১)এপলকৰ বাবে যদি
উভতি চাওঁ.................
প্ৰায় ৭ টা বসন্তৰ
আগৰ কথা, ঠিক ২০০৬ চন মান হ’ব। একে ৰাতিৰ
ভিতৰতে চিলঙৰ কোম্পানীৰ চাকৰি ত্যাগপত্ৰখনি মহাপ্ৰবন্ধকৰ মুখলৈ মাৰি দি ঘৰলৈ উভতি
আহিলো, কিয় তেনে কৰিলো সেয়াও এক অধ্যায়, সেই অধ্যায় পিছলৈ থলো বাৰু। চিলঙৰ পৰা
অহাৰ পিছত দুমাহ মান ঘৰতে সৰুসুৰা কামবনত লাগি আছিলো। এদিন বাল্যবন্ধু ৰঞ্জিতে খৱৰ
দিলে তেজপুৰ বিশ্ববিদ্যালয়ত এটি চাকৰি ওলাইছে, ফোনতে ক’লে কেনেকৈ যোগাযোগ কৰিব লাগে। মই লগে লগে ইণ্টানেটত চাৰ্চ কৰিলো—tezu.arnet.in
বুলি, ফলাফল মনিটৰত ভাঁহি আহিল, কিছুসময়ৰ অধ্যয়নৰ
পিছত জানিব পাৰিলো, উক্ত পদটোৰ বাবে মই দেখোন আবেদন কৰিব পাৰো। পদটি আছিল
ষ্টেনগ্ৰাফাৰ গ্ৰড ৩, এটাই পদ, উপাচাৰ্য্যৰ ব্যক্তিগত চেকেত্ৰেৰীৰ পদ। সেইসময়ত খুব
কমকৈহে খালী পদ ওলাইছিল। আগপিছ নাভাবি আবেদন কৰি দিলো। বেছ কেইমাহমানৰ পিছত
আমন্ত্ৰন পত্ৰখনো পালো, যথাসময়ত সাক্ষাত্কাৰৰ দিন আহি পালেহি, ময়ো সাজু কৰিলো
নিজকে যিমান পাৰো।
পিছদিনা
সাক্ষাত্কাৰৰ দিন আছিল বাবে আগদিনাই গৈ বন্ধুৰ কোৱাৰ্টাৰত হাজিৰ হ’লোগৈ, বন্ধুৱেও যিমান পাৰে চেষ্ট কৰিলে, লিখা পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন
আহিব পাৰে আগতীয়াকৈ কিছু আভাষো দিলে।
পুৱা ৮ মান বজাতেই
উঠি সাজি কাঁচি সাজু, সকলো নঠিপত্ৰ সাজু কৰি ল’লোঁ।
বিশ্ববিদ্যালয়ৰ বাছতেই দুয়ো বিশ্ববিদ্যালয়লৈ বুলি যাত্ৰা কৰিলো, তেজপুৰ চহৰৰ পৰা
বিশ্ববিদ্যালয়লৈ প্ৰায় ১৫ কি.মি.মান দুৰ হয়। বাটে বাটে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীবোৰ
উঠাই উঠাই বছখনে প্ৰায় ৪০ মিনিট মানৰ পিছত বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰবেশ কৰিলে।
আমিও নিদিষ্ট বিভাগলৈ বুলি বাট বুলিলো। সময়তকৈ কিছু আগতীয়াকৈ উপস্থিত হোৱা বাবে
তেতিয়ালৈ দুই-চাৰিজনৰ বাহিৰে আন বোৰ প্ৰাৰ্থী আহি পোৱাই নাছিল, ৰঞ্জিতে ক’লে তুমি ইয়াতে কিছুসময় বহা, মই অলপ কামত লাগো। নিদিষ্ট কোঠাটোত কিছু সময়
বহাৰ পিছত প্ৰাৰ্থীসকল এক দুইকৈ আহি পালেহি, ৰঞ্জিতৰ পৰা উৱাদিহ লৈ গম পালো যে
উক্ত পদটিৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাঘা বাঘা প্ৰাৰ্থী আহিছে, তেওঁলোকৰ কোনোৱে আন
কৰবাত নহয় কৰবাত আগৰে পৰা খাটি আছে, কোনোবা ব্যক্তিগত খণ্ডত কৰি আছে, কাৰোবাৰ ২
বছৰ অভিজ্ঞতা, কাৰোবাৰ ৩, ৪, ৫ বছৰ অভিজ্ঞতা। তেওঁলোকৰ বিষয়ে জানিব পাৰি মোৰ পেটতে
হাত-ভৰি লুকুৱাৰ অৱস্থা, নহবনো কিয়, মই গৈছো অনভিজ্ঞ একেবাৰে কেঁচা হৈ। সেই বাঘা
বাঘা ৰথী-মহাৰথী সকলৰ মাজত মই কোন কূটা, মনতে ভাবি ভাবি এপাকত বন্ধু ৰঞ্জিতক কৈয়েই
পেলালো.............
বোলো হেৰা মিতা—মই
ইণ্টাৰভিউ নিদিওৱেই নেকি..??
বন্ধুৱে বহলকৈ চকু
কেইটা মেলি আচৰিত হৈ সুধিলে—বোলে কিয়..??
মই বোলো ইমানবোৰ অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ লগত মইনো কি তক্কৰ দিম, সেয়ে নিদিয়াই
ভাল।
বন্ধুৱে কলেঃ-
হেৰা, আহিছা যেতিয়া দি যোৱাচোন সাক্ষাত্কাৰটো, পোৱা নোপোৱা, হৰা-জিকা এইবোৰ থাকেই
আৰু, সেইবুলি নিদিবানে তুমি..? দিনটো এনেয়ে যোৱাতকৈ
সাক্ষাত্কাটো দিয়া এটা অভিজ্ঞতাও হ’ব,
জানিব পাৰিবা এনেধৰণৰ পদৰ বাচনিত কেনেকুৱা প্ৰশ্ন বা পৰীক্ষা লোৱা হয়। তাতে তুমিতো
ঔদ্যোগিক প্ৰতিষ্ঠানৰ পৰা উৰ্ত্তীণ, National Counsil of Vocational
Training ৰ চাৰ্টিফিকেট আছে , সেইফালৰ পৰা তুমি অলপ আগত থাকিবা আনতকৈ, আন বহুতৰে তেনে অৰ্হতা
নাথাকিবও পাৰে। মই আছো নহয়, তুমি দিয়াচোন বাৰু............দেখা যাওঁক কৰ পানী কলৈ
যায়। তুমি মাথো মনটো ডাঠ কৰা।
বন্ধুৰ কথাত অলপ
সাহস পালো, তেতিয়াহে মনটো ভাল লাগিছিল, হয়তো ঠিকেই কৈছে বন্ধুৱে।
তেতিয়ালৈ বিভিন্ন
ঠাইৰ পৰা অহা সৰ্বমুঠ ৭৮ গৰাকী প্ৰাৰ্থী আহিছে। যথাসময়ত লিখিত
পৰীক্ষা আৰম্ভ হ’ল, সকলোৰে হাতে হাতে আঁচ পৰা কাগজ (ৰুলিং
পেজ) আৰু কাঁঠ পেঞ্চিল দিয়া হৈছে। ষ্টাৰ্ট, ৰেডি বুলি কৈ ইংৰাজী শ্ৰুতলিপি দিয়া
আৰম্ভ কৰি দিলে, প্ৰাৰ্থী সকলে অকনো বিলম্ব নকৰি সাংকেতিক চিহ্নৰে কানত থলথলকৈ পৰা
শব্দবোৰ লিখিবলৈ লাগিল, ময়ো যি পাৰো লিখি গৈছো। প্ৰায় ২০ মিনিটমান শ্ৰুতলিপি দিয়াৰ
পিছত আমাক একো একোটা কম্পিউটাৰৰ সম্মুখত বহিবলৈ দিলে, সেই সাংকেতিক চিহ্নৰে লিখা
আখৰবোৰ, বাক্যবোৰ ইংৰাজী লিপিলৈ ৰূপান্তৰ কৰিবলৈ। ময়ো পাৰোমানে কম
সময়তে গোটেই পেৰাগ্ৰাফ কেইটা লিখি উলিয়ালো আৰু উত্তৰ বহীৰ সহিতে টাইপিং কৰা
কাগজখিলা গাঁঠি দি জমা দিলো, একেদিনাই অৰ্থাত্ প্ৰায় ২ ঘণ্টামানৰ পিছতে ৰিজাল্ট
দিব আৰু লিখিত পৰীক্ষাত যিসকল উৰ্ত্তীণ হব তেওঁলোকে লগেলগেই মৌখিক পৰীক্ষাৰ বাবে
সাজু থাকিব লাগি বুলি জানিব পাৰিলো। মাজত কিছু সময় পালো বাবে বন্ধুৰ সহিতে আহাৰ
গ্ৰহণৰ বাবে ওলাই গলো। ঘুৰি আহি দেখা পালো ফলাফল এখন জাননী ফলকত আঁৰিবলৈ সাজু
কৰিছে। সকলোৱে হেঁতা-ওপৰা লগাইছে, মই দুৰতে ৰৈ চাই আছো, মনতে ভাবিলো ক’তনো মোৰ নাম থাকিব, এহ নাচাও মই, যি হৈছে হৈছে আৰু,...............
বন্ধুৱে ক’লে ৰিজাল্ট চালানে..?
মই বোলো নাইচোৱা অ,
চাইনো কিয় মনটো বেয়া কৰো, তাতকৈ নোচোৱাকৈয়ে মই উভতো দিয়া, নাপাওঁ যে খাটাং
মই..................
বন্ধুৱে বোলে,
সেইবুলি নাচাবানে বাৰু..? ৰ’বা তুমি ইয়াতে বহা, ময়েই চাই আহো। মোৰ বুকু দুৰু দুৰু, আনবোৰ প্ৰাৰ্থীয়ে
তেতিয়ালৈ নিজৰ নিজৰ ফলাফল লৈ কোনো কোনোৱে আনন্দত মতলিয়া হৈছে। বন্ধু যিমানে জাননী
ফলকৰ ওচৰলৈ গৈছে মোৰো সিমানে বুকুখনে ধানবনাদি বানিবলৈ লৈছে। সেইফালে নোচোৱাকৈ আমন
জিমনকৈ বহি আছো।.....................কিছু সময়ৰ পিছত.......
বন্ধুৱে আহি
মাতিলেহি.......হেৰা মিতা, তুমি পাছ কৰিছা অ, তোমাৰ নাম আছে, তুমি উত্তীৰ্ণ হোৱা
মুঠ ১০ জনৰ ভিতৰত ৮ নম্বৰত আছা। মই বন্ধুৰ কথা বিশ্বাসেই কৰিব পৰা নাই, দুচকু কব
নোৱাৰাকৈয়ে সেমেকি উঠিছিল, আনন্দতে বন্ধুক সাবতি ধৰিলো।
এতিয়া মনটো আৰু
ডাঁঠ কৰা মৌখিক পৰীক্ষালৈ.........বুলি কৈ বন্ধু নিজৰ কামত ব্যস্ত হৈ পৰিল।
বিয়লি ঠিক ৩ মান
বজাৰ পৰা মৌখিক পৰীক্ষা আৰম্ভ হৈছিল, এক দুই কৈ ওলাইছে সোমাইছে প্ৰাৰ্থী সকল,
সাক্ষাত্ দি অহা সকলক দুই একক সুধি জানিবলৈ বিচাৰিলো কেনেধৰণৰ প্ৰশ্নবাণ কৰিছে
বুলি। সন্ধিয়া ৭ বজাত মোৰ পাল পৰিল, সোমাবলৈ অনুমতি দিয়াত সম্ভাষণ জনাই বহিবলৈ
দিয়াত বহিলো, এজন এজনকৈ প্ৰায় ৭জন মানে অসমীয়া, ইংৰাজীতে বিভিন্ন প্ৰশ্ন কৰিলে,
পাৰোমানে শুদ্ধকৈ উত্তৰ দিবলৈ চেষ্টা কৰিলো, নজনাটো ভুল উত্তৰ নিদি নাজানো বুলিয়েই
ক’লো। তাৰে মাজৰ এজন মাধৱ বৰা (বৰ্তমান প্ৰয়াত) মোৰ
দেউতাৰ একালৰ সহোদৰ বন্ধু আছিল, মই কিন্তু চিনাকি দিয়া পক্ষপাতী নাছিলো, এককথাত
কবলৈ গ’লে কাৰো অনুগ্ৰহত মই চাকৰি লোৱাৰ পক্ষপাতী
নাছিলো, চিনাকি দিয়া হলে নিশ্চয় অলপ হলেও সঁহাৰি পালো হয়। হয়তো চাকৰিটো পোৱাত সহায়
হ’ল হয়, কিন্তু তেনে কৰিবলৈ মনটোৱে নকলে। প্ৰায় ২৫
মিনিটমান প্ৰশ্ন কৰাৰ অন্তত মোক যাবলৈ দিলে,
তাৰ পিছতহে উশাহটো ঘুৰাই আনিব পাৰিলো।
পোনে পোনে বন্ধুৰ
ৰুমলৈ আহি ভাগৰতে বাগৰি পৰিলো বিচনাত। প্ৰায় এসপ্তাহৰ পিছত খৱৰ লৈ গম পালোঁ,
তেজপুৰৰে এগৰাকী মহিলাক পদটোৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিলে।
মোৰ এজন একালৰ
ব্যক্তিগত শিক্ষাগুৰুৱে মোক উদ্দেশ্যি কৈছিল—যে জীৱনত কেতিয়াও হাৰ নামানিবা, আনে
পুতৌ কৰিব পৰা সুবিধা নিদিবা, মই জীৱনত ১০৮ টা ইণ্টাৰভিউ দিছো, ১০৯ নম্বৰত বেংকত
চাকৰি পাইছো, তুমিও পাৰিবা। তেখেতৰ সেই উপদেশকে আৰ্হি হিচাপে লৈ পিছলৈ নোচোৱাকৈ মই
এনেকৈ প্ৰায় ৭৭ টা বিভিন্ন সাক্ষাত্কাৰ দি শেষত ৭৮ নম্বৰৰ লিখিত পৰীক্ষা, মৌখিক
পৰীক্ষা আৰু ব্যৱহাৰিক পৰীক্ষাত আন কোনো ব্যক্তিৰে অনুগ্ৰহ নোহোৱাকৈ সুখ্যাতিৰে
উৰ্ত্তীণ হৈ অৱশেষত জনস্বাস্থ্য কাৰিকৰী বিভাগত যোগদান কৰিলো। এনে বহু অভিজ্ঞাই
জীৱনটো ভৰি আছে, সময়ে সময়ে পাঠকৈ আগবঢ়াবলৈ চেষ্ট কৰি যাম।
বৰা নিতুল,
নগাঁও,
১০/১০/২০১৩
No comments:
Post a Comment