Thursday, 12 September 2013

এদিন ভিক্ষা কৰিবলৈ অহা মোৰ সেই মোমাইদেউঃ-





আজিৰ পৰা প্ৰায় ৪৫ বছৰ আগৰ কথা, তেতিয়া আমাৰ পৰিয়ালটো দেউতাৰ চাকৰি সূত্ৰে পূৱ নগাঁৱৰ লংকাৰ পৰা ৫ কি.মি. দুৰৰ উদালি নামে ঠাইত আছিলো, সেইসময়ত মোৰ জন্মই হোৱা নাছিল

এদিনৰ কথা, জেঠ মহাৰ ভৰ দুপৰীয়া ভিক্ষা কৰিবলৈ আহিছিল এটি কনমানি মুছলমান সম্প্ৰদায়ৰ ল'ৰা, যাৰ নাম আবু বক্কৰ, বয়স আছিল মাত্ৰে ৭ বছৰহে, ৫ বছৰ বয়সতেই শিশুটিয়ে আব্বাজানক হেৰুৱাইছিল তাৰ আব্বাজানৰ মৃত্যুৰ পিচত দুবেলা দুমুঠি ভালকৈ খাবলৈ নাপাই পৰিয়ালটো কেইবাদিনো অনাহাৰে থকাৰ পিছত বয়স কম হলেওঁ সি ঘৰৰ ডাঙৰ লৰা হোৱা বাবেই শেষত উপায়ন্তৰ হৈ ওচৰৰ গাঁৱলৈ বাধ্য হৈ মাকে তাক ভিক্ষা কৰিবলৈ পঠিয়াইছিল এঘৰ দুঘৰকৈ ঘুৰি ঘুৰি আহি এটা সময়ত সি আমাৰ ঘৰ পালেহি, সেইদিনা দেউতা ঘৰতে আছিল সি আহি আমাৰ চোতালতে ৰ'দত ছাতি এটা লৈ বহি পৰিল, ভাগৰে তাক জুৰুলা কৰিছে যে দেখিয়েই বুজিব পাৰি পিন্ধনত যি এটা বুকু পিঠি ফালি যোৱা চোলা আছে সিয়ো ঘামত তিতি গৈছে সি আহিয়েই চিলথি ভাষাত ভিক্ষা বিচাৰি মাত দিলেহি, দেউতা ওলাই গৈ কনমানি ল'ৰাটো দেখি বেয়া লাগি প্ৰথমৰ কোঠালৈ মাতি আনি সুধিলে ঘৰ ক' ? ঘৰত কোন কোন আছে..? কিয় ভিক্ষা কৰিব লগীয়া হৈছে ? ইত্যাদি ইত্যাদি, সিও পাৰে মানে দেউতাৰ প্ৰশ্নৰ উত্তৰ দিলে নিজৰ ভাষাতেই, আমাৰ মায়েও তাক কিবা এমুঠি খাবলৈ দিলে তাৰ মুখখন আনন্দতে সতেজহৈ উঠিল দেউতাই তাক সুধিলে তই কাম কৰিবি নেকি আমাৰ ঘৰত..? গৰু এজনী আছে সেইজনীকেই চাব লাগে আৰু দানা-পানী খুৱাই সন্ধিয়া বান্ধিব লাগে, ৰাতি হলে ঘৰলৈ যাবগৈ পাৰিবি সি ঘৰত কথাটো সুধি আহি জনাব বুলি কৈ সেইদিনালৈ গলগৈ

কেইদিনমান পিছত মাকে তাক লগতে লৈ আহি আমাৰ ঘৰত থৈ গলহি লাহে লাহে সি কামত পাকৈত হৈ পৰিল আমাৰ আটাইৰে লগত থাকোতে থাকোতে অসমীয়া ভাষা শুৱলাকৈ কব পৰা হল দেউতাই তাক আজৰি সময়ত অ.. . , আৰু নেওঁতা শিকাবলৈও ধৰিলে এদিন দেউতাই তাক ঘৰতে পঢ়ুৱাই পঢ়ুৱাই স্কুলত পৰীক্ষাও দিয়ালে, সময়ত সি ভাল ফলাফল লৈ উত্তীৰ্ণও হল, এনেকৈ সি কামৰ মাজতে পিছলৈ স্কুললৈ যাবলৈ ল'লে চতুৰ্থমানলৈকে পঢ়ি সি আৰু নপঢ়িলেআমাৰ ঘৰত থাকিয়েই সি অসমীয়াৰ সকলো আদব কায়দা অতি সোনকালে সহজতে শিকি পেলালে কথাই বতৰাই তাক কোনো কাৰণতে মুছলমান সম্প্ৰদায়ৰ বুলি কেতিয়াওঁ ধৰিব নোৱাৰা হৈ পৰিল সি দেউতাক নিজৰ ককাইদেউ বুলি মাতিছিল আৰু আমাৰ মাক সি বাইদেউ বুলিয়েই সম্বোধন কৰিছিল সহজ-সৰল সেই লৰাটো সকলোৰে অতি মৰমৰ হৈ পৰিছিল
 
এটা সময়ত সি চফল ডেকা হৈ পৰিল সি মনতে নিজাকৈ কিবা এটা কৰাৰ হেঁপাহ কৰি দেউতাক কলে-ককাইদেউ, মই আৰু ইয়াতে কাম কৰি নাথাকি কিবা এটা নিজাকৈ কৰিব বিচাৰিছো দেউতায়ো বোলে, ঠিক আছে ভাল কথাহে, তই কি টকা পইচা লাগে মই দিম বাৰু, তই আগবাহ দেউতাৰ পৰা সহাৰি পাই সি এদিন গৈ মটৰ দ্ৰাইভিঙৰ ট্ৰেনিং কৰিলে ট্ৰেনিং সমাপ্ত কৰি এখন পেছাগত চালকৰ অনুমতি পত্ৰও গোটালে, এনেকৈ সি এখন পুৰণি এম্বেচাদৰ গাড়ী নিয়মীয়াকৈ চলাবলৈ ল'লে আৰু মাজে মাজে আমাৰ ঘৰৰ লগতো যোগাযোগ ৰাখিলে

কিছুদিন সেইকাম কৰি পৰিয়ালটোক অলপ সকাহ দিব পৰা হল, তাৰ পিছত সি এখন ট্ৰাকৰ চালক হলগৈ, লংকাৰ পৰা ট্ৰাকখনেৰে শাক-পাচলি উজনি অসমৰ বিভিন্ন ঠাইলৈ চালান দিবলৈ ল'লে, এনেকৈ উজনিলৈ অহা-যোৱা কৰোতে কৰোতে এজন ভাল চাহ ব্যৱসায়ীৰ সানিধ্যলৈ আহিল, সি ট্ৰাকৰ চালকৰ কাম বাদ দি তেওঁৰ ব্যক্তিগত গাড়ীখনৰ চালকৰ চাকৰিত সোমাল এইখিনি পোৱালৈ বেছ কিছু বছৰ পাৰহৈ গৈছিল আমিও দেউতাৰ চাকৰি বদলি সূত্ৰে নগাঁৱলৈ উভতি আহিলো, তেতিয়াৰে পৰাই আমাৰ লগত তাৰ যোগাযোগ প্ৰায় হেৰাই গ' এনেকৈ প্ৰায় ১০ বছৰমান পাৰহৈ গ', আমিও হাইস্কুল পালোগৈ সময়ৰ লগে লগে সিও সত্ পথেৰে নিজে এপইচা দুপইচাকৈ গোটাই এদিন শিৱসাগৰৰ শিমলুগুৰিত মাটি কিনি তাতে সৰুকৈ ঘৰ এটা সাজি পৰিয়ালৰ সকলোকে শিৱসাগৰলৈ লৈ গলগৈ সি তাৰ বৃত্তি, ঠাই সলনি কৰিলে যদিও আমাৰ পৰিয়ালৰ সেইমৰম কাহানিও পাহৰিব পৰা নাছিল সেয়ে এদিন চাহ ব্যৱসায়ীজনক গুৱাহাটীত থবলৈ আহি উভতি যাওঁতে নগাঁৱত আমাৰ ঠাইখনৰ অনুমান কৰি সুধি সুধি আবেলি প্ৰায় ৩ মান বজাত আমাক সকলোকে আচৰিত কৰি ঘৰ ওলালি পদুলিত গাড়ীখন ৰখাই দেউতাক দেখিয়েই পোনচাতেই আহি দেউতাক সাবতি ধৰিলে আৰু হুকহুকাই কান্দিলে, দেউতাক কলে-ককাইদেউ তই যদি মোক মানুহ নকৰিলি হেতেন আজি মই এই স্থান নাপালোহি হেতেন বুলি বহুত কান্দিলে কিন্তু সেইয়া তাৰ কোনো দুখৰ চকুপানী নাছিল, আছিল দেউতাই তাক দিয়া সেই মৰমৰ বহিঃপ্ৰকাশহে মাথোন মায়েও আহি আথেবেথে বহুৱাই পৰিয়ালৰ সকলোৰে খৱৰ ল'লে আমাৰ মামাৰ ঘৰ লংকাৰ পিপলপুখুৰী গাঁৱত আছিল বাবেই আমিও তাক বক্কৰ মামা বুলিয়েই মাতিছিলো জীৱনত আমিও ওচৰৰ পৰা মাৰুতি গাড়ীখন প্ৰথমবাৰৰ বাবে দেখা পাই লিৰিকি বিদাৰি চাই আছিলো, বক্কৰ মামাই আমাৰ মনৰ ভাব বুজিব পাৰি আমাক গাড়ী উঠাই এপাক ফুৰাইও আনিলেগৈ এনেকৈ প্ৰায় ২ ঘণ্টাৰো অধিক সময় আমাৰ লগত কটাই সকলো খা-খৱৰ লৈ এটা সময়ত বিদায় ল'লে তাৰ পিছত গুৱাহাটীলৈ আহিলেই আমাৰ ঘৰত সোমাই দুপৰীয়াৰ ভাতসাজ খাই যোৱাতো বক্কৰ মামাৰ এটা অভ্যাসত পৰিনত হৈছিলগৈ

এনেকৈ আনৰ গাড়ীৰ চালক হৈ এদিন বক্কৰ মামাই নিজাকৈ এখন ট্ৰাক কিনিবলৈ সক্ষম হ' ট্ৰাকৰ ভাড়াৰে পোৱা পইচা গোটাই গোটাই দুখন ট্ৰাকৰ মালিক হল নিজাকৈ সুন্দৰ এখন ঘৰো সাজিলে, একমাত্ৰ ভনীয়েকক বিয়াও দিলে, নিজেও বিয়া পাতিলে একমাত্ৰ পুতেক এতিয়া অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ আজি কিছুদিনৰ আগতে খৱৰ পালো এতিয়া বক্কৰ মামা এখন চাহ বাগিছাৰ মালিক হ' অৰ্থাত্ যি এদিন নিজে এমুঠি ভাতৰ কাৰণে আনৰ দুৱাৰ দলিত হাতপাতিব লগা হৈছিল, সি আজি এখন চাহ বাগিছাৰ মালিক, দুখনকৈ ট্ৰাকৰ মালিক, আৰু এখন নিজা ইণ্ডিগ' গাড়ীৰ মালিক হলগৈ এই সকলোবোৰ সম্ভব হৈছে একমাত্ৰ বক্কৰ মামাৰ অপৰিসীম ধৈৰ্য্য, একাগ্ৰতাৰেই ফল সময়ে মানুহক যে ক'ৰ পৰা কলৈ লৈ যায় সেয়া কোনেও কব নোৱাৰে


No comments:

Post a Comment