১) ১৯৭৭ মানৰ কথা, তেতিয়া মোৰ বয়স মাত্ৰ ২ বছৰ মানহে হৈছে। মোৰ দাদক (ককাইদেউক) স্কুলত নাম লগাই দিছেহে , কেইদিমান ঠিকে-থাকেই গল স্কুললৈ, তাৰ পাছত আৰু তাৰ আমনি লাগিল, সি এটা মষ্ট যেদি আৰু অঘাইটং আছিল , এদিন সি স্কুলৰ শিক্ষয়ত্ৰী বাইদেউক ২৫
পইচা ঘোচ দি এটা ক্লাচ কৰিয়েই গুচি আহিল ঘৰলৈ, মায়ে সুধিলে কিয় আহিলি তই –বোলে শিক্ষয়ত্ৰী বাইদেউৱে মোক যাবলৈ
দিছে গুছি আহিলো, এনেকৈয়ে প্ৰায়েই সি স্কুলৰ পৰা মিছা কথা কৈ কৈ আহিবলৈ ধৰিলে ।
এদিন বাপ্পেক মাৰ খুব খঙ উঠি দিলে তাৰ চকুৱে-মুখি ভোট জলকীয়া ঘহি, জলকীয়াৰ জালত সি চটফটাই চিঞৰি চিঞৰি কান্দি তত নোপোৱা হল, তেনেতে ওচৰৰ আইতা এজনীয়ে কি হলনো বুলি
চাই দেখে যে দাদাৰ একেবাৰে গোটেইটো ৰঙা-চিঙা পৰি চিঞৰি ফুৰিছে , তেহে আইতাই তাক লগে লগে নি গাখীৰেৰে
গা-ধুৱাই দিলতহে তাৰ তত আহিল , লগতে আইতাই মাক এধমকি দিলেহি --- হয়ে মাৰতি তই লৰাটোক মাৰিবি
নকি?
মায়ে বোলে সিনো সদায় সদায় স্কুলৰ পৰা কিয় মিচা কথা কৈ কৈ ঘৰলৈ গুচি আহে কওকচোন ।
সেইদিনাৰ পৰা দাদা আৰু কোনো দিনেই স্কুলৰ পৰা ঘৰলৈ ঘুৰি নহা হল।
২) এনেকৈ দিন গৈ মাহ পালে মাহ গৈ বছৰ পালেগৈ, আমিও লাহে লাহে হাইস্কুল পোলোগৈ, দেউতাৰ সীমিত দৰমহাৰে আমাৰ পঢ়া-শুনাৰ
খৰচকে আদি কৰি পৰিয়ালটো চলিবলৈ টনাটনি হৱলৈ ধৰিলে। মই আৰু দাদ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লত
পঢিছো, পাচে
পাচে ভাইটি দুটাও , ঘৰৰ পৰা আমাৰ স্কুল প্ৰায় ৪ কি.মি. মান হৱ, আমি স্কুললৈ সদায় খোজ কাঢ়িয়েই অহা যোৱা
কৰিব লগা হয়, হাতত
বেগ বুলিবলৈ তেতিয়া আমাৰ নাই, কাপোৰো সেই একেযোৰেই সদায়, ঘৰৰ পৰা ৯ বজাতেই ওলাব লাগে তেতিয়াহে সঠিক সময়ত গৈ স্কুল পাওগৈ,
আৰ্থিক অভাৱৰ বাবে প্ৰতিটোকে
চাইকেল কিনি দিয়াতো আমাৰ বাবে কল্পনাৰো অগোচৰ আছিল, তেনেকৈয়ে
দিন গৈ আছে, তেতিয়া
মই লাহে লাহে দেউতাৰ চাইকেল খন তলত চলাবলৈ শিকিছো মাএ, খুব মন গৈ থাকে তেতিয়া চাইকেল চলাবলৈ-----এদিন
মোৰ স্কুল বন্ধ, দেউতা স্কুল যাবলৈ ওলাই আছে,
ঠিক তেনেতে দেউতাৰ লগৰ শিক্ষক বৰুৱা চাৰ
আহি সোমাইছেহি আমাৰ ঘৰত , দেউতা ওলাই মানে মই ভাবিলো আজি আৰু দিনটোতো দেউতাৰ চাইকেল খন
নাপামেই চলাবলৈ, সেয়ে এই চেগতে চাইকেল খন এপাক চলাই লওঁ , এইবুলি চাইকেল লৈ মই উধাওঁ হলো----এক
দুই কৈ মই গৈ তিনি আলিৰ কেকুৰিটো পাইছিলোগৈহে মাত্ৰ ---লাগিল নহয়
গণ্ডগোলটো------------মই তলত চলাই গৈ সেইখিনি পাইছোহে ঠিক তেনেতে আহক নতুন স্কুটাৰ
এখন লৈ বয়সস্হ মানুহ এজন, মানুহজনেও নতুনকৈ স্কুটাৰ শিকিছেহে মাত্ৰ......মই চাইকেল দিওঁ
যদি সোঁ-ফালে তেওঁও দিয়ে সোঁ-ফালে.... আকৌ মই যদি বাওঁফালে দিও তেওঁও বাওঁফালে
দিয়ে, এইদৰে
তুলুং-ভুতুং কৰি থাকোতেই এই এই এই বুলি দিলেহি মোক নহয় প্ৰচণ্ড খুণ্ডা এটা মাৰি, মই কৰ্ফাল খাই উফৰি পৰিলো, আৰু কি হল কি
নহল একো ধৰিবই নোৱাৰিলো, টোপনিৰ পৰা সাৰপাই উঠি দেখা পাও মোৰ বাওঁহাতখন বিখাইছে আৰু
চকুৰ ওপৰৰ পৰা অলপ অলপকৈ তেজ বৈ আহিছে, তেতিয়াহে বুজিব পাৰিলো যে মোৰ দুৰ্ঘটনা হল মানে, দেখিলো ওচৰে-পাজৰে বহুত মানুহ গোট খাইছে, লগে লগেই মোক ওচৰৰ জেঠাই হঁতৰ ঘৰলৈ লৈ
গল আৰু বিচনা এখনত শুৱাই দিলে, কিছু সময়ৰ পাছত দেউতাই মোক ৰিক্সা এখনত তুলি হাস্পিতাললৈ লৈ গল, তাৰ পাছত হাতত চিলাই, চেলাউৰিত চিলাই , এমাহ মান স্কুল যোৱা বন্ধ হল, তাৰ পাছত যে কিমান দিনলৈ মোৰ চাইকেল
চলোৱ অনুমতি পোৱা নাছিলো ঠিক নাই ।
৩) ১৯৮৩ চনৰ কথা, সেই সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল ইন্দিৰা গান্ধী। অসমৰ
মূখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। তেতিয়া চাৰিও ফালে গণ্ডগোলৰ সময়, হিন্দু-মুছলিমৰ সম্প্ৰদায়িক সংঘৰ্ষ, পৰিবেষ উত্তপ্ত । মই তেতিয়া ২য় কি ৩য়
মান শ্ৰেনীতহে মাত্ৰ। দাদা হঁত অলপ ডাঙৰ হৈছে, ৰাতি হলেই মানুহৰ মনত ভয়ৰ ভাবে আগুৰি ধৰে, কিজানিবা ৰাতি শুৱাপাটীতেই কাটি মাৰি থৈ
যায়হি,
সদায় ৰাতি কটা-মৰা হুলস্হলৰ বাতৰি শুনা যায় , তেতিয়া আমাৰ গাঁৱত টিভি বুলিবলৈ নাই, দেশৰ খৱৰ লৱলৈ কেৱল কোনো কোনোৰ ঘৰত এটা
ৰেডিয়হে আছে , আ়ঞ্চলিক
বাতৰি দিয়াৰ সময়ত সকলো আহি এক ঠাইতেই গোট খাইহি । সেই হুলস্হলৰ মাজতে এদিন
চুবুৰীয়া মুছলমান গাঁও এখন কোনোবাই দিলে জ্বুই লগাই,
চাৰিওফালে হৱা-দুৱা লাগিল, কোন সময়ত মুছলমানে আহি কাটিবহি ঠিক নাই, এই আশংকা মনত লৈ গাঁৱৰ মুখিয়ালে সকলো
পৰিয়ালকে নিৰাপদ স্হানলৈ আতৰি যাৱলৈ সকিয়াই দিলে। সকলোৱে চহৰৰ আশে-পাশে থকা নিজ
নিজ অঙহি-বঙহি ঘৰলৈ বুলি টালিয়ে-টোপালাই ঢাপলি মেলিলে, আমাৰ কোনো তেনে চহৰত থকা আপোন মানুহ নাই, সেয়ে সকলোৰে পাছে পাছে মা-মই, ভাইটি দুটা গৈ চহৰৰ এঘৰত কাকুটি-মিনটি
কৰি সোমালোগৈ, দেউতা
আৰু দাদ গাঁৱৰ বাকী মতা-মানুহৰ লগত গাঁৱৰ পহৰাৰ দ্বায়িত্বত থাকিল । সেইদিনাই
মৰিগাওঁ জিলাৰ নেলীত এই সংঘৰ্সত শ শ মানুহৰ মৃত্যু হৈছিল । লগে লগে পৰিস্হিতি বেয়া
ফাললৈ গতি কৰা দেখি গাঁৱে গাঁৱে চিআৰপি মোটায়ন কৰিলে। দোষী-নিদোৰ্ষী সকলোকে সামৰিক
বাহিনীয়ে এফালৰ পৰা বেতেৰে কোবাবলৈ লাগিল, কাৰ্ফউ দিলে, কতো ২জনৰ বেছি মানুহ গোট খাব নোৱাৰিব । মুছলমান গাঁৱৰ পৰা ৰাতি
ৰাতি সৈন্যবাহিনীয়ে লৰাবোৰ ধৰি আনি মৰিয়াই মৰিয়াই আধামৰা কৰিলে । প্ৰায় ১৫ দিন মান
আমি ঘৰৰ পৰা আতৰত থাকিলো, লাহে লাহে পৰিস্থিতি অলপ সাম কাটিলে , আমি ঘৰলৈ ঘুৰি আহিৱ পৰা হলো। সেই বছৰ
আৰু আমাৰ কাৰোৰে পঢ়া নহল , অসম আন্দোলনেই হওঁক বা সাম্প্ৰদায়িকতাৰ যুজতেই হওঁক সকলোৰে জীৱনৰ এটা শিক্ষা বৰ্ষ
এনেকৈয়ে হেৰাই গল। লগে লগে হেৰাই গল আমাৰ
দৰে বহুতৰে জীৱনৰ এটা বহুমুলীয়া বছৰ। প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীকো গুলীয়াই
মাৰিলে দেহৰক্ষী আৰক্ষীয়ে। ইন্দিৰা গান্ধী পুত্ৰ ৰাজীৱ গান্ধীয়ে প্ৰধান মন্ত্ৰীৰ
দ্বায়িত্ব ললে , হিতেশ্বৰ শইকীয়া মূখ্যমন্ত্ৰী হৈয়ে থাকিল।
লাহে লাহে অসম আন্দোলনৰ নেতা সকলে আন্দোলন জোৰদাৰ আন্দোলন কৰাত লাগিল, ১৯৮৫ চনত আঞ্চলিক ৰাজনৈতিক দল গঠন হল, নিৰ্বাচন হল, নিৰ্বাচনৰ প্ৰচাৰত আমিও যোগ দিলো, বয়স
মাত্ৰ ১০,১১ বছৰমান হৈছেহে...........মুখত নিৰ্বাচনৰ শ্ল-গান-------------------
“”সোনৰ অসম গঢিব কোনে ----অসম গণ পৰিষদে, ভোট দিব কাক ---অসম
গণ পৰিষদক,---প্ৰফুল্ল মহন্ত জিন্দবাদ,
প্ৰফুল্ল মহন্ত জিন্দবাদ আৰু কত যে কি
শ্ল-গান চিঞৰি লৌৰিত (ট্ৰাক) নুঘুৰিলো । অৱশেষত
আঞ্চলিক দলৰ জয় হল, নতুন চৰকাৰ হল,
সোনৰ অসম গঢ়াটো দুৰৰে কথা বিদেশী এটাও
খেদা নহল ।“”
৪)
আমাৰ খেতি পথাৰ বুলিবলৈ পথাৰৰ মাটি মাত্ৰ ৬ বিঘাহে আছিল, খেতিৰ মাটি খিনি আধি দিলে ঘৰৰ চাউলেৰে
বছৰটো খাবলৈ নোজুৰেগৈ, সেয়ে দেউতাই নিজেই খেতি কৰে,
লগতে আমি ল’ৰা চাৰিটায়ো দেউতাক পাৰো মানে খেতিৰ কামত সহায় কৰি দিওঁ।
দেউতাই নিতৌ দোকমোকালিতে শোৱাপাতি এৰি কান্ধত নাঙল-যুৱলি লৈ হাললৈ বুলি ওলাই যায়, প্ৰায় ৯ মান বজালৈকে হাল বায়, দেউতাক চাহ-জলপান দিয়াৰ দ্বায়িত্ব আমাৰ ওপৰত
পৰে। মায়ে ৭ মান বজাত দেউতালৈ বুলি চাহ-জলপান তৈয়াৰ কৰি দিয়ে , আমি শোৱাৰ পৰা উঠি হাত-মুখ ধুই পঢ়াত
বহো, পঢ়া
টেবুল বুলিবলৈ আমাৰ তেতিয়া নাছিলেই, সেয়ে মাটিতেই বস্তা পাৰি চাৰিওটাই পঢ়াত লাগি যাওঁ, মাৰ চাহ-জলপান হলেই আমিও খায়লৈ দেউতালৈ
বুলি আমি কোনোবা এটাই লৈ যাওঁ, দাদা আৰু ভাইটি হঁতে ঘৰত থকা বাকী গৰু কেইটা পথাৰলৈ বুলি লৈ
যায়। এটা সময়ত মই গৈ দেউতাৰ হালোৱাতলি পাওঁগৈ, পথাৰৰ আলি এটাৰ মুৰত চাহৰ টোপোলাটো থৈ দেউতাক চিঞৰি মাতো
----দেউতা অ, চাহ
আনিছো খাই লওঁকহি, দেউতাই হাল ৰখাই থৈ আলি এটাতে আহি বহি পৰেহি, অলপ ভাগৰ মাৰি দেউতাই পানী দুঘোট মান
মাৰি জলপান খাই, ময়ো দেউতাক খাতনি ধৰো—দেউতা হাল এপোক বাওঁনে ? দেউতাই কয় ৰহ অ গৰুহালে অলপ জিৰণী লওঁক, অলপ সময় তলকা মাৰি থাকি আকৌ দেউতাক কওঁ, উপায় নাপাই দেউতাই অনুমতি দিয়ে----লাহে
লাহে বাবি বাৰু যা, এইবুলি কবলৈহে পালে একে দৌৰে গৈ নাঙলৰ কুটীত ধৰিলোগৈ, এপাক দুপাককৈ বুলি ১০ পাক মান বালো, দেউতাই বোলে হৱ দে আজিলৈ, ময়ো হাল সামৰো, স্কুল যাৱৰ হল চাগৈ, যা ঘৰলৈ গৈ গা-পা
ধুই স্কুললৈ যা, মই গৈ আছো । তাৰ পাছত মই চাহৰ বাচন কেইটা লৈ ঘৰলৈ বুলি ঢাপলি
মেলো। দাদা ভাইটি হতো আহি পাইহি পথাৰত গৰু দি, আটাই কেইটাই গা-ধুই স্কুললৈ বুলি হাতত কিতাপ লৈ খোজ লওঁ ,মায়ে স্কুলত লেজাৰত খাবলৈ বুলি
আটাইকেইটাকে ১ টকাকৈ দিয়ে, দাদা আক আকোঁৰগোজ, তাক ১টকা দিলে নহয়েই, তাক সদায় ২ বা ৩ টকা দিবই লাগে,
এইলৈ মোৰ আৰু দাদাৰ লগত সদায় খট-বান
লাগে, এইদৰে
প্ৰায় ৪৫ মি. বা ১ ঘণ্টাৰ মুৰত গৈ স্কুল পাওঁগৈ,
লেজাৰত মায়ে দিয়া ১টকাৰ ৫০ পইচাৰ আলু-মটৰ-মুৰি
খাই বাকী থকা ৫০ পইচা গোটাই থওঁ গোঁহালিৰ বাঁহৰ খুটাৰ খোলোঙত। স্কুল চুটীৰ পাছত
আকৌ ঘৰলৈ খোজ লওঁ, তেতিয়ালৈ পেটে কলমলাই যায়, বাকী লৰাবোৰৰ সকলোৰে চাইকেল আছে বাবে সিহঁতবোৰ আহি সোনকালে ঘৰ
পায়হি, আমি
অহা দেৰি হয়, আহি
ঘৰ পাই বহী-কিতাপ থৈ কিবা এটা খাইলৈ খেলিবলৈ বুলি ওলাই যাওঁ, ১ ঘণ্টামান খেলাৰ পাছত গৰু আনিবলৈ যাবৰ
হয়েই, আকৌ
পথাৰলৈ লৰ মাৰো, গৰু বিচাৰি বিচাৰি এৰালবোৰ গোটাই লৈ ঘৰলৈ গৰু বোৰ খেদি খেদি লৈ
আহো, নিজৰ
নিজৰ ঠাইত গৰু বোৰ বান্ধি সিহঁতক দানা পানীও দিব লাগে, সেইবোৰ শেষ কৰোমানে গৰু গোঁহালিত
বান্ধিবৰে হয়, গৰু
বান্ধি হাত-ভৰি ধুই আন্ধাৰ হোৱাৰ লগে লগে আকৌ কিবা এটা খাই পঢ়াত লাগো। এনেকৈয়ে
আকৌ ৰাতি-পুৱাৰ লগে লগেই একেই ৰুটীন।
কাৰেণ্ট
বুলিবলৈ নাই কেৰাচিনৰ চাকি জ্বলাই পঢিব লাগে, এটা চাকি জ্বলাই দুটাই মুখা-মুখিকৈ পঢিব লগা হয় ।আমাৰ ঘৰটো
একেবাৰে সাধাৰন মাটিৰে সজা ঘৰ আছিল, ধুমুহা বৰষুন আহিলে হল আৰু সেইদিনা আমি শাৰপাই থাকিব লাগে, আমি শোৱাৰ ঠাইত টোপ টোপকৈ বৰষুন পৰে, পাকঘৰ আৰু থকা ঘৰৰ মাজত থকা নাওঁৰা খনটো
কবই নালাগে, অ’ত-ত’ত যে কিমান বৰষুন পৰে, আমি বাল্টি, চৰিয়া পাতি থব লাগে, ৰাতিপুৱা আকৌ সেইবোৰ ভৰ্তিহৈ ওপছি থাকে, পানীবোৰ সিচি পেলাব লগীয়া হয়।কেতিয়াবা
ভাত খাই থাকোতেই বৰষুন আহে, লগে লগে ভাতৰ কাঁহী লৈ দৌৰ মাৰিব লাগে ।
গৰমৰ বন্ধত এমাহ আমি আটাইকেইটাই পথাৰত কাম কৰিবলগীয়া হয়, কাম মানেনো কি---এই যেনে
পথাৰত---কেতিয়াবা কঠিয়া তোলা, মাটি ৰুৱা (ভুই ৰোৱা), আলি দিয়া আদি কামবোৰ, খৰালি বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰে পৰা পথাৰৰ পকা ধান কাটাত
ব্যস্ত হৈ পৰো, আমাৰ
খেতিৰ মাটি খিনি আকৌ পথাৰৰ একেবাৰে মাজত, সকলোৰে ধাঁননি পাৰ হলেহে আমাৰ ধাঁননি পায়গৈ, আমাৰ গৰুগাডী খন একেবাৰে ধাননিলৈকে নিব
নোৱাৰি, সেয়ে
বহুখিনি দুৰতেই ৰাখিবলগীয়া হয়, ৰাতিপুৱাই আমি একোখনকৈ কাঁচি লৈ পকা ধাননিত সোমাই পৰো, চাৰিটাই একোটাকৈ দীঘল পাৰি হিচাপ কৰি
লওঁ, কোনে
কিমানটা মুৰি (ধাঁনৰ পোলা) কাটিব পাৰো তাৰ যেন এক প্ৰতিযোগীতাহে চলে আমাৰ মাজত।
এদিন ধান কাটি থাকোতেই হঠাতে গ’ল নহয় মোৰ কেঁয়া আঙুলিটোৰ মুৰটো কাটি, তেজে ফিচফিচনি মাৰিছে, দাদাক বোলো—দাদা ঐ, বেগেতে আহ ঐ দাদা
মোৰ আঙুলি কাটিলে, দাদাই লগে লগে বাঘবন নামৰ এজোপা বনৰীয়া গছ বিচাৰি তাৰ দুটামান
পাত আনি হাতেৰে মোহাৰি তাৰ ৰস আৰু ঠেতেলিয়াই পেলোৱা পাতখিনি আনি মোৰ আঙুলিত লগাই
দিলে, গামোছাৰ
এটা মুৰ ফালি বান্ধি দিলে। আকৌ ধান কাটিব পৰা হ’লোঁ।এনেকৈ
দুপৰীয়া ২মান বজালৈকে ধান কাটি মুৰিয়াবোৰ এটা এটাকৈ বান্ধি থৈ ঘৰলৈ ঘুৰি আহো, ঘৰ পাই খৰ-ধৰকৈ ভাত-পানী খাই বিৰিয়া আৰু
ধানৰ মুৰিবোৰ গাডীত বান্ধিবলৈ দীঘল ৰচী বা গৰুৰ এৰাল দুডাল মানৰ সহিতে গৰুগাডী খন
লৈ আকৌ পথাৰলৈ যাও, পথাৰৰ গৰুবাটতে গাডীখন ৰাখি থৈ মুৰিবোৰ কঢিওৱাত লাগি যাও, দাদাই ৯ টা, মই ৭টা ভাইটি হঁতে ৫টা আৰু ৩টাকৈ
মুৰিয়া মুৰতলৈ কেঁকো-জেকোকৈ গাডীলৈ বুলি আগবাঢো, আনৰ ধাননিৰ আলিৰ মাজে মাজে যাৱ লাগে, ডিঙি কেৰকেৰাই যায়, এনেকুৱা লাগে যেন কেতিয়া গাডীখনৰ ওচৰ
পাওঁগৈ, এনেকৈ
১০ বাৰ মান কঢিওৱাৰ পাছত গাডীখন ভৰ্তি হয়। ধাঁনৰ গাডীলৈ ঘৰ পাই মুৰিয়াবোৰ নমাই
মেজি আকাৰেৰে থোৱা হয় , হাত-মুখ ধুই কিবা এটা খাই কিছুসময় জিৰণী লৈ ৰাতিলৈ আকৌ মৰণা
পতা হয়, আৰম্ভ
হয় মৰণা মৰা, মৰণাতো
আমি পাল পাতি লওঁ কোনে কিমান পাক ঘুৰাব, দেউতাইও সহায় কৰি দিয়ে ওখোন মাৰাত, মুৰি লুতিওৱাত, দাদাই ধানৰ মুৰিবোৰ মৰণাৰ ওপৰত সিচি যায়, আমি গৰু ঘুৰাই যাওঁ। এনেকৈয়ে ৰাতি
১০টামান বাজেগৈ, মৰণাৰ শেষত গৰুবোৰ নমাই হাতত ওখোনলৈ ধানৰ খেৰবোৰ জোকাৰিব লাগে
ধানবোৰ তললৈ পৰিবলৈ, সেইকাম শেষহলে খেৰবোৰ কাটি একাষৰীয়াকৈ ৰাখি সৰিপৰা ধানবোৰ
চালনিৰে চালিলৈ কোহোনাৰে গোটাই এটা সময়ত সেইবোৰ বস্তাত ভৰাই এঠাইত গোটাই ৰখা হয় । নিজৰ খেতিৰ কাম শেষ হলেও আকৌ সমবায়ৰ ধানৰ কাম আছেই, ৰাইজৰ লগত সমবায়তো মৰনা মাৰিব লাগে ।এনেকৈয়ে আমি প্ৰায় ১৫ৰ পৰা ২০ দিন মান ধানকাটা মৰণা মাৰা কাম কৰিব লাগে, মাঘবিহুৰ আগে আগে যাতে ঘৰৰ চোতাল মুকলি
হয় তাৰ বাবে খৰ-ধৰকৈ কৰিবলগীয়া হয় ।
ধান
কাটি-মাৰি শেষ হলে আমাক আৰু কোনে পায়, পথাৰত গৰু কেইটা এৰি থৈয়ে টাংগুটি বা ভটা গুটি খেলিবলৈ লাগি
যাওঁ, কেতিয়াবা
আমি চিগাৰেটৰ বাহ বোৰ ফালি সেইবোৰ টকাৰ আকাৰত জুখিয়াই আমি টিকত খেল খেলো, শিলগুটিৰ বা লোহাৰ পাইপৰ টুকুৰা লৈ
মাটিত খলি এটা কৰি এটা ভৰি খলিটোত ৰাখি বেগেত মেলি চলিয়াটো (শিলগুটিটো) কিছু দুৰলৈ
মাৰি পঠিয়াওঁ, হাতৰ
মুঠিত চিগাৰেটৰ টকা ২০, ৫০ বা ১০০ বুলি ধৰি ৰৈ থাকো,
লগৰ এজনে সেই একেই নিয়মেৰে নিজৰ
গুটিটোৰে মোৰ গুটিতোত খুন্দিয়াব লাগিব বা এক বেগেত ওচৰত পেলাব লাগে, হাতৰ বেগেতেৰে জুখি চাওঁ, যদি বেগেত মেলোতে ধুকি পায় তেতিয়া সি
মোৰ হাতৰ মুঠিত খকা টকা কেইটা পাই যাৱ। এনেকৈ এবাৰ সি আৰু এবাৰ মই মাৰো ।এনেকৈ
খেলি থাকোতেই কেতিয়াবা গৰু হেৰাই যায়গৈ, সন্ধিয়ালৈকে গৰু বিচাৰি ফুৰিব লগিয়া হয় ।কেতিয়াবা ঘৰৰ ওচৰৰ
মুকলি খেলিব পৰা ঠাই এডোখৰলৈ গৈ লগৰ লৰাবোৰৰ লগত ক্ৰিকেট খেলো, ক্ৰিকেট মানে আমাৰ দিনত আজিৰ নিচিনাকৈ
কিনা বল বেট নাছিল, আমি নাৰিকল গছৰ পাতৰ গুৰি ডোখৰ বেট আকাৰে কাটি লওঁ আৰু বাঁহৰ
মূহাৰে বল বনাই লওঁ, সেয়াই আমাৰ কাৰনে ক্ৰিকেটৰ সজুলি, এদিন ক্ৰিকেট খেলি থাকেতে বাঁহৰ মূহাৰ
বল আহি একোবত মোৰ মূৰত লাগি কব নোৱাৰা হৈ গৈছিলো,
চেতনা ঘুৰাই পাই দেখা পালো মূৰত
প্ৰকাণ্ড এটা টেমুনা হৈ গল, আকৌ এদিন বল আহি মোৰ হাতৰ আঙুলিতে পৰি আঙুলি ঠেতেলা খাই মঙহ
বাহিৰ হৈ গৈছিল, ঘৰত কিন্তু কোনেও ঘুনাক্ষৰেও কোৱা নাছিলো, কলেই জানোছা আমাৰ খেল বন্ধহৈ যায়। তাৰ
লগে লগে মাজে মাজে বৌ-গুডু, ধৰা-গুডু, কাবাডি, ডাৰিয়া কোত খেলো খেলো ।
৫)
এনেকৈয়ে খেলা ধুলা আৰু নানান অভাৱ অনাতনৰ মাজেদিয়েই এদিন দাদাই মেট্ৰিক পাছ কৰিলে,
প্ৰথম বিভাগত, তেতিয়া প্ৰথম বিভাগ পোৱাটো ইমান সহজ কাম
নাছিল । তাৰ দুবছৰৰ পাছত মই মেট্ৰিক পৰীক্ষা দি পৰীক্ষাৰ পাছৰ বন্ধৰ সময়চোৱাত আকৌ
আমাৰ আহুধান খেতি কৰে, জুন জুলাই মাহ অসমীয়া জেঠ-আহাৰ মাহ হয় চাগৈ, খুব গৰম,
তেতিয়া আহুধান পথাৰত চিকুনাব লাগে মানে
ধানৰ মাজত হোৱা ঘাঁহবোৰ খন্তিৰে খুচৰি উভালি পেলাব লাগে নহলে ধানবোৰ ভালকৈ লহপহকৈ
বাঢিব নোৱাৰে । টিকা-ফটা ৰদ থাকিব নোৱাৰি উপাই নাই কৰিবই লাগিব, নহলে যে আমাৰ ভাতৰ চাউলৰ অভাব হৱ ।
আহুধানৰ গেৰ ওলাইছে, ঠিক তেনেতে আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিন ঘোষনা কৰিলে, সেইদিনা মোৰ ৰিজাল্ট লৱলৈ যাবলৈ মোৰ ভয়, কিজানিবা মোৰ ৰিজাল্ট বেয়া হয়, সেয়ে মই ভাইটি আৰু দাদাকেই ৰিজাল্ট
চাবলৈ কৈ মই পথাৰত ধান ৰখিবলৈ গলো ৰাতিপুৱাই, ধান ৰখা মানে মুকলি হৈ থকা গৰু-ছাগলীয়ে আহি খাই নেকি চাই থাকিব
লাগে, কাৰন
কাষত খেতি কাৰোৰে নাই কেৱল আমিহে আহুধান কৰিছো । ধান ৰখিয়াহৈ আছো যদিও মোৰ কিন্তু
মনে মনে ভয়ৰ ভাবটোৱে খুলি খুলি খাই আহিছে যিমানে সময় পাৰ হৈ গৈছে, ১১ বজাত ৰিজাল্ট ঘোষনা কৰাৰ কথা, বাৰে বাৰে ঘৰৰ ফালে মূৰ তুলি তুলি যিমান
দুৰলৈ পাৰো চাই থাকিলো কিজানিবা কোনোবাই ভাল-বেয়া যিকোনো খৱৰ আনিছেই । কতো মন বহা
নাই, এবাৰ
বহিছো এবাৰ মূৰ তুলি চাইছো তেনেকৈ যে কিমান সময় গল কৱই নোৱাৰো মই, ঠিক তেনেতে ভাইটি দৌৰি দৌৰি মই থকা
ফাললৈ চিঞৰি চিঞৰি আহি থকা দেখা পাই মই অলপ আগুৱাই গলো, বুকুৰ ধপধপনি ক্ৰমান্বয়ে বাঢি আহিছে,-----তেনেতে তাৰ চিঞৰ শুনাপালো -----ঐ দাদা
তোৰ ৰিজাল্ট আনিলো, তই পাছ কৰিছ, তই দ্বিতীয় বিভাগত আৰু বিজ্ঞানত লেটাৰ পাইছ। এতিয়া মই ধান ৰখিম
তই সোনকালে ঘৰলৈ যা এতিয়াই , তোক মাতিছে মা-দেউতাহঁতে। লগে লগে তাক তাতে থৈ মই ঘৰলৈ ঢাপলি
মেলিলো, কিমান
খৰকৈ দৌৰিলো মই নিজেই নাজানো, খুব কম সময়তে আহি ঘৰ পালোহি,
ঘৰত সকলোৰে ফুৰ্টি, দেউতাৰ অলপ আপ-চোচ থাকিল কিয় মই প্ৰথম
বিভাগ নাপোলো, এনেও
মই পঢাত সিমান ভাল নাছিলো বুলি জানেই ঘৰত। তাৰ পাছত কলেজত এডমিচন ললো।
৬)
মোৰ পাছে পাছে ডাঙৰ ভাইটিটোও মেট্ৰিক পাছ কৰিলে,
আটাইকেইটা সমানেই কলেজ পোৱাত দেউতাৰ
উপাৰ্জ্জনৰ ধনেৰে আৰু নাটনি হৱলৈ ধৰিলে, মই চাইঞ্চত ভাইটিও চাইঞ্চত এবছৰৰ আগা-পিছা, খৰচ বহুত বেছি হৱলৈ ধৰিলে, দেউতাই জোৰা-তাপলি মাৰি মাৰি ভাগৰি
হতাশহৈ পৰে কেতিয়াবা কেনেকৈ পৰিয়ালটো চলাব বুলি,
লাহে লাহে আমাক সকলো জোগৰ কৰি দিয়াৰ
বাবে দেউতাই মানুহৰ ওচৰত হাত পাতিবলৈ বাধ্য হল, মই হায়াৰচেকেণ্ডাৰী পাছ কৰিলো,
তেনেকৈয়ে ইঞ্জিনিয়াৰিঙৰ প্ৰবেশ পৰিক্ষা
দিম বুলিও নিদিলো, ইফালে ভাইটিটো পঢ়াত অলপ মোতকৈ ভাল আছিল, সি মেট্ৰিকত ৫টাত লেটাৰ পাই পাছ কৰিছে, তাৰ আকৌ সৰুৰে পৰাই ডাক্তৰ হোৱাৰ হেপাহ
এটা আছে,---কিবা
কয় নহয় বোলে যাৰ ঘৰত খাবলৈ নাই তাৰ ঘৰত উচ্ছাকাঙ্কাও বেছি বুলি , আমাৰ তেনেকুৱাই ভাব এটা মনলৈ আহিল, মোৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন সিমানতেই
সামৰিলো। ভাইটিয়ে দৈনিক ক্লাচবোৰ কৰি যায় আৰু ৰাতি মই তাৰ ব্যৱহাৰিকৰ ছবি বোৰ আঁকি
আঁকি দিও, সি
ছবিত অলপ ৰ আছিল, নজনাটো মই তাক শিকাই দি সহায় কৰিলো, টিউচন বুলিবলৈ আমাৰ নাই, কাৰণ টিউচন লৱলৈ আকৌ মাহে মাহে টকাৰ
অভাব। মোৰ যি হয় দেখা যাব, তাৰ সপোনবোৰ ভাগি যাৱলৈ মইতো দিব নোৱাৰো,সেই ভাবিয়েই দিনে নিশাই আমি দুয়োটাই
চেষ্টা কৰি থাকিলো। ইফালে মই কলেজত বি.এচ.চিত নাম লগালো, ভাইটিয়েও হায়াৰচেকেণ্ডাৰী পাছ কৰিলে
অংকত লেটাৰ মাৰ্ক লৈ , আৰু মেডিকেল বাচনিৰ বাবে প্ৰ্স্তুতি চলালে,কিতাপ বুলিবলৈ মই পঢা কিতাপ কেইখনেই সি
পঢিছে । এদিন সি মেডিকেলৰ বাচনি পৰীক্ষা দিলে, যথাসময়ত ৰিজাল্ট ওলাল পেপাৰত,
তাৰ বন্ধু এজনে আহি ঘৰতেই খৱৰটো দি গলহি, আমি সকলোৱে আনন্দত আত্মহাৰা হৈ পৰিলো, তেনেতে মাৰ মুখত একাষাৰ
শুনিলো----ভগৱানে আমাক চকুমেলি চাইছে । কেইদিন মানৰ পাছত ভাইটিৰ মেডিকেলত এডমিচন
লৱৰ হল, দেউতাই
ধাৰে-ঋনে কৰবাৰ পৰা টকা কেইটা জোগৰ কৰিলেহি, এতিয়া গুৱাহাটীলৈ যাব লাগে, সেইদিনা আছিল বৃহস্পতিবাৰ, জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ অসম বন্ধ দিছে, এতিয়া গুৱাহাটীলৈ যোৱা যায় কেনেকৈ, এতিয়াৰ দৰে তেতিয়া নগাঁৱৰ পৰা ৰেলৰ
যোগাযোগ নাছিল, উপাই
নাই যাবতো লাগিবই, যাৱতীয় কাগজ পাতিৰে দাদাই তাক লগত লৈ গুৱাহাটীলৈ বুলি ওলাই গল, কিবা এটা কৰিতো যাবই লাগিব, সিহঁত গৈ বাছ-আস্হানৰ ওচৰত বহুত সময় ৰল, নাই কোনো গাডীৰ আহ-যাহ নাই, দোকান-পোহাৰ সকলো বন্ধ, কি কৰা যায় এতিয়া তাকে ভাবি চিন্তি
থাকোতে জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ কৰ্মীসকলৰ এখন মেটাডৰ গাডী আহিল, গুৱাহাটীলৈকে যাৱ, তেওঁলোকে অলপ জিৰাই কিবা খাবলৈ পাই নেকি
চাইছে, তেনেতে
দাদা গৈ এজন কৰ্মীক সমস্যাটোৰ কথা বিবৰি কলে, তেওঁৰো হয়তো কিবা ভাল লাগি, বুজিব পাৰি কলে যাব পাৰিব আমাৰ গাডীতে। তেতিয়াহে সিহঁত হালৰ
যেন মুখলৈ পানী আহিল। গুৱাহটী পালেগৈ , এডমিচনো হৈ গল, এতিয়া ডিব্ৰুগড মেডিকেল কলেজলৈ যাৱ লাগে, হুষ্টেলত থাকিব লাগিব, আকৌ একেই সমস্যা, দেউতাই আকৌ কৰোবাৰ ওচৰত হাত পাতি টকা
কেইটামান জোগাৰ কৰি দিলে ।
৭)এতিয়া
প্ৰতি মাহে মাহে ভাইটিলৈ প্ৰায় ৩ হাজাৰ মানকৈ টকা পঠাব লাগে, কিতাপ-পত্ৰৰ খৰচ, হুষ্টেলৰ খৰচ ঈত্যাদিৰ কাৰণে, দেউতাই সকলো অভাবকেই আওঁকান কৰি তাৰ
লাগতিয়াল টকা কেইটা প্ৰতি মাহে সময়ত দিবলৈ চেষ্টাৰ কুটী নকৰিলে। মাজে মাজে তাৰ দুই
এখন চিঠি আহে---দেউতা মোৰ পইচা শেষ, পাৰে যদি মোলৈ পইচা কেইটামান পঠাব। কেতিয়াবা ঘৰলৈ পইচা বিচাৰি
গাঁৱৰ এঘৰলৈ ফোন কৰি কয়—যে আমাৰ ঘৰত কৱচোন মোলৈ পইচা পঠাই দিবলৈ, প্ৰথম কেইমাহমান মানুহঘৰে লগে লগেই
খৱৰটো দিয়েহি, কিন্তু
পাছলৈ লাহে লাহে সেই খৱৰ আমাৰ ঘৰ পাওঁতে প্ৰায় তিনি চাৰি দিন হয়, সুধিলে কয় পাহৰিলোৱেই আমি কৱলৈ, চিঠিবোৰ আহি পাওঁতেও প্ৰায় ১৫ দিন মানেই
লাগে, এতিয়াৰ
দৰে সেইসময়ত স্পীডপোষ্ট বা একাউণ্ট পেমেণ্ট কৰিব পৰা সুবিধা নাছিল, মানিঅৰ্ডাৰ কৰিয়েই পঠাব লাগে , তাকো গৈ পাওঁতে পাওঁতে এমাহ মান লাগে, কেতিয়াবা পইচা সময়ত নাপাইগৈ, আকৌ ডাকঘৰত গৈ খৱৰ কৰিৱলগীয়া হয়। এই
সমস্যাবোৰৰ পৰা হাত সাৰিবলৈকে উপাই নাপাই মই প্ৰতি মাহে পইচা লৈ ৰাতিৰ গাডীত
ডিব্ৰুগ়ড অভিমুখে যাত্ৰা কৰো, ৰাতিপুৱা পাওঁগৈ, দিনটো তাৰ হুষ্টেলতে থাকি আকৌ ৰাতিৰ গাডীত আহি নগাঁও পাও।
এনেকৈয়ে চাৰে চাৰি বছৰ অহাযোৱা কৰিলো, লাহে লাহে ওচৰ-চুবুৰীয়াই উন্নতি দেখি আমাৰ প্ৰতি ইৰ্শাৰ কৰিবলৈ
ধৰিলে, কোনেওঁ
দেউতাক টকা-পইছা ধাৰলৈ নিদিয়া হল, দেউতাই কোনো উপাই নেদেখি কাবুলিৰ পৰা টকা সুদত ধাৰলৈ লবলৈ
ধৰিলে, এনেকৈ
ধাৰ কৰোতে কৰোতে বহুত টকা ধাৰহৈ যায়, কাবুলিৱালা আহি ঘৰ পাইহি টকা ঘুৰাই বিচাৰি, এদিন এনে এটা সময় আহিল দেউতাৰ উপাই
নাইকিয়া হল, মুৰে-কপালে
হাত দি চিন্তাকৰি থাকা দেখি---মায়ে নিজেই কৱলৈ বাধ্য হল---হেৰি শুনিছেনে
বোলো---মোৰ গহণা কেইপদকেই বন্ধকত দিয়ক নহলে আৰু উপাই নাই, দেউতাই এপলক মাৰ মুখলৈ চাই থাকি একো কৱ
নোৱাৰিলে, পাছদিনা
দেউতাই মাৰ গহনা কেইপদ লৈ বন্ধকত দি সেই টকাৰে কাবুলিৰ ধাৰ পৰিশোধ কৰিলে।
দাদাইও
বি.এ পাছ কৰি চৰকাৰী চাকৰি এটাৰ কাৰনে হাবাঠুৰি খাৱলৈ ধৰিলে, হলে কিটো হব, বিচাৰিলেই জানো চাকৰি
পায়, এটাৰ
পাছত এটাকৈ ইন্টাৰভিউ দি আছে, নাই ক’তো
একো সুবিধা কৰিব নোৱাৰিলে, এদিন ৰেলবিভাগৰ লিখিত পৰীক্ষাৰ ফলাফল ওলাল, দাদই পাছ কৰিছে, কিন্তু মৌখিক আৰু চাইকলজিকেল টেষ্ট আছেই
, সি
গুৱাহাটীলৈ অহাযোৱা কৰিবলৈ ধৰিলে, কেতিয়াবা ৰাতিয়েই যায়, কেতিয়াবা ২,৩ দিনমান নাহেই, এনেকৈ এবছৰ অহা-যোৱা কৰিলে, মৌখিক পৰীক্ষাও দিলে, কিন্তু কেতিয়া এপইনমেন্ট দিব ঠিক নাই, সেই লৈ অহা যোৱা কৰি কৰি সি মাজে মাজে
ভাগৰি পৰে হতাশো হয়। এনেকৈ যাওঁতে যাওঁতে ৰেলবিভাগৰ সেইসময়ৰ চেয়াৰমেন অমিয় কুমাৰ
বৰুৱাৰ লগত লগা লগি হল, তেখেতে দাদাৰ চাকৰিটোৰ বাবে কিছু সহায় কৰি দিলে । দাদাৰ
এপইন্টমেন্ট হৈ ট্ৰেনিংলৈও গল, ভাইটিও মেডিকেল শেষ কৰি ইন্টাৰ্নিচিপ কৰিছে, সি এতিয়া মাহে ৭হাজাৰকৈ ষ্টাইপেন পায়, তেতিয়াহে আমাৰ পৰিয়ালটোলৈ অলপ সকাহ আহিল
।
৮)
(দেউতা স্বৰ্গীয়
ঘনকান্ত বৰা, ৩১ আগষ্ট, ২০১২ প্ৰথম বাৰ্ষিক আদ্য-শ্ৰাদ্ধানুষ্ঠনৰ উপলক্ষে এই
সামান্য লেখাটি দেউতাৰ স্মৃতিত ৰাইজলৈ আগবঢ়ালো।)
এক সহিব নোৱাৰা পল।
বিদায় মূৰ্হুত্ব যেনেকুৱাই নহওঁক কিয় সেয়া এক অনাবিল বিষাদৰে ভৰা পাহৰিব নোৱাৰা
সময়। আমি প্ৰত্যেকেই জীৱনত কেতিয়াবা এনে এক মূৰ্হুত্বৰ সন্মুখীন হৱলগীয়া হয় ।
কোনোবাই আত্মীয়-স্বজনক এৰি যোৱাৰ সময়ত, কোনোবাই কৰ্মময় জীৱনৰ অৱসৰ, কোনোবাই স্বদেশ
এৰি চিৰদিনলৈ যোৱাৰ সময়ত আৰু কোনোবাই জীৱনৰ সমস্ত মায়ামোহ, ধন-ঐচৰ্য্য এৰি দেহ
ত্যাগ কৰাৰ সময়ত আপোনজনে হিয়াধাকুৰি হুক-হুকাই উঠো শেষবাৰৰ বাবে, কবলগীয়া বহু কথাই
মনৰ মাজতে ওকমোকাই থাকে, কিন্তু একোৱেই কব পৰা নাযায়, সকলো নিৰবে সহ্য কৰি যাবলগা
হয়, কৰিবলৈ একোৱেই নাথাকে তেনেসময়ত.........লাহে লাহে সময়ৰ সোঁতত সকলো পাহৰি
পৰিস্থিতি পৰিবেশৰ লগত নিজকে খাপখুৱাই লবলৈও বাধ্য হয়। এনে এক অনাবিল মূৰ্হুত্বত
মোৰ অনুভুতি খিনি এনেকৈ লিপিবদ্ধ কৰিলো..............
এদিন এনেকৈয়ে
হঠাতেই মোৰ দেউতা চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ দিন আহিল। তাৰ আগতে এদিনো ভাবি চোৱা
নাছিলো যে দেউতাৰ এদিন চাকৰি শেষ হৱ। কব
নোৱাৰাকৈয়ে মোৰ মনত এক ভাবিব নোৱাৰা শোকে খুন্দমাৰি ধৰিছিল সেইদিনা, ভাবিবলৈ বাধ্য
হৈছিলো যে সেইদিনটোৰ পৰা আৰু মোৰ দেউতাৰ চাকৰি নাথাকে। অৰ্থাত্ সেইদিনাৰ পৰা
দেউতাই আৰু মাহেকৰ মুৰত কোনো দৰমহা নাপায়....সকলো চৰকাৰী চাকৰিয়ালৰ জীৱনলৈ এনে এটা
অৱসৰৰ দিন এদিন আহেই। মোৰ দেউতাই প্ৰথম চাকৰিয়াল নহয় যে অৱসৰ গ্ৰহন কৰিছিল, তেনেহলে—তেনেহলে
মই কিয় সহজে মানি লব পৰা নাই ? নাজানো আন
মাক-দেউতাকে অৱসৰ লোৱাৰ দিনা তেওঁলোকৰ সন্তানে এনেকৈ দুখত ভাগি পৰেনে
নাই।---কথাবোৰ মই বাৰু বেছিকৈ চিন্তা কৰিছো নেকি- নিজকে নিজে শান্তনা দিবৰ বাবে
মাজে মাজে ভাবি চাইছিলো....নাই তেনেকুৱা নহয়....আনৰ লগত আমাৰ পৰিয়ালৰ আকাশ-পাতালৰ
পাৰ্থক্য আছে। কাৰণ সাধাৰণ প্ৰাইমেৰী শিক্ষকৰ চাৰিটি সন্তানৰে গঠিত অভাব অনাটনে জৰ্জৰিত পৰিয়াটোৰ আটাইকেইটা
প্ৰাণীয়েই মাহটোৰ শেষত দেউতাৰ দৰমহাৰ টকা কেইটালৈ অলেখ আশাৰে বাটচাই ৰব লাগিয়া
হৈছিল। দেউতাই নিজে কৰা খেতিৰ ধানেৰে বছৰটো নোযোৰেগৈ, তেল-নিমখৰ পৰা আদিকৰি সকলো
বাকী দোকানৰ পৰা কিনিবলগীয়া হয়, তাতে চাৰিটাকৈ লৰাক স্কুলৰ পঢ়া-শুনাৰ খৰচৰ কথা
নকলোৱেইবা, আগদিনা মাহিলী দৰমহা লৈ আহে আৰু মাহৰ ১০টা দিনৰ পাছত সেই একেই অৱস্থা
হয়গৈ। মাহৰ শেষৰ ফালে বাকী দোকানীৰ নানান কৰ্কথনা শুনিব লগা হয়। সেয়ে হয়তো সহজভাবে
লব পৰা নাছিলো। আজিৰ পৰা আৰু কোনো আশালৈ মাহৰ শেষৰ দৰমহা পোৱা দিনটোলৈ বাটচাব
লগিয়া নহয়, তাকেই ভাবি ভাবি দুচকুৱেদি কেতিয়া জানো দুধাৰি চকুপানী বৈ আহিল কবই
নোৱাৰিলো।
সেইদিনা আছিল ২০০০
চনৰ ৩১ ডিচেম্বৰৰ দিন। লগৰ সমনীয়াহঁত ইংৰাজী নৱবৰ্ষক আদৰাৰ প্ৰস্তুতিত ব্যস্ত, আৰু
আমাৰ পৰিয়ালৰ সকলো সেইদিনা এক বুজাব নোৱাৰা দুখত ঘৰতেই চটফটাই ফুৰিছো। সেইদিনটোতেই
দেউতাক বিদ্যালয়ৰ পৰা বিদায় সম্ভাষন জনোৱা হৱ। সদায় অহাৰ দৰে সেইদিনাও দেউতাৰ
সহকৰ্মী মোহন বৰুৱা চাৰ আহি আমাৰ ঘৰ ওলাইছিলহি ঠিক ৯ মান বজাত, লগতে আহিছিল আন এজন
শিক্ষকো মটৰ চাইকেল লৈ দেউতাক ঘৰৰ পৰা লৈ যাবলৈ। দেউতা গা-পা ধুই ওলাই মানে সদায়
তেওঁ আহি আমাৰ সন্মুখৰ ৰূমৰ বিচনাতে দীঘল দি জীৰণী লয়হি, মায়ে চাহ একাপ দিয়ে আৰু
দেউতা ওলাই হলেই একেলগে দুয়ো বিদ্যালয়লৈ যায়গৈ। এয়া যেন দেউতা আৰু বৰুৱা চাৰৰ এক দৈনিক
ৰুটীনহে। সেইদিনাও আহি একেলগেই ওলাই গল। আমাৰ মা-দাদ-ভাইটি কাৰো মুখত হাঁহি
নাই...সকলোৱে যেন ইজনে সিজনৰ পৰা মনৰ মাজত থকা দুখখিনি লুকুৱাইহে ৰাখিছে। কিন্তু
নিজকে যেন কোনেওঁ বুজাব পৰা নাই।
আবেলি ঠিক ৪মান
বজাত দেউতাক সহকৰ্মী ৮জন মান আৰু বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে ঘৰত থবলৈ আহিছিল। সকলোকে
বহিবলৈ দি মা-চাহৰ খোলাত লাগিল, মই দুৰৰ পৰাই আলেঙে আলেঙে চাই আছিলো, ওচৰলৈ যাবলৈ
সাহস হোৱা নাছিল, আচলতে দেউতাৰ মুখামুখি হৱ পৰা নাছিলো.......শঁৰাই, গামোচা, এখন
এৰীকাপোৰ, এটা হাকোটা ছাতি, দুডালমান লাখুটি আৰু এখন প্ৰশস্তিপত্ৰ, কেইটামান
নামীদামী কলম আৰু এটা হাত ঘড়ীৰে আমাৰ একমাত্ৰ সন্মুখৰ টেবুলখন ভৰি পৰিছিল।
সহকৰ্মী সকলে দেউতাক কিবা কিবি কৈ বুজানি দি থকা শুনিছিলো. যদিও দেউতাৰ মুখেৰে এটা
শব্দও শুনা নাছিলো..............এনেকৈ কেইমূৰ্হুত্বমান পাৰ হৈছিল.......হঠাতে কাণত
পৰিল দেউতাৰ হুক-হুকনি...হয় সেয়া দেউতাই হুকহুকাই উঠিছে........ভিতৰত মায়ে উচুপি
উঠিছে........বুজিবলৈ বাকী নাথাকিল......মোৰ দুচকু চকুপানীৰে উপচি পৰিল, নিজকে আনৰ
চকুৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিছিলো যদিও চকুৰপানীক বাধা দিব নোৱাৰিলো। মনলৈ অনেক
ভাব আহিছিল সেই মূৰ্হুত্বত.........এতিয়া আমি কেনেকৈ চলিম, কেনেকৈ ভাতৰ চাউল
কিনিম, কেনেকৈ ঘৰৰ সমস্ত খৰচ উলিয়াম, দেউতায়েবা কেনেকৈ চলাব ঘৰখন....এনেবোৰ যেন
বহু প্ৰশ্নই একেসময়তে মনটো ভাৰক্ৰন্ত কৰিলেহি। এটা সময়ত সকলোৱে দেউতাৰ পৰা বিদাই
লৈ ঘৰলৈ বুলি উভতিল। আকৌ আমাৰ ঘৰখন নিৰ্যনতাৰে ভৰি পৰিল, কতো একো শব্দ নাই....যেন
কাঁহ পৰি যিনযোৱা অৱস্থা.....যি যতেই আছে ততেই থাকিল, দেউতা সেই কাঠৰ চকীখনতে
দেহাটো এৰি দি বহুত পৰ বহি থাকিল......মুখত এক সহিব নোৱাৰা চিন্তাই যেন দেউতাক
খুলি খুলি খাইছিল। এইবোৰ দেখি শুনিয়েই মই বহুদিনলৈ মা-দেউতাৰ পৰা পঢ়া-শুনাৰ বাবে
পইচা খোজা নাছিলো, কিজানিবা দেউতাই দিব নোৱাৰি মনত দুখ পাই, যিমান পাৰো নিজেই নিজৰ
কাম কৰি গৈছিলো, ভাইটি দুটাকো মনে মনে কৈছিলো---তহঁতে কিন্তু মা-দেউতাক এতিয়া আৰু
আগৰ দৰে পইচা নিবিচাৰিবি দেই—সৰু ভাইটিতো একেবাৰে সৰু আছিল, সি একো নুবুজি সুধিছিল
কিয় দাদা...দেউতাই পইচা নিদিয়ে বুলি কৈছে নেকি..??..কেনেকৈ
বুজাম তাক, কেনেকৈ কও মই দেউতাই আৰু পইচা কেতিয়াওঁ নাপাই বুলি। তথাপিওঁ তাক
বুজাবলৈ চেষ্টা কৰিছিলো, হয়তো সি লাহে লাহে বুজিব পাৰিছিল চাগৈ।
ইমান খিনিলৈকে সকলো
ঠিকেই বুজিছিলো । দেউতাৰ চাকৰি কৰাৰ দিনত সহকৰ্মীৰে আমাৰ ঘৰ প্ৰায়ে ভৰি আছিল।
বৰুৱা চাৰতো প্ৰায়ে আহোতে যাওঁতে মাৰ হাতৰ একাপ চাহ নাখালে হেপাহেই নপলাইছিল,
প্ৰতিদিনেই দুইতিনিজন মান শিক্ষক আমাৰ ঘৰত বিভিন্ন কাৰণত সোমাইছিলহি.....কিন্তু
দেউতাৰ সেই সহকৰ্মী সকল বিগত ১১ বছৰে এজনেও দেউতাৰ এটা খৱৰ লোৱাৰ প্ৰয়োজন বোধ
নকৰিলে.......আনকি দেউতা ২০১০-১১ বছৰ দুটা দুৰাৰোগ্য ৰোগত আক্ৰন্ত হৈ শৰ্য্যগত
অৱস্থাতো খৱৰ কৰিবলৈ কোনো এজন সহকৰ্মীয়ে অহা নাছিল। ভাবিবলৈ বাধ্য হৈছিলো কিয়-কিয়
দেউতাৰ সেইসকল সহকৰ্মীয়ে এনেকৈ দেউতাক অকলশৰীয়া কৰি পতাৰণা কৰিলে, আমাৰ পদুলিয়েদি
পাৰহৈ গলেও কিয় এবাৰ দেউতাৰ খৱৰ লোৱাৰ প্ৰয়োজন বোধ নকৰিলে, চাকৰি জীৱনত গঢ়লোৱা
সৰ্ম্পকবোৰ এনেকৈয়ে শেষ হৈ যায়নে, অৱসৰ মানেই সকলো শেষ নেকি ? হয়তো তেওঁলোকৰো বাধ্য-বধকতা আহি পৰিছিল.....ইচ্ছা থাকিও যেন আহিব পৰা
নাছিল তেওঁলোক। আজি মোৰ দেউতা নাই, তেওঁ যোৱা ২০১১ চনৰ ১ আগষ্টৰ দিনা আমাক সকলোকে
কন্দুৱাই এৰি থৈ স্বৰ্গগামী হল, এনেকৈয়ে দেউতাৰ আমাৰ পৰা বিদায় ললে। তেখেতৰ আত্মাই
চিৰশান্তি লাভ কৰক। যোৱা ৩১ জুলাইৰ দিনা মোৰ দেউতাৰ বাৰ্ষিক আদ্য-শ্ৰাদ্ধানুষ্ঠান
উদযাপন কৰিলো।
No comments:
Post a Comment