টাইটানিক, এখন বিশাল জাহাজ, যাৰ নাম নুশুনা মানুহ হয়তো সমগ্ৰ বিশ্বতেই তেনেই তাকৰ হৱ, লগতে সেই বিভিষীকাময় ঘটনাটো। টাইটানিক জাহাজ খন তিনিখন ফুটবল খেলপথাৰৰ সমান দীঘল। এঘাৰ মহলীয়া, প্ৰায় ৪৬,০০০ মেট্ৰিকটন ওজনৰ টাইটানিক জাহাজখনৰ সমান ডাঙৰ জাহাজ সেইসময়ৰ আগলৈকে কোনেও নিৰ্মাণ কৰা নাছিল।সকলো সা-সুবিধাৰে সমৃদ্ধ টাইটানিক জাহাজখনে ৮৯১ জন কৰ্মচাৰী আৰু ১,৩১৬ জন যাত্ৰীক লৈ ১৯১২চনৰ ১০ এপ্ৰিল তাৰিখে ইংলেণ্ডৰ ছাউথাম্পটনৰ পৰা নিউয়ৰ্ক অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।জাহাজ খনৰ এই প্ৰথম যাত্ৰাই আছিল বিশ্ববাসীৰ বাবে এটা ডাঙৰ খৱৰ। জাহাজখন সকলোতকৈ উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা ১৬টা জলপ্ৰতিৰোধী কোযা, বহল বাৰাণ্ডা, সুন্দৰ খোৱা কোঠা, তুৰস্কৰ আৰ্হিৰ স্নানাগাৰ, ঢৌ আৰু বতাহেও ক্ষতি কৰিব নোৱাৰা ব্যৱস্থাৰে পৰিপূৰ্ণ।এই সকলো সা-সুবিধা আৰু অত্যাধুনিকতাৰ গৰ্বেৰে গৰ্বিত এজন জাহাজৰ কৰ্মচাৰীয়ে কৈয়েই পেলাইছিল যে—স্বয়ং ভগৱানেও এই জাহাজখন ডুবাব নোৱাৰে। অহংকাৰেই পতনৰ মূল বুলি কথাষাৰ যেন পৰবৰ্তী ৪দিনৰ পাছত প্ৰতিপন্ন কৰিলে।
প্ৰকৃতিদেৱীয়ে যেন প্ৰমান কৰি দিলে
যে---প্ৰকৃতিৰ ওচৰত মানৱ সৃষ্টি কিমান ক্ষুদ্ৰ। তাৰে ফলস্বৰূপে মাত্ৰ ৫দিনৰ পাচতেই
১৯১২চনৰ ১৫ এপ্ৰিলৰ দিনা আটলাণ্টিক মহাসাগৰৰ প্ৰকাণ্ড হিমবাহত খুণ্ডা মাৰিছিল।শীতল
পানী আৰু যেনি তেনি ওপঙি ফুৰা বৰফৰ মাজত দুখন কলাপচিবল নাও আৰু পোন্ধৰখন লাইবোট
অত-তত পৰি থকা দেখা গৈছিল।বৰফৰ শীতলতাই চিনিব নোৱাৰা কৰি পেলোৱা যাত্ৰীসকলৰ মৃতদেহ
সাগৰৰ বুকুত ওপঙি আছিল। এইদৰেই বিশ্বৰ প্ৰথমখন ডুব নোযোৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা
টাইটানিক জাহাজ যাত্ৰাৰ কেইঘণ্টামান পিছতেই ধ্বংসস্তুপত পৰিনত হৈছিল। প্ৰায় ১৫০০
যাত্ৰীক লৈ টাইটানিক চিৰদিনৰ বাবে আটলাণ্টিকৰ বুকুত শুই পৰিছিল।
সংঘটিত মূল ঘটনাটোঃ-
টাইটানিক জাহাজখনে ঘণ্টাত প্ৰায় ৪০ কি.মি.
৭৪৪ মিটাৰ বেগত ১৯১২চনৰ ১৫ এপ্ৰিলৰ নিশাও উত্তৰ আমেৰিকাৰ দিশে তীব্ৰ বেগেত যাত্ৰা
কৰি আছিল। সেইদিনা আছিল দেওবাৰ আৰু যিটো পথেৰে টাইটানিক অগ্ৰসৰ হৈছিল, সেই পথটোৰ
নাম আছিল নিউপাউণ্ডলেণ্ড ৰুট।দিনৰ ভাগত সেই পথেৰে অতিক্ৰম কৰে প্ৰায় ৬খন জাহাজে
টাইটানিকৰ কতৃপক্ষক জনাইছিল যে সেইপথত পৰ্বত সদৃশ আইচবাৰ্গ আছে, গতিকে সাৱধানে
অগ্ৰসৰ হওঁক।কিন্তু টাইটানিকৰ কতৃপক্ষই সেইজাহাজ কেইখনৰ পৰা অহা সাৱধানবাণী আৰু
ৰেডিঅ সংকেতৰ লগতে সকলো গুৰুত্বপূৰ্ণ কথা আওকাণ কৰিছিল।তাৰোপৰি মাত্ৰ কেইঘণ্টামানৰ
ভিতৰতে পানীৰ তাপমাত্ৰা ৪৩ ডিগ্ৰী ফাৰেণহাইটৰ পৰা শূন্য ডিগ্ৰীৰ তললৈ নামি আহিব
বুলি জনা তথ্যকো তেওঁলোকে আওকাণ কৰিছিল।উত্তৰ আটলাণ্টিক মহাসাগৰত এইদৰে পানীৰ
তাপমাত্ৰা হঠাতে নিম্নগামী হোৱা মানেই ওচৰে-পাজৰে কৰবাত বৰফ থাকিব পাৰে।সকলো জানিও
টাইটানিকৰ গতি হ্ৰাস কৰা হোৱা নাছিল আৰু সমুখত দেখা বিপদৰ পৰা হাত সাৰিবলৈ
তেওঁলোকে বেলেগ দিশও গতি কৰা নাছিল।
নিশা প্ৰায় দহমান বজাত ফ্ৰেডেৰিক ফ্লীট
নাম লুক-আউট এজনে সাগৰৰ মাজত এটা সৰু, ডাঠ ৰঙৰ বস্তু এটা দেখা পাইছিল। কিন্তু
ক্ৰমে ওচৰ চাপি অহাত বস্তুটো ডাঙৰ হৈ আহিল। ফ্লীটে পলম নকৰি জাহাজ কতৃপক্ষক লগে
লগে খৱৰ দিলে যে আমাৰ সন্মুখত প্ৰকাণ্ড আইচবাৰ্গ আছে বুলি। এই খৱৰ শুনাৰ লগে লগে
ফাৰ্ষ্ট অফিচাৰ উলিয়াম মাৰডকে ইঞ্জিনবোৰ ঘুৰাবলৈ নিৰ্দেশ দিলে। কিন্তু দ্ৰুত গতিত
গৈ থকা জাহাজখন হঠাতে পিছুৱাই অনা বা গতি মন্থৰ কৰাটো ইমান সহজ কাম নাছিল। তথাপিও
নাৱিক সকলৰ অপ্ৰাণ চেষ্টাৰ ফলত যেতিয়া টাইটানিকে আইচবাৰ্গটোৰ পৰা আতৰি আহিবলৈ
আৰম্ভ কৰিছিল, সেইমূৰ্হুত্বতে আইচবাৰ্গটোৱে জাহাজখনৰ সোঁফালে এটা প্ৰচণ্ড খুণ্ডা
মাৰি প্ৰায় ৩০০ফুটাৰ এটা অংশ ভাহি পেলাইছিল। জাহাজৰ ডেকত বৰফ সিঁচৰিত হৈ পৰিছিল
আৰু ৬নং ব্ৰইলাৰ ৰূমটো পানীৰে ভৰি পৰাত ফায়ামেন ফ্ৰেডিৰিক কাৰেটে সেই ৰূমৰ সৈতে
সংযোজিত ৫নং ব্ৰইলাৰ ৰূমৰ জলপ্ৰতিৰোধী দুৱাৰখন বন্ধ কৰি দিছিল।
সেইসময়ত কেপ্টেইন স্মিথৰ উত্কণ্ঠা আৰু
ব্যস্ততা দুগুনে বাঢ়ি গৈছিল।তেওঁ ডিজাইনাৰ থমাছ এণ্ড্ৰিজৰ সৈতে কথা পাতোতেই
টাইটানিকৰ পাঁচটা কোঠা পানীৰে ভৰি পৰিছিল। সকলোবোৰ কথা শুনাৰ পাছত ডিজাইনাৰ
এন্দ্ৰিজৰ ধৰণা হৈছিল যে কেতিয়াও পানীত বুৰ নোযোৱাকৈ নিৰ্মাণ কৰা টাইটানিক আৰু খুব
বেছি ডেৰ বা দুঘণ্টামান ওপঙি থাকিব।
নিশা প্ৰায় ১২.২৫ মান বজাত যাত্ৰীসকলক
উদ্ধাৰ কৰিবৰ বাবে টাইটানিকত থকা ১৬খন লাইফবোট আৰু ৪খন কলাপছিবল নাও সাজু কৰিবলৈ
নিৰ্দেশ দিয়া হৈছিল। চাৰিও ফালে এচ-অ-এচ সংকেত প্ৰেৰণ কৰা হল। এচ-অ-এচ সংকেত হৈছে
টাইটানিক জাহাজ বিপদত পৰিলে সাহায় কৰিব পৰাকৈ আন্তৰ্জাতিকভাবে গ্ৰহণ কৰা কেইটামান
বিশেষ সংকেত। এই সংকেত প্ৰেৰণ কৰাৰ দায়িত্ব পৰিছিল ৰেডিঅ অপাৰেটৰ ফিলিপছৰ ওপৰত।
যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগিল। টাইটানিক খালী কৰাৰ নিৰ্দেশ দিয়া হল।তথাপিও বহু
সংখ্যক যাত্ৰীয়েই লাইফবোটত নুঠিলে, কাৰণ তেওঁলোকে ভাবিছিল যে কোনো জাহাজে আহি
তেওঁলোকক উদ্ধাৰ কৰিবহি। সেয়ে ৬৫জন প্ৰৰ্য্যন্ত মানুহৰ বহন ক্ষমতা থকা প্ৰথমখন
লাইফবোটে মাত্ৰ ২৮জন যাত্ৰী লৈয়ে যাত্ৰা কৰিছিল। এখন এখনকৈ ১৬খন লাইফবোট আৰু ২খন
কলাপছিবল নাও গুচি গৈছিল। একেবাৰে শেষৰ লাইফবোটখনে যাত্ৰা কৰোতে প্ৰায় ১.৪০বাজিছিল
আৰু সেইখনতেই উঠি যায় হোৱাইট ষ্টৰলাইনৰ মেনেজিং ডিৰেক্টৰ জে.ব্ৰুচ ইছমে। এৰিথৈ
গৈছিল তেওঁৰ গৌৰৱৰ জাহাজ টাইটানিক আৰু প্ৰায় ১৬০০ বিপদগ্ৰস্ত মানুহক।নিশা প্ৰায়
২.১৫বজাত যেতিয়া অন্তিম দুখন কলাপছিবল নাও মেলি দিয়াৰ প্ৰস্তুতি চলোৱা হয়, ঠিক
তেতিয়াই টাইটানিক কাতিহৈ পৰে আৰু ক্ৰমান্বয়ে জাহাজখন ডুব যাবলৈ ধৰে। মাজভাগতে
টাইটানিক জাহাজখন দুটা সৰ্ম্পূন ভাগত বিভক্ত হৈ পৰে আৰু মাত্ৰ ১০মিনিট সময়ৰ পিছতেই
আটলাণ্টিক মহাসাগৰত ১৩হাজাৰ ফুট গভীৰতাত প্ৰায় আধামাইলজোৰা টাইটানিকখন সিচৰিত হৈ
পৰে।
এই লোমোহৰ্ষক ঘটনাৰ প্ৰায় ৩ঘণ্টাৰ পিছত
অৰ্থাত্ ১৬এপ্ৰিল, সোমবাৰে পুৱা ৬বাজাত টাইটানিকৰ পাৰ প্ৰায় দহমাইল আঁতৰত থকা
কেলিফোৰ্ণিয়া জাহাজে খৱৰটো পায় আৰু লগে লগে ঘটনাস্থলীলৈ ৰাওনা হয়। পুৱা ৮.৩০বজাত
প্ৰায় ৫৮নাটিকেল মাইল দূৰত থকা কাৰপাথিয়া জাহাজে টাইটানিকৰ জীৱিত যাত্ৰীসকলক
উদ্ধাৰ কৰি নিউয়ৰ্কৰ যাত্ৰা কৰে। কিন্তু তেওঁলোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত
তাত প্ৰায় এঘণ্টা সময় কটোৱা কেলিফোৰ্ণিয়া জাহাজে টাইটানিকৰ কোনো অৱশিষ্টই নাপালে।
ইয়াৰ প্ৰায় ১সপ্তাহৰ পিছত মেককে বেনেট নাম কেবল শ্বীপখনে সেইঠাইৰ পৰা প্ৰায় ৩০৬টা
মৃতদেহ উদ্ধাৰ কৰিছিল। মুঠ যাত্ৰী ২২০৭ জনৰ মাত্ৰ ৭০৫ জনৰহে প্ৰাণ বাচিছিল।
মৃত্যুক আকোৱালি লোৱা সকলৰ মাজত আছিল কেপ্টেইন স্মিথ আৰু ৰেডিঅ অপাৰেটৰ জেক
ফিলিপছ।
(সহায়ক গ্ৰন্থঃ নগাওঁ মহাবিদ্যালয়ৰ
আলোচনীৰ ৫০তম সোনালী জয়ন্তী সংখ্যাৰ সংগ্ৰাহক গীতাঞ্জলী কলিতাৰ “টাইটানিকৰ সেই প্ৰথম তথা শেষ যাত্ৰাটো”)
No comments:
Post a Comment