Thursday, 12 September 2013

জীৱনে মৰণে মই চিৰদিন অসমীয়াঃ-



ময়েই খাছীয়া, ময়েই জয়ন্তীয়া, ডফলা-আবৰ-অকা;
ময়েই চিংফৌ, ভৈয়ামৰ মিৰি, সোৱণশিৰীয়া ডেকা;

বিজয়ী আহোম, কছাৰী-কোচৰ, মেছৰ কুমাৰ মই, ৰাজবংশী-ৰাভা, কপালত জ্বলে শত গৌৰৱ-আভা
মই লালুং-চুটিয়া-লুচাই-মিকিৰ-গাৰো, মিছিমি-খামতি-নগা-আঙ্গামী বীৰ;
পৰ্বতে পাহাৰে জ্বলিছে উচ্চ শিৰ
সাম্য-মৈত্ৰীৰ ময়েই ৰণুৱা, চাহ বাগিছাৰ ময়েই বনুৱা, -অসমীয়া মৈমনছিঙীয়া, থলুৱা নেপালী, নৃত্য কুশলী মণিপুৰীয়া মই

জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ এই 'মই' টো আজি অসম নামৰ ভূখণ্ডৰ ভিতৰত কিমানখিনি আছেগৈ, তাক যেন এবাৰ উভতি চোৱাৰ সময় এইয়া আনহে নালাগে স্বয়ং লক্ষ্মীনাথ বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদৰেই বংশ-লতাৰ গুৰি আছিল যথাক্ৰমে কনৌজত আৰু ৰাজপুতনাত লক্ষ্মীনাথৰ উপৰি-পুৰুষ কলিবৰ অসম নামৰ ভুখণ্ডলৈ আহিছিল তীৰ্থ পৰ্য্টনৰ অভিলাষত আৰু জ্যোতি প্ৰসাদৰ উপৰি-পুৰুষ নৱৰঙ্গৰাম আহিছিল ভাগ্যৰ অন্বেষণত তাৰোপৰি মহাপুৰুষ শঙ্কৰদেৱৰ পূৰ্বপুৰুষো কনৌজৰহে আছিল তেৰাৰ চতুৰ্থ উপৰি-পুৰুষ চণ্ডীবৰ আহিবলগীয়া হৈছিল কামেশ্বৰ দুৰ্লভ নাৰায়ণৰ প্ৰয়োজনত কথা-গুৰু মতে কামেশ্বৰে গৌড়েশ্বৰক ক'লে বোলে আমাৰ দেশত পণ্ডিত, ব্ৰাহ্মণ, কায়স্থ এইবোৰ নাই। সেয়ে তোমাৰ আমাৰ সুখ-দুখৰ বাৰ্তাও ৰাখিবলৈ ঘৰ চাৰেক মানুহ দিয়া সেই মৰ্মে গৌড়েশ্বৰে দেশৰ বাৰ্তা লৈ থাকিবলৈ সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ শূদ্ৰ দিলে সেই সাতঘৰ শূদ্ৰৰে এঘৰৰ অধস্তন পুৰুষ হলগৈ মহাপুৰুষ শঙ্কৰদেৱ

ইয়াৰ পিছৰ পৰা অসমৰ ৰজাসকলেও বিদেশী গুণাকৰ মানুহ পালে তেওঁলোকক মাটি-বাৰী, বিষয়-বাসনা দি অসমতে ঘৰ পাতি অসম চহকী কৰাত উদগণি দিছিল সেইদেখি ভাৰতবৰ্ষৰ আন ঠাইৰ পৰা আৰু ভাৰতৰ বাহিৰৰ পৰাও অসমলৈ মানুহ আহি সুচল পাই অসমতে বসতি কৰি থাকি গৈছিল ঘাইকৈ অসমৰ কামাখ্যা, পৰশুৰামকুণ্ড আদি অনেক তীৰ্থস্থান থকাৰ বাবে অসমলৈ তীৰ্থ কৰিবলৈ অহা বিদেশী মানুহেও উৰ্বৰা অসম এৰি নিজৰ কটুৰ দেশলৈ উভতি নগৈছিল তাৰোপৰি আন এটা কাৰণ আছিল যে সেই সময়ত অহা-যোৱা কৰা বাট বৰ দুৰ্গম আছিল সেইবাবেও কোনো বিদেশী মানুহ এবাৰ অসমলৈ আহিলে পৰাপক্ষত তেওঁ অসম এৰি উভতি নিজৰ দেশলৈ যাবলৈ মন নেমেলিছিল ভাৰতৰ অন্য প্ৰান্তৰ পৰা অহাই হওঁক বা ভাৰতৰ বাহিৰৰ পৰাই অহাই হওক, এই সকল লোকৰ পুৰুষানুক্ৰমিক ধ্যান-ধাৰণাই, শ্ৰমেই সমৃদ্ধ কৰি আহিছে অসমৰ ভাষা, সাহিত্য, সমাজ, সংস্কৃতি, ৰাজনীতি আৰু অৰ্থনীতিও

আহোম সকলৰ উপৰি-পুৰুষ শ্যান দেশৰ চ্যুকাফা পাছৰ কালত অসমৰ ভুখণ্ডলৈ আহিছিল দেশ জয় কৰাৰ উদ্দেশ্যৰে দেশ জয় কৰি চ্যুকাফাই কেৱল যে মাটিখিনিকে আঁকোৱালি ল'লে তেনে নহয়, আঁকোৱালি ল'লে ইয়াৰ চিৰযুগমীয়া মাতষাৰিকো প্ৰৱল প্ৰতাপী আহোম ৰজাই ইচ্ছা কৰা হ'লে নিজৰ ভাষা, লিপি, ধৰ্ম আৰু সংস্কৃতি প্ৰজাসকলৰ ওপৰত জাপি দিব পাৰিলেহেঁতেন অনায়াসে কিন্তু তাৰ বিপৰীতে নিজৰ পূৰ্বপূৰুষৰ লগত সকলো ধৰণৰ আৱেগিক সম্পৰ্ক বিছিন্ন কৰি থলুৱা প্ৰজাসকলৰ ৰীতি-নীতিকে আহোমসকলে গ্ৰহণ কৰিলে, তাৰো পৰি গ্ৰহণ কৰিলে বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত মাধৱ কন্দলীয়ে পদবন্ধে ৰামায়ণত নিবন্ধ কৰা সেই মাত-কথাকে এনেকৈয়ে আনৰ মাজত নিজকে বিলাই দিয়েই চ্যুকাফাৰ বংশধৰ সকলে নিজকে প্ৰতিস্থা কৰিছিল
এইদৰেই মুছলমান সকলো এই ভূখণ্ডলৈ আহিছিল এদিন দেশ জয় কৰিবলৈকে এইসকলোবোৰ কথা চৈয়দ আব্দুল মালিকে তেওঁৰ কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে---

অসমৰ মজিয়াত বিশ্বজয়ী মোগলৰ মুক্তৰাজ স্থাপন কৰিবলৈকে,
পিছে অসমৰ শৌৰ্য আৰু সৌন্দৰ্যৰ ওচৰত মোগলে মূৰ দোঁৱালে,
আৰু অসমত বন্দী হ',
অসমৰ ৰূপমুগ্ধ,
দুৰৰ মোগল আহি
হল অসমীয়া 

এসময়ত মোৱামৰীয়া বা মৰাণৰ উপদ্ৰৱৰ ফলত আৰু মানৰ আক্ৰমণত এই ভূখণ্ডৰ জনসংখ্যা বহু পৰিমানে হ্ৰাস পাইছিল যিখিনি মানুহ আছিল তেওঁলোকে কেৱল কৃষি-কৰ্মতে মনোনিবেষ কৰিছিল, লগতে পূৰ্বৰে পৰা ধোবা, নাপিত, কমাৰ, কুমাৰ বৃত্তিত জড়িত সকলেও কৃষি-কৰ্মতে হাত-উজান দিয়া বাবে সেই বৃত্তিৰ মানুহ ভাৰতৰ আন প্ৰান্তৰ পৰা আহিবলগীয়া হৈছিলগৈ পাছলৈ কৃষি-ক্ষেত্ৰত অধিক শস্য উত্পাদন কৰাৰ স্বাৰ্থত মৈমনসিংহ আদি জিলাৰ পৰা আনি বহুওৱা লোকসকলো হাঁড়ে-হিমজুৱে অসমীয়া হৈ পৰিছিল এই সকলে এতিয়া উদ্দীপ্ত কণ্ঠৰে একেষাৰে কব পাৰে---

জীৱনে মৰণে মই
চিৰদিন অসমীয়া,
অসমীয়া দেহে-প্ৰাণে মই

এই সকলো ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টাত আমাৰ অসমীয়া জাতিটোৱে যিখিনি অগ্ৰগতি লাভ কৰিলে, তাৰ বাবে উত্তৰ পুৰুষ সেইসকলৰ ওচৰত সদায়েই ঋণী হৈ থাকিল


সহায় লৈ...................
বৰা নিতুল,
(নগাঁও)
১১/০৮/২০১৩


No comments:

Post a Comment