Thursday, 10 October 2013

অদুৰ ভবিষ্যতৰ পৰিবৰ্তনৰ সম্ভাৱনীয়তা বোৰঃ----



পাৰহৈ যোৱা ২০ বছৰত দ্ৰুতগতিত যি অভূতপূৰ্ব পৰিবৰ্তন দেখা পাইছো, এই পৰিবৰ্তনৰ ধাৰা অব্যহত থাকিলে অহা ১০০ বছৰৰ ভিতৰত কিমান পৰিবৰ্তন হৱ তাৰেই এটা কাল্পিনক ধাৰণা.....................
মানুহবোৰ অত্যন্ত ব্যস্ত হৈ পৰিব। কৰোৰে বাবে এপলক উলতি চাবলৈ সময় নাথাকিব, কাষেদি পাৰহৈ গলেও মাতষাৰ দিলেও যেন বহুতকাম পিছপৰি যাব। সময়ৰ ইমানেই অভাৱ হৱ যে সেয়া কল্পনাৰো উৰ্দ্ধত।
১) বিয়া সবাহ খাবলৈ মানুহৰ সময় নাথাকিব। নিমন্ত্ৰন বোৰ ইলেক্ট্ৰনিক মাধ্যমেৰে কৰিব। উপহাৰ বোৰ কুৰিয়াৰত পঠিয়াই দিয়া হৱ। আশীৰ্বাদবোৰো মানুহে মেইল কৰিহে দিব। হুমৰ জুই ফিলামেণ্টত জ্বলিব, একেসময়তে দেউৱে অনলাইনেৰে শ্লোক মাতি কেইবাখনো বিবাহ সম্পন্ন কৰিব। দৰা যদি থাকে কেলিফোনিয়াত, কইনা যদি থাকে অসমত, ব্যস্ততাৰ বাবে লগালগি হৱ নোৱাৰিলেও বিবাহ সম্পন্ন সম্ভৱ হৈ পৰিব। 
২) সেৱা-সকাম পাতিলে পুথি পঢ়িবলৈ ভকতৰ অভাৱ হৱ। পাঠেক নোহোৱা হৱ। সেয়ে পুথিপঢ়া কেচেত লগাই দিয়া হৱ আৰু প্ৰসাদ বোৰ ঘৰে ঘৰে বিতৰন কৰি দিব। আত্মীয়ৰ মৃত্যুত এতিয়াৰ দৰে ১১ দিনৰ পৰিবৰ্তে এদিন/ এবেলাতে ব্ৰত, শোক সকলো সমাপ্ত কৰিব।
৩) স্কুল-কলেজলৈ গৈ শিক্ষা গ্ৰহণ কৰিব লগীয়া নহৱ, সকলোৱে ঘৰতে ইণ্টাৰনেটতে পাঠ গ্ৰহণ কৰিব, শিক্ষকেও পাঠদান অনলাইনতে কৰিব।লৰা-ছোৱালীয়ে পৰীক্ষা ফৰ্ম অনলাইনতে দিব আৰু পৰীক্ষাবোৰো অনলাইনত।
৪) ডাকঘৰ, বেংক, আন-আন কাৰ্য্যালৰ কৰ্মচাৰীয়েও ঘৰৰ পৰাই সকলো নিয়ন্ত্ৰন কৰিব। সকলো কাম মূৰ্হুত্বৰ ভিতৰতে ঘৰৰে পৰা কৰিব পৰা হৱ।
৫) বা-বজাৰ কৰিবলৈ আহৰি নাথাকিব, সকলোৱে অৰ্ডাৰহে কৰিব, যথাসময়ত সকলো প্ৰয়োজনীয় বয়-বস্তু ঘৰতে আহি পাবহি, তাকো শ্লিপ-লিফটেৰে প্ৰতিঘৰৰ গেটৰ সন্মুখত নিজে নিজেই ডাউনলোড/আনলোড হৈ যাব। বয় বস্তুবোৰৰ লোডিং-আনলোডিং সকলো স্বয়ংক্ৰিয় ভাবেই পৰিচালিত হৱ। ক্ৰেডিট কাৰ্ডৰ পদে পদে ব্যৱহাৰ হৱ।ঘৰৰপৰাই বিল ই-ট্ৰেঞ্চফাৰৰ জৰিয়তে পৰিশোধ কৰিব।
৬)জনসংখ্যাৰ দ্ৰুত হাৰত বৃদ্ধিৰ ফলত বাসস্থানৰ অভাৱ হৱ। ৰাজপথবোৰ বহলোৱাৰ কোনো উপায় নাথাকিব, প্ৰতিখন চহৰতে মেট্ৰ ৰেল চলিব, চহৰ বোৰৰ ওপৰেৰে বৃহত্ বৃহত্ ফ্লাই অভাৰ ব্ৰীজ ভৰি পৰিব। উৰাজাহাজৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হৱ, ফলত বিমান দুৰ্ঘটনাবোৰ এতিয়া মটৰ দূৰ্ঘটনাৰ দৰে হৈ পৰিব।
৭)মাছ, মাংস, শাক-পাচলি একো প্ৰটিন জাতীয় খাদ্য নাথাকিব, সেয়ে বৈজ্ঞানিকে তাৰ সলনি এবিধ ঔষধ উলিয়াব যিটো খালে মানুহে ১০,১৫ দিনলৈ ভোক অনুভৱ নকৰিব।
৮)৬০ বছৰৰ ওচৰ চাপিলেই মানুহ বোৰ এক্সপাইৰেড হৈ গল বুলি আৰ সমাজৰ বোজা বুলি ভাবিব, সেয়ে চিধাই বৃদ্ধা আশ্ৰমত নিজ নিজ পিতৃ-মাতৃক সন্তানে গৈ থৈ আহিবগৈ।
৯) জলবায়ুৰ অস্বাভাবিক পৰিবৰ্তন হৱ।বৰষুণ নোহোৱা হৱ, শীত আৰু বৰ্ষা বুলি কোনো ঋতুৱেই নাথাকিবগৈ, উষ্ণতা ইমানেই বৃদ্ধি পাব যে পৃথিৱীৰ বহু অঞ্চলৰ লগতে ভাৰতবৰ্ষৰো কিছুমান অঞ্চল মৰুভূমিলৈ পৰিবৰ্তন হোৱাৰ পথত আগবাঢ়িব, নদ-নদীৰ বুকু উকা হৈ ৰব। তাৰ বিপৰীতে হিমবাহ গলি হঠাতে ধল নামি আহি কাল-সংহাৰি ৰূপ ধাৰন কৰিব, ভু-পৃষ্ঠ হঠাতে পানীৰ উপচি পৰিব যদিও অত্যাধিক তাপমাত্ৰৰ ফলত কম সময়তে সকলো শুকাই পৰিব। পেট্ৰোল, ড্ৰিজেলতকৈ কেইবাগুণ চৰা দামত পানী ক্ৰয় কৰিব লাগিব। বায়ুমণ্ডলত কাৰ্বন মনক্সাইডেৰে ভৰি পৰিব, মানুহৰ হাওঁফাওঁ পৰিস্কাৰ কৰি ৰাখিবলৈ গুড় (মিঠৈ) বিচাৰি হাহাকাৰ লাগিব। কাৰণ বৰষুণৰ অভাৱত কতো কুঁহিয়াৰ খেতি নহৱ।
১০) পেজমেকাৰৰ দৰে মানুহৰ দেহ আন অঙ্গবোৰো কৃত্ৰিম ভাবে উপলব্ধ হৈ পৰিব। সৰহ সংখ্যক লোকৰ দেহ বেছি অংশই কৃত্ৰিম অঙ্গৰে সংস্থাপিত হৱ।
১১) নামঘৰ, মন্দিৰ, মজ্জিদ, গিৰ্জা, আদিত দুই এজন বৃদ্ধই উৱলি যোৱা (পুনৰ প্ৰকাশ বন্ধ বাবে) ভাগৱত, কোৰাণ, বাইবেল লৈ জলক-তবক দৃষ্টিৰে মুক্তিৰ বাবে প্ৰাথৰ্না জনাব।
১২) খনিজ সম্পদ অহেতুক অপব্যৱহাৰৰ বাবে ভূ-গৰ্ভৰ তলি উদং হৈ পৰিব। ফলত সামান্য এটি ভূমিকম্পতেই ভূ-খণ্ড খহি পৰাৰ সম্ভাৱনা থাকিব প্ৰচুৰ।
১৩) প্ৰাকৃতিক সম্পদ ধংস, বনাঞ্চল ধংসৰ ফলত বায়ুমণ্ডলত অক্সিজেনৰ প্ৰয়োজনতকৈ নাটনি হৱ। জীৱ-জন্ত বোৰৰ বিভিন্ন প্ৰজাতি বিলুপ্ত হৈ পৰিব। এককথাত সকলো ফালৰ পৰা প্ৰাকৃতিক ভাৰষাম্য হেৰাই যাব।
১৪) মানুহে যুদ্ধকালিন তত্পৰতাৰে প্ৰাকৃতিক ভাৰষাম্য অক্ষুন্ন ৰাখিবলৈ হাজাৰ চেষ্ঠা কৰিও বিফল হৱ। বিকল্প হিচাপে মঙ্গল গ্ৰহৰ লগতে আন বহুকেইটা নতুন গ্ৰহৰ সম্ভেদ উলিয়াব, যত বসবাসৰ উপযুক্ত বাতা-বৰণ বিচাৰি পাব।
১৫) বিজ্ঞানৰ অত্যাধুনিক ন ন আৱিস্কাৰে চমক লগাব, যিবোৰ এতিয়া কল্পনাও কৰিব পৰা নাযায়। শূন্যতে এল.চি.ডি. প্ৰজেক্টৰৰ দৰে ডিচপ্লেত সকলো দেখাযাব আৰু শূন্যতে ডিচপ্লে বুটামৰ দ্বাৰা সেইবোৰৰ নিয়ন্ত্ৰন হব।
১৬)  মানুহৰ চকুত পিন্ধা চশমাৰ কাঁচতেই দেশ দেশান্তৰৰ বা-বাতৰি লবপৰাকৈ সফল হৱ  
১৭)  একেখন কাৰ্ডেই ক্ৰেডিট কাৰ্ড, .টি.এম, পেনকাৰ্ড, দ্ৰাইভিং লাইচেঞ্চ, আৰ.চি, জন্মৰ প্ৰমান+তাৰিখ, শিক্ষাগত অৰ্হতা, বৃত্তি, ঠিকনা, শাৰিৰীক গঠন আদি সকলো তথ্যৰ যোগান ধৰিব

No comments:

Post a Comment