Friday, 25 October 2013

দুৰণিলৈ যাত্ৰা, তিতা মিঠা অভিজ্ঞতা আৰু অচিনাকি মৰমঃ-



(উজনি অসমৰ দুলীয়াজানলৈ যোৱাৰ পথত হোৱা বিভিন্ন অভিজ্ঞতা খিনি এনেকৈ অসম্পাদিত ৰূপত লিখি উলিয়ালো। অকৃত্ৰিম মৰম, চেনেহে মোৰ বুকুত দকৈ সাঁচ বহুৱাই যোৱা কিছু কথাৰ সোৱাদ দিবলৈ সমান্য চেষ্ঠা মাথোন।)  

এনেয়ে নকয় ধনীৰ ঘৰত চাবলৈ যাবা,
দুখীয়াৰ ঘৰত খাবলৈ যাবা।

উহ ইমান ঠাণ্ডা ঐ,.......ইমান কাহিলিপুৱাতে হাঁড়কপোৱাতে জ্বাৰত উঠি ঠাণ্ডা পানীৰে গা-ধোৱাৰ অভ্যাস নাই যদিও দুৰণিবতীয়া যাত্ৰ আছিল বাবে আগগুৰি নাভাবি ঢালি দিছিলো হৰহৰাই চেঁচা পানী, ঠক ঠককৈ কপি উঠিছিলো। তথাপিও উজনিলৈ যোৱাৰ প্ৰবল হেঁপাহতে সাজু হৈছিলো।
সময় ৰাতিপুৱা ৭.১৫ হৈছে, তৈল-নগৰী দুলীয়াজন অভিমুখী যাত্ৰা আৰম্ভ। লগত আছে মোৰ বন্ধু নৱদ্বীপ গোস্বামী, তেওঁৰ বায়েক-ভিনিহিয়েক আৰু ভাগিনটো। ভাগিনিয়েকটো আছিল উদন্ত স্বাভাৱৰ, ১৮ বছৰমান হৈছে, আধুনিক পোচাকৰ লগতে আধুনিক চাল-চলন, ধৈৰ্য্য কম, একেধাৰে ইমান দুৰলৈ যাবলৈ তাৰ ধৈৰ্য যে হৱ তাত মোৰ সন্দেহ আছে। যিকি নহওঁক আগবাঢ়িলো আমি। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে তীব্ৰবেগত গাড়ী এৰি দিলো, বতৰ ডাৱৰীয়া আছিল বাবেই কুঁৱলীৰ প্ৰভাব সিমান নাছিল, ৰাস্তাত যান-বাহনৰ সিমান ভিৰ নাছিল। সুন্দৰ নিমজ পথেৰে আগবাঢ়িছে আমাৰ গাড়ী, কাজিৰঙাৰ সেইজীয়াৰ মাজেৰে জীৱজন্তুবোৰ চৰি থকাৰ দৃশ্যৰ উপভোগৰ লগতে দুয়োকাষে মনোমোহা প্ৰকৃতিয়ে আমাৰ যাত্ৰা আৰু মধুৰ কৰি তুলিছিল। বুঢ়ীআইৰ থানৰ সন্মুখত গাড়ীৰ গতি কমাই নামি পৰিলো, সকলোৱে একেলগে সেৱা জনাই নিৰ্মালী পটজল লৈ পুনৰ ধাৱমান উজনিৰ দিশে।সময় ৯.৪৫ মিনিট, তেতিয়া বোকাখাত ৰৈ হোটেলত কলপাতত দিয়া পুৰি ভাজি খাই পুনৰ যাত্ৰা চলিল। মিউজিক প্লেয়াৰটোৰ পৰা ভাহি আহিছে এটি সুমধুৰ গীত...................
মৰমত মাতিছো তোমাক জানেমনি,
তুমি মোৰ বুকুৰে হিয়াৰ বাখৰমনি,
অ কতেনো গৈ আছিলা, বিচাৰি ঐ ফুৰালা,
জানঐ কিয়নো তুমি মোক বলিয়া কৰিলা,
কিয়নো তুমি মোক বলিয়া কৰিলা।

শিৱসাগৰ পোৱাৰ লগে লগে দুৰৰ পৰা কেইবাটাও দৌল চকুত পৰিল, পথৰ দুয়োকাষে সৰু সৰু বজাৰ চকুত পৰিল, আমি আলোচনা কৰিলো আহোতে ইয়াত মাছ-পুঠি কিনি আনিম ঘৰলৈ। এটা সময়ত গৈ গৌৰীসাগৰ পালোগৈ, গাড়ীৰ গতি কমাই আনিলো আকৌ, সৰু চহৰৰ দৰে লাগিল ঠাইখন, এজন বেপাৰীৰ পৰা কমালা কিনো বুলি সুধিলো কমলাৰ হালি কিমান? দোকানী জনে মুখলৈ চাইছে, কলে কমলা হালি হিচাপে নহয়, আমি কেজি হিচাপেহে বিক্ৰি কৰো। পুনৰ সুধিলো তেনেহলে কেজি কিমান..?? তেওঁ কলে কেজি ৩০ টকা, তেনেহলে ১ কেজি দিয়ক বুলি বাচি বাচি কমলা ১ কেজি কিনি সকলো গাড়ীৰ ভিতৰতে বহি খালো, মই আৰু বন্ধুৱে দুয়ো এখনকৈ মিঠাপট্টী পান মুখত গজি দি পুনৰ আগবাঢ়িলো। গৌৰীসাগৰ, ডিমৌ, জাজী পাৰহৈ এইবাৰ পালোগৈ মৰানহাট,  মশ্ৰিন পথৰ দুয়োকাষে লক্ষ্য তৈলনগৰী দুলীয়াজান চোৱাৰ। ৰাতি কত থাকিম, কি কৰিম একো আওভাও নোপোৱাকৈ আছিলো যদিও পাছত গম পালো বাইদেউৰ সম্পৰ্কীয় বায়েক এজনী আছে বুলি কলে দুলীয়াজানত, তেওঁলোক চাহবাগনৰ কৰ্মচাৰী বুলি জানিব পাৰিলো, তেনেহলে নিশ্চয় থকাৰ সুবিধা ভালেই হৱ বুলি মনতে ভাব এটা হল। ফোন কৰিছ জনাইছে গৈ আছো বুলি, নহলেও কোনো কথা নাই কিবা এটা বন্ধবস্ত হৈ যাব পোহৰে পোহৰে দুলীয়াজান পালেগৈ। কোনোদিনে দুলীয়াজান নেদেখা আটাইৰে মুখত আনন্দৰ সীমা নাই, দুপৰীয়া ১.৩০ মিনিটত আমি গৈ ডিব্ৰুগড়ৰ ফুলবাগান পালোগৈ, ঘড়ীটোলৈ চাই নিজেই বিশ্বাস কৰিব পৰা নাছিলো কেনেকৈ ইমান সোনকালে গৈ ডিব্ৰুগড় পালোগৈ, আগতে ৰাতিৰ গাড়ীত গলেও ৰাতিপুৱাহে ডিব্ৰুগড় পাইছিলোগৈ। দুপৰীয়াৰ সাজ ডিব্ৰুগড়তে খাই ললো। তাৰ পিছত তিনিচুকীয়া অভিমুখে পুনৰ যাত্ৰা আৰম্ভ হল। তেনেতে বাইদেউৰ সম্পৰ্কীয়া বায়েকৰ পৰা ফোন আহিল যে দুলীয়াজানলৈ আহিবলৈ লাহোৱাল হৈ এটা চমুবাট আছে সেইফালে আহিবলৈ কলে। কথা মতেই কাম। আমি লাহোৱাললৈ লক্ষ্য কৰি আগবাঢ়িলো, প্ৰায় ২০ মিনিটৰ পাছত লাহোৱাল পালোগৈ, তাতে দোকান এখনত সুধি পথটোৰ সম্ভেদ ললো, সেই দিশেৰে আগবাঢ়িলো। বাটে বাটে সুধিব লগা হৈছে দুলীয়াজানৰ পথৰ বিষয়ে, কাৰণ আমি আগতে সেই পথেৰে যোৱা নাছিলো। মই তিনিচুকীয়াৰ পৰা আগলৈ যোৱা নাছিলো কেতিয়াও সেয়ে তিনিচুকীয়ালৈকে অনায়েসে নিচিন্তে গৈ পালো। ঠিক আবেলি ৩.৩০ বজাত আমি গৈ দুলীয়াজান নগৰ পালোগৈ, এতিয়া মধুটিং চাহবাগিছালৈ কোন বাটেৰে যাব লাগে উৱাদিহ পোৱা নাই, গাড়ী পাৰ্কিংৰ ঠাইত ৰাখি ইটো-সিটো কিনিবলৈ আগবাঢ়িলো, বস্তুটোও কিনিলো আৰু বাগিছা খনৰ সন্ধানো পালো।
লগে লগে গাড়ী ঘুৰালো দুলীয়াজান সামৰিক চিকিত্সালয়ৰ সন্মুখেদি আগবাঢ়িলো, চাৰিআলিবোৰ পালেই লাগি যায় খেলিমেলি, দুটামান চাৰিআলিত সুধি সুধি আগবাঢ়িলো, তৃতীয়া চাৰিআলিটো পাওঁতেই ট্ৰেফিক চিগনেলত ৰৈ গলো, তেনেতে এখন মহিন্দ্ৰৰ গাড়ী আমাৰ কাষতে ৰলহি, দ্ৰাইভাৰজনক সুধিলে মধুটিং বাগিছালৈ কোন বাটেৰে যাব লাগে, তেতিয়া তেওঁ কলে আমি সেইবাগিছালৈকে যাম আপুনি আমাৰ পিছে পিছে আহিলেই দেখুৱাই দিম, কথামতেই গাড়ীখনক অনুসৰণ কৰিলো, এনেকৈ বিচাৰি ফুৰোতেই আমাৰ প্ৰায় ১ঘণ্টামান দেৰি হৈ গল, তেতিয়ালৈ বেলি ডুবু ডুবু হৈছিল, ঠাণ্ডাও লাগিছিল, জেকেটটো পিন্ধি লৈ পুনৰ আগবাঢ়িলো, একাবেকা পথেৰ গৈ গৈ এটা সময়ত মধুটিং বাগিছাৰ তিনিআলিত আমাৰ গাড়ীখনে এইখনেই মধুটিং বাগান বুলি দেখুৱাই লগ এৰা দিলে, তেতিয়া পুনৰ এখন দোকানত সুধি আকৌ আগবাঢ়িলো, এইবাৰ এটা মাটিৰ পথৰে আগুৱাই গলো, দুৰৈত দেখিলো বাইদেউ গৰাকী আমাৰ বাবে অপেক্ষা কৰি কৰি আগুৱাই আহিছে। গাড়ী ৰখালো আৰু বাইদেউকো লগতে উঠাই ললো, মাজে মাজে সুধিলো কোনবাটেৰে যাম ইয়াৰ পৰা, তেওঁ দেখুৱাই গৈ থাকিল, কিছুসময়ৰ পাছতে গাড়ী গৈ তেওঁলোকৰ চোতালত ৰখালোগৈ।

গৃহস্থ ঘৰৰ সকলো যেন আমাৰ বাবেই অপেক্ষাৰত বুজিবলৈ বাকী নাথাকিল, সকলোৰে মুখত আনন্দৰ ৰেঙনি, ঘৰলৈ ইমান দুৰৰ পৰা আলহি আহিছে, কত থব কত নথব এনে লাগিল তেওঁলোকৰ। আদৰি-সাদৰি মাতি নিলে ঘৰৰ ভিতৰলৈ। কিন্তু বাগানাত কৰ্মৰত কৰ্মচাৰী এজনৰ নিজৰ ঘৰখনৰ দেখি ভাবিবলৈ বাধ্য হলো যে তেওঁ সঁচাকৈয়ে বাগানতে চাকৰি কৰেনে বাৰু..? হয়, সেয়াই সত্য আছিল। ঘৰৰ চৌপাশলৈ চকু ফুৰালো—বাৰীৰ চাৰিওকাষে জেওঁৰা দিয়া আছে, ঘৰখন মাটিৰে নিৰ্মান কৰা, ওপৰত টিংকেইচলামানৰ সৈতে কোনোমেত থিয় হৈ থকা এটি পজা। এইটোৱেই সেই বাইদেউ গৰাকীৰ ঘৰ। একেবাৰে সাধাৰণ তথা অভাৱ অনাতনে জুৰুলা কৰা এটি সৰু পৰিয়াল তেওঁলোকৰ, কাষতে খুড়াকৰ পৰিয়াল, তেওঁলোকৰো একেই অৱস্থা। তেতিয়াই মনত পৰিল মোৰ---- ধনীৰ ঘৰলৈ চাবলৈ যাবা, আৰু দুখীয়াৰ ঘৰলৈ খাবলৈ যাবা বুলি ডাকৰ বচন ফাকিলৈ। সঁচাকৈ....কেইমূৰ্হুত্বমানৰ ভিতৰতে এদিনৰ চিনাকি মই কেনেকৈ যে তেওঁলোকৰ ইমান আপোন হৈ পৰিলো মই গমকেই নাপালো, তেওঁলোকৰ সকলোৰে ব্যৱহাৰত মই মুগ্ধ হৈ পৰিলো, লগে লগে ভৰি-হাত ধুবলৈ গৰম পানীৰ বাল্টি, গামোচা পাছফালৰ চোতালত দিলেহি.....হাতমুখ ধুই উঠিয়েই দেখিলো চাহ বাতি, বিবিধ পিঠা আৰু জা-জলপানে সাজুহৈ মোক খা মোক খা কৰি। খাই বৈ উঠাৰ লগে লগে সলাবলৈ কাপোৰৰ পৰা আৰম্ভ কৰি কত যে কি নকৰিলে, ঠাণ্ডাত কোঙা হৈ পৰিছো বুলি ভাবি পাছফালৰ বাৰাণ্দাতে একুৰা জুইও ধৰি দিছে। মোৰ বুজিবলৈ বাকী নাথাকিল যে---তেওঁলোক ধনৰ ধনী নহলেও মৰম চেনেহেৰ ভৰি থকা একোখন বিশাল অন্তৰেৰে বহু ধনী, অজানিতে মুৰ দো-খাই আহিল মোৰ, ভক্তিত, শ্ৰদ্ধাত গদ গদ হলো, ভাবিবলৈ বাধ্য হলো বহু হাজাৰ জনৰ মাজতহে এনে মানুহক লগ পোৱা যায় কাত্চিত্ হে জীৱনত। ইতিমধ্যে জুই দপদপাই জ্বলি উঠিছে আমি বহি পৰিলো জুইৰ চাৰিও কাষে, কথা চলি থাকিল তাৰ মাজে মাজে, ঠাইখনৰ বিষয়ে জানিবলৈ ইটোসিঠো সুধি আছিলো, গম পালো তাৰ পৰা লক্ষীপথাৰ বৰ বেছি দুৰ নহয়, যত এসময়ত আলফা আৰু সামৰিক বাহিনীৰ লগত তীব্ৰ যুদ্ধ হৈছিল, তাৰ ওচৰতেই আলফাৰ কামাণ্ডাৰ ইন চিফ পৰেশ বৰুৱাৰ ঘাটি আছিল। এনেতে পাছফালৰ পৰা বাইদেউৱে আহি এখনি এৰীচাদৰৰে মোক মেৰিয়াই দিছেহি, ঘুৰি চাই বাইদেউৱে মুখলৈ চাই কৈছে---তোমাৰ ঠাণ্ডা লাগিব পাৰে, এইখনকে লৈ থাকাচোন। মই বোলো আপুনি মিচায়ে ইমান কষ্ট কৰিলে, মোৰ এইজেকেতটো আছেই দেখোন, ঠাণ্ডা আৰু কত লাগিব পাৰিব। তথাপিও এৰীচাদৰ দেখি ভাল লাগি গল, বহু দিনৰ আগতে এৰীচাদৰ লৈছিলো, এতিয়াও ঘৰত এৰীচাদৰ আছে যদিও লোৱা নহয়। একমাত্ৰ ছোৱালীজনী দিক্ষীতায়ে মাকক আলহি শুশ্ৰুষাত সহায় কৰি দিছে। বৰ মৰমলগা ছোৱালী, কম কথা কয় আৰু অনবৰতে মুখত এটি হাঁহি দেখা পালো। ঘৰখনৰ প্ৰতিজনৰ মাজত ইমান মিলাপ্ৰীতি দেখি আচৰিত নহৈও নোৱাৰিলো, মনতে ভাবিলো এই যান্ত্ৰিকতাৰ দিনত আভিজাত্যৰ প্ৰতিযোগীতাত ব্যস্ত বহুতেই হয়তো এনে মৰম চেনেহ কাহানিও পোৱা নাই, মোৰ সৌভাগ্য যে মই এনে মানুহৰ সানিধ্য লাভিবলৈ সক্ষম হলো। পুনৰ ভাবিলো ইয়ালৈ নহা হলে বহুত আমেজেই হেৰুৱালোহেতেন জীৱনত, যিবোৰ বহুত মূল্যবান মোৰ বাবে।

পৰিবেশটো দেখি আৰু ঘৰখনৰ অৱস্থাৰ কথা অনুমান কৰি মোৰ বন্ধুৰ উদন্ত ভাগিনৰ চিন্তা হল, সি পাৰিবনে নাই এই পৰিবেশত কটাব দুৰাতি, তাকে ভাবি সি একো কব নোৱাৰি ৰৈ আছে, এটাসময়ত মাকক বাহিৰলৈ মাতি আনি কলে..............অ মা, মই হলে এনেকুৱা ঘৰত থাকিব নোৱাৰো দেই, কেনেকৈ থাকিম, কত শুম। নাই মই লাগিলে হোটেলতে থাকিম, তোমালোক ইয়াতে থাকা যদি থাকা, মই কিন্তু নাথাকো। মাকে তাক বুজাবলৈ চেষ্টা কৰিলে কিন্তু কত আৰু পাৰে সৈমান কৰাব। মই কথাটো বুজিব পাৰি তাক কলো নাথাকো নুবুলিবি, তেওঁলোকে মনতে আঘাট পাব নহয়, আজি তেওঁলোকৰ এই অৱস্থাৰ বাবেই তই বাহিৰত থাকিলে তেওঁলোকৰ অৱস্থাটোক হাঁহাৰ দৰেহে হৱ, বৰ কষ্ট পাব তেওঁলোকে। লৰাটোৰ মনৰ ভাৱটো জানি মোৰ বহুত দুখ লাগিল, মানুহ দুখীয়া হল বুলি এনেকৈ ভাবিবলৈ কি শিক্ষাৰে শিক্ষিত হৈছে এইচাম ডেকা, ইতিমধ্যে গৃহস্থই কথাটো অনুমান কৰিব পাৰিছে চাগৈ, মোৰ নিজৰে দোষী দোষী লাগিল, মোক সেই বাইদেউ গৰাকীয়ে ভিতৰলৈ মাতি নি সুধিলে তুমি বাৰু আমাৰ ইয়াত থাকিবলৈ অসুবিধা পাবা নেকি.....? মই কলো---কিয় তেনেকৈ কৈছে বাইদেউ, মই একো অসুবিধা পোৱা নাই আপোনালোকৰ ঘৰত, বৰঞ্চ মই বেছি সুবিধাহে পাইছো, ইমান সুন্দৰ আপোনালোকৰ ঘৰৰ পৰিবেশটো, মোৰ ভাল লাগিছে, আপুনি চিন্তা নকৰিব, মই ইয়াত অলপো বেয়া নাপাও,......তেওঁলোকে ভাবিছিল মই তেওঁলোকৰ সমন্ধীয় নহয় যেতিয়া মইহে চাগৈ অসুবিধা পাইছো বুলি। কিছুসময়ৰ পাছত তেওঁলোকৰ বৰদেউতাক আহি ওলালহি, আৰু পৰিবেশটো দেখি বুজিব পাৰিলে চাৰি-পাঁচটাকৈ আলহি ভাৰ কেনেকৈনো তেওঁলোকে বহন কৰিব পাৰিব, সেয়ে তেওঁ কলে অসুবিধা হলে দুজনমান আমাৰ ঘৰলৈকে যাব পাৰি। কথা মতেই মোৰ বন্ধু আৰু উদন্ত ভাগিন যাবলৈ সাজু হল, মোৰ তেওঁলোকৰ ঘৰ এৰি যাবলৈহলে সত নগল, ইমান সুন্দৰ পৰিবেশ, সুন্দৰ ব্যৱহাৰ, ইমান খোলামনৰ মানুহৰ লগত লাগিলে মাটিয়ে বালিয়ে পৰি হলেও মই থাকিবলৈ ৰাজী আছো। কিন্তু কবও পৰা নাছিলো।
ক্ৰমাত ৰাতি হৈ অহাত বৰদেউতাকে আমাক ডেকা তিনিটাক লগ ধৰিলে তেওঁলোকৰ ঘৰখন চিনাকি হৈ আহিবলৈ, তাৰ পৰা প্ৰায় ৩ কি.মি. দুৰৈত তেওঁলোকৰ ঘৰ, কথা পেলাব নোৱাৰি ওলালো। তেওঁলোকৰ ঘৰগৈ পালোগৈ, দেখিলো সুউচ্ছ অট্টালিকা, প্ৰকাণ্ড চৌহদত আভিজাত্যৰ ৰহন ফুটি উঠিছে, বহিবলৈ দিলে, কথা বতৰা চলিল, কত থাকা, কি কৰাৰ পৰা আদি কৰি ৰভাতল সোমোলৈকে প্ৰশ্নৰ উত্তৰ দি দি ভাগৰি পৰিছিলো, ইফালে দিনৰ দিনটো ইমান দুৰ যাত্ৰা কৰা ভাগৰে আমাক হেচা মাৰি ধৰিছিল। প্ৰায় ২ ঘণ্টাৰো ওপৰ সময় আমি কথা-বতৰা পাতিলো যদিও তেওঁলোকৰ পৰা একাপ চাহ বা তামোলৰ বাবে কোনো ধৰনৰ প্ৰতিক্ৰিয়া নেদেখিহে আচৰিত হলো। একে ঠাই, একে বংশৰ একেপৰিয়াতে ইমান ভিন্ন আচৰনে মোক আচৰিত কৰি তুলিলে, এটা সময়ত কলে ভাতকেইটা তোমালোকে আমাৰ ঘৰতে খাবা বাৰু, তেতিয়া সময় ৯ বাজো বাজো, তেতিয়ালৈকে ঘৰৰ গৃহিনীয়ে পাকঘৰলৈ যোৱাৰ নামেই লোৱা নাই, মনতে ভাবিলো ইয়াত ভাত খাবলৈ হলে কেই বাজিব আজি ঠিক নাই, লাহে লাহে ৰাজনীতিৰ মহাভাৰতখন মেলিছেহে.............।। সেয়ে মই কলো নাই নাই আমাক বেয়া নাপাব, আমি ভাত তাতে খাম বুলি কৈ আহিছো নহয়, তাতে এওঁলোক ইয়াতে থাকিব যেতিয়া ভাত তাত নাখালে তেওঁলোকে বেয়া পাব নহয়, সেয়ে নালাগে আপোনালোকে জোগাৰ কৰিব।কিছুসময়ৰ পিছত আমি বিদাই লৈ বাইদেউহঁতৰ ঘৰলৈ আহিলো, তেতিয়ালৈ ৰাতি ভাতসাঁজ সাজু হলেই, নানাবিধৰ ব্যঞ্জনেৰে পাকঘৰ সুৱনি কৰাত ব্যস্ত আছিল মাক-জীয়েক আৰু খুৰীয়েক হঁত, ভাত খোৱলৈকে এইখিনি সময়ত কিমান যে কথাকৈ কৈ হাঁহি হাঁহি আমাৰ লগত মিলি গৈছে মাক-জীয়েক দুয়ো, ভাবিবই নোৱাৰো আমি যে কেইমূৰ্হুত্ব মানৰ আগতহে চিনাকি হৈছিলো, দীক্ষিতাই সংগীত চৰ্চা কৰে ঘৰতেই, আৰ্থিক ভাবে পৰিয়ালে সকলো জোগাৰ দিব পৰা নাই বাবে আক্ষেপো নকৰি নিজ গুণেৰেই দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ ভিতৰতে শ্ৰেষ্ঠা গায়িকাৰ সন্মান লাভ কৰিছে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰইও তেওঁৰ এই অসাধ্য সাধনাৰ বিষয়ে সুধি লোৱা সাক্ষাত্কাৰৰ এটি শ্ৰব্য বাণীবদ্ধ অংশ আমাক শুনাইছে। লুকাই লুকাই কব নোৱাৰাকৈ এই অসাধাৰণ ছোৱালীজনীলৈ চাইছো মই, মৰমলগা মুখখনত নাই অলপ দুখ, নাই অলপো আৰ্থিক ভাবে জুৰুলা কৰা হতাশাৰ চিন, মনতে ভগৱানক সুধিলো---কিয় বাৰু তুমি এনেকৈ পঠোৱা মানুহক, যাৰ প্ৰতিভা আছে তেওঁক অৰ্থ অবিহনেই পঠাইছা, যাৰ ধনঐচৈয্যৰে ভৰপুৰ তেওঁলোকৰ আকৌ সকলো থাকিও একো নাই যেন।............................ভাবি ভাবি পাৰ নাপালো...........

লাহে লাহে দীক্ষিতাৰ পঢ়াৰ কথা সুধিলো, বুজিলো সঁচাকৈ এক অনন্য মেধা শক্তিৰ অধিকাৰী তেওঁ, সকলোতে সাফল্যৰ উচ্চ সীখৰত আহোৰণ কৰিছে, মই তেওঁ পঢ়াৰ বিষয়ে নানা দিহা পৰামৰ্শ দিলো যিমান খিনি পাৰো, একান্ত মনে শুনি গল। তাৰ মাজতে আমাৰ একান্ত অনুৰুধোত তেওঁ এটি গীতৰ কলি গুণগুনাই শুনালে আমাক, জানিলো এক সুমধুৰ কণ্ঠৰো অধিকাৰী তেওঁ। গুণগুণোৱাৰ সময়ত ভেবা লাগি চাই থাকোতেই গল মোৰ, ভাত খাবলৈ বাইদেউৱে মাতোতেহে মোৰ তন্ময়তা ভাগিল।

পিছদিনা ৰাতিপুৱা চাহ বাগিছাৰ সৌন্দৰ্য আৰু গাঁৱৰ সুন্দৰ ধাননীপথাৰ দেখুৱাবলৈ মোক লৈ গল দীক্ষিতাই, দুৰৈত দেখিলো ৰিণিকি ৰিণিকি সেউজীয়া পাহাৰ, কনমানি এজনী ছোৱালীৰ দৰে হাঁহি হাঁহি মোক পথাৰৰ আলিৰ ওপৰেদি লৈ গৈছিল বহু দুৰলৈ, মাজে মাজে সুধিছে আপুনি পুখুৰীৰ জীয়া মাছ দেখা নাই নহয়, আহক আপোনাক দেখুৱাম মই.........মই একো নকৈ কেৱল হাঁহি মাৰি তেওঁৰ পিছে পিছে সকলোবোৰ উপভোগ কৰি মন্ত্ৰমুগ্ধৰ দৰে গৈ থাকিলো, ইমান সুন্দৰ পৰিবেশ, বিভিন্ন চৰাই মাত,................মাজে আনন্দতে জপিয়াই উঠে তাই, যেন আমাক পাই ফুৰ্টীৰ সীমা নাই, যেন মই কালি অহা নাই সিহঁতৰ গাঁৱলৈ বহুদিনৰহে চিনাকি মই তেনে লাগিল।

এনেকৈয়ে দুদিন দুৰাতি তেওঁলোকৰ ঘৰত কটাই, তৃতীয় দিনা পুৱা ৮ বজাত আমি তেওঁলোকৰ পৰা বিদায় ললো, পদুলিলৈকে সকলোৱে আগবঢ়াবলৈ আগুৱাই আহিল, বাইদেউৰ আৰু দিক্ষীতাৰ দুচকুত দেখিলো চকুপানী যেন ছোৱালীহে উলিয়াই দিবলৈ আগুৱাই আহিছে, বাইদেউৱে চাদৰৰ আচলেৰে দুচকু পানী মচিচে, মোৰো অজানিতে দুধাৰি চকুলো বৈ আহিল, নিজকে সংযত কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিও বিফল হলো, তেনেতে বাইদেউৱে আহি সাবতি ধৰিলেহি, বাৰে বাৰে কলে নিজৰ ঘৰৰ দৰে যেতিয়াই মন যায় তেতিয়াই আহিবা, মই আৰু ৰৈ থাকিব নোৱাৰিলো, উচুপি উঠিলো।................ঘৰলৈ উভতি আহিলো যদিও মনটো তেওঁলোকৰ তাতে থৈ আহিলো, উভতনি যাত্ৰাত তিনিচুকীয়াৰ টিলিঙ্গা মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ,বৰপুখুৰী, জয়সাগৰ আদিবোৰ চাই চাই পুনৰ ঘৰ অভিমুখে ৰাওঁনা হলো।

No comments:

Post a Comment