Tuesday, 29 December 2015

অব্যক্ত অনুভৱ !


অপেক্ষাৰ অন্ত পেলাই খৱৰটো আহিল মোৰ মবাইললৈ, সময় ঠিক ১২.৩৬ মিনিট গৈছে, অপাৰেচন ৰূমৰ পৰাই ডাক্তৰে কৰা ফনটো পাই, লগে লগেই সুধিলো- মাক, পুতেক দুয়ো ঠিকেই আছেতো..? সকলো ঠিকেই আছে বুলি জানিব পাৰিহে আগ্ৰহেৰে বাট চাই থকা সকলোৰে মনটো মুকলি হৈছে। লগে লগে মই অঙহী-বঙহি সকলোকে ফোনযোগে খৱৰ দিয়াত লাগি গ’লো।
আবেলিৰ পৰা খৱৰ লোৱা মানুহৰ সোঁত ববলৈ ধৰিলে, বাটপথে যাকে যতে পালো খৱৰটো দিলো। সকলোৰে মথো এটাই কথা,
কি হ’ল ? ল’ৰা নে ছোৱালী ?
ল’ৰা এটা উপজিল!
অহ, তুমি বৰ ভাগ্যবান দেই। প্ৰথমেই ল’ৰা পাইছা। ভাল পাৰ্টী এটা হ’ব লাগিব কিন্তু।
এইধৰণৰ মন্তব্য প্ৰথমতে দুই এজনৰ পৰা পোৱাৰ পিছত সিমান মন কৰা নাছিলো। পিছলৈও যেতিয়া চিনাকি কাৰোবাক এই খৱৰটো দিও, তেতিয়াই প্ৰায়বোৰৰ মুখতে একেই মন্তব্য শুনিবলৈ পাওঁ, তাকো বহু ভাল ভাল শিক্ষিত লোকৰ পৰা যেতিয়া এই মন্তব্য শুনা পাওঁ আৰু ভাবিবলৈ বাধ্য হ’লো যে এতিয়াও তাৰমানে কন্যা সন্তান জন্ম হলে বহু মানুহৰ মন সুখী নহয়।
দুদিনমানৰ পিছত সহকৰ্মী সকলৰ দাবীত কাৰ্য্যালত সকলো কৰ্মচাৰীকে সামৰ্থ অনুযায়ী সৰুকৈ চাহ মিঠাইৰ আয়োজন এটা কৰিলো, চাহ-মিঠাই বিলাই দিয়াৰ মাজতে সকলোকে মাতষাৰ দিবলৈ গৈ প্ৰায়বোৰেই একেই মন্তব্য ব্যক্ত কৰাত আৰু আচৰিত হলো। ঘৰলৈ আহি গোটেই কথাবোৰ শ্ৰীমতীক কলোহি বোলো চোৱাচোন, আমিতো তেনেকৈ কেতিয়াও ভবাই নাই, ল’ৰা নহৈ ছোৱালী হোৱা হলেও আমি একেই উত্সাহ প্ৰকাশ কৰিলো হয়, একেই মৰম দিলো হয়, কিন্তু মানুহবোৰৰ মনবোৰ এতিয়াও কি সেই পুৰণিকলীয়াই হৈ আছে। কিন্তু সেই একেবোৰ মানুহেই কিয় মেলে মিটিঙে গায় ফুৰে যে ল’ৰা-ছোৱালী বুলি আজিকালি একো নাই। সকলো সমান।
পুত্ৰ কন্যাৰ এই বৈশম্য দুৰ কৰিবলৈকে আইনীভাবেও ভ্ৰুন নিৰ্ণয় কৰাটো অপৰাধ বুলি গণ্য কৰা হয়। কিন্তু এই বৈশম্য জানো সঁচাকৈয়ে আতৰ কৰিব পাৰিছে এই আইনী ব্যৱস্থাই। নোৱাৰে কেতিয়াও নোৱাৰে, যেতিয়ালৈকে মানুহৰ মনবোৰ শুদ্ধ নহয়, তেতিয়ালৈকে কোনেও একো কৰিব নোৱাৰে। এতিয়াও এচাম মানুহ আছে যিয়ে ছোৱালী সন্তান জন্ম হলেই মাতৃ-গৰাকীকহে দোষ দিয়ে। যিটো নিৰ্ভৰ কৰে কেৱল পুৰুষ জনৰ ওপৰতহে মহিলা গৰাকীৰ কোনো দোষ নাথাকে। এই কথা মোৰ নহয়, এয়া বিজ্ঞানে কোৱা কথা। বাৰু সেইবোৰ ফঁহিয়াবলৈ নাযাও। মানুহবোৰৰ ভাবধাৰাবোৰে মোৰ মনটোক ভবাই তুলিলে। আঁচৰিত নহৈ নোৱাৰিলো।

বৰা নিতুল,
নগাঁও,
২৯/১২/২০১৫

No comments:

Post a Comment