Wednesday, 9 October 2013

এজোপা গছক লৈ কৰা চিন্তাঃ-



যোৱাকালি নিশা ২ মান বজাত হঠাতে দুৰদৰ্শনৰ জি নিউজ চেনেলটোত দেখা পালো দিল্লীৰ মাজমজিয়াত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পদপথৰ মাজতে থকা এজোপা বৃহত্ গছৰ মাজটো ধোন (বৃহত্ ফুটা) হৈ গৈছে, আৰু বতাহ বৰষুণত ভাগি যোৱাৰ উপক্ৰম হৈছে। এই গছজোপাক বচাবলৈ বনসংৰক্ষক আৰু উদ্ভিদ বিজ্ঞানী সকলে একত্ৰিত হৈ বিভিন্ন ঔষধপাতিৰে সুসৰ্জ্জিত এখন এম্বুলেঞ্চ জাতীয় বাহনৰ সহিতে আহি গছজোপাক চিকিত্সা আৰম্ভ কৰিছে, গছজোপা পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধ প্ৰয়োগ কৰাৰ পিছত সেই বৃহত ধোনটোৰ ভিতৰত কুঁহিলা, স্পঞ্জজৰে ঠেচি ঠেচি ভৰ্তি কৰিলে, স্পঞ্জখিনিৰ মাজত ঔষধ সুমুৱাই দিছে, তাৰ পিছত সেইখিনি ভালকৈ মেৰিয়াই বান্ধি তাৰ ওপৰত প্লাষ্টাৰ অৱ পেৰিচেৰে প্লাষ্টাৰ কৰি দিছে। এইগোটেই খিনি কাম কৰিবলৈ তেওঁলোকক অতি কমেও ২ ঘণ্টামান সময়ৰ প্ৰয়োজন হৈছিল, এই সময়খিনিৰ মাজতে হঠাতে ধাৰাষাৰ বৰষুণ অহাৰ পিছতো তেওঁলোকে কামত অকনো হেলা নকৰি ওপৰত প্লেষ্টিকৰ ছাল এখন বান্ধি কামখিনি সম্পূৰ্ণ কৰিহে উভতিছিল। এই গোটেই প্ৰক্ৰিয়াটো দেখি বুজিলো যে এজোপা গছক কেনেকৈ মৃত্যুৰ পৰা তেওঁলোকে বচাবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ এই কৰ্মৰ সলাগ নলৈ নোৱাৰিলো।

ঠিক একেই সময়তে আমাৰ অসমত চাৰিলেণ্ডযুক্ত পথ নিৰ্মানৰ সময়ত পথৰ বহু আতৰলৈকে এনে বহুতো চিনাকি অচিনাকি গছ-গছনিৰ চিকিত্সাটো দুৰৰে কথা কাটি খাচটাং কৰিলে, তাৰ বিপৰীতে কিন্তু এজোপা গছৰ পুলিও ৰোপন কৰাৰ প্ৰয়োজন বোধ নকৰিলে। অসমৰ বনবিভাগে এই কামত কোনোধৰণৰ বাধা আৰোপ কৰাও দেখা নাপালো। এইক্ষেত্ৰত চৰকাৰ বা বনবিভাগ বা অসমৰ সক্ৰিয় দল-সংগঠন বা উদ্ভিদ বিজ্ঞানী সকলৰ একো কৰণীয় নাছিল নেকি..?? এনে হাজাৰ হাজাৰ বৃহত্ বৃহত্ গছবোৰ কাটি পৰিবেশ ধংস কৰাৰ বিৰোধীতা কৰিলো। অকমন্য, টোপনীৰ ভাওঁধৰা বনবিভাগটোৱে কেতিয়া জাগিব...?? এনে হাজাৰ প্ৰশ্নই মনত ভুমুকি মাৰি আছিল, আজি তাৰেই প্ৰকাশ এয়া মাঠো।  

No comments:

Post a Comment