Friday, 11 October 2013

নষ্টালজিয়াঃ- অক্টোৱৰ-১




এপলকৰ বাবে উভতি চাওঁ যদি..........................

আজি দুয়ো হাতে বঠা বাওঁ,
মোৰ সাহৰ পাল তৰা নাও
দেহাও ভাগৰুৱা
পাৰ দেখা পাওঁ নে নাপাওঁ.......................


টং টং টং, পুৱা ৯ বাজিবলৈ তেতিয়া মাত্ৰ ১৫ মিনিট সময়হে বাকী আছে, স্কুলৰ গম্বুজৰ মাজত ৪০ ফুটমান ওপৰত থকা বিটিছৰ দিনৰ প্ৰকাণ্ড ঘণ্টা বাজি উঠা শব্দ কিছু দুৰৰ পৰা শুনিবলৈ পালো, খৰখেদাকৈ স্কুলৰ ভিতৰলৈ সোমাই গলো, ইফালে সিফালে চাবলৈ সময় নাই। সেইদিনাৰ পৰা প্ৰৱেশিকা পৰীক্ষা আৰম্ভ। ইতিমধ্যে পৰীক্ষা হলত আন পৰীক্ষাৰ্থীবোৰ নিজ নিজ আসন বহিছেগৈ। কিছু সংখ্যকৰ অভিভাৱক সকলে নিজ সন্তানৰ ৰুম নম্বৰ, ৰোল নম্বৰকে আদি কৰি চাই দিয়াত সহায় কৰিছে, মোৰ তেনেকৈ সহায় কৰিব দিব পৰা কোনো নাছিল। পিতাই মাটিৰ মানুহ, এইবোৰ বুজি নাপাই, সেয়ে নিজেই নিজৰ যাৱতীয় সকলো কৰিব লগা হৈছিল।  মই দুৱাৰ মুখতে থকা বৰ্ডখনত মোৰ ৰোল নম্বৰটো চাই ললো। খৰখেদাকৈ গৈ নিজৰ আসনখন বিচাৰি বিচাৰি বহি পৰিলো, ইতিমধ্যে দায়িত্বত থকা শিক্ষকজনে এখন দুখনকৈ উত্তৰ বহীবোৰ বিলাইছেই। পৰীক্ষা আৰম্ভ হল। এঘণ্টা পাৰহৈ গল, দুঘণ্টা পাৰহৈ গল, এটা সময়ত প্ৰথম বেলাৰ পৰীক্ষা সকলো প্ৰশ্নৰ উত্তৰ কৰি ওলাই আহিবলৈ লৈছোহে, দেখিলো আন পৰীক্ষাৰ্থীবোৰৰ মাক, দেউতাক, কাৰোবাৰ বায়েক, কাৰোবাৰ খুড়াকে নিজৰ নিজৰ সন্তান সকললৈ দুপৰীয়াৰ আহাৰ ট্ৰিফিনৰ টোপোলা লৈ আহিছে, আৰু তেওঁলোক নিজ নিজ পৰীক্ষাৰ্থীৰ পৰীক্ষাৰ খৱৰ লৈছে। মোৰ মনটো সেমেকি উঠিছিল, মনতে ভাবিছিলো মোৰো যদি কোনোবা আহিলে হয়, অন্তত অলপ সাহস পালো হয়।.............................................................

পৰীক্ষালৈ যোৱাৰ সময়ত পিতায়ে দিয়া ২টকাটোৰে দুপৰীয়াৰ আহাৰ হিচাপে চানা-বাদাম খায়েই ভোক পলুৱাইছিলো। বিদ্যালয়ৰ দমকলটো মাৰি এচলু দুচলুকৈ পানী খায়েই পিয়াহ পলুৱাইছিলো। দ্বিতীয় বেলাৰ পৰীক্ষা আৰম্ভ হবলৈ তেতিয়াও কিছু সময় বাকী আছে। মই আহি নিজ আসনত পুনৰ বহিলো, ইফালে সিফালে চকু গল, দেখিলো লগৰবোৰৰ অভিভাৱক বোৰে সিহঁতক বিভিন্ন উপদেশ দি আছে। মনটো আকৌ সেমেকি উঠিছিল কিয় নাজানো.........ঘৰৰ পৰা লগত লৈ যোৱা উৱলি যোৱা (উৱলি যোৱা বুলি এইকাৰণেই কব লাগিব, কিয়নো একেখন কিতাপকে ককাইদেউৱেও পঢ়িছিল আমি তলৰ কেইটাইও পঢ়িছিলো, নতুন কিতাপ কিনি দিবলৈ আমাৰ সেইসময়ত আৰ্থিক অৱস্থা বৰ টনকিয়াল নাছিল)বিষয় কিতাপ খন লৈ বাহিৰলৈ ওলাই আহিলো, চৌহদৰ ভিতৰতে থকা বৃহত্ আমজোপাৰ তলতে বহি পাত লুটিয়াছিলো, মনতে ভাবিলো বাকী থকা সময়খিনি কিছু অধ্যয়ণ কৰিয়েই লওঁ।

দ্বিতীয় বেলাৰ পৰীক্ষা দি বিয়লি ৪.৩০ বজাত পৰীক্ষা গৃহৰ পৰা বাহিৰ ওলালো, ওলায়েই আকৌ দেখিলো সকলোৰে অভিভাৱক বোৰে বিলাসী বাহনেৰে নিজ নিজ সন্তানক ঘৰলৈ নিবলৈ আগবাঢ়ি আহিছে। মই মনতে ভাবিলো ইহঁতবোৰ কম সৌভাগ্যবান নে..? ইহঁতৰ চাগৈ শৰীৰে কেতিয়াও ঘাঁম বাহিৰ কৰিয়েই পোৱা নাই, আৰু মোৰ একা..?? এইখিনিতেই ভাবিবলৈ বাধ্য হওঁ জীৱৰো যে ভাগে ভাগে জন্ম হয়, এয়াই জানো প্ৰমাণ নকৰে। ভেবা লাগি চাই থাকোতেই কেইমূৰ্হুত্বমান পাৰহৈ গৈছিল, স্তম্ভিত ঘুৰাই পাই মনতে ভাবিলো আদা বেপাৰীয়ে জাহাজৰ ফালে চাই কল্পনা কৰি কিটো হবগৈ, সেয়ে ঘৰলৈ বুলি খোজ ললো। প্ৰায় এঘণ্টামান পিছত হেলাই হেফাই ঘাঁমি জামি আহি ঘৰ পালোহি। বৌতিয়ে দুপৰীয়াতে ৰান্ধি থোৱা শিল যেন চেঁচা ভাতকেইটা খাই গৰু আনিবলৈ বুলি পথাৰলৈ ধাপলি লবৰে হল........................কিন্তু জীৱৰ ভাগে ভাগে জন্মা কথাটোৱে আজিও জুমুৰি কৰি থাকে মোক। নিজকে সান্তনা দিও---এয়েতো জীৱন বুলি।   

No comments:

Post a Comment