Wednesday, 9 October 2013

সৰু সৰু ঘটনাঃ-





শনিবাৰে মঙলবাৰে মোৰ পিতায়ে
বাঁহ কাটিবলৈ নিদিয়ে,
ঔ টেঙা, ঠেকেৰা গছত ভৰ দুপৰীয়া,
উঠিবলৈ নিদিয়ে।।..............................এই ধৰণৰ নাপায় বোলা কথাফাঁকি আখৰে আখৰে কেতিয়াবা মিলি যায়
সেইদিনা আছিল মঙলবাৰ, দুপৰীয়া ঠিক ১২টামান বাজিছে মই অফিচলৈ গলো, সৰু ভাইটিটোও স্কুললৈ গল ঘৰত আছে মাত্ৰ কামকৰা ল'ৰাটো আৰু মা অকলে আমাৰ ঘৰৰ পৰা ৫শ মিটাৰমান দুৰত এখন বাৰী আছে, তাতে তামোল, পাণ, কৰ্দৈ, আম, কঁঠাল আৰু এজোপা ঠেকেৰা গছো আছে মায়ে দুপৰীয়া কামকৰা ল'ৰাটোক কলে বোলে হে'_তই গৈ বাৰীৰ পৰা তলত সৰা পকা তামোল আৰু পান কেইখিলামান বিচাৰি আন গৈ যা
সি বোলে ঠিক আছে আইতা, মই এতিয়া গৈ আহি আছো বুলি ল'লে দৌৰ একে দৌৰে গৈ সি বাৰীৰ মাজ পালেগৈ পলিথিন থোনা এটাত তলত বিচাৰি বিচাৰি পকা পকা তামোল ২০, ২৫ টামান গোটালে, কিন্তু সমপৰিমান পাণ হে নাপালে যদিও কেইখিলামানতে সি সন্তুষ্ট নহল মনতে ভাবিলে আইতাক মন ভাললগাবলৈ হলে আৰু কেইখিলামান পাণ লৈ যোৱাতো ভাল হব
 
এইবুলি সি ভৰ দুপৰীয়াখন পাণ চিঙিবলৈ বুলি পাণ জোপাৰ কাষতে থকা জৰথ গছ এজোপাত উঠিল, পাণজোপা থকা তামোল গছ জোপাত নুঠিলে কাৰণ সেইজোপাত বিনা জখলাই উঠিলে পাণ গছজোপাৰ ঠাল-ঠেঙুলি বোৰ খহি যাব বুলি জৰঠ জোপাৰ আকৌ ডাঙৰ ডলৰ ফেৰেঙনি এটা আছিল, সি ভাবিলে তাতে ভালকৈ বহি লৈ আৰামত পাণ কেইখিলামান চিঙি নামি আহিব এনেকৈ ভাবি গৈ ফেৰেঙণিত বহিছেহে মাত্ৰ, চাৰিখিলা মান পাণ চিঙিছে, তেনেতে গল নহয় পিচলি সি, জোৰেৰে পিচলি আহি তাৰ সোঁ-ভৰিখন আহি ফেৰেঙণি মাজত এনেকৈ সোমাই পৰিল যে সি লৰচৰ কৰিলেই ভৰি ভাঙিব, অলপ চেষ্টা কৰি চাই নোৱাৰি সি হাঁহিবই নে কান্দিবই তেনে লাগিল ইফালে সিফালে চালে কাকো নেদেখিলে, সেইখিনি ঠাইত মানুহৰ ঘৰো পাতলীয়া, ইফালে সি ভয়তে ঘামিজামি শেষ সি যেনিবাতে একো লৰচৰ নকৰাকৈ কিছুসময় ধৈৰ্য্য ধৰি তাতে ৰৈ আছে সেই বাৰীৰ ফালে কোনোবা অহালৈ চাই প্ৰায় ৩০ মিনিটমান যোৱাৰ পিচত পথাৰলৈ বুলি বাৰীৰ কাষেদিয়েই এজন পথৰুৱা আহা দেখা পাই, কেকাই কেকাই মাতিবলৈ ধৰিলে অ খুড়া---অ খুড়া, বোলো মই ওলাব নোৱাৰা হলো গছৰ ফেৰেঙণিৰ পৰা, মোক সহায় কৰক, যেনেতেনে কিবা কৰি উলিয়াই দিয়কহি আদবয়সীয়া মানুহজনে মাতটো শুনি ইফালে সিফালে চালে, 'ত কোনে মাতিছে ধৰিব নোৱাৰি ৰৈ দিলে, বোলে কোনে মাতিছ ঐ, কোন তই, 'ত আছ তেতিয়াহে সি ৰিঙিয়ালে বোলে মই গছৰ ওপৰত আছো, ওপৰলৈ চাওঁক তেতিয়াহে দেখি সুধিলে কি হ', কেনেকৈ সোমালি তাত....?? ৰ ৰ তই লৰচৰ নকৰিবি মই কাৰোবাক মাতো এইবুলি ৰিঙিয়াই ৰিঙিয়াই পথৰুৱা দুই চাৰিটামান গোটখুৱালে, আটাইকেইটাই বহুত চেষ্টা কৰি তাক উলিয়াবলৈ সক্ষম নহল শেষত উপায়ন্তৰ হৈ এটাৰ হাতত থকা দা-খনেৰে গছডালৰ ফেৰেঙণিৰ এটা দাল কাটিবলৈ ধৰিলে বহুত সময়ৰ পিছত ডালটো কাটিহে তাক তললৈ নমাবলৈ সক্ষম হল

ওপৰৰ পৰা চুচৰি আহি ফেৰেঙণিত সোমোৱা বাবে তাৰ কৰঙণৰ চাল বাকলি সকলো গল, তাৰ পিছত লেঙেৰাই লেঙেৰাই আহি ঘৰ পাওঁতেহে মায়ে বোলে কি হ'ল অ তোৰ তেতিয়াহে ঘটনাৰ আদ্যপ্ৰান্ত খুলি কলে লগে লগে মই অফিচত থাকোতেই ঘৰৰ পৰা মায়ে ফোন কৰিলে বোলে পা-ৰ যদি অলপ সোনকালে আহচোন ইয়াৰ এনেকুৱা হল আজি মই আহি গোটেই ভৰিটো পৰীক্ষা কৰি চালো বোলো ফুলি গৈছে নেকি..?? মলম লগাই তাক বহুৱাই থলো, বোলো ভৰদুপৰীয়া কেতিয়াও গছত উঠিব নাপায় বুলি এনেই নকয় নহয় এতিয়া বুজিলি


()

(যান-বাহনৰ ক্ষেত্ৰত কিছু লটিঘটি)

২০০৩ চনৰ কোনোবা এটা দিনৰ কথা, তেতিয়া আমাৰ ফিয়েট গাড়ী এখন আছিল, মই নতুনকৈ চলাবলৈ শিকিছোহে যান-বাহন চলোৱাৰ নীতি নিয়মবোৰ ভালকৈ আয়ত্ব কৰিবই পৰা নাই এদিন গাড়ীখনৰ ব্ৰকডাল টান হৈ পৰাত দাদাই কলে গেৰেজলৈ লৈ যাবলৈ কথা মতেই কাম, ময়ো ওলালো গাড়ী গেৰেজ অভিমুখে, গৈয়েই চিনাকি মেকানিক জনক কলো বোলো ব্ৰকডাল চাই দিয়ক, কিবা টান টান লাগিছে মেকানিকে জেক এটা লগাই এটা এটাকৈ আটাইকেইটা চকৰা ব্ৰেকৰ ৰৱৰ কেইপাট চাই ঠিক ঠাক কৰি দিলে প্ৰায় ১ ঘণ্টামান লাগিল, মোক কলে হৈ গ'ল ঠিক, এতিয়া যাব পাৰে মই বিলটো দি গাড়ীখন  পিছলৈ কৰি ঘুৰাবলৈ লওঁতেই বেক গিয়েৰডাল লাগিল ঠিকেই, কিন্তু বেক-ভিউ মিৰৰত চাবলৈ পাহৰি গলো মই ভৰিৰে এক্সেলেটৰত হেঁচা মাৰি ধৰিলো, এক মূৰ্হুত্বতে গাড়ীখন তীব্ৰবেগত বিকত শব্দ এটা কৰি চো-চোৱাই পিছলৈ আহিল আৰু এক পচন্দ খুন্দা মাৰিলেহি গেৰেজৰ ৱালখনত ৱাল ভাঙি ইটাবোৰ দুৰত চিটিকি পৰিল আৰু মেকানিক বোৰ দৌৰ মাৰিহে কোনোমতে বাচিল লগেলগে সকলোবোৰে এক প্ৰকাৰ চিঞৰিয়েই উঠিল....বোলে হে ৰি .......কি কৰিলে, কি কৰিলে এইখন গাড়ীৰ ষ্টাৰ্ট নিজেই বন্ধ হৈ গল, মই দৰ্জাখন খুলি ওলাই আহি চাই দেখো ৱাল গোটেইখন খহি পৰি আছে আৰু মোৰ গাড়ী পিছৰ ফালে বাম্পাৰডাল তলত পৰি আছে, বডিও বহুতখিনি পোটোকা পৰি গল তেতিয়াহে মূৰে কপালে হাত দি বহি পৰিলো মেকানিক এটাই কলে যে আপুনি পিছলৈ নোচোৱাকৈ কিয় ইমান জোৰেৰে গাড়ীখন বেক কৰিছিল মই কি কম ভাবি নাপালো সিহঁতেতো নাজানে যে মই নতুন দ্ৰাইভাৰ বুলি মই কলো বোলো, মোৰ গাত কি দোষ, মই পিচলৈ যে চাব লাগে পাহৰিয়েই থাকিলো নহয় এহ হৱ দিয়ক, আজিলৈ ইটা কেইটা ঠাকে ঠাকে উঠাই থৈ দিয়ক আৰু মোৰ বাম্পাৰ দাল লগাই দিয়ক আৰু এঘণ্টা খৰচ হল, টকাও কেইশ মান খহিল উপায়তো নাই, ঘৰত নহলে ককাইদেউৱে পিঠি ঢোল চোৱাদি চাব

()
কেইবছৰ মানৰ আগৰ কথা, শাঁওন মাহ, ভৰ বাৰিষাৰ সময় আমাৰ ঘৰত প্ৰতিবছৰে পাতি অহা আইতাৰ শ্ৰাদ্ধ আহি পালেহি, দেউতাৰ লগত দাদই টেণ্টৰ যোগাৰ কৰাৰ কথা পাতি আছিল তেনেতে ভাইটিয়ে আহি শুনি কলেহি যে টেণ্টহাউজক মিছাতে পইচা খিনি দিয়াতকৈ মোৰ বন্ধুবোৰেই মিলি ৰভাখন দিব পাৰিম আটাইকেইটাই কিমান ৰভা দিলো, এতিয়া ঘৰত নোৱাৰিম নে..?? দেউতা আৰু দাদাই বোলে ঠিক আছে তহঁতে পাৰ যদি দিবি আৰু ৰভাখন, ভালহে হব গল কথা গল, পিছদিনাৰ পৰাই সৰু ভাইটিৰ লগৰ ১০,১২ টামান সমনীয়া আহি বাৰীত বাঁহ কটা আৰম্ভ কৰি দিলে বাঁহৰ গুড়ি কটাই গুড়ি কাটিছে, জেং কটাই জেং কাটিছে, ৰভাৰ গাত খন্দাই গাত খান্দিছে, সকলোৱে ভাগে ভাগে কামবোৰ এফালৰ পৰা কৰি গৈছে তাৰ মাজে মাজে মইও দিহা পৰামৰ্শ দি গলো, এটা সময়ত মই অফিচলৈ বুলি ওলাই গলো সিহঁতক কৈ গলো যে অমুকৰ ঘৰৰ পৰা টিঙকেইপাট আনি ৰভাখন দিবি, ভাইটিয়ে বোলো টিঙ নালাগে, দাদাই অনা ডাঙৰ দুখন ট্ৰিপাল আছেই তাৰে দিম, বৰষুণ নাহে বতৰ ভাত মই বোলো যি ভাল দেখ কৰিবি বুলি কৈ ওলাই গলো
আবেলিলৈ ঘুৰি আহি দেখো ৰভা ফিটিং বোলো বঢ়িয়া এয়াহে ডেকা ল'ৰা 'ৰাহঁত সন্ধিয়ালৈ চাহপানী খাই ঘৰাঘৰি গল আমিও নিজা কামত ব্যস্ত হৈ পৰিলো এইখিনিলৈকে সকলো ঠিকেই আছিল
মাজৰাতি গোজি-গুমৰি বতৰ অন্ধকাৰচন্ন কৰি আহিল, মই সদায় দেৰিকৈ শুৱাৰ অভ্যাস বাবে সাৰে আছিলো ঘৰৰ বাকীবোৰ শুলে ইফালে বতৰে হিলদল ভাঙি আহিছে বাবে মই বাহিৰলৈ ওলাই বতৰৰ ৰেহৰূপ বুজিবলৈ চেষ্টা কৰিলো কিছুসময়ৰ পিছতে ধাৰাষাৰ বৰষুণ আহিল, বৰষুণৰ শব্দত কোনোবাই চিঞৰিলেও একো নুশুনি বৰষুণ যিমান ধাৰাষাৰে আহিছে, ৰভাৰ ওপৰত থকা ট্ৰিপালত সিমানে বেলুনৰ দৰে দো-খাই পানীৰ ডোঙা বান্ধিছে লাহে লাহে পানী ইমানেই জমা হল যে মই ভাবিলো এনেকৈ চাই থকাই কথা নহয়, কিবা এটা নকৰিলে ট্ৰিপালখনৰ ৰচী চিঙি গোটেইখন চোতাল পানীৰে উপচি পৰিব সেইকথা ভাবিয়েই মই পিছফালৰ পৰা এটা ওখোন আনি ট্ৰিপালৰ পানীৰ জোলাবোৰ ওপৰলৈ ঠেলি ঠেলি পানীবোৰ বগৰাই দিলো ২ মিনিটো নহয় আকৌ পানীৰে ভৰি পৰে এনেকৈ প্ৰায় ১ঘণ্টাৰো বেছি সময় ঘৰৰ কোনোও গম নাপালেই যে মই বাহিৰত সেই কাম কৰি আছো বুলি কিছু সময়ৰ পিছত কাৰেণ্ট গল, ইফালে বাহিৰত বৰষুণ এৰাৰ নামেই লোৱা নাই গোটেইখন অন্ধকাৰ হৈ পৰিল, মই কোনোমতেহে ভিতৰলৈ খেপিয়াই খেপিয়াই গৈ ট্ৰৰ্চ লাইটটো বিচাৰি আনিলো, আকৌ ট্ৰৰ্চলাইটৰ পোহৰত ট্ৰিপালৰ পানী বগৰাবলৈ লাগিলো সিহঁতৰ কষ্ট অথলে নাযাওঁক বুলিয়েই যিমান পাৰো পানী এনেকৈ বগৰাওঁতে বগৰাওঁতে প্ৰায় ২ ঘণ্টা মান সময় কেনি গল গমকে নাপালো, আৰু কিমান পানী বগৰাম, ভাগৰি পৰি এটা সময়ত বাদ দিলো বৰষুণ দিয়েই আছে, উপায় নাপায় মই আকৌ শুলোগৈ
ৰাতিপুৱা শুৱাৰ পৰা উঠি দেখো ট্ৰিপালখনৰ কেইবাটাও চুকৰ ৰচী চিঙি গোটেইখন চোতাল সাগৰ হৈ আছে আৰু ৰভাতল খনত ৪ খন মান চিপ জালহে পাতি থৈছে ৰভাৰ খুটা বোৰো বেকাবেকি হৈ হাউলি আছে দাদাই দেউতাই দেখি মূৰে-কপালে হাত দিছে, কালিলৈ সকাম আজি চোতালৰ অৱস্থা এইয়া মই বোলো এতিয়াও সময় আছে টেণ্টক খৱৰ দিলে আবেলিলৈ ৰভা হৈ যাব লগে লগেই টেণ্টক খৱৰ দিয়া হল, কিছু সময়ৰ পিছতে বাঁহ আহি পেলালেহি, আৰু আবেলিলৈ ৰভাও সম্পূৰ্ন হৈ গল ৰাতিটো টেবুল ফেন লগাই চোতাল শুকুৱাব লগীয়া হল অৱশ্যে পিছদিনালৈ চোতাল কনকনীয়া হৈ গল সেইদিনাৰ পৰা ভাইটি হঁতৰ দলটোক আমি চিপজাল টেণ্ট হাউজ বুলি জোকাওঁ এনেকৈয়ে সেইৰাতি মোৰ আধ উজাগৰে কটাব লগীয়া হৈছিল

()

(এই ঘটনাটো সৰু সুৰু ঘটনাৰ আওতাত নপৰে যদিও বহুদিনৰ পৰা ব্যক্ত কৰাৰ বাসনা থকাৰ বাবেই উপস্থাপন কৰিলো, ইয়াৰ জৰিয়তে কিবা এটা পৰিবৰ্তন হয় যদি হওঁক , ভক্ত সকল সজাগ হবৰ হল)

আজি কিছুবছৰৰ পৰা দেখা গৈছে গাঁৱে-ভুঞে অখণ্ড ভাগৱত পাঠ কেইবাদিনীয়াকৈ পাতিবলৈ লৈছে এনেকৈ আজিৰ পৰা ১৮ বছৰৰ পূৰ্বতে আৰম্ভ কৰা অখণ্ড ভাগৱত পাঠ আমাৰ গাঁৱৰ নামঘৰতো সমূহীয়াকৈ আৰম্ভ কৰিছিল আৰু তেতিয়াৰে পৰা একেলেঠাৰীয়ে প্ৰতিবছৰে আহিন মাহত কেতিয়াবা তিনিদিনীয়াকৈ, কেতিয়াবা পাঁচ দিনীয়াকৈ পাতি আহিছে এইবেলিও নিশ্চয় অনুষ্ঠিত হব
এই অখণ্ড ভাগৱত পাঠ অনুষ্ঠানলৈ বহু দুৰ-দুৰণীৰ লগতে চুবুৰীয়া গাঁও সমূহৰ পৰাও পাঠেক নিমন্ত্ৰন কৰা হয়, লগতে স্থানীয় পাঠেক সকলেও সহযোগ কৰে এনেকৈ প্ৰতিবছৰে চলি আহিছে আমিও সৰুৰে পৰা এই তিনিদিনীয়া বা পাঁচদিনীয়া অনুষ্ঠানত দিনে ৰাতিয়ে একাত্ম হৈ পৰো, ভালো লাগে সেইকেইদিন ধূতি-পাঞ্জাৱী পিন্ধি, ডিঙিত গামোচা লৈ ভকত শুশ্ৰুষা কৰিবলৈ পালে সেই নিদিষ্ট দিন কেইটাত আমাৰ গাঁৱৰ কাৰোৰে ঘৰত মাছ-মঙহ আদি ভোজন কৰা নহৈছিল এয়া যেন এক নিজে নিজে নিয়মত পৰিনত হৈ পৰিছিলগৈ সময়ৰ লগত
প্ৰতিদিনে সন্ধিয়া হৈ অহাৰে পৰা নামঘৰৰ মজিয়াত, দহ ভকতৰ শৰণাপন্ন হৈ প্ৰতিঘৰৰ আয়তী সকলে আগলতি কলাপাতত চাকি-বন্তি জ্বলাই, অৰিহণা আগবঢ়াই সাম্ভাব্য অপায় অমঙ্গলৰ লগতে সকলো বিপদ-আপদৰ পৰা হাত সাৰিবলৈ আশীৰ্বাদ বিচাৰে এনেকৈ প্ৰতিদিনে  দিনৰ ভাগতকৈ সন্ধিয়াৰ ভাগত নামঘৰৰ চৌহদ ভক্ত সকলেৰে ভৰি পৰে, আমিও সকলোকে এমুঠি প্ৰসাদেৰে অপ্যায়ন কৰাত ব্যস্ত হৈ পৰো

কিন্তু অপ্ৰিয় সত্যটো নোকোৱাকৈ থাকিব নোৱাৰিলো-----আজি কেইবছৰমানৰ পৰা এটা কথা লক্ষ্য কৰিছো যে পাঠেক সকলে যেন দিনৰ ভাগত বা মাজনিশাতকৈ সন্ধিয়াহে ভাগৱত পাঠ কৰিবলৈ বেচি আগ্ৰহী হৈ পৰিছে এক কথাত কবলৈ গলে কিছু নিদিষ্ট সংখ্যক পাঠেকে সন্ধিয়া পাঠ কৰিবলৈ হেতা-ওপৰা লগোৱা প্ৰায়ে পৰিলক্ষিত হয় বহুত দিন বিষয়টো অধ্যয়ন কৰাৰ পিছতহে উৰহিৰ ওৰটো ওলাল পিছতহে বুজিব পাৰিলো যে পাঠেক সকলে সন্ধিয়া পাঠ কৰাৰ মাজে মাজে তেওঁলোকৰ চকু নামঘৰৰ মজিয়াত সমবেত ভকত সকলৰ ওপৰতহে ৰাখে অৰ্থাত্ নিদিষ্ট পাঠকজনে বিচাৰে যে তেওঁ পাঠ কৰাখিনি বা তেওঁৰ মাতটো, সুৰটো ৰাইজে, আয়তীসকলে শুনি মুগ্ধ হওঁক আৰু বাহ বাহ দিয়ক এনে কাৰ্য্য পৰিলক্ষিত হলে মনটো দুখ লাগে আচলতে প্ৰকৃত্ব ভক্তিত তেনে ভাৱ দেখুওৱাটো একেবাৰে উচিত নহয়, ভাগৱত ব্যখ্যা কৰা বা ভগৱন্তক আৰাধানা কৰা কোনো আজুহাত থাকিব নালাগে এতিয়া প্ৰশ্ন হল এই মহান পাঠেক সকলে আচলতে ভকতি কৰিবলৈ আহেনে নে নিজৰ প্ৰতিভা বিকাশহে কৰিব বিচাৰে তাৰোপৰি কিছুমান পাঠেক ফুলকুমলীয়া, ভালকৈ ডাৰি-মোচ গজাই নাই ভাগৱত হেন মহাশাস্ত্ৰ পাঠ কৰিবলৈ মনত ভয় সংকোচ একো নাই এই সকলে কাম ক্ৰোধ লোভ মোহ পৰিত্যাগ কৰি নিজকে ভকতিত বিলিন কৰিব পাৰিছেনে নাই তাত সন্দেহ আছে, যিহেতু তেওঁলোক একো একোজন চফল ডেকা 
তাৰোপৰি ভাগৱত পাঠৰ কেইদিন নিশা যিমানেই গভীৰলৈ আহে লগে লগে ভক্তৰ সংখ্যাও কমি আহে, আৰু তাৰ লগে লগে পাঠেকৰো উপস্থিতি সেমেকা হৈ হৈ এটা সময়ত পুৱতি নিশালৈ দুজনমান বৃদ্ধ পাঠেকহে থাকেগৈ পাঠ চলাই নিব পৰাকৈ আমিও কনিষ্ঠ জন বুলি বৃদ্ধসকলক পুৱতি নিশা চাহপানী যতনাই দিয়াত ব্যস্ত হৈ পৰো এনেকৈয়ে চলি আছে বহু ঠাইত অখণ্ড ভাগৱত পাঠ

No comments:

Post a Comment