰিল---

তোৰ শহুৰৰ ঘৰলৈ,
কিমান বাট আছে ঐ,
জ্বৰে বিষে কপিছে গা........

গুণগুনাই থাকোতেই কেতিয়ানো আহি শহুৰৰ পদুলি পালোহি তলকিবই নোৱাৰিলো। বিয়াৰ পিছত প্ৰথম বাৰৰ বাবে শহুৰৰ ঘৰলৈ থকাকৈ আহিছো। উগুল-থুগুল মন, কেনেবা লাগে, কি-বা ভাবে তেওঁলোকে। শ্ৰীমতী দুনাই খাবলৈ আহি ঘৰতে আছেহি। মই ঘৰলৈ আনিবলৈ যোৱাৰ আগে আগে বোলে নিয়ম মাফিক এৰাতি কটাই আহিব লাগে, নহলে নাপাই।

খুৰশালিৰ হাতৰ চাহ, তামোল-পাণ খোৱাৰ পিছত কথাৰ মহলা মাৰি আছে। লাহে লাহে বেলি ডুবি আহিল, চৌপাশে আন্ধাৰে আৱৰি আহিছে। প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলো দিগন্ত কুমাৰ ভট্টাচাৰ্য্য কাইটিৰ লেখাটি যেন খাজেখাপে মোৰ ক্ষেত্ৰতে গিলিপ মাৰি ধৰিছে। এতিয়া ন-জোঁৱায়ে কাঁহটো মাৰিলেও সকলো দৌৰ মাৰি অহা যেন অনুভৱ কৰিছো। তেনে মূৰ্হুত্ববোৰত কাইটিলৈ কাটপকে মনত পৰি যায়। কৃষ্ণ............কাইটিৰ লেখাৰ দৰে নহওক বুলিয়েই চেগ চাই কাইটিৰ কাহিনীটো এদেও দুদেওকৈ শুনাই দিলো। সকলোৱে হাঁহিৰ খোৰাক পালে। সুধিলে সঁচা কাহিনীনে.....? মনত পেলালো কাইটিয়ে সঁচাকৈয়ে লিখিছিলনে নে সাঁজিছিল বাৰু। এহ যি হয় হওক, সঁচা কাহিনী বুলিয়েই কৈ দিলো বাপ্পেকে। খুৰশালীয়ে কথাৰ পাকতে কৈ দিলে, ভিনদেউ আপুনি অন্তত নিচন্ত থাকক যে, মই থকালৈকে আপোনাৰ সেই গতি নহয়। মনটো অলপ ভাল লাগি গৈছিল দেই সেই সময়ত। নিশাৰ ভাতসাজ মূৰ্গী মাংসৰে খাই শেতেলী পৰিলো। পুৱা উঠি কোব ললো।

এসপ্তাহমানৰ পিছত জোলোঙাটো লৈ ওচৰৰে পাঁচলি দোকান খনলৈ গৈলো, কানিমুনি সময়.........কোনো দিনে পাঁচলি কেনেকৈ আহি পাকঘৰ পায়হি নজনো আৰু সেইদিনা মোক সোঁ-শৰীৰে পাঁচলিৰ দোকানত দেখি ওচৰৰে দুই এজনে দুই এপাত চলাহী কথাৰ অস্ত্ৰ মোৰ ফালে নিক্ষেপ কৰিলে—

কি হে..? মাহ-হালধিৰ গোন্ধ যোৱাই নাই, বজাৰৰ দায়িত্ব পৰিলেই নেকি..?
নাই মানে, খুৱাইদেউ....আজি সি নাই ঘৰত (ভাইটি), সেয়ে ময়েই আহিব লগা হল। সি থাকিলে মোক আহিবলৈ নিদিয়ে নহয়। 

খুৱাইদেউ—আমাৰ ফালে ন-ছোৱালী এপাক আনিবা ফুৰাবলৈ......
ভালবাৰু, নিশ্চয় নিশ্চয়। (মনতে কটা নিধক আগতে খোচটো মাৰি লৈ পিছত মলম সানিলে কিটো হবগৈ, হুহ)
দোকানলৈ সোমায় গলো..............

উৱা দোকানীয়ে কাইটিয়েও দেখোন মোৰ ফালে তধা লাগি চাই ৰল।
বোলো কি হল—আগে পিছে মোক দেখা নাই নেকি...?
দেখিছো দেখিছো, পিছে বিয়াৰ পিছত আজি প্ৰথম দেখিছো নহয়, সেয়ে......
(উস, হে হৰি, যেন এইখন দেশত বিয়া প্ৰথম মইহে পাতিছো। কেনিও ওলাবই নোৱাৰি। ধেই, ৰঙাচিঙা পৰি গলো দেই।)......................

(অভিজ্ঞতাৰ প্ৰথম অংশ..............................আগলৈ)

Friday, 15 August 2014

হা দৈ খাই ল আজিয়েইঃ-



ৰা বয়সৰ পৰা মানুহ হোৱা প্ৰায় ৭ মাহেই হল। মানে ঘৰখন পতাৰ কথা কৈছো। প্ৰথম কেইমাহমান দুৰ্ঘটনাটোৰ আওতা লৈ সাৰিলো, সেই অজুহাততে মিতিৰ-কুটুম্বৰ ঘৰলৈ নোযোৱাকৈ দিন চেৰেক পাৰ কৰিলো, পিছে কিমান দিন আৰু চোঁচৰাম, এইবাৰ ৰক্ষা নাই। শ্ৰীমতীৰ গৰমৰ বন্ধ মাহ, সেয়ে কেইদিনমানৰ পৰা মুখখন ফুলা লুচীৰ দৰে কৰি আছে, বোলো কি হল আকৌ তোমাৰ? বতৰ হঠাতে ডাৱৰীয়া হল যে? শ্ৰীমতী থেনথেনাই উঠিল, বোলে আমাতকৈ পিছত বিয়া হোৱা সকলোৱে মিতিৰৰ ঘৰ ফুৰি আজৰি, হনিমুনলৈও গৈ আহিলগৈ। আমাৰহে ফুটা কপাল, এতিয়ালৈকে এঘৰলৈকো যাবলৈ সুবিধা কৰিব পৰা নাই, গৰমৰ বন্ধৰ মাহটো পাৰ হওঁ হওঁ, (মনতে ভোৰভোৰাই থাকে), ইফালে এইজনাৰ আকৌ সেইবোৰলৈ কাণসাৰেই নাই, কেৱল যেতিয়াই শুনিবা বোলে অফিচ অফিচ অফিচ, কাম কাম কাম, হুহ, চাকৰি যেন কেৱল এইখন চহৰত তেওঁহে কৰিছে।
হে হৰি, একে উশাহতে গোটেই ৰামায়ণখন মাতিছা যে, ৰবাচোন। মোক পানী এগিলাচ খাই লবলৈ দিয়া। হব এইবাৰ যাম দিয়া যলৈকে যোৱা। ইফালে শিৱসাগৰৰ কাইটিৰ ঘৰততো বেয়াই পাইছে, ইমান দিন হল মাতি মাতি আমাক নিব পৰা নাই। এইবাৰ সেইটো লেঠাও মাৰি আহিব লাগিব। নহলে কাইটিয়ে সুদাই নেৰিব, ভনীয়েকেটো আজিকালি মাতিবলৈকে এৰিলে।

শ্ৰীমতীৰ মুখত আকৌ মিতিৰৰ ঘৰলৈ যোৱাৰ কথাটো শুনি মোৰ বুকুখন চিৰিংকৈ মাৰিলে। মাৰিবইতো, এঘৰ নহয়, দুঘৰ নহয়, আমাৰ ফালৰ আৰু তেওঁলোকৰ ফালৰ হিচাপটো কৰি উঠি মূৰটো আচন্দই যোৱা যেন লাগিল। মানে বুজিলো এইবাৰ মোৰ জমা টকা-শিকি সকলো খহিবই খহিব।
মুখৰ ভিতৰতে ভোৰভোৰালো, হুহ কোনেনো উলিয়াইছিল জানো এই বিয়াৰ পিছত মিতিৰৰ ঘৰলৈ ন-জোঁৱাই, ন-ছোৱালী ফুৰিবলৈ যোৱাৰ নিয়মটো। যোৱাত আপত্তি নাই, মিতিৰৰ ঘৰলৈ মাতে, মাতি থাকক। যি খুৱাই, খুৱাই থাকক। পিছে কথা সিমানেই জানো? এই দিয়া-থোৱা বোৰ। যি ঘৰলৈকে যাবা, বোলে সেইঘৰৰ সকলোকে ন-জোঁৱায়ে নতুন কাপোৰ দিবই লাগে। এতিয়াহে মৰা, ত মৰা। এই নিয়ম সজা কেইটাক যদি এবাৰ লগ পালোহেঁতেন, চাল্লা দাঁতত পেলাই চোবাই পেলালোহেঁতন। ইফালে বজাৰলৈ চাবই নোৱাৰি, জুই চাই দাম।
আগ-পিছ নাভাবি শ্ৰীমতীৰ মনটো ভাল লাগক বুলিয়েই বজাৰ কৰিলো, এক-দুই কৈ কাপোৰ-কানিও কিনি আজৰি হলোঁ। দুয়ো আলোচনা কৰি দিন এটাও ঠিক কৰিলো, বোলো দেওবাৰে গৈ একেদিনাই আটাই কেইঘৰৰ লেঠাটো মাৰি আহিবগৈ লাগিব।
দেওঁবাৰ আহিল। আগবেলাৰ পৰা কি পিন্ধিব কি নিপিন্ধিব শ্ৰীমতীৰ গাত তত নাই। ইযোৰ পিন্ধে সলায়, সিযোৰ পিন্ধে সলায়। প্ৰায় ২ ঘণ্টামানৰ মূৰত শ্ৰীমতী সাজি-কাচি ওলাল। মই কিন্তু ১০ মিনিটতে সাজু। লগত শ্ৰীমতী, মা আৰু মই। গাড়ী চলিল শহুৰৰ ঘৰৰ দিশে, কিছুসময়ৰ পিছত শহুৰ দেউতা আৰু খুৰশালীকো সাঙুৰি যাত্ৰা কৰিলো। এটা সময়ত গৈ মোমায়েকৰ ঘৰ পালোগৈ, গাওঁখন বেচ ধুনীয়া, বাৰিষা দিন যদিও বাৰীঘৰবোৰ চিকচিকিয়া, ৰাস্তা-পদুলিটো মুকলি। গাড়ীৰ পৰা নামিছোহে সকলোৱে আঠে-বেঠে বহুৱালে। আয়ৈ সেইদিনাহে গম পালো, বিয়াৰ পিছত ইমান আদৰ-সাদৰ পায় বুলি। এনেবুলি আগতে জনা হলে আৰু তিনিবাৰ মান বিয়াকে পাতি পেলালো হেঁতেন ঐ। ইচ! কত থ, ত নথব। এঘৰ দুঘৰকৈ প্ৰায় ৩ ঘৰ বেলাটোতে ফুৰিলো, খাই খাই পেট গেৰেলা হৈ কোনোমতেহে খোজটো দিব পৰা হৈ আছিলো। ইফালে উৎকট গৰম, সন্ধিয়া ৮ মান বজাত আৰু মোৰ সহ্য নহ, মোমাশহুৰৰ ঘৰতে বোলো গা-টো ধুই পেলোৱাই ভাল হ, নতুন বুলি কথা নাই আৰু, সকলো লাজ মান একাশৰীয়াকৈ থৈ গা-টো তিয়াই লোৱাতহে ৰক্ষা। ইফালে আমাৰ মাৰ বিয়নীহঁতৰ লগত কথাৰ মহলা শেষ নহয় হে নহয়। বাৰী-ঘৰৰ পৰা সামৰি একেবাৰে চৰকাৰলৈকে স্থান পাইছে প্ৰসঙ্গত। হে হৰি ইমান কথা পাতিব পাৰে এই মাইকী মানুহবোৰে। মই বিচনা এখনতে দীঘলদি পৰি খবৰ-কাগজ এখনত চকু ফুৰালো ভাত হোৱালৈকে বাট চাই।
ভাতৰ সময় হ, ডাঙৰ মামীয়ে আহি মাতিলেহি। গৈ দেখিলো এখন দুখনকৈ ভাতৰ টেবুলত আঠমঙলাতকৈয়ো দুখন মান বেছিহে আঞ্জা-ভাজি ৰান্ধিছে, ইফালে মোৰ পেট ভৰ্ত্তি হৈয়ে আছে। এতিয়াহে পৰিল বোলে ফৰিঙৰ মৰণৰ কাল। নাখালেও নহ, নতুন জোঁৱাই। চকু জপাই যি পাৰো এফালৰ পৰা দংশীবলৈ ধৰিলো। ওহো পেটে যেন চিঞৰি উঠিছে (হেৰৌ আৰু কিমান ভৰাৱ বাৰু, ফাটিব এতিয়া)। আধা খালো আধা নষ্ট, মোৰ গাত পিছে দোষ নাই, আগতে বেছিখিনি আঁতৰাই ৰাখিবলৈ বিচাৰিলেও বোলে খোৱা খোৱা পাৰিবা ডেকা লৰা। কথা শুনি মোৰ ফাট মেলা বসুমতি পাতালে লুকাও অৱস্থা। কোনো মতে খোৱা টেবুলৰ পৰা উঠি আহি বিচনাত পৰিছোহে, ল নহয় কাৰেণ্টটো! ভালেই পালো। কামবোৰ খৰখেদাকৈ কৰি (মানে দিয়া-থোৱাবোৰ) আজৰি হোৱাৰ পাল পৰিল। সময় তেতিয়া নিশা ১০.৩০ বাজি গল। এটা সময়ত সকলোৰে পৰা বিদায় লৈ ঘৰমূৱা হলো। গা়ড়ী চলিল তীব্ৰ বেগেৰে। ঘড়ীটোলৈ চালো নিশা ১১ বাজি গৈছে। শহুৰৰ ঘৰত আহি সোমালো। পদুলি মুখতে শহুৰ দেউতা আৰু খুৰশালীক নমাই তাৰ পৰাই উভতিলো। ঘৰ আহি পাওঁমানে নিশা ১১.৩০ হল। এটা অধ্যায়ৰ সমাপ্ত হল কোনোমতে।
দুদিন মানৰ পিছত শ্ৰীমতী বোলে ঘৰলৈ যায়, গৰমৰ বন্ধ শেষ হোৱাৰ আগতে কেইদিনমান ঘৰত গৈ থাকি আহিবগৈ, মই বোলো যোৱা। মায়েও কলেযোৱা কেইদিনমান থাকি আহাগৈ, পিছত আৰু যাবলৈ সময়েই নাপাবা। উস কি ফুৰ্টি, পুখুৰীৰ মাছে যেন সাগৰৰ পানীহে ঢুকি পালে, আবেলিলৈ যাব বুলি মোক কাণ চোৱালে। সেইদিনা অফিচৰ পৰা ঘুৰি আহি আৰু শ্ৰীমতীৰ লগা-লগি নহ, মোৰ সময়ৰ অভাৱৰ বাবে ভায়েকৰ লগতে ঘৰলৈ গল। কোনে পাই আৰু, এইকেইদিন চাগৈ বিচনাইহে জানিছে। গল যি গলেই, সেই যোৱা দিনৰ পৰা আৰু খবৰেই নাই। মই নিজেহে খবৰ কৰিলে কৰা। তাৰ মাজতে এদিন ভায়েক-ভনীয়েকক লগত লৈ বৰদোৱা থানত গৈ শৰাই এভাগি দি আহিলগৈ বাৰু। প্ৰায় ৬ দিনৰ মূৰত কাইলৈ অহাৰ কথা; পদূলি মুখলৈ চাই আছো, ঘৰৰ লখিমী ঘৰলৈ ঘুৰি আহিব।

ব্যক্তিগত শিক্ষানুষ্ঠানবোৰৰ আকাশলঙ্ঘী মাচুলত অতিষ্ঠ দুখীয়া ছাত্ৰ-ছাত্ৰী, অভিভাৱকঃ-



আজি কিছু বছৰৰ পৰা দেখা গৈছে যে কাঁঠফুলাৰ দৰে যতে ততে গজি উঠা বেচৰকাৰী ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ নামভৰ্ত্তিকে আদি কৰি মাহেকীয়া মাচুল যিদৰে অত্যাধিক হাৰত বৃদ্ধি কৰিবলৈ লাগিছে, ই সাধাৰণ দুখীয়া-নিচলা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি কৰিছে। চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ তুলনাত এই বেচৰকাৰী, ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ ভৰ্ত্তি-মাচুল আৰু মাহেকীয়া বা ছমহীয়া মাচুল দহগুণ প্ৰৰ্য্যন্ত বেছি।
যোৱা বিশটা বছৰত অসমত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ সংখ্যা বৃদ্ধি হোৱা নাই, তাৰোপৰি পূৰ্বৰে পৰা থকা চৰকাৰী শিক্ষানুষ্ঠান সমূহৰো আসনৰ সংখ্যা পৰ্যাপ্ত পৰিমাণে বৃদ্ধি কৰাৰো কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই। ফলস্বৰূপে বছৰি বছৰি উত্তীৰ্ণ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলে আসনৰ অভাৱত একাংশ ধনকুৱেৰ সদৃশ ব্যক্তিগত শিক্ষানুষ্ঠানৰ ওচৰ চাপিব লগীয়া হয়। ইয়াৰেই সুবৰ্ণ সুযোগ ব্যৱসায়ীক ভিত্তিত গঢ় লৈ উঠা ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে গ্ৰহণ কৰি আহিছে।
তাৰোপৰি একাংশ বেচৰকাৰী শিক্ষণ মহাবিদ্যায়তো ভৰ্ত্তি-মাচুলে আকাশ চোওঁ চোওঁ অৱস্থা। আন ঠাইৰ কথা নকলোৱেইবা, মই মোৰ গৃহ জিলা নগাঁও চহৰত থকা বেচৰকাৰী শিক্ষণ মহাবিদ্যালয়খনৰ কথাকেই উনুকিয়াব বিচাৰিছো। এইখন বেচৰকাৰী শিক্ষণ মহাবিদ্যালয়ত (নগাঁৱৰ) এইবেলি ছাত্ৰ-ছাত্ৰীৰ ভৰ্ত্তিৰ মাচুল ৪০ হাজাৰ পৰ্যন্ত হোৱা বুলি জানিব পাৰিছো। যিহেতুকে এই শিক্ষণ মহাবিদ্যালয়সমূহে, গুৱাহাটী বা আন বিশ্ববিদ্যালয়ৰ অধীনত পৰীক্ষাকে আদিকৰি সকলো কামকাজ সুচাৰুৰূপে বছৰ বছৰ ধৰি চলাই আহিছে, সেয়ে শিক্ষা-বিভাগে বা বিশ্ববিদ্যালয় কতৃপক্ষই এইধৰণৰ বেচৰকাৰী শিক্ষানুষ্ঠানৰ আকাশলঙ্ঘী মাচুলৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ আনিব বিচৰা নাই কিয়?
ধৰাহল এনে বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান একোখনত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা গঢ় হিচাপত ২০ জন। প্ৰতিবছৰে গঢ়ে ৩০০ জন ছাত্ৰ-ছাত্ৰী ভৰ্ত্তি হয় আৰু প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা ভৰ্ত্তি মাচুলৰ বাবদ তেওঁলোকে ৪০ হাজাৰকৈ মাচুল আদায় কৰে। এই গোটেইখিনি মিলালে মহাবিদ্যালয়খনৰ কতৃপক্ষই এবছৰৰ বাবে লাভ কৰে মুঠ ১ কোটি ২০ লাখ টকা। ইয়াৰে যদি ২০ হাজাৰকৈ প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীক দৰমহাৰ বাবদ আদায় দিয়ে তেনেহলে তেওঁলোকৰ মুঠ ৬ লাখ টকাহে খৰচ হবগৈ। বাকী ১ কোটি ১৪ লাখ টকা তেওঁলোকে এবছৰতে লাভ কৰিবলৈ সক্ষম হয়। কিন্তু চাবলৈ গলে তাৰ বিপৰীতে এনে বেচৰকাৰী মহাবিদ্যালয়ৰ কতৃপক্ষই ছাত্ৰ-ছাত্ৰীক আচবাব, কিতাপ-পত্ৰকে আদিকৰি কোনো ধৰণৰ সমাগ্ৰী যোগন ধৰা দেখা নাযায়। অৰ্থাতৎ ই এক সহজে ধন ঘটাৰ এক ব্যৱস্থা হিচাপে একাংশ ব্যক্তিয়ে ব্যৱহাৰ কৰা যেন অনুভব হয়। ইয়াৰ ফলত সাধাৰণ মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী শিক্ষানুষ্ঠানত আসনৰ অভাৱত এনে বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত আসনৰ বাবদ ৪০ হাজাৰকৈ টকা আদায় দিব নোৱাৰি উপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হব লগা হৈছে। এয়া মাত্ৰ এটা উদাহৰণহে, এনে উদাহৰণ বিচাৰিলে বহুত ওলাব বুলি ভাবো।
এতিয়া কথা হ, ব্যক্তিগত খণ্ডৰ মহাবিদ্যায় বা ব্যক্তিগত খণ্ডৰ বিদ্যালয় একোখন প্ৰতিষ্ঠা কৰাৰ পিছত শিক্ষা-বিভাগৰ পৰা অনুমোদন লব লগাৰ সময়ত শিক্ষা বিভাগে কিয় এনে ব্যক্তিগত শিক্ষা-খণ্ডৰ আন্তঃগঠনিকে আদিকৰি ভৰ্ত্তি মাচুল, মাহেকীয়া মাচুল আদি সম্পৰ্কে চালিজাৰি নাচায়? এইক্ষেত্ৰত শিক্ষা বিভাগৰ কৰণীয় একো নাই নেকি?
বৰ্তমান নদীবান্ধ, ভূমিপট্টা, নিবনুৱা সমস্যা, বাট-পথ আদি বিভিন্ন সমস্যাৰ আজুহাতত বিভিন্ন দল-সংগঠন, সমাজৰ সচেতন ব্যক্তিয়ে গণতান্ত্ৰিক ভাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজিলৈকে এইধৰণৰ সুবিধাবাদী বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ কৰ্মকাণ্ডৰ বিপৰীত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আশা কৰো অনাগত দিনত এনে কাৰ্যৰ বিৰুদ্ধেও সদলবলে প্ৰতিবাদী কাৰ্য্যসূচী হাতত লবলৈ সমাজৰ সচেতন ব্যক্তি, অভিভাৱক, ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই আহিব।