প্ৰকৃতিৰ নিয়ম অনুযায়ী প্ৰত্যেক জীৱৰে বংশবৃদ্ধিৰ প্ৰক্ৰিয়া এক সহজাত প্ৰবৃতি। সমানুপাতিক ভাবে মানুহো ইয়াৰ ব্যতিক্ৰম নহয়। ক্ৰমাগত ভাবে বিশ্বৰ জনসংখ্যা বৃদ্ধিত প্ৰতিখন দেশ, প্ৰতিখন ৰাষ্ট্ৰ, প্ৰতিটো সম্প্ৰদায়ৰ লোকেই কমবেছি পৰিমানে অৰিহণা যোগাই আহিছে। সামগ্ৰিক ভাবে প্ৰৰ্য্যবেক্ষণ কৰিলে দেখা যায় যে বিগত কেইবাটা দশক জুৰি বিশ্বৰ জনসংখ্যা অত্যাধিক পৰিমানে বৃদ্ধি পাইছে আৰু ইতৰ প্ৰাণী তথা তৰু-তীৰ্ণ ক্ৰমে হ্ৰাস পাই আহিছে। ইয়েই প্ৰকৃতিৰ ওপৰত আওপকীয়াকৈ হলেও মাধমাৰ সোধাইছে। কেনেকৈ সেইটো বুজিবলৈ বৰ বহলাই ব্যাখ্যা নকৰিলেও হ’ব। সৃষ্টিৰে পৰাই পৃথিৱীৰ মূল ভূখণ্ডৰ পৰিমান একেই অনুপাতত আছে, কিন্তু ইয়াৰ সমান্তৰাল ভাবে বৃদ্ধি পাইছে মানুহৰ জনসংখ্য আৰু হ্ৰাস পাইছে বসতিৰস্থান তথা খাদ্যৰ উত্পাদন। ইয়াৰ মূলতেই হৈছে জনসংখ্যা ব্যাপক হাৰত বৃদ্ধি।
শেহতীয়াভাবে এই বিষয়টিয়ে খাদ্য সংকৰটৰ লগতে সমগ্ৰ বিশ্বলৈ এক ভাবুকি কঢ়িয়াই আনিছে। জানিবলৈ পোৱা মতে, এই গভীৰ সমস্যাৰ পৰা হাত সাৰিবলৈ উন্নত দেশসমূহে ইতিমধ্যে বিভিন্ন পন্থা অৱলম্বক কৰা দেখা গৈছে। চীন, জাপান আদি দেশৰ প্ৰশাসনে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ন-ন আইন প্ৰণয়ন কৰা দেখা গৈছে। সেইসমূহ দেশত এহাল দম্পত্তিৰ দুটিতকৈ বেছি সন্তান জন্ম হলে তৃতীয় সন্তানটোৰ বাবে তেওঁলোক কৰ পৰিশোধ কৰিব লাগে, প্ৰশাসনৰ ওচৰত জবাবদিহি হ’ব লগীয়া হয়। জনসংখ্যা ৰোধৰ ক্ষেত্ৰত ই এক উচিত পদক্ষেপ বুলি আমাৰ বিশ্বাস। আমাৰ প্ৰশাসন তথা চৰকাৰৰ এনে স্পৰ্শকাতৰ বিষয় সমূহত কেতিয়াবাকৈ যে সুদৃষ্টি পৰিব সেয়া অকল্পনীয়। যোৰ পুৰি হাত নৌপাওতেই যদি ইয়াক ৰোধিবলৈ সঠিক পদক্ষেপ গ্ৰহণ কৰা নহয়, তেনেহলে অনাগত দিনত ই এক ভয়ংকৰ সমস্যা হৈ থিয় দিব যে সেয়া ধূৰূপ।
লক্ষণীয় ভাবে আমাৰ দেশতো এই সমস্যাই ভয়ঙ্কৰ ৰূপেৰে চানি ধৰিছে। ইতিমধ্যে উচ্চতম ন্যায়লয়ৰ নিৰ্দ্দেশ অনুযায়ী শেহতীয়া লোকপিয়লৰ তথ্য ফাদিল হোৱাৰ পিছতেই এই সমস্যাই সংবাদ মাধ্যমত স্থান দখল কৰিবলৈ সক্ষম হৈছে যদিও চৰকাৰ, প্ৰশান তথা বুদ্ধিজীবি কিম্বা দল-সংগঠন সকলো যেন ঘোৰ নিদ্ৰাত মগ্ন। শেহতীয়াকৈ আমাৰ অসমত মূলকত ১৯৯১ চনৰ লোকপিয়লৰ তথ্য আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ মাজত এক ভাবিব নোৱাৰা আকাশ পাতাল পাৰ্থক্য পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ বিভিন্ন ৰাজনৈতিক দল সংগঠন সমূহে বিভিন্ন ভাষাৰে প্ৰতিয়ণ নিয়াবলৈ ব্যৰ্থ প্ৰচেষ্টা চলাইছে যদিও, প্ৰকৃত কাৰণ বিশ্লেষন কৰিলে অন্য এখন ছবিহে প্ৰতিফলিত হোৱা দেখা যায়। উদাহৰণ স্বৰূপে---
১) চৰকাৰৰ কিছুমান আঁচনি জনসাধাৰণৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা হৈছে যদিও, পূৰ্ব-পৰিকল্পনা তথা দূৰদৰ্শীতাৰ অভাৱত এই আঁচনি সমূহে জনসাধাৰণক উপকৃত কৰাৰ বিপৰীতে জনসংখ্যা বৃদ্ধিত অৰিহণাহে যোগাইছে যে সেয়া সহজেই অনুমেয়। উদাহৰণ স্বৰূপেঃ এগৰাকী গৰ্ভৱতী মাতৃয়ে চৰকাৰী চিকিত্সালয়ত সন্তান প্ৰসৱৰ বাবে ভৰ্তি হ’লে প্ৰতিটো সন্তান প্ৰসৱৰ ঠিক পিছতেই চকাৰৰ ঘৰৰ পৰা নগদ ১৫০০ টকাৰ অনুদান আগবঢ়োৱা হয় আৰু এই ধন গৰ্ভৱতী মাতৃৰ একাউণ্টত পোনে পোনেই জমা হয় বা চেক যোগে প্ৰদান কৰা হয়। এই আঁচনিয়ে একাংশ দুখীয়া শ্ৰেণীৰ লোকলৈ সহায়ৰ হাত আগবঢ়াইছে ঠিকেই, কিন্তু ইয়াৰ বিপৰীতে একাংশক সম্প্ৰদায়ে জন্মনিয়ন্ত্ৰণৰ ক্ষেত্ৰত উপযুক্ত শিক্ষাৰ অভাৱ তথা চৰকাৰী ১৫০০ টকীয়া অনুদানৰ লোভত পৰি সঘনাই গৰ্ভধাৰণ কৰি নিঃসংকোচে সন্তান জন্মদিবলৈ উদগনি লাভিছে।
২) জন্মনিয়ন্ত্ৰণ কিদৰে সম্ভৱ হয়, এই বিষয়ত বিশেষকৈ খাটিখোৱা অশিক্ষিত দৰিদ্ৰ পৰিয়ালৰ জনসাধাৰণৰ মাজত উপযুক্ত সজাগতাৰ তথা শিক্ষাৰ অভাবো এটা কাৰণ বুলিব পাৰি। তাৰোপৰি ল’ৰা-ছোৱালীৰ উপযুক্ত বয়সৰ পূৰ্বেই বিবাহ পাশত আবদ্ধ হোৱাও অন্য এক কৰাণ বুলি ধাৰণ কৰা হয়।
৩) অধিকাংশ দৰিদ্ৰ পৰিয়ালৰ লোকেই, বিশেষকৈ অসম মূলকত (একাংশ সম্প্ৰদায়ৰ লোক) দিন হাজিৰা কৰি খোৱা লোক, যি এসাজ খালে পিছৰ সাজলৈ তেওঁলোকে চিন্তা কৰিব লগীয়া হয়। সাধাৰণতেই তেনে পৰিয়ালৰ দম্পত্তিয়ে ভাবিবলৈ বাধ্য হয় যে তেওঁলোকৰ যদি অধিক সতি-সন্তান জন্ম হয় আৰু সেই সন্তান সকলক কম বয়সৰ পৰাই কামত লগাব পৰা যায় তেনেহলে তেওঁলোকৰ সামূহিক উপাৰ্জনে পৰিয়ালৰ আৰ্থিক সংকট সহজেই দুৰ কৰিবলৈ সক্ষম হ’ব। সেয়ে তেওঁলোকে কোনো আগপিছ নাভাবি, ভবিষ্যতৰ কথা আওকান কৰি বৰ্ত্তমানটো কেনেকৈ সকলামে চলিব পাৰি তাৰেই চিন্তাৰে সন্তান জন্মদিয়াত উঠিপৰি লাগা দেখা যায়।
৪) উন্মোক্ত সীমাৰ সুবিধা গ্ৰহণ কৰি প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা অহৰহ হৈ থকা অবৈধ প্ৰৱৰ্জন কাৰীও অসম তথা উত্তৰপূৰ্বাঞ্চলত জনসংখ্যা বৃদ্ধিৰ আন এক কাৰণ বুলি থাৱৰ কৰা যায়। চৰকাৰ তথা ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ভোটৰ আশাত এই অবৈধ প্ৰৱৰ্জনকাৰীক বিতাৰিত কৰাৰ ক্ষেত্ৰত সদায় হুহোকা-পিচলা কৰা দেখা যায়, ইয়ে তেওঁলোকক উদগনি যোগাই আহিছে বা ইয়াৰ সম্পূৰ্ণ সুযোগ অবৈধ প্ৰৱৰ্জনকাৰী সকলে গ্ৰহণ কৰাৰ ফলতো জনসংখ্যা বৃদ্ধিৰ এই পৰিবৰ্তনৰ অন্য এক কাৰণ।
সকলোতকৈ আচৰিত কথাটো শুনিলে আপোনাৰ মোৰ পেটতে হাতভৰি লুকাব যে, এইদৰে অবৈধ ভাবে প্ৰবৰ্জন কৰা বিদেশী নাগৰিকে পৰৰাষ্ট্ৰত সোমাই প্ৰথমেই নিগাজিকৈ বসতি কৰিবলৈ লোৱাত একাংশ থলুৱালোকে সহায় কৰাৰ কথা পোহৰলৈ আহিছে। এই বিদেশী প্ৰবৰ্জনকাৰী লোকসকলৰ হাতত স্থায়ীবাসিন্দাৰ নথিপত্ৰ, নাগৰিকত্বৰ প্ৰমাণপত্ৰ, যেনেঃ- ৰেচনকাৰ্ড, ভোটাৰতালিকাত নাম সন্নিবিষ্ট, গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, পানকাৰ্ড, পাৰপত্ৰ, আধাৰকাৰ্ডকে আদিকৰি সকলোধৰণৰ তথ্যপাতি মজুত থাকে, যিবোৰ আপোনাৰ মোৰ দৰে সাধাৰণ থলুৱা লোকৰ হাতত হয়তো নায়েই। এই সকলোবোৰ সম্ভৱ হৈছে কেইটামান টকাৰ লোভ সামৰিব নোৱাৰা, দেশদ্ৰোহী তথা ঘৰশত্ৰু বিভীষণ ৰূপী একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে। এই বিষয়া কৰ্মচাৰীসকলে কেইটামান টকাৰ বিনিময়ত নিজমাতৃকেই যে বিক্ৰি কৰিছে, সেয়া দেখিও প্ৰশাসন তথা চৰকাৰ ধৃতৰাষ্ট্ৰৰ ভাও মচগুল।
এই সকলোবোৰ সমস্যাৰ বাবে দল-সংগঠন, সচেতন ব্যক্তি, বুদ্ধিজীবি সকলোৱে মাজে সময়ে দুৰদৰ্শনৰ মজিয়াত বহি বৰবৰ কথাৰে তালফাল কৰা দেখা যায় যদিও, অনুষ্ঠানৰ শেষত সেই সকলোবোৰ কাৰ্য্যত পৰিনত কৰিবলৈ চৰকাৰ কিম্বা প্ৰশাসনক কোনো হেঁচা প্ৰয়োগ কৰা দেখা নাযায়। যিবোৰ দেখি আপুনি মই কেইটামান হা-হুমুনিয়াহ কঢ়াৰ বাহিৰে যে কৰিব পৰা ক্ষমতা একোৱাই নাই, অথচ যি সকলৰ হাতত ক্ষমতা আছে, তেওঁলোকে ব্যক্তিগত স্বাৰ্থত কুঠাৰঘাট কৰি এনে প্ৰদক্ষেপ লোৱাৰ পৰা সদায় কেইবাযোজনমাইল দুৰত্বত অৱস্থান কৰে।
বৰা নিতুল,
নগাঁও।

২২/০৪/২০১৫

No comments:
Post a Comment