ৰজা-মহাৰজাৰ দিনৰ বেলিকা, কোনো
গাভৰুক বিয়া কৰাবলৈ হ’লে ভাবি জোঁৱায়ে শহুৰৰ ঘৰত বছৰ চেৰেক থাকি খেতিৰ কাম কৰি
শস্য চপাই দেখুৱাই নিজকে কৰ্মী জোঁৱাই বুলি প্ৰতিপন্ন কৰিব লগা হৈছিল। এই সময়খিনিত
ল’ৰা আৰু ছোৱালীক বৰকৈ মিলামিছা কৰিবলৈ দিয়া হোৱা নাছিল। বতৰৰ শেষত খেতি
ভাল হ’লেতো কথাই নাই, ছোৱালী পোৱাতো খাটাং, আৰু যদি খেতি চকুৰোৱা নহ’ল, তেনেহলে
ছোৱালী নেচেল।
পিছে কথাতে কয় নহয় বোলে--- সেই
ৰামো নাই অযোধ্যাও নাই। ভাগ্য ভাল আছিল যে ময়ো সেই তাহানিৰ দিনত নুপজিলো। চেহ
এইবোৰ আবোল তাবোল ভাবি ভাবি আহি থাকোতেই কৃষ্ণমণিৰ বিহুটিলৈ মনত পৰিল---
তোৰ শহুৰৰ ঘৰলৈ,
কিমান বাট আছে ঐ,
জ্বৰে বিষে কপিছে গা........
গুণগুনাই থাকোতেই কেতিয়ানো আহি
শহুৰৰ পদুলি পালোহি তলকিবই নোৱাৰিলো। বিয়াৰ পিছত প্ৰথম বাৰৰ বাবে শহুৰৰ ঘৰলৈ থকাকৈ
আহিছো। উগুল-থুগুল মন, কেনেবা লাগে, কি-বা ভাবে তেওঁলোকে। শ্ৰীমতী দুনাই খাবলৈ আহি
ঘৰতে আছেহি। মই ঘৰলৈ আনিবলৈ যোৱাৰ আগে আগে বোলে নিয়ম মাফিক এৰাতি কটাই আহিব লাগে,
নহ’লে নাপাই।
খুৰশালিৰ হাতৰ চাহ, তামোল-পাণ খোৱাৰ পিছত কথাৰ মহলা মাৰি
আছে। লাহে লাহে বেলি ডুবি আহিল, চৌপাশে আন্ধাৰে আৱৰি আহিছে। প্ৰথমবাৰৰ বাবে অনুভৱ
কৰিলো দিগন্ত কুমাৰ ভট্টাচাৰ্য্য কাইটিৰ লেখাটি যেন খাজেখাপে মোৰ ক্ষেত্ৰতে গিলিপ
মাৰি ধৰিছে। এতিয়া ন-জোঁৱায়ে কাঁহটো মাৰিলেও সকলো দৌৰ মাৰি অহা যেন অনুভৱ কৰিছো।
তেনে মূৰ্হুত্ববোৰত কাইটিলৈ কাটপকে মনত পৰি যায়। কৃষ্ণ............কাইটিৰ লেখাৰ
দৰে নহওক বুলিয়েই চেগ চাই কাইটিৰ কাহিনীটো এদেও দুদেওকৈ শুনাই দিলো। সকলোৱে হাঁহিৰ
খোৰাক পালে। সুধিলে সঁচা কাহিনীনে.....? মনত পেলালো কাইটিয়ে সঁচাকৈয়ে লিখিছিলনে নে সাঁজিছিল বাৰু।
এহ যি হয় হওক, সঁচা কাহিনী বুলিয়েই কৈ দিলো বাপ্পেকে। খুৰশালীয়ে কথাৰ পাকতে কৈ
দিলে, ভিনদেউ আপুনি অন্তত নিচন্ত থাকক যে, মই থকালৈকে আপোনাৰ সেই গতি নহয়। মনটো
অলপ ভাল লাগি গৈছিল দেই সেই সময়ত। নিশাৰ ভাতসাজ মূৰ্গী মাংসৰে খাই শেতেলী পৰিলো।
পুৱা উঠি কোব ল’লো।
এসপ্তাহমানৰ পিছত জোলোঙাটো লৈ ওচৰৰে পাঁচলি দোকান খনলৈ
গৈলো, কানিমুনি সময়.........কোনো দিনে পাঁচলি কেনেকৈ আহি পাকঘৰ পায়হি নজনো আৰু
সেইদিনা মোক সোঁ-শৰীৰে পাঁচলিৰ দোকানত দেখি ওচৰৰে দুই এজনে দুই এপাত চলাহী কথাৰ
অস্ত্ৰ মোৰ ফালে নিক্ষেপ কৰিলে—
কি হে..? মাহ-হালধিৰ গোন্ধ যোৱাই নাই, বজাৰৰ দায়িত্ব পৰিলেই নেকি..?
নাই মানে, খুৱাইদেউ....আজি সি নাই ঘৰত (ভাইটি), সেয়ে ময়েই
আহিব লগা হ’ল। সি থাকিলে মোক আহিবলৈ নিদিয়ে নহয়।
খুৱাইদেউ—আমাৰ ফালে ন-ছোৱালী এপাক আনিবা ফুৰাবলৈ......
ভালবাৰু, নিশ্চয় নিশ্চয়। (মনতে কটা নিধক আগতে খোচটো মাৰি
লৈ পিছত মলম সানিলে কিটো হবগৈ, হুহ)
দোকানলৈ সোমায় গ’লো..............
উৱা দোকানীয়ে কাইটিয়েও দেখোন মোৰ ফালে তধা লাগি চাই ৰ’ল।
বোলো কি হ’ল—আগে পিছে মোক দেখা নাই নেকি...?
দেখিছো দেখিছো, পিছে বিয়াৰ পিছত আজি প্ৰথম দেখিছো নহয়,
সেয়ে......
(উস, হে হৰি, যেন এইখন দেশত বিয়া প্ৰথম মইহে পাতিছো। কেনিও
ওলাবই নোৱাৰি। ধেই, ৰঙাচিঙা পৰি গলো দেই।)......................
(অভিজ্ঞতাৰ প্ৰথম অংশ..............................আগলৈ)
No comments:
Post a Comment