Wednesday, 23 October 2013

অনুভৱৰ দোমোজাত আমিবোৰঃ-




সময় সলনি হৈছে, সময়ৰ লগত খোজত খোজ মিলাই নিজকে খাপ খুৱাই লবলৈ সকলো বাধ্য, পৰিবেশ, প্ৰকৃতিৰো পৰিবৰ্তন হৈছো।হবই সদায়তো দিন একে হৈ নাথাকে।চকুৰ আগতে সকলো সলনি হৈ গল, কিবা সাধুকথা যেন লাগে নিজেই এবাৰ ভাবিলে। আজিৰ পৰা ২০ বছৰৰ আগৰ পৰিবেশ আৰু এতিয়াৰ পৰিবেশ বহু পাৰ্থক্য আছে। বিজ্ঞানে আমাক যথেষ্ট আগুৱাই নিছে, বুটাম এটা টিপিলেই হাজাৰ মাইল দুৰৰ যিকোনো লোকৰ লগত কথা পাতিব পৰা হলো, হাজাৰ মাইল দুৰলৈ মাত্ৰ ২,৩ ঘণ্টাতে যাব পৰা হলো, যত আগতে এটা খৱৰ পাবলৈ কেইবা সপ্তাহো লাগিছিল চিঠিৰ যোগেদি.......কিন্তু আমি যিমানেই উন্নতিৰ শিখৰত আৰোহণ কৰিছোহক, সিমানেই যেন আপোন মানুহৰ পৰা দুৰলৈহে গতি কৰিছো এনে লাগে, আন্তৰিকতাবোৰ যেন ক্ৰমান্বয়ে জহি খহি যাবলৈহে ধৰিছে, তেনেহলে এই উন্নতি কিহৰ বাবে....যি উন্নতিয়ে আমাৰ মৰম-চেনেহ,আন্তৰিকতাৰ মাজত হেঙাৰ হৈ থিয় দিয়ে

মোৰ ভালকৈ মনত আছে....আজিৰ পৰা ৩০,৩২ বছৰ আগৰ কথা—তেতিয়া মই সৰু আছিলো...সেই সময়ত চুবুৰীয়া ইঘৰৰ মানুহ সিঘৰলৈ প্ৰায়ে আহযাহ আছিল, দা-কটাৰীও ইঘৰ সিঘৰৰ পৰা খুজি আনি কাম কৰিছিল, কেতিয়াবা মাইয়ে ভাতৰান্ধিবলৈ লৈ মেছতো নাপালে বা মেছ শেষ হলে...কেৰাচিনৰ চাকিটো হাতত দি কয়...যাচোন ব-বৌহঁতৰ ঘৰলৈ জুই অকনমান লৈ আহগৈ...একেকোবে চেঙেলীয়া দৌৰ মাৰি গৈ জুই খুজি আনিছিলো, যাওঁতে দৌৰি গৈ আহোতে চাকিটো নুমাই যায় বুলি হাতেৰে বতাহ লাগিব নোৱাৰাকৈ আঁৰ বেৰ দি আনিছিলো, কেতিয়াবা ইঘৰৰ তৰকাৰী, ভাজি সিঘৰলৈ চালান দিছিল, কেতিয়াবা চুবুৰীয়া মহিলা সকলে একেলগে ঢেকীত পিঠাগুৰি খুন্দিছিল, কেতিয়াবা একেলগে তাঁত বাটি কৰিছিল। নিশা গৰমত আমাৰ চোতালত দেউতাৰ সমবয়সীয়া সকল বহি বিভিন্ন কথাৰ আলোচনা কৰিছিল।....খেতিৰ দিনত ইঘৰে সিঘৰৰ ধান মৰণা মৰাত সহায় কৰি দিছিল। এঘৰৰ লৰাছোৱালী দিনটো চুবুৰীৰ কোনোবা এঘৰতে খেলি-ধুলি কটাইছিল ---------কিন্তু এতিয়া কি হৈছে ? ইঘৰ সিঘৰৰ পৰা বয়বস্তু অনানিয়াতো দুৰৰে কথা, কাষৰ ঘৰত কি হৈছে ওচৰৰ ঘৰৰ মানুহে নাজানে, বাটেদি অহাযোৱা কৰোতে কাষেৰে পাৰহৈ যোৱা সকলেও আমি নিজে উপজাচি মাতিলেহে মাতষাৰ দিয়ে, দেখিলে নেদেখা ভাওঁ যোৰা যেন লাগে, যেন কিবা লাভৰ আশা নাথাকিলে কথা এটাও মুখেৰে নকব এনেলাগে.......আগৰ সেই ডেকাচাঙৰ আদ্দা,....নামঘৰৰ হজ....সমবায়ৰ সমুহীয়া খেতিকৰা,  বিয়নি মেল, সেইবোৰ সকলো যেন ক্ৰমান্বয়ে হেৰাই গৈছে। কাষৰ ঘৰৰ মানুহ কেইটা বা কোন কত থাকে সুধিলে চুবুৰীয়াই নাজানে.........কোনো কাৰো বাবে ৰৈ থাকিবলৈ যেন সময় নাই, এক যান্ত্ৰিকতাৰ মাজলৈ যেন কুৰুকি কুৰুকি সোমাই গৈছে সকলো............লৰাছোৱালী বোৰৰ মাজত মিলাপ্ৰীতি হবনো কেনেকৈ, খেলিবলৈ যে সিহঁতক মাক-দেউতাকে আজৰিয়েই নিদিয়ে...স্কুলৰ পৰা আহিল...আহিয়ে ডেঞ্চক্লাচ, গানৰ ক্লাচ, ছবিৰ ক্লাছ, টিউচন....এইবোৰ কৰোতেই সন্ধ্যা লাগে....ৰাতি আকৌ পঢ়িবৰে হয়। তাৰ মাজতে যদিও সময় পায় সিহঁতৰ খেলা-ধুলাৰ প্ৰতি যেন আগ্ৰহ নাথাকেই, কেৱল কম্পিউটাৰ, ভিডিঅ গেম এইবোৰতেই ব্যস্ত থাকে। সঁচাকৈ আচৰিত লাগে.......ইমান কম সময়ৰ ভিতৰত ইমান পৰিবৰ্তন কেতিয়াও ভবাই নাছিলো এনেকুৱা এটা যে পৰিবেশৰ মুখামুখি হৱ লাগিব কেতিয়াবা। এতিয়া আগৰ সেই চুবুৰীয়া মৰমীয়াল বৰদেউতা-ককা, দাদাইটি হঁতো কেতিয়াবাই ঢুকাল।দেউতাক ওচৰৰ কেইবাজনেও দদাই বুলি মাতিছিল (দদাই মানে খুড়া), এনেকৈ মাতোতে মাতোতে দাদাই গৈ এদিন দাইটি হলগৈ, পাছলৈ এনে হৈছিল দেউতাৰ ভাল নামটো কলে কোনেও চিনি নোপোৱা যেন হৈছিলগৈ, পাছলৈ আমক কোনোবাই চিনাকি দিলেও এইটো দাইটিৰ পুতেক বুলিহে কৈছিল, আমি বেয়া নাপাইছিলো।..........সেইমানুহো নাই আজি সেই মৰমো লগতে লৈ গল। আজি বহুত কথাই মনলৈ আহিল....এই কথাবোৰই মাৰ লগত চোতালত বহি পাতি আছিলো। নাই আৰু সেই দিন কাহানিও ঘুৰাই নাপাওঁ।

দিনতো নিজৰ কামত ব্যস্ত হৈ থাকি সন্ধ্যা গা-পা ধুই অলপ ওলাই যাওঁ, কিন্তু কতো কাকো দেখা নাপাওঁ....ডেকাচাঙখন উৱলি গৈছে.....দোকানৰ মুখত চঙেলীয়া ডেকা কেইটামান ৰৈ আছে....। তিনিমুনিটো উদং হৈয়ে আছে, আগতে গৰমত তাত বহুত লৰা-বুঢ়াই পাইচাৰি কৰি ফুৰিছিল, এতিয়া সকলো টিভিৰ সন্মোখত। কোনোবা এখন মৰমীয়াল গাঁৱৰ বাসিন্দা হৱ পৰা হলে, এই যান্ত্ৰিকতাৰ পৰা মুক্ত হব পৰা হেতেন । উহ উশাহ বন্ধ হৱৰ উপক্ৰমহে হৈছে আৰু।  

No comments:

Post a Comment