Wednesday, 30 December 2015

প্ৰকৃতি সংৰক্ষণৰ আৰু বিশ্ব পৰিবেশ দিৱস পালন---




কেইদিনমানৰ আগৰ ঘটনা। মোৰ সম্বন্ধীয় ঘৰৰ কাষৰে ভাইটি এটাই আমাৰ দুয়োঘৰৰ চৌহদত থকা ফুলনিৰ মাজে মাজে জুপি থকা দেখিলো। কৌতুহলি মনটোক সংযত কৰিব নোৱাৰি কাষ চাপি গলো, সুধিলো....
-কি কৰিছ অ, ফুলৰ মাজে মাজে জুপি জুপি ?
-
পখিলা ধৰিবলৈ খাপ পিটি আছো। ৫ টা পখিলা ধৰিলো, কিন্তু মোক লাগে আজিয়েই ১০ টা পখিলা। সেয়ে বহুসময় ধৰি পখিলা ধৰিবলৈ হাতত সাৰে ভৰিত সাৰে ৰৈ আছো।
-
ইমান মৰম লগা পখিলা বোৰ আকৌ কিয় ধৰিছ ? তোৰ বেয়া লগা নাইনে ?
-
এহ নকবা আৰু, আমাৰ জু-লজীৰ চাৰে প্ৰেক্টিকেলৰ বাবে প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীকে ১০ টাকৈ পখিলা ধৰি ক্লৰফৰ্মেৰে সংজ্ঞাহীন কৰি লৈ যাবলৈ কৈছে। নহলে প্ৰেক্টিকেলৰ নম্বৰ নিদিব।
-
মোৰ চকু কপালত উঠিল। কোন সেইজন জু-লজীৰ চাৰ অ ? চাও এইফালে আহ। তাক মাতি আনিলো। শুন ! তই বিশ্ব পৰিবেশ দিৱসৰ কথা জাননে ?
-
জানো ! ৫ জুনৰ দিনা বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।
-
তেনেহলে কচোন। সেই দিৱস কিয় পালন কৰা হয় বা প্ৰয়োজনীয়তাই বা কি..?
-
, প্ৰকৃতিৰ ভাৰসাম্য অটুত ৰাখিবলৈ, অৰ্থাত্ প্ৰকৃতিৰ ওপৰত মানুহে যি অতিশৰ্য্য চলাই আহিছে, সেয়া নোহৱা হওঁক বা প্ৰকৃতিৰ সকলো জীৱ-জন্তু, সকলো উপাদানৰ পৰিমান সদায় সমান ৰাখিবলৈ আৰু মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়।
-
ঠিক কথা। তেনেহলে তই এইবোৰ কি কৰিছ ? মুখৰ মাত নাই, তলমূৰ কৰি ৰৈ আছে। কিছু সময়ৰ পিছত এমেনাসেমেন কৰি...
-
কিন্তু আমি যদি নিনিও, তেনেহলে প্ৰেক্টিকেলৰ মাৰ্কচ কমকৈ দিব যে। কি কৰিম।
-
তই গৈ তহঁতৰ চাৰক কবিগৈ, যে মোৰ দাদাই আপোনাৰ ওপৰত কেচ-ফাইল কৰিব। আৰু কিয় কৰিব সেইটো তই বুজাই কবগৈ। প্ৰকৃতিৰ ওপৰত ধংসযজ্ঞ কৰা সকলৰ ভিতৰত তোৰ চাৰো এজন। বুজিছ ?
-
বুজিছো। এইবুলি সি ঘৰৰ ভিতৰ সোমাল।
এইয়া এটা সাধাৰণ উদাহৰণহে। এই উদাহৰণটোকেই যদি লক্ষ্য কৰা যায়, তেনেহলে ভাৱকচোন, প্ৰতিখন বিশ্ববিদ্যালয়ৰ অধীনত চলা এই মহাবিদ্যালয়বোৰৰ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ণৰ নামত এজন ছাত্ৰক বা এগৰাকী ছাত্ৰীক যদি ১০ টা পখিলা মাৰিবলৈ দিয়া হয়, তেনেহলে কিমান মহাবিদ্যালয়ত কিমান ছাত্ৰ-ছাত্ৰীয়ে কিমান পখিলা বছৰি নিধন কৰিব। ভেঁকুলী, পইটাচোৰা, গিনিপিগ, জোক-পোক আদিৰ কথা নকলোৱেইবা !
এফালে আমি সকলোৱে মিলি বিশ্ব পৰিবেশ দিৱসৰ দিনা গছপুলি ৰুই প্ৰকৃতি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে ঢাক-ঢোল বজাইচো আৰু আনফালে আমিয়েই প্ৰকৃতিৰ ওপৰত মাধমাৰ মাৰিবলৈ লগাই দিছো। এয়া অন্যায় হোৱা নাই নে ? সঁচাকৈয়ে যদি প্ৰকৃতি সংৰক্ষণৰ ওপৰত সজাগ হব লাগে, তেনেহলে এনে ধৰণৰ সকলো ধৰণৰ কাৰ্যকলাপৰ বিষয়ে চিন্তু কৰাৰ থল আছে বুলি ভাবো। সেয়ে এনেধৰণৰ শিক্ষাৰ বিকল্প ব্যৱস্থা বা পৰিবৰ্ত্তন হোৱাটো কামনা কৰো।
আজি দোপদ দোপে বিজ্ঞানৰ ন ন অৱদানে মানুহৰ জীৱন পৰিক্ৰমাই সলনি কৰি পেলালে। থ্ৰি-ডি এনিমেশ্যন, গ্ৰাফিক্স আদি শব্দবোৰ আমাৰ বাবে আজি নতুন শব্দ হৈ থকা নাই। তেনেস্থলত এই যে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ প্ৰেক্টিকেলৰ নামত লাখ লাখ পোক-পৰুৱা, কীট-পত্যঙ্গ হত্যা কৰা হয়, ইয়াৰ কথা কেতিয়াবা কোনোবাই এবাৰলৈও ভাবি চাইছেনে ? এনেকৈ কীট-পত্যঙ্গ সংজ্ঞাহীন কৰি আনি সিহঁতৰ নাৰ্ভাচ-চিষ্টেম, ৰেচপিৰেটৰী চিষ্টেম আদিবোৰৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক বুজাবলৈ প্ৰয়াস কৰাতকৈ, কিয় কম্পিউটাৰত থ্ৰি-ডি এনিমেশ্যনৰ সহায়ত, গ্ৰাফিক্স আদিৰ সহায়ত ছাত্ৰ-ছাত্ৰীক বুজাব পৰা নাযায়জানো ? দ-কৈ বিষয়টো ফহিয়াই চালে নিশ্চয় ইয়াৰ এটা বিকল্প পথা ওলাব, যাৰ দ্বাৰা কিছু পৰিমানে হলেও এই প্ৰকৃতি বা পৰিবেশ সংৰক্ষণত অৰিহণা যোগোৱা হব বুলি ভাবো।
তাৰোপৰি প্ৰকৃতি সংৰক্ষণৰ নামত কেৱল মাত্ৰ এটা দিন, অৰ্থাত বছৰৰ বাকী ৩৬৪ দিনেই গছ-পুলি ৰোপনৰ নামত শূন্য কিয় ? কিয় আমি বছৰৰ বাকী কেইটা দিনত গছপুলি ৰোপনৰ ওপৰত গুৰুত্ব দিব নোৱাৰো নেকি ? কিয় ৫ জুনৰ বাহিৰে আন দিনবোৰত প্ৰকৃতি সংৰক্ষণৰ আলোচনা, সজাগতা আদিবোৰৰ বিষয়ে দুৰদৰ্শনৰ মজিয়া বা বাতৰি কাকতৰ শিৰোনামত একো লেখা / আলোচনা দেখা নাপাওঁ। কিয় কেৱল ৫ জুনৰ দিনা সকলো বাতৰিকাকত, ইলেক্ট্ৰনিক মিডিয়াত গছ-পুলি ৰুই থকা দেখুওৱা ফটোৰে ভৰি পৰে। এয়া বাৰু নিজকে জহাবলৈ যোৱাৰ নিচিনা নহয় নে..? চোৱা আমি প্ৰকৃতিৰ প্ৰতি কিমান সজাগ। চোৱা আমি বিশ্বপৰিবেশ দিৱস পাহৰা নাই। এয়াই নহয়জানো মনোভাৱ সকলোৰে। আমি ভাবো প্ৰকৃতি সংৰক্ষণ বা গছপুলি ৰোপনৰ বাবে কোনো নিদিষ্ট দিন থাকিব নালাগিছিলেই। সেয়ে বিশ্ব পৰিবেশ দিৱস হিচাপে ৫ জুনৰ দিনটোৰ প্ৰয়োজনীয়তা আছে বুলি মনে নধৰে। এইখিনি মোৰহে মনৰ ভাবহে, মই লিখিলো বুলিয়েই এয়াই শুদ্ধবুলি নাভাবো।
বৰা নিতুল,
নগাঁও।
১১/০৮/২০১৫



No comments:

Post a Comment