“গছ থাকিলেহে মানুহ থাকিব” এনে ফলক আজি যেন মূল্যহীনঃ-
প্ৰাকৃতিক পৰিৱেশৰ ভাৰষাম্যক ভেঙুচালি..........................
সময়ে সয়মে কাগজে পত্ৰই বিজ্ঞাপন, বনবিভাগৰ বনানিকৰণ, উন্নয়ণ খণ্ডৰ পৰা গছৰ পুলি বিতৰণ তথা ৰাইজলৈ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি সজাগ হোৱাৰ আহ্বান। বিশ্ব পৰিৱেশ দিৱস ৫ জুনৰ দিনা গছপুলি ৰুই দিৱস উদযাপন, এইবোৰ কৰিলেই প্ৰকৃতিৰ ভাৰষাম্য অটুত থাকিবনে...? মানুহক দেখুৱাই মুখ্যমন্ত্ৰীয়ে যোৰহাটত কৰা বনানিকৰণ কিবা মূল্য থাকিবগৈনে...? যদিহে প্ৰশাসন তথা চৰকাৰে এনে কাৰ্য্যৰ প্ৰতি তীক্ষ্ণ নজৰ নিদিয়ে তেনেহলে সাধাৰণ জনতাক ওপৰত কোৱাৰ দৰে এনেবোৰ আহ্বন জনোৱাৰ কোনো প্ৰয়োজন আছে বুলি নাভাবো।
গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ – মায়ং - মৰিগাঁও হৈ নগাঁৱৰ চহৰৰ উত্তৰ কাষেৰে লাওখোৱা পথৰে গৈ কলিয়াভোমোৰা দলঙৰ কাষৰে চুলুঙ নামৰ সৰু ঠাইখনৰ সংযোগী এটি পথৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এই পথ বহলকৈ নিৰ্মাণৰ বাবে কাষে কাষে থকা ডাঙৰ ডাঙৰ গছবোৰ গড়কপ্তানী বিভাগে এফালৰ পৰা কাটি তহিলং কৰিছে আৰু বনবিভাগে সেইবোৰ কঢ়িয়াই লৈ গৈছে। তলৰ ছবিত দুজোপা বৃহত্ গছৰ ফটো দিয়া হৈছে, এজোপা আহত আৰু আনজোপা বৰগছ। এই গছ দুজোপা আমাৰ আজুককাৰ দিনৰে, কিন্তু দুয়োজোপা গছৰ বৰ্তমান বয়স সঠিককৈ কোনেও কব নোৱাৰে। ইমান পুৰণি গছ কেইজোপা মূৰ্হুত্বৰ ভিতৰতে কাটি পেলোৱা কামটো, সেইপথেদি অহাযোৱা কৰা কোনেও সহ্য কৰিব পৰা নাই, সকলোৰে মনত দুখ দিলে এই কাৰ্য্যই। ঠাইখনৰ পৰিৱেশেই সলনি কৰি পেলালে মূহুৰ্ত্বতে। ধিক্কাৰ দিছো এনে কাৰ্য্যৰ।
এতিয়া কথা হ’ল অসমৰ বাহিৰৰ বহু ঠাইত দেখা পাইছো পথৰ কাষৰ গছ, পথৰ কাষতে আছে, আনকি পদপথৰ মাজতো গছবোৰ নকটাকৈয়ে ৰাখিছে, কিন্তু অসমত পথ নিৰ্মাণৰ সময়ত এনে শ শ গছৰ কথা কিয় এবাৰো ভাবি চোৱা নহয়। প্ৰকৃতিপ্ৰেমী সকলো নিমাত। নতুনকৈ পথ নিৰ্মাণ বা বহলকৈ নিৰ্মাণ যদি কৰিবই লাগে, তেনেহলে বাইপাছ পথবোৰ যেনেকৈ পথাৰ মাজেৰে নিৰ্মাণ কৰা হৈছে ঠিক তেনেকৈ নিৰ্মাণ কৰাত কিয় গুৰুত্ব দিয়া নহয়। কেৱল গছই নহয়, এনে পথ নিৰ্মাণৰ নামত কিমান ক্ষতি হয় সেয়া বাহিৰৰ পৰা ওপৰে ওপৰে চালে দেখা পোৱা নাযায়। পুৰণি পথৰ কাষেৰে থকা সকলো ধৰণৰ পাইপ লাইন, যেনেঃ দুৰসংযোগ বিভাগৰ পাইপ, জনস্বাস্থ্য বিভাগৰ পানীৰ পাইপ, বিদ্যুত বিভাগৰ সকলো সংযোগ, মানুহৰ ঘৰ, মন্দিৰ, মজ্জিদ, বিদ্যালয়, এই সকলোবোৰ মাত্ৰ এটা পথ নিৰ্মাণৰ বাবেই স্থানান্তৰ কৰাটো কিমান দুৰ গ্ৰহণযোগ্য সেয়া আমাৰ দৰে ব্যক্তিৰ বাবে সাথৰ।
বৰা নিতুল,
নগাঁও,
৬/১১/২০১৫
নগাঁও,
৬/১১/২০১৫
No comments:
Post a Comment