Wednesday, 30 December 2015
জনসংখ্যা বৃদ্ধি যেন এক অ-ঘোষিত প্ৰতিযোগিতাহেঃ--
প্ৰকৃতিৰ নিয়ম অনুযায়ী প্ৰত্যেক জীৱৰে বংশবৃদ্ধিৰ প্ৰক্ৰিয়া এক সহজাত প্ৰবৃতি। সমানুপাতিক ভাবে মানুহো ইয়াৰ ব্যতিক্ৰম নহয়। ক্ৰমাগত ভাবে বিশ্বৰ জনসংখ্যা বৃদ্ধিত প্ৰতিখন দেশ, প্ৰতিখন ৰাষ্ট্ৰ, প্ৰতিটো সম্প্ৰদায়ৰ লোকেই কমবেছি পৰিমানে অৰিহণা যোগাই আহিছে। সামগ্ৰিক ভাবে প্ৰৰ্য্যবেক্ষণ কৰিলে দেখা যায় যে বিগত কেইবাটা দশক জুৰি বিশ্বৰ জনসংখ্যা অত্যাধিক পৰিমানে বৃদ্ধি পাইছে আৰু ইতৰ প্ৰাণী তথা তৰু-তীৰ্ণ ক্ৰমে হ্ৰাস পাই আহিছে। ইয়েই প্ৰকৃতিৰ ওপৰত আওপকীয়াকৈ হলেও মাধমাৰ সোধাইছে। কেনেকৈ সেইটো বুজিবলৈ বৰ বহলাই ব্যাখ্যা নকৰিলেও হ’ব। সৃষ্টিৰে পৰাই পৃথিৱীৰ মূল ভূখণ্ডৰ পৰিমান একেই অনুপাতত আছে, কিন্তু ইয়াৰ সমান্তৰাল ভাবে বৃদ্ধি পাইছে মানুহৰ জনসংখ্য আৰু হ্ৰাস পাইছে বসতিৰস্থান তথা খাদ্যৰ উত্পাদন। ইয়াৰ মূলতেই হৈছে জনসংখ্যা ব্যাপক হাৰত বৃদ্ধি।
শেহতীয়াভাবে এই বিষয়টিয়ে খাদ্য সংকৰটৰ লগতে সমগ্ৰ বিশ্বলৈ এক ভাবুকি কঢ়িয়াই আনিছে। জানিবলৈ পোৱা মতে, এই গভীৰ সমস্যাৰ পৰা হাত সাৰিবলৈ উন্নত দেশসমূহে ইতিমধ্যে বিভিন্ন পন্থা অৱলম্বক কৰা দেখা গৈছে। চীন, জাপান আদি দেশৰ প্ৰশাসনে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ন-ন আইন প্ৰণয়ন কৰা দেখা গৈছে। সেইসমূহ দেশত এহাল দম্পত্তিৰ দুটিতকৈ বেছি সন্তান জন্ম হলে তৃতীয় সন্তানটোৰ বাবে তেওঁলোক কৰ পৰিশোধ কৰিব লাগে, প্ৰশাসনৰ ওচৰত জবাবদিহি হ’ব লগীয়া হয়। জনসংখ্যা ৰোধৰ ক্ষেত্ৰত ই এক উচিত পদক্ষেপ বুলি আমাৰ বিশ্বাস। আমাৰ প্ৰশাসন তথা চৰকাৰৰ এনে স্পৰ্শকাতৰ বিষয় সমূহত কেতিয়াবাকৈ যে সুদৃষ্টি পৰিব সেয়া অকল্পনীয়। যোৰ পুৰি হাত নৌপাওতেই যদি ইয়াক ৰোধিবলৈ সঠিক পদক্ষেপ গ্ৰহণ কৰা নহয়, তেনেহলে অনাগত দিনত ই এক ভয়ংকৰ সমস্যা হৈ থিয় দিব যে সেয়া ধূৰূপ।
লক্ষণীয় ভাবে আমাৰ দেশতো এই সমস্যাই ভয়ঙ্কৰ ৰূপেৰে চানি ধৰিছে। ইতিমধ্যে উচ্চতম ন্যায়লয়ৰ নিৰ্দ্দেশ অনুযায়ী শেহতীয়া লোকপিয়লৰ তথ্য ফাদিল হোৱাৰ পিছতেই এই সমস্যাই সংবাদ মাধ্যমত স্থান দখল কৰিবলৈ সক্ষম হৈছে যদিও চৰকাৰ, প্ৰশান তথা বুদ্ধিজীবি কিম্বা দল-সংগঠন সকলো যেন ঘোৰ নিদ্ৰাত মগ্ন। শেহতীয়াকৈ আমাৰ অসমত মূলকত ১৯৯১ চনৰ লোকপিয়লৰ তথ্য আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ মাজত এক ভাবিব নোৱাৰা আকাশ পাতাল পাৰ্থক্য পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ বিভিন্ন ৰাজনৈতিক দল সংগঠন সমূহে বিভিন্ন ভাষাৰে প্ৰতিয়ণ নিয়াবলৈ ব্যৰ্থ প্ৰচেষ্টা চলাইছে যদিও, প্ৰকৃত কাৰণ বিশ্লেষন কৰিলে অন্য এখন ছবিহে প্ৰতিফলিত হোৱা দেখা যায়। উদাহৰণ স্বৰূপে---
১) চৰকাৰৰ কিছুমান আঁচনি জনসাধাৰণৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা হৈছে যদিও, পূৰ্ব-পৰিকল্পনা তথা দূৰদৰ্শীতাৰ অভাৱত এই আঁচনি সমূহে জনসাধাৰণক উপকৃত কৰাৰ বিপৰীতে জনসংখ্যা বৃদ্ধিত অৰিহণাহে যোগাইছে যে সেয়া সহজেই অনুমেয়। উদাহৰণ স্বৰূপেঃ এগৰাকী গৰ্ভৱতী মাতৃয়ে চৰকাৰী চিকিত্সালয়ত সন্তান প্ৰসৱৰ বাবে ভৰ্তি হ’লে প্ৰতিটো সন্তান প্ৰসৱৰ ঠিক পিছতেই চকাৰৰ ঘৰৰ পৰা নগদ ১৫০০ টকাৰ অনুদান আগবঢ়োৱা হয় আৰু এই ধন গৰ্ভৱতী মাতৃৰ একাউণ্টত পোনে পোনেই জমা হয় বা চেক যোগে প্ৰদান কৰা হয়। এই আঁচনিয়ে একাংশ দুখীয়া শ্ৰেণীৰ লোকলৈ সহায়ৰ হাত আগবঢ়াইছে ঠিকেই, কিন্তু ইয়াৰ বিপৰীতে একাংশক সম্প্ৰদায়ে জন্মনিয়ন্ত্ৰণৰ ক্ষেত্ৰত উপযুক্ত শিক্ষাৰ অভাৱ তথা চৰকাৰী ১৫০০ টকীয়া অনুদানৰ লোভত পৰি সঘনাই গৰ্ভধাৰণ কৰি নিঃসংকোচে সন্তান জন্মদিবলৈ উদগনি লাভিছে।
২) জন্মনিয়ন্ত্ৰণ কিদৰে সম্ভৱ হয়, এই বিষয়ত বিশেষকৈ খাটিখোৱা অশিক্ষিত দৰিদ্ৰ পৰিয়ালৰ জনসাধাৰণৰ মাজত উপযুক্ত সজাগতাৰ তথা শিক্ষাৰ অভাবো এটা কাৰণ বুলিব পাৰি। তাৰোপৰি ল’ৰা-ছোৱালীৰ উপযুক্ত বয়সৰ পূৰ্বেই বিবাহ পাশত আবদ্ধ হোৱাও অন্য এক কৰাণ বুলি ধাৰণ কৰা হয়।
৩) অধিকাংশ দৰিদ্ৰ পৰিয়ালৰ লোকেই, বিশেষকৈ অসম মূলকত (একাংশ সম্প্ৰদায়ৰ লোক) দিন হাজিৰা কৰি খোৱা লোক, যি এসাজ খালে পিছৰ সাজলৈ তেওঁলোকে চিন্তা কৰিব লগীয়া হয়। সাধাৰণতেই তেনে পৰিয়ালৰ দম্পত্তিয়ে ভাবিবলৈ বাধ্য হয় যে তেওঁলোকৰ যদি অধিক সতি-সন্তান জন্ম হয় আৰু সেই সন্তান সকলক কম বয়সৰ পৰাই কামত লগাব পৰা যায় তেনেহলে তেওঁলোকৰ সামূহিক উপাৰ্জনে পৰিয়ালৰ আৰ্থিক সংকট সহজেই দুৰ কৰিবলৈ সক্ষম হ’ব। সেয়ে তেওঁলোকে কোনো আগপিছ নাভাবি, ভবিষ্যতৰ কথা আওকান কৰি বৰ্ত্তমানটো কেনেকৈ সকলামে চলিব পাৰি তাৰেই চিন্তাৰে সন্তান জন্মদিয়াত উঠিপৰি লাগা দেখা যায়।
৪) উন্মোক্ত সীমাৰ সুবিধা গ্ৰহণ কৰি প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা অহৰহ হৈ থকা অবৈধ প্ৰৱৰ্জন কাৰীও অসম তথা উত্তৰপূৰ্বাঞ্চলত জনসংখ্যা বৃদ্ধিৰ আন এক কাৰণ বুলি থাৱৰ কৰা যায়। চৰকাৰ তথা ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ভোটৰ আশাত এই অবৈধ প্ৰৱৰ্জনকাৰীক বিতাৰিত কৰাৰ ক্ষেত্ৰত সদায় হুহোকা-পিচলা কৰা দেখা যায়, ইয়ে তেওঁলোকক উদগনি যোগাই আহিছে বা ইয়াৰ সম্পূৰ্ণ সুযোগ অবৈধ প্ৰৱৰ্জনকাৰী সকলে গ্ৰহণ কৰাৰ ফলতো জনসংখ্যা বৃদ্ধিৰ এই পৰিবৰ্তনৰ অন্য এক কাৰণ।
সকলোতকৈ আচৰিত কথাটো শুনিলে আপোনাৰ মোৰ পেটতে হাতভৰি লুকাব যে, এইদৰে অবৈধ ভাবে প্ৰবৰ্জন কৰা বিদেশী নাগৰিকে পৰৰাষ্ট্ৰত সোমাই প্ৰথমেই নিগাজিকৈ বসতি কৰিবলৈ লোৱাত একাংশ থলুৱালোকে সহায় কৰাৰ কথা পোহৰলৈ আহিছে। এই বিদেশী প্ৰবৰ্জনকাৰী লোকসকলৰ হাতত স্থায়ীবাসিন্দাৰ নথিপত্ৰ, নাগৰিকত্বৰ প্ৰমাণপত্ৰ, যেনেঃ- ৰেচনকাৰ্ড, ভোটাৰতালিকাত নাম সন্নিবিষ্ট, গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, পানকাৰ্ড, পাৰপত্ৰ, আধাৰকাৰ্ডকে আদিকৰি সকলোধৰণৰ তথ্যপাতি মজুত থাকে, যিবোৰ আপোনাৰ মোৰ দৰে সাধাৰণ থলুৱা লোকৰ হাতত হয়তো নায়েই। এই সকলোবোৰ সম্ভৱ হৈছে কেইটামান টকাৰ লোভ সামৰিব নোৱাৰা, দেশদ্ৰোহী তথা ঘৰশত্ৰু বিভীষণ ৰূপী একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে। এই বিষয়া কৰ্মচাৰীসকলে কেইটামান টকাৰ বিনিময়ত নিজমাতৃকেই যে বিক্ৰি কৰিছে, সেয়া দেখিও প্ৰশাসন তথা চৰকাৰ ধৃতৰাষ্ট্ৰৰ ভাও মচগুল।
এই সকলোবোৰ সমস্যাৰ বাবে দল-সংগঠন, সচেতন ব্যক্তি, বুদ্ধিজীবি সকলোৱে মাজে সময়ে দুৰদৰ্শনৰ মজিয়াত বহি বৰবৰ কথাৰে তালফাল কৰা দেখা যায় যদিও, অনুষ্ঠানৰ শেষত সেই সকলোবোৰ কাৰ্য্যত পৰিনত কৰিবলৈ চৰকাৰ কিম্বা প্ৰশাসনক কোনো হেঁচা প্ৰয়োগ কৰা দেখা নাযায়। যিবোৰ দেখি আপুনি মই কেইটামান হা-হুমুনিয়াহ কঢ়াৰ বাহিৰে যে কৰিব পৰা ক্ষমতা একোৱাই নাই, অথচ যি সকলৰ হাতত ক্ষমতা আছে, তেওঁলোকে ব্যক্তিগত স্বাৰ্থত কুঠাৰঘাট কৰি এনে প্ৰদক্ষেপ লোৱাৰ পৰা সদায় কেইবাযোজনমাইল দুৰত্বত অৱস্থান কৰে।
বৰা নিতুল,
নগাঁও।

২২/০৪/২০১৫
প্ৰকৃতি সংৰক্ষণৰ আৰু বিশ্ব পৰিবেশ দিৱস পালন---
কেইদিনমানৰ আগৰ
ঘটনা। মোৰ সম্বন্ধীয় ঘৰৰ কাষৰে ভাইটি এটাই আমাৰ দুয়োঘৰৰ চৌহদত থকা ফুলনিৰ মাজে
মাজে জুপি থকা দেখিলো। কৌতুহলি মনটোক সংযত কৰিব নোৱাৰি কাষ চাপি গ’লো, সুধিলো....
-কি কৰিছ অ, ফুলৰ মাজে মাজে জুপি জুপি ?
-পখিলা ধৰিবলৈ খাপ পিটি আছো। ৫ টা পখিলা ধৰিলো, কিন্তু মোক লাগে আজিয়েই ১০ টা পখিলা। সেয়ে বহুসময় ধৰি পখিলা ধৰিবলৈ হাতত সাৰে ভৰিত সাৰে ৰৈ আছো।
-ইমান মৰম লগা পখিলা বোৰ আকৌ কিয় ধৰিছ ? তোৰ বেয়া লগা নাইনে ?
- এহ নক’বা আৰু, আমাৰ জু-লজীৰ চাৰে প্ৰেক্টিকেলৰ বাবে প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীকে ১০ টাকৈ পখিলা ধৰি ক্ল’ৰফৰ্মেৰে সংজ্ঞাহীন কৰি লৈ যাবলৈ কৈছে। নহলে প্ৰেক্টিকেলৰ নম্বৰ নিদিব।
-মোৰ চকু কপালত উঠিল। কোন সেইজন জু-লজীৰ চাৰ অ ? চাও এইফালে আহ। তাক মাতি আনিলো। শুন ! তই বিশ্ব পৰিবেশ দিৱসৰ কথা জাননে ?
-জানো ! ৫ জুনৰ দিনা বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।
-তেনেহলে ক’চোন। সেই দিৱস কিয় পালন কৰা হয় বা প্ৰয়োজনীয়তাই বা কি..?
-ও, প্ৰকৃতিৰ ভাৰসাম্য অটুত ৰাখিবলৈ, অৰ্থাত্ প্ৰকৃতিৰ ওপৰত মানুহে যি অতিশৰ্য্য চলাই আহিছে, সেয়া নোহৱা হওঁক বা প্ৰকৃতিৰ সকলো জীৱ-জন্তু, সকলো উপাদানৰ পৰিমান সদায় সমান ৰাখিবলৈ আৰু মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়।
-ঠিক কথা। তেনেহলে তই এইবোৰ কি কৰিছ ? মুখৰ মাত নাই, তলমূৰ কৰি ৰৈ আছে। কিছু সময়ৰ পিছত এমেনাসেমেন কৰি...
-কিন্তু আমি যদি নিনিও, তেনেহলে প্ৰেক্টিকেলৰ মাৰ্কচ কমকৈ দিব যে। কি কৰিম।
-তই গৈ তহঁতৰ চাৰক কবিগৈ, যে মোৰ দাদাই আপোনাৰ ওপৰত কেচ-ফাইল কৰিব। আৰু কিয় কৰিব সেইটো তই বুজাই কবগৈ। প্ৰকৃতিৰ ওপৰত ধংসযজ্ঞ কৰা সকলৰ ভিতৰত তোৰ চাৰো এজন। বুজিছ ?
-বুজিছো। এইবুলি সি ঘৰৰ ভিতৰ সোমাল।

এইয়া এটা
সাধাৰণ উদাহৰণহে। এই উদাহৰণটোকেই যদি লক্ষ্য কৰা যায়, তেনেহলে
ভাৱকচোন, প্ৰতিখন বিশ্ববিদ্যালয়ৰ অধীনত চলা এই মহাবিদ্যালয়বোৰৰ বিজ্ঞানৰ
ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ণৰ নামত এজন ছাত্ৰক বা এগৰাকী ছাত্ৰীক যদি ১০ টা পখিলা মাৰিবলৈ
দিয়া হয়, তেনেহলে কিমান মহাবিদ্যালয়ত কিমান ছাত্ৰ-ছাত্ৰীয়ে কিমান পখিলা বছৰি
নিধন কৰিব। ভেঁকুলী, পইটাচোৰা, গিনিপিগ, জোক-পোক আদিৰ কথা নকলোৱেইবা !
এফালে আমি
সকলোৱে মিলি বিশ্ব পৰিবেশ দিৱসৰ দিনা গছপুলি ৰুই প্ৰকৃতি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ
বাবে ঢাক-ঢোল বজাইচো আৰু আনফালে আমিয়েই প্ৰকৃতিৰ ওপৰত মাধমাৰ মাৰিবলৈ লগাই দিছো।
এয়া অন্যায় হোৱা নাই নে ? সঁচাকৈয়ে যদি প্ৰকৃতি সংৰক্ষণৰ ওপৰত সজাগ হ’ব লাগে, তেনেহলে এনে
ধৰণৰ সকলো ধৰণৰ কাৰ্যকলাপৰ বিষয়ে চিন্তু কৰাৰ থল আছে বুলি ভাবো। সেয়ে এনেধৰণৰ
শিক্ষাৰ বিকল্প ব্যৱস্থা বা পৰিবৰ্ত্তন হোৱাটো কামনা কৰো।
আজি দোপদ দোপে
বিজ্ঞানৰ ন ন অৱদানে মানুহৰ জীৱন পৰিক্ৰমাই সলনি কৰি পেলালে। থ্ৰি-ডি এনিমেশ্যন, গ্ৰাফিক্স আদি
শব্দবোৰ আমাৰ বাবে আজি নতুন শব্দ হৈ থকা নাই। তেনেস্থলত এই যে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ
প্ৰেক্টিকেলৰ নামত লাখ লাখ পোক-পৰুৱা, কীট-পত্যঙ্গ হত্যা কৰা হয়, ইয়াৰ কথা
কেতিয়াবা কোনোবাই এবাৰলৈও ভাবি চাইছেনে ? এনেকৈ কীট-পত্যঙ্গ সংজ্ঞাহীন কৰি
আনি সিহঁতৰ নাৰ্ভাচ-চিষ্টেম,
ৰেচপিৰেটৰী চিষ্টেম আদিবোৰৰ বিষয়ে
ছাত্ৰ-ছাত্ৰীক বুজাবলৈ প্ৰয়াস কৰাতকৈ, কিয় কম্পিউটাৰত থ্ৰি-ডি
এনিমেশ্যনৰ সহায়ত, গ্ৰাফিক্স আদিৰ সহায়ত ছাত্ৰ-ছাত্ৰীক বুজাব পৰা নাযায়জানো ? দ-কৈ বিষয়টো
ফহিয়াই চালে নিশ্চয় ইয়াৰ এটা বিকল্প পথা ওলাব, যাৰ দ্বাৰা কিছু পৰিমানে হলেও এই
প্ৰকৃতি বা পৰিবেশ সংৰক্ষণত অৰিহণা যোগোৱা হ’ব বুলি ভাবো।
তাৰোপৰি
প্ৰকৃতি সংৰক্ষণৰ নামত কেৱল মাত্ৰ এটা দিন, অৰ্থাত বছৰৰ বাকী ৩৬৪ দিনেই
গছ-পুলি ৰোপনৰ নামত শূন্য কিয় ?
কিয় আমি বছৰৰ বাকী কেইটা দিনত
গছপুলি ৰোপনৰ ওপৰত গুৰুত্ব দিব নোৱাৰো নেকি ? কিয় ৫ জুনৰ বাহিৰে আন দিনবোৰত
প্ৰকৃতি সংৰক্ষণৰ আলোচনা, সজাগতা আদিবোৰৰ বিষয়ে দুৰদৰ্শনৰ মজিয়া বা বাতৰি কাকতৰ শিৰোনামত একো
লেখা / আলোচনা দেখা নাপাওঁ। কিয় কেৱল ৫ জুনৰ দিনা সকলো বাতৰিকাকত, ইলেক্ট্ৰনিক
মিডিয়াত গছ-পুলি ৰুই থকা দেখুওৱা ফটোৰে ভৰি পৰে। এয়া বাৰু নিজকে জহাবলৈ যোৱাৰ
নিচিনা নহয় নে..? চোৱা আমি প্ৰকৃতিৰ প্ৰতি কিমান সজাগ। চোৱা আমি বিশ্বপৰিবেশ দিৱস
পাহৰা নাই। এয়াই নহয়জানো মনোভাৱ সকলোৰে। আমি ভাবো প্ৰকৃতি সংৰক্ষণ বা গছপুলি ৰোপনৰ
বাবে কোনো নিদিষ্ট দিন থাকিব নালাগিছিলেই। সেয়ে বিশ্ব পৰিবেশ দিৱস হিচাপে ৫ জুনৰ
দিনটোৰ প্ৰয়োজনীয়তা আছে বুলি মনে নধৰে। এইখিনি মোৰহে মনৰ ভাবহে, মই লিখিলো
বুলিয়েই এয়াই শুদ্ধবুলি নাভাবো।
বৰা নিতুল,
নগাঁও।
১১/০৮/২০১৫
নগাঁও।
১১/০৮/২০১৫
Tuesday, 29 December 2015
“গছ থাকিলেহে মানুহ থাকিব”
“গছ থাকিলেহে মানুহ থাকিব” এনে ফলক আজি যেন মূল্যহীনঃ-
প্ৰাকৃতিক পৰিৱেশৰ ভাৰষাম্যক ভেঙুচালি..........................
সময়ে সয়মে কাগজে পত্ৰই বিজ্ঞাপন, বনবিভাগৰ বনানিকৰণ, উন্নয়ণ খণ্ডৰ পৰা গছৰ পুলি বিতৰণ তথা ৰাইজলৈ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি সজাগ হোৱাৰ আহ্বান। বিশ্ব পৰিৱেশ দিৱস ৫ জুনৰ দিনা গছপুলি ৰুই দিৱস উদযাপন, এইবোৰ কৰিলেই প্ৰকৃতিৰ ভাৰষাম্য অটুত থাকিবনে...? মানুহক দেখুৱাই মুখ্যমন্ত্ৰীয়ে যোৰহাটত কৰা বনানিকৰণ কিবা মূল্য থাকিবগৈনে...? যদিহে প্ৰশাসন তথা চৰকাৰে এনে কাৰ্য্যৰ প্ৰতি তীক্ষ্ণ নজৰ নিদিয়ে তেনেহলে সাধাৰণ জনতাক ওপৰত কোৱাৰ দৰে এনেবোৰ আহ্বন জনোৱাৰ কোনো প্ৰয়োজন আছে বুলি নাভাবো।
গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ – মায়ং - মৰিগাঁও হৈ নগাঁৱৰ চহৰৰ উত্তৰ কাষেৰে লাওখোৱা পথৰে গৈ কলিয়াভোমোৰা দলঙৰ কাষৰে চুলুঙ নামৰ সৰু ঠাইখনৰ সংযোগী এটি পথৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এই পথ বহলকৈ নিৰ্মাণৰ বাবে কাষে কাষে থকা ডাঙৰ ডাঙৰ গছবোৰ গড়কপ্তানী বিভাগে এফালৰ পৰা কাটি তহিলং কৰিছে আৰু বনবিভাগে সেইবোৰ কঢ়িয়াই লৈ গৈছে। তলৰ ছবিত দুজোপা বৃহত্ গছৰ ফটো দিয়া হৈছে, এজোপা আহত আৰু আনজোপা বৰগছ। এই গছ দুজোপা আমাৰ আজুককাৰ দিনৰে, কিন্তু দুয়োজোপা গছৰ বৰ্তমান বয়স সঠিককৈ কোনেও কব নোৱাৰে। ইমান পুৰণি গছ কেইজোপা মূৰ্হুত্বৰ ভিতৰতে কাটি পেলোৱা কামটো, সেইপথেদি অহাযোৱা কৰা কোনেও সহ্য কৰিব পৰা নাই, সকলোৰে মনত দুখ দিলে এই কাৰ্য্যই। ঠাইখনৰ পৰিৱেশেই সলনি কৰি পেলালে মূহুৰ্ত্বতে। ধিক্কাৰ দিছো এনে কাৰ্য্যৰ।
এতিয়া কথা হ’ল অসমৰ বাহিৰৰ বহু ঠাইত দেখা পাইছো পথৰ কাষৰ গছ, পথৰ কাষতে আছে, আনকি পদপথৰ মাজতো গছবোৰ নকটাকৈয়ে ৰাখিছে, কিন্তু অসমত পথ নিৰ্মাণৰ সময়ত এনে শ শ গছৰ কথা কিয় এবাৰো ভাবি চোৱা নহয়। প্ৰকৃতিপ্ৰেমী সকলো নিমাত। নতুনকৈ পথ নিৰ্মাণ বা বহলকৈ নিৰ্মাণ যদি কৰিবই লাগে, তেনেহলে বাইপাছ পথবোৰ যেনেকৈ পথাৰ মাজেৰে নিৰ্মাণ কৰা হৈছে ঠিক তেনেকৈ নিৰ্মাণ কৰাত কিয় গুৰুত্ব দিয়া নহয়। কেৱল গছই নহয়, এনে পথ নিৰ্মাণৰ নামত কিমান ক্ষতি হয় সেয়া বাহিৰৰ পৰা ওপৰে ওপৰে চালে দেখা পোৱা নাযায়। পুৰণি পথৰ কাষেৰে থকা সকলো ধৰণৰ পাইপ লাইন, যেনেঃ দুৰসংযোগ বিভাগৰ পাইপ, জনস্বাস্থ্য বিভাগৰ পানীৰ পাইপ, বিদ্যুত বিভাগৰ সকলো সংযোগ, মানুহৰ ঘৰ, মন্দিৰ, মজ্জিদ, বিদ্যালয়, এই সকলোবোৰ মাত্ৰ এটা পথ নিৰ্মাণৰ বাবেই স্থানান্তৰ কৰাটো কিমান দুৰ গ্ৰহণযোগ্য সেয়া আমাৰ দৰে ব্যক্তিৰ বাবে সাথৰ।
বৰা নিতুল,
নগাঁও,
৬/১১/২০১৫
নগাঁও,
৬/১১/২০১৫
এটি পোক
এইটো কি ধৰণৰ পোক..? কোনোবাই চিনিব পাৰিছেনে..? আজি কেইদিনমানৰ পৰা আমাৰ চৌহদৰ এজোপা মোমাই তামুলী গছৰ পাতবোৰ এফালৰ পৰা খাই খাই তহিলং কৰি আছে। প্ৰথমতে ভাবিছিলো কিহে খাইছে পাতবোৰ। পোকটো দুদিন আগতে দেখিছিলো যদিও সেইটো এটা পোক বুলি কেতিয়াও ভবাই নাছিলো, ভাবিছিলো শিমলুৰ তুলা, কপাহ জাতীয় কিবা বতাহত আহি তাত লাগি আছে বুলিহে। দেখাত যে কঁপাহী কাপোৰৰ আঁহ এঠোপা লাগি আছে, এনে লাগে। আজি সুক্ষ্মভাবে লক্ষ্য কৰোতেহে দেখা পালো বস্তুটো লাহে লাহে লৰিছে, আৰু ভালকৈ মন দিওতে দেখা পালে তাৰ ক্ষুদ্ৰ মুখখনেৰে পাতবোৰ কুটি কুটি খাই গৈছে। তেতিয়াহে গম পালো যে ইয়েই পাতবোৰ অতদিনে খাই আছে।
অব্যক্ত অনুভৱ !
অপেক্ষাৰ অন্ত পেলাই খৱৰটো আহিল মোৰ মবাইললৈ, সময় ঠিক ১২.৩৬ মিনিট গৈছে, অপাৰেচন ৰূমৰ পৰাই ডাক্তৰে কৰা ফনটো পাই, লগে লগেই সুধিলো- মাক, পুতেক দুয়ো ঠিকেই আছেতো..? সকলো ঠিকেই আছে বুলি জানিব পাৰিহে আগ্ৰহেৰে বাট চাই থকা সকলোৰে মনটো মুকলি হৈছে। লগে লগে মই অঙহী-বঙহি সকলোকে ফোনযোগে খৱৰ দিয়াত লাগি গ’লো।
আবেলিৰ পৰা খৱৰ লোৱা মানুহৰ সোঁত ববলৈ ধৰিলে, বাটপথে যাকে যতে পালো খৱৰটো দিলো। সকলোৰে মথো এটাই কথা,
কি হ’ল ? ল’ৰা নে ছোৱালী ?
ল’ৰা এটা উপজিল!
অহ, তুমি বৰ ভাগ্যবান দেই। প্ৰথমেই ল’ৰা পাইছা। ভাল পাৰ্টী এটা হ’ব লাগিব কিন্তু।
ল’ৰা এটা উপজিল!
অহ, তুমি বৰ ভাগ্যবান দেই। প্ৰথমেই ল’ৰা পাইছা। ভাল পাৰ্টী এটা হ’ব লাগিব কিন্তু।
এইধৰণৰ মন্তব্য প্ৰথমতে দুই এজনৰ পৰা পোৱাৰ পিছত সিমান মন কৰা নাছিলো। পিছলৈও যেতিয়া চিনাকি কাৰোবাক এই খৱৰটো দিও, তেতিয়াই প্ৰায়বোৰৰ মুখতে একেই মন্তব্য শুনিবলৈ পাওঁ, তাকো বহু ভাল ভাল শিক্ষিত লোকৰ পৰা যেতিয়া এই মন্তব্য শুনা পাওঁ আৰু ভাবিবলৈ বাধ্য হ’লো যে এতিয়াও তাৰমানে কন্যা সন্তান জন্ম হলে বহু মানুহৰ মন সুখী নহয়।
দুদিনমানৰ পিছত সহকৰ্মী সকলৰ দাবীত কাৰ্য্যালত সকলো কৰ্মচাৰীকে সামৰ্থ অনুযায়ী সৰুকৈ চাহ মিঠাইৰ আয়োজন এটা কৰিলো, চাহ-মিঠাই বিলাই দিয়াৰ মাজতে সকলোকে মাতষাৰ দিবলৈ গৈ প্ৰায়বোৰেই একেই মন্তব্য ব্যক্ত কৰাত আৰু আচৰিত হলো। ঘৰলৈ আহি গোটেই কথাবোৰ শ্ৰীমতীক কলোহি বোলো চোৱাচোন, আমিতো তেনেকৈ কেতিয়াও ভবাই নাই, ল’ৰা নহৈ ছোৱালী হোৱা হলেও আমি একেই উত্সাহ প্ৰকাশ কৰিলো হয়, একেই মৰম দিলো হয়, কিন্তু মানুহবোৰৰ মনবোৰ এতিয়াও কি সেই পুৰণিকলীয়াই হৈ আছে। কিন্তু সেই একেবোৰ মানুহেই কিয় মেলে মিটিঙে গায় ফুৰে যে ল’ৰা-ছোৱালী বুলি আজিকালি একো নাই। সকলো সমান।
পুত্ৰ কন্যাৰ এই বৈশম্য দুৰ কৰিবলৈকে আইনীভাবেও ভ্ৰুন নিৰ্ণয় কৰাটো অপৰাধ বুলি গণ্য কৰা হয়। কিন্তু এই বৈশম্য জানো সঁচাকৈয়ে আতৰ কৰিব পাৰিছে এই আইনী ব্যৱস্থাই। নোৱাৰে কেতিয়াও নোৱাৰে, যেতিয়ালৈকে মানুহৰ মনবোৰ শুদ্ধ নহয়, তেতিয়ালৈকে কোনেও একো কৰিব নোৱাৰে। এতিয়াও এচাম মানুহ আছে যিয়ে ছোৱালী সন্তান জন্ম হলেই মাতৃ-গৰাকীকহে দোষ দিয়ে। যিটো নিৰ্ভৰ কৰে কেৱল পুৰুষ জনৰ ওপৰতহে মহিলা গৰাকীৰ কোনো দোষ নাথাকে। এই কথা মোৰ নহয়, এয়া বিজ্ঞানে কোৱা কথা। বাৰু সেইবোৰ ফঁহিয়াবলৈ নাযাও। মানুহবোৰৰ ভাবধাৰাবোৰে মোৰ মনটোক ভবাই তুলিলে। আঁচৰিত নহৈ নোৱাৰিলো।
বৰা নিতুল,
নগাঁও,
২৯/১২/২০১৫
নগাঁও,
২৯/১২/২০১৫
Subscribe to:
Comments (Atom)