Tuesday, 29 October 2013

পৰশুৰামকুণ্ড

আগকথাঃ-পৰশুৰামে পিতৃৰ আদেশক্ৰমে নিজ মাতৃক নিজ হাতেৰেই কুঠাৰঘাত কৰি হত্যা কৰাৰ পাছত মাতৃ হত্যাৰ মাহাপাপত ভুগি নিজৰ হাতৰ কুঠাৰ হাতৰ পৰা এৰুৱাব নোৱাৰা হয়, বহুবছৰ বহুতো তীৰ্থস্থান দৰ্শন কৰাৰ পাছত একান্ত ভক্তি ভাবেৰে ভগৱানক আৰাধানা কৰাৰ পাছত মাহদেৱ শিৱ তেওঁৰ ভক্তিত সন্তোষ্ট হৈ বিষ্ণু জৰথাক সাক্ষত কৰিবলৈ কলে। বিষ্ণু জৰাথক সাক্ষাত কৰাত তেওঁ কলে উত্ত-পূৱ এটি ব্ৰহ্মকুণ্ড আছে আৰু সেই ব্ৰহ্মকুণ্ডৰ পাৰ কাটি বোঁৱতি জলধাৰাত কুঠাৰ সহিতে স্নান কৰিলে তোমাৰ পাপ খণ্ডন হৱ, শেষত এই কুণ্ডৰ পানীৰে গা-ধুৱাৰ পাছতহে হাতৰ কুঠাৰ এৰুৱাব পাৰিছিল, তেতিয়াৰে পৰাই এই কুণ্ডৰ নাম পৰশুৰাম কুণ্ড নামেৰে জনাজাত হৈ পৰে।
পৰশুৰাম কুণ্ডৰ ইতিহাসঃ-
ভগৱান শ্ৰীকৃষ্ণৰ পঞ্চম অৱতাৰ ধাৰণ হয় এই পৰশুৰাম কুণ্ডৰ সৃষ্টিৰ আৰৰ কাহিনীত। জমদগ্নি মুনিৰ পত্নীৰ নাম আছিল ৰেণুকা, তেওঁলোকৰ পাঁচ জন পুত্ৰৰ ভিতৰত পঞ্চমজন আছিল পৰশুৰাম। এই পৰশুৰাম নামেৰেই ভগৱান শ্ৰীকৃষ্ণই পঞ্চমটি অৱতাৰ ধাৰণ কৰিছিল। এদিনাখন জমদগ্নি মুনিয়ে গা-ধুৱৰ বাবে সহধমনী ৰেনুকাক গংগাৰ পানী আনিবলৈ পঠাইছিল। বহুদেৰিলৈকে শ্ৰীমতী পানী আনিবলৈ গৈ ঘুৰি অহা নাই বাবে মুনি খঙত অগ্নিশৰ্মা হৈ নিজৰ দিব্যদৃষ্টি প্ৰয়োগ কৰি দেখিলে যে সহধমনী ৰেনুকাই স্বৰ্গৰ পৰী সকলৰ গো-ধোৱাৰ দৃশ্যচাই বিভোৰ হৈ আছে। ইফালে স্বামী মুনি খঙত একো নাই হৈ ইফাল সিফাল কৰি আছে। ঠিক তেনেতে তেওঁৰ সহধমনী ৰেনুকা পানীলৈ আশ্ৰমত প্ৰবেশ কৰাৰ লগে লগে ক্ৰোধত জলিপকি থকা মুনিয়ে তীক্ষ্ণ বাক্যবানেৰে থকা সৰকা কৰিলে আৰু তেওঁৰ আদেশ পালনত বিলম্ব হোৱাৰ বাবে উপযুক্ত শাস্তি দিবলৈ ঠিৰাং কৰিলে। বহুতো কাকুতি মিনতি কৰিও ৰেনুকাই একো সু-ফল নাপালে, কোনোপধ্যে স্বামীদেৱতাক সৈমান কৰাব নোৱাৰিলে, বৰঞ্চ স্বামীৰ ক্ৰোধ দুগুনে বাঢ়িলহে।উপায়ন্তৰহৈ ৰেনুকাই কান্দোনত ভাঙি পৰিল।
লগে লগে মুনিয়ে কাষতে থকা তেওঁৰ চাৰি পুত্ৰক পুত্ৰক মাতি আনিলে আৰু কলে যে তোমালোকৰ মাতৃৰ এক অপৰাধ হৈছে, স্বামীৰ আজ্ঞা পালনত তেওঁ ব্যৰ্থ হৈছে, তেওঁ উপযুক্ত শাস্তিৰ যোগ্য। তেতিয়া চাৰি পুত্ৰই সুধিলে যে আমি কি কৰিলে আপোনাৰ ক্ৰোধ ম্লান হৱ আৰু মাতৃও অপৰাধ মুক্ত হৱ? .....তেনেহলে শুনা, তোমালোকে মোৰ আগ্যা আখৰে আখৰে পালন কৰি মাতৃৰ শিৰচ্ছদ কৰি তেওঁ কৰা অপৰাধৰ দণ্ড বিহা এতিয়াই। চাৰিও পুত্ৰই এজন এজনকৈ কলে যে-যি গৰাকী মাতৃয়ে আমাক জন্ম দি ডাঙৰ দীঘল কৰিলে সেইগৰাকী মাতৃৰ হত্যাৰ দৰে ঘৃননীয় কাম কৰাৰ কথা কৰাতো দুৰৰে কথা সপোনতো ভাবিব নোৱাৰো আমি।আপুনি আমাক ক্ষমা কৰক আৰু আপোনাৰ আদেশ উঠাই লওঁক পিতৃদেৱ। চাৰি পুত্ৰৰ কথা শুনি খঙত একোনাই হৈ বাক্যবান কৰিলে যে- পুত্ৰহৈ পিতৃৰ আদেশ উলঙ্ঘা কৰি ইহ সংসাৰত জীয়াই থকাৰ অধিকাৰ তোমালোকে হেৰুৱাই পেলাইছা। এইবুলি কৈ মূৰ্হুততে কমণ্ডলুৰ পৰা এচলু পানী চাৰি পুত্ৰৰ গাত চতিয়াই দিলে আৰু চাৰিও পুত্ৰক লগে লগে ভষ্মিভুত কৰিলে। তেতিয়া বাকী থাকিল পঞ্চম পুত্ৰ পৰশুৰাম। পৰশুৰামক মতাত তেওঁ আহি পিতৃৰ ওচৰত হাজিৰ হল। পুত্ৰক উদ্দেশ্য কৰি মুনিয়ে কলে-
: তুমি কোনো প্ৰশ্ন নকৰাকৈ মোৰ আদেশ পালন কৰিবা বুলি প্ৰতিজ্ঞা কৰা এতিয়া ?
: আপুনি নিজ পুত্ৰক কিয় সন্দেহৰ দৃষ্টিৰে চাইছে পিতৃদেৱ ?
: সন্দেহ হৈছে এইবাবেই যে-তোমাৰ চাৰি ভাতৃয়ে ইতিমধ্যে পিতৃৰ আদেশ অমান্য কৰি মোৰ ক্ৰোধৰ জুইত ভষ্মিভুত হৈ ইহ-সংসাৰৰ পৰা বিদায় লৈছে।
: আদেশ কৰক পিতৃদেৱ-অলপো বিলম্ব নকৰাকৈ আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিম বুলি কথা দিলো এতিক্ষনে।
: তেন্তে শীঘ্ৰে যোৱা আশ্ৰমলৈ আৰু মাতৃৰ শিৰচ্ছেদ কৰি তেওঁক তেওঁৰ শাস্তি বিহাগৈ।
পিতৃৰ আদেশ পাই কিংকৰ্তব্য বিমোৰ হৈ পৰিল পৰশুৰাম, যেন তেওঁৰ ভৰিৰ তলৰ মাটিহে খহি পৰিল। কেইমূৰ্হুতমান একেঠাইতে চকু মুদি ৰল, এবাৰ পিতৃৰ কঠোৰ মুখলৈ চাই মনৰ সকলো দুখ-বেজাৰ অতৰাই পেলালে। দুচকুৰ দুধাৰি পানী দুহাতেৰে মচি পিছ মূৰ্হুততে হাতত কুঠাৰখন লৈ কলে-যি আজ্ঞা কৰে পিতৃদেৱ বুলি আশ্ৰমলৈ গতি কৰিলে।
আশ্ৰম আহি পাই দেখে যে নিজ স্বামীৰ ক্ৰোধত মাতৃ চিন্তিত হৈ মাটিত ঢলি পৰি আছে। পৰশুৰামে মাতৃৰ চৰণ স্পৰ্শ কৰি মাতৃক উদ্দেশি কলে-
মোৰ জন্মদাতৃ মাতৃ- মোক আৰ্শীবাদ কৰক যাতে মই পিতৃ আজ্ঞা পালনত অকনো বিচলিত নহওঁ। জন্মৰ ধাৰ পৰিশোধ কৰাৰ সলনি মই কেনেকৈ নিজ হাতে আপোনাক কুঠাৰঘাট কৰো মাতৃ ? মোক ক্ষমা কৰক মাতৃ।
তেতিয়া মাতৃ ৰেনুকাই কলে-পিতৃৰ আদেশ পালন কৰাটোৱেই পুত্ৰৰ কৰ্তব্য মোৰ বাছা।তুমি তোমাৰ কৰ্তব্য পালনত হেমাহি নকৰিবা, অন্যথা তোমৰো চাৰি ভাতৃৰ দৰেই দশা হৱ।
সকলো দুখ পাহৰি এক মূৰ্হুতও বিলম্ব নকৰি নিজক সংযত কৰি লৈ পৰশুৰামে হাতত থকা কুঠাৰেৰে মাতৃৰ শিৰচ্ছেদ কৰিলে। মাতৃৰ তেজেৰে তুমুৰলি কুঠাৰখন হাতত লৈ লগে লগে পৰশুৰাম পিতৃৰ কাষলৈ আহিল। পৰশুৰামক দেখি পিতৃয়ে সন্তোষ্টহৈ কলে- তুমি পিতৃ আজ্ঞা পালন কৰি নিজৰ কীৰ্তি ৰাখিলা। কোৱা তোমাক কি বৰ লাগে পুত্ৰ ? তেতিয়া পৰশুৰামে কলে-মোক একো বৰ নালাগে পিতৃদেৱ। পাৰে যদি মোৰ মাতৃ-ভাতৃ সকলোকে পুনৰ জীবিত কৰি তোলক। লগে লগে মুনিয়ে কলে ঠিক আছে- ওওওম বুলি এক মন্ত্ৰ-উচ্চাৰণ কৰি কলে যোৱা চোৱাগৈ আশ্ৰমত তোমাৰ মাতৃ আৰু চাৰিও ভাতৃয়ে তোমাৰ কাৰণে অপেক্ষা কৰি আছে।
এনেকৈয়ে পৰশুৰামে পিতৃ আজ্ঞা পালন কৰি পিতৃক সন্তোষ্ট কৰাৰ লগতে নিজৰ চাৰি ভাতৃ আৰু মাতৃক পুনৰ জীৱন দান দিবলৈ সক্ষম হল।
কিন্তু কথা সিমানতে শেষ নহল। মাতৃ হত্যাৰ পাপৰ ভুগি তেওঁৰ হাতৰ কুঠাৰখন নিজৰ হাতৰ পৰা এৰুৱাবলৈ সক্ষম নহল। অপ্ৰাণ চেষ্টা কৰিও বিফল হৈ উপায় বিচাৰি পিতৃৰ ওচৰ পালেগৈ আৰু এই মহাপাপৰ পৰা পৰিত্ৰান পোৱাৰ উপায় বিচাৰি সহায় ভিক্ষা মাগিলে। তেতিয়া মুনিয়ে কলে যে-মাতৃ হত্যাৰ এই মহাপাপৰ পৰা পৰিত্ৰাণ পাবলৈ তুমি ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰাৰ অন্তত একান্ত মনে প্ৰাৰ্থনা কৰিলে তুমি পাপ মুক্ত হৱা।
তেতিয়াৰে পৰা পৰশুৰামে এফালৰ পৰা ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰিবলৈ ধৰিলে। সকলো তীৰ্থস্থান দৰ্শনৰ অন্তত তেওঁ এক নিৰ্জন ঠাইত ভগৱানক ধ্যান কৰিবলৈ লাগিল। বহুদিন ধ্যান কৰাৰ পাছত পৰশুৰামৰ ধ্যান-ভক্তিত সন্তোষ্ট হৈ মহাদেৱ শিৱই দৰ্শন দিলে আৰু কলে- তুমি কুঁশল নগৰৰ পণ্ডিত বিষ্ণুজৰথাক সাক্ষাত কৰা তেৱেঁই তোমাৰ পাপৰ পৰা মুক্তিৰ সন্ধান দিব। বিষ্ণু জৰথাইও পৰশুৰামক উপদেশ দিলে যে-তুমি উত্তৰ-পূৰ্বাঞ্চলৰ এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ ঠাইত মহেন্দ্ৰগিৰি নামৰ এক সুন্দৰ পৰ্বত পাবা, তাত থকা ব্ৰহ্মকুণ্ডৰ পাৰটো তোমাৰ কুঠাৰেৰে কাটিলে যি জলধাৰা ওলাব আৰু বৈ যাব তাত স্নান কৰাৰ লগে লগে তোমাৰ হাতৰ কুঠাৰ এৰাই যাৱ আৰু তুমি মাতৃহত্যা মহা পাপৰ পৰা মুক্ত হৱ পাৰিবা। আৰু সেই ঠাই যুগ-যুগান্তৰলৈকে তোমাৰ নামৰ সৈতে জড়িত হৈ পৰিব।
পণ্ডিত জৰথাই কোৱাৰ পথেৰেই গৈ পৰশুৰামে কাকপথাৰ, মহাদেৱপুৰ আৰু নামচাই অঞ্চল অতিক্ৰম কৰিলে। তাতেই আন্ধাৰহৈ আহাত ৰাতিটো আশ্ৰয় লোৱাৰ মানসেৰে এঘৰ মানুহৰ গোহালিত আশ্ৰয় ললে আৰু সেই গোহালিতে বান্ধি থোৱা দুটা বলধ গৰুৰ কথা-বতৰা শুনা পালে। এটা বলধে আনটোক কলে –আজি মোক গৰাকীয়ে বৰকৈ মাৰ-পিত কৰিলে জান। সেইকাৰণে কালিলৈ মই তেওঁক মোৰ শিঙেৰে এখোচ দিম। আনটো বলধে কলে-তেনে কৰিলে তোৰ পাপ নহবজানো ? যিজনে তোক ইমান দিনে খুৱাই-বোৱাই যত্ন কৰি পালিচে। উত্তৰত সি পুনৰ কলে-সেই পাপৰ পৰা মুক্তহৱলৈ ইয়াৰ পৰা কিছু আতৰত থকা মহেন্দ্ৰ পৰ্বতৰ সেই ব্ৰহ্মকণ্ডলৈ গৈ স্নান কৰি সেই পাপৰ পৰা মুক্ত হম।
পিছদিনা বলধটোৱে কথামতেই কাম কৰি দেখুৱালে মানে গৃহস্থক শিঙেৰে এক প্ৰচণ্ড আঘাত কৰিলে আৰু মহেন্দ্ৰ পৰ্বতৰ ব্ৰহ্মকুণ্ডৰ অভিমুখে দৌৰিবলৈ ধৰিলে। তাকে দেখি পৰশুৰামে ভাবিলে তেওঁৰ গন্তব্যস্থান পোৱা এইটোৱেই সহজ উপায়, এক মূৰ্হুতও বিলম্ব নকৰি পৰশুৰামে এখন হাতত কুঠাৰ আৰু আনখন হাতেৰে বলধ গৰুটোৰ নেজত থাপমাৰি ধৰি পাছে পাছে গৈ ব্ৰহ্মকুণ্ড পালেগৈ। চাৰিওফালে চাই ব্ৰহ্মকুণ্ডৰ জলাশয়ত স্নান কৰিবলৈ লওঁতেই এটা প্ৰকাণ্ড ঘঁৰিয়ালে পৰশুৰামক খাবলৈ খেদি আহিল। কিন্তু চকুৰ পলকতে সেই ঘঁৰিয়াটোৱে এক মানুহৰ ৰূপ ধাৰণ কৰিলে আৰু কলে- মোৰ নাম সুতাপা, বহুযুগ ধৰি মই শাপ ভুগি ঘঁৰিয়াল ৰূপে এই ব্ৰহ্মকুণ্ডতেই আপোনাৰ বাবে অপেক্ষা কৰি আছো। আপুনি ব্ৰহ্মকুণ্ডৰ পাৰ আপোনাৰ হাতৰ কুঠাৰেৰে কাটি দিয়াৰ লগে লগেই মই শাপমুক্ত হম আৰু এই ব্ৰহ্মকুণ্ডৰ পৰা যি অমৃত বৈ যাৱ আৰু এই অমৃত জলভাগ উত্তৰ-পূৱৰ প্ৰদেশ বোৰৰ মাজেদি ব্ৰহ্মপুত্ৰ নামেৰে বৈ গৈ সমূদ্ৰত মিলিত হৱ।
সেই ঘঁৰিয়াল ৰূপী সুতাপাৰ কথা মতেই পৰশুৰামে হাতত থকা কুঠাৰেৰে আঘাত কৰি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিলে আৰু ঘঁৰিয়াল ৰূপী সুতাপা উদ্ধাৰ হল আৰু ব্ৰহ্মকুণ্ডৰ জলভাগত স্নান কৰাৰ লগে লগে পৰশুৰামৰ হাতৰ কুঠাৰ সুলকি পৰিল। তেতিয়াহে পৰশুৰামৰ মাতৃহাত্যা মহাপাপ খণ্ডন হল।

(শেষকথাঃ-ব্ৰহ্মকুণ্ডৰ পুত্ৰ স্বৰূপ পৰশুৰামৰ হাতৰ স্পৰ্শত ব্ৰহ্মকুণ্ডৰ পৰা ধাৰাসাৰে ওলোৱা অসমৰ মাজেৰে বৰ্তমানেও প্ৰবাহিত হৈ থকা বৰলুইতৰ নাম ব্ৰহ্মপুত্ৰ নামেৰে জিলিকিছে আজিও।)
(এই প্ৰবন্ধটি মাননীয়া ৰুণু গোস্বামী বাইদেউৰ পৰিভ্ৰমন নামৰ প্ৰবন্ধটিৰ পৰা কিছু আভাস আৰু  ন-সংমিশ্ৰনৰে ন-ৰূপত লিখি উলিওৱা হৈছে।)

Saturday, 26 October 2013

হীৰেণ ভট্টাচাৰ্যৰ কবিতাঃ-

 
বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত
এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত।
হাবিৰ চৰাই হাবিয়েদি উৰি যায়
শুনো কি নুশুনো উৰণীয়া মাত
মোৰ হাবিয়াস নপলায়
বন্ধু লাহী পাখিত বেলি আহি লহিয়ায়
নেদেখিলে সেই চৰাইৰে জাক
মোৰ হাবিয়াস নপলায়
বন্ধু চকুলোৱে ঢাকে মোৰ দূৰণিৰ বাট।'
(হীৰেন ভট্টাচাৰ্য)

... তেজ মঙহৰ সম্পৰ্কৰ পাছতেই মানুহৰ জীৱনত লেখত ল'ব লগা কোনো আছে যদি সেয়ে বন্ধু। বন্ধুত্ব... আত্মাই আত্মাই খাপ খাইথকা এটা সম্পৰ্ক। জীৱনটোক অধিক সাৱলীল কৰি তুলিবলৈ প্ৰয়োজন, এই সম্পৰ্কৰ। জীৱনটোক অধিক ৰঙীন আৰু অৰ্থপূৰ্ণ কৰিবলৈ প্ৰয়োজন এই সম্পৰ্কৰ।

মনত পৰেনে কেতিয়াবা..........................???????????


কিহৰ তাড়নাত জীয়াই থাকে প্ৰাণী..........
কিহৰ তাড়নাত জীয়াই থাকে মানুহবোৰ....
কিহৰ পিছত দৌৰিছো আমিবোৰ............

ৰাতিপুৱাইছে গধূলি হৈছে, আকৌ ৰাতি গৈছে দিন আহিছে, সপ্তাহ, মাহ,বছৰৰ পিছত বছৰ আহিছে, শত-সহস্ৰ মানুহ প্ৰতিদিনেই মৰি আছে, শত-সহস্ৰ প্ৰতিদিনেই জন্মিছে, কোনেও কাৰো হিচাপ ৰখা নাই, অহা আহিছে যোৱা গৈছে, এক যান্ত্ৰৰ দৰে পৰিচালিত হৈ আছে। অবিশ্বাস্য খবৰেৰে ভাৰক্ৰান্ত প্ৰতিটো বছৰে  যাৰ বাবে এৰি গৈছে কিছু দুশ্চিন্তা আৰু আকাংখা।
যাৰ বাবে সময়ৰ হিচাপ ৰখাৰ আহৰি নাই, কৰ্মই যাৰ জীৱনৰ লক্ষ আৰু উদ্দেশ্য, তেওঁলোকৰ বাবে ৰাতিপুৱাৰ ৰঙা বেলিটোৱে কিনো নতুন আশালৈ আনিব পাৰে...? তথাপিও ইয়াৰ মাজতেই তেওঁলোকে কাৰোৰে পৰা কেতিয়াওঁ স্বীকৃতি নিবিচাৰি নীৰৱে কাম কৰি গৈছে। সেই মহান ব্যক্তি সকলৰ সুখ-দুখৰ সমভাগী হৱলৈ আমিও কেতিয়াবা অলপ সময় উলিয়াব নোৱাৰোনে...? তথাপিও তেওঁলোকৰ মনত কোনো খেদ নাই, কৰ্মত কোনো হেমাহি নাই, নাই কোনো অভিমান, অভিযোগ। চিৰচাৰিত নিয়মেৰ মাজৰে নিজ নিজ কৰ্মত তেওঁলোক ব্যস্তহৈ যেন এখন্তেকো জীৰণি লবলৈ আহৰি নাই।
জীৱন সংগ্ৰামী এইসকলৰ বিষয়ে আমি অকনমান আন্তৰিকতা প্ৰকাশ কৰিব নোৱাৰো জানো.......?
সেইজন ব্যক্তি যিজনে, আমি ৰাতিপুৱা শুই উঠি চাহ কাপত চুমুক দিলো কি নিদিলো ঠিক তেনেতে দুৱাৰ মুখত দি যায়হি দেশৰ প্ৰতিটো চুকৰ-কোণৰ সকলো খৱৰেৰে ভৰা বাতৰিকাকতখন। ৰদ, বৰষুণ, ধুমুহা, বিজুলী, শাৰীৰিক অসুস্থতা এই সকলোবোৰকো নেওঁচি সেই চিনাকি চাইকেলখন চলাই চলাই প্ৰতিখন চহৰ,নগৰৰ প্ৰতিটো অলিয়ে গলিয়ে, দুৱাৰে দুৱাৰে নিৰৱেই দি গৈছে দেশৰ বতৰা। কাউৰীয়ে কা-কৰাৰ আগতেই প্ৰচণ্ড শীতকো নেওঁচি যি সময়ত সেইগৰাকী ব্যক্তিয়ে চাইকেলৰ পেডেলত শৰীৰৰ সমস্ত হেচা দি দিনটোৰ বাবে ধাপলি মেলে, সেই সময়ত আমি বহুতেই শোৱাপাটীৰ সুখত মচগুলহৈ থাকো। অথচ আমি তেওঁলোকক এদিনলৈও কেতিয়াওঁ পানী এগিলাচ, চাহ একাপ খাই এখন্তেক জীৰাই যাওঁক বুলি কৈ অকৃত্ৰিম আন্তৰিকতাকন প্ৰকাশ কৰাৰ প্ৰয়োজন বোধ নকৰো।
সেইজন ব্যক্তি যিজনে দুপৰ নিশালৈ প্ৰেছত নিৰবিচিন্ন ভাবে কাম কৰি গৈছে সীমিত পৰিমান অৰ্থৰ বিনিময়ত......................
সেইজন ব্যক্তি যি দিন ৰাতি একাকাৰ কৰি পথ-দলং নিৰ্মাণত উঠি পৰি লাগি থাকে..........
সেইজন ব্যক্তি যি দূৰ্গাপূজাৰ দৰে আনন্দ উত্সৱৰ সময়তো পৰিয়াল সকলো আশা-আকাংখাকো নেওঁচি কেৱল জনগণৰ সুবিধাৰ বাবেই ঘণ্টাৰ পাছত ঘণ্টাকৈ মুখত হুইচেল লৈ বজাই বজাই যান-বাহন বোৰ নিয়ন্ত্ৰন কৰি সকলোৰে যাতায়তত সহায় কৰে........
সেইজন ব্যক্তি যি নিজৰ দায়িত্ব প্ৰতি সদা-সজাগ হৈ কেতিয়াবা আত্মীয়ৰ বিবাহস্থলী ত্যাগ কৰি, কেতিয়াবা শোৱা পাটি এৰি, কেতিয়াবা আধা ভাতখোৱকৈ এৰি থৈ কাৰোবাৰ জীৱন বচাবলৈ ধাপলি মেলে..............
সেইজন ব্যক্তি যি নিজৰ জীৱনৰ বহুমূলীয়া সময় নষ্ট কৰি সমাজৰ কল্যাণৰ বাবে বছৰৰ পিছত বছৰ ধৰি গৱেষণাগাৰত নিৰলস সাধনাত ব্যস্ত হৈ থাকে............
সেইজন ব্যক্তি যি নিজৰ পৰিয়াল, মাতৃভূমিৰ পৰা হাজাৰ মাইল দুৰৈত থাকিও সীমান্তত শত্ৰুৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আমাৰ নিৰাপত্তাৰ দায়িত্বত দিনে-নিশাই ব্যস্ত হৈ থাকে......................
তৰোপৰি ঘৰে ঘৰে চিঠি বিলাই দিয়া সেই ডাকোৱালজন, ঘৰে ঘৰে গাখীৰ দিয়া গুৱালজন, কাপোৰ চিলোৱা দৰ্জিজন, ইস্ত্ৰী কৰা ধোৱাজন, যাত্ৰীবাহী যান-বাহনৰ দুৱাৰ মুখত ওলমি যোৱা হেণ্ডিমেনজন.....,যাত্ৰীৰ বয়-বস্তু কঢিওৱা কুলিজন, ৰিক্সাৱালাজন, ঠেলাৱালাজন, জোতা ৰঙ কৰা মুছিজন, চুলিকটা নাপিতজন, চুইপাৰ জন, ৱাৰ্ডবয়জন, নাৰ্চগৰাকী, যান-বাহনৰ মেকানিকজন, অগ্নি নিৰ্বাপিত কৰ্মীজন, পানীত দুৱযোৱাজনক উদ্ধাৰ কৰা সেই দুবাৰু সেনাজন, ঘাটত যাত্ৰীৰ অপেক্ষাৰত সেই নাঁৱৰীয়া জন..........এইসকলোৱেইতো এফালে পেটৰ ক্ষুধা নিবাৰণৰ বাবেই সংগ্ৰাম কৰিছে আনফালে সমাজলৈ একব্যতিক্ৰমী বৰঙণি আগবঢ়াই আহিছে। মানৱতাৰ খাতিৰতে হওঁক বা সৌজ্যনতাৰ খাতিৰতে হওঁক আমি তেওঁলোকৰ এই মহান বৃৰ্তিমুখী কৰ্মৰ অৱদানৰ বাবে তেওঁলোকক আন্তৰিকতা প্ৰকাশ কৰি সলাগ লোৱা উচিত।  (এই লেখাটিত কেৱল নিঃস্বাৰ্থ ভাবে কাম কৰা সেই মহান ব্যক্তি সকলৰ বিষয়েহে কোৱা হৈছে)

Friday, 25 October 2013

দুৰণিলৈ যাত্ৰা, তিতা মিঠা অভিজ্ঞতা আৰু অচিনাকি মৰমঃ-



(উজনি অসমৰ দুলীয়াজানলৈ যোৱাৰ পথত হোৱা বিভিন্ন অভিজ্ঞতা খিনি এনেকৈ অসম্পাদিত ৰূপত লিখি উলিয়ালো। অকৃত্ৰিম মৰম, চেনেহে মোৰ বুকুত দকৈ সাঁচ বহুৱাই যোৱা কিছু কথাৰ সোৱাদ দিবলৈ সমান্য চেষ্ঠা মাথোন।)  

এনেয়ে নকয় ধনীৰ ঘৰত চাবলৈ যাবা,
দুখীয়াৰ ঘৰত খাবলৈ যাবা।

উহ ইমান ঠাণ্ডা ঐ,.......ইমান কাহিলিপুৱাতে হাঁড়কপোৱাতে জ্বাৰত উঠি ঠাণ্ডা পানীৰে গা-ধোৱাৰ অভ্যাস নাই যদিও দুৰণিবতীয়া যাত্ৰ আছিল বাবে আগগুৰি নাভাবি ঢালি দিছিলো হৰহৰাই চেঁচা পানী, ঠক ঠককৈ কপি উঠিছিলো। তথাপিও উজনিলৈ যোৱাৰ প্ৰবল হেঁপাহতে সাজু হৈছিলো।
সময় ৰাতিপুৱা ৭.১৫ হৈছে, তৈল-নগৰী দুলীয়াজন অভিমুখী যাত্ৰা আৰম্ভ। লগত আছে মোৰ বন্ধু নৱদ্বীপ গোস্বামী, তেওঁৰ বায়েক-ভিনিহিয়েক আৰু ভাগিনটো। ভাগিনিয়েকটো আছিল উদন্ত স্বাভাৱৰ, ১৮ বছৰমান হৈছে, আধুনিক পোচাকৰ লগতে আধুনিক চাল-চলন, ধৈৰ্য্য কম, একেধাৰে ইমান দুৰলৈ যাবলৈ তাৰ ধৈৰ্য যে হৱ তাত মোৰ সন্দেহ আছে। যিকি নহওঁক আগবাঢ়িলো আমি। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে তীব্ৰবেগত গাড়ী এৰি দিলো, বতৰ ডাৱৰীয়া আছিল বাবেই কুঁৱলীৰ প্ৰভাব সিমান নাছিল, ৰাস্তাত যান-বাহনৰ সিমান ভিৰ নাছিল। সুন্দৰ নিমজ পথেৰে আগবাঢ়িছে আমাৰ গাড়ী, কাজিৰঙাৰ সেইজীয়াৰ মাজেৰে জীৱজন্তুবোৰ চৰি থকাৰ দৃশ্যৰ উপভোগৰ লগতে দুয়োকাষে মনোমোহা প্ৰকৃতিয়ে আমাৰ যাত্ৰা আৰু মধুৰ কৰি তুলিছিল। বুঢ়ীআইৰ থানৰ সন্মুখত গাড়ীৰ গতি কমাই নামি পৰিলো, সকলোৱে একেলগে সেৱা জনাই নিৰ্মালী পটজল লৈ পুনৰ ধাৱমান উজনিৰ দিশে।সময় ৯.৪৫ মিনিট, তেতিয়া বোকাখাত ৰৈ হোটেলত কলপাতত দিয়া পুৰি ভাজি খাই পুনৰ যাত্ৰা চলিল। মিউজিক প্লেয়াৰটোৰ পৰা ভাহি আহিছে এটি সুমধুৰ গীত...................
মৰমত মাতিছো তোমাক জানেমনি,
তুমি মোৰ বুকুৰে হিয়াৰ বাখৰমনি,
অ কতেনো গৈ আছিলা, বিচাৰি ঐ ফুৰালা,
জানঐ কিয়নো তুমি মোক বলিয়া কৰিলা,
কিয়নো তুমি মোক বলিয়া কৰিলা।

শিৱসাগৰ পোৱাৰ লগে লগে দুৰৰ পৰা কেইবাটাও দৌল চকুত পৰিল, পথৰ দুয়োকাষে সৰু সৰু বজাৰ চকুত পৰিল, আমি আলোচনা কৰিলো আহোতে ইয়াত মাছ-পুঠি কিনি আনিম ঘৰলৈ। এটা সময়ত গৈ গৌৰীসাগৰ পালোগৈ, গাড়ীৰ গতি কমাই আনিলো আকৌ, সৰু চহৰৰ দৰে লাগিল ঠাইখন, এজন বেপাৰীৰ পৰা কমালা কিনো বুলি সুধিলো কমলাৰ হালি কিমান? দোকানী জনে মুখলৈ চাইছে, কলে কমলা হালি হিচাপে নহয়, আমি কেজি হিচাপেহে বিক্ৰি কৰো। পুনৰ সুধিলো তেনেহলে কেজি কিমান..?? তেওঁ কলে কেজি ৩০ টকা, তেনেহলে ১ কেজি দিয়ক বুলি বাচি বাচি কমলা ১ কেজি কিনি সকলো গাড়ীৰ ভিতৰতে বহি খালো, মই আৰু বন্ধুৱে দুয়ো এখনকৈ মিঠাপট্টী পান মুখত গজি দি পুনৰ আগবাঢ়িলো। গৌৰীসাগৰ, ডিমৌ, জাজী পাৰহৈ এইবাৰ পালোগৈ মৰানহাট,  মশ্ৰিন পথৰ দুয়োকাষে লক্ষ্য তৈলনগৰী দুলীয়াজান চোৱাৰ। ৰাতি কত থাকিম, কি কৰিম একো আওভাও নোপোৱাকৈ আছিলো যদিও পাছত গম পালো বাইদেউৰ সম্পৰ্কীয় বায়েক এজনী আছে বুলি কলে দুলীয়াজানত, তেওঁলোক চাহবাগনৰ কৰ্মচাৰী বুলি জানিব পাৰিলো, তেনেহলে নিশ্চয় থকাৰ সুবিধা ভালেই হৱ বুলি মনতে ভাব এটা হল। ফোন কৰিছ জনাইছে গৈ আছো বুলি, নহলেও কোনো কথা নাই কিবা এটা বন্ধবস্ত হৈ যাব পোহৰে পোহৰে দুলীয়াজান পালেগৈ। কোনোদিনে দুলীয়াজান নেদেখা আটাইৰে মুখত আনন্দৰ সীমা নাই, দুপৰীয়া ১.৩০ মিনিটত আমি গৈ ডিব্ৰুগড়ৰ ফুলবাগান পালোগৈ, ঘড়ীটোলৈ চাই নিজেই বিশ্বাস কৰিব পৰা নাছিলো কেনেকৈ ইমান সোনকালে গৈ ডিব্ৰুগড় পালোগৈ, আগতে ৰাতিৰ গাড়ীত গলেও ৰাতিপুৱাহে ডিব্ৰুগড় পাইছিলোগৈ। দুপৰীয়াৰ সাজ ডিব্ৰুগড়তে খাই ললো। তাৰ পিছত তিনিচুকীয়া অভিমুখে পুনৰ যাত্ৰা আৰম্ভ হল। তেনেতে বাইদেউৰ সম্পৰ্কীয়া বায়েকৰ পৰা ফোন আহিল যে দুলীয়াজানলৈ আহিবলৈ লাহোৱাল হৈ এটা চমুবাট আছে সেইফালে আহিবলৈ কলে। কথা মতেই কাম। আমি লাহোৱাললৈ লক্ষ্য কৰি আগবাঢ়িলো, প্ৰায় ২০ মিনিটৰ পাছত লাহোৱাল পালোগৈ, তাতে দোকান এখনত সুধি পথটোৰ সম্ভেদ ললো, সেই দিশেৰে আগবাঢ়িলো। বাটে বাটে সুধিব লগা হৈছে দুলীয়াজানৰ পথৰ বিষয়ে, কাৰণ আমি আগতে সেই পথেৰে যোৱা নাছিলো। মই তিনিচুকীয়াৰ পৰা আগলৈ যোৱা নাছিলো কেতিয়াও সেয়ে তিনিচুকীয়ালৈকে অনায়েসে নিচিন্তে গৈ পালো। ঠিক আবেলি ৩.৩০ বজাত আমি গৈ দুলীয়াজান নগৰ পালোগৈ, এতিয়া মধুটিং চাহবাগিছালৈ কোন বাটেৰে যাব লাগে উৱাদিহ পোৱা নাই, গাড়ী পাৰ্কিংৰ ঠাইত ৰাখি ইটো-সিটো কিনিবলৈ আগবাঢ়িলো, বস্তুটোও কিনিলো আৰু বাগিছা খনৰ সন্ধানো পালো।
লগে লগে গাড়ী ঘুৰালো দুলীয়াজান সামৰিক চিকিত্সালয়ৰ সন্মুখেদি আগবাঢ়িলো, চাৰিআলিবোৰ পালেই লাগি যায় খেলিমেলি, দুটামান চাৰিআলিত সুধি সুধি আগবাঢ়িলো, তৃতীয়া চাৰিআলিটো পাওঁতেই ট্ৰেফিক চিগনেলত ৰৈ গলো, তেনেতে এখন মহিন্দ্ৰৰ গাড়ী আমাৰ কাষতে ৰলহি, দ্ৰাইভাৰজনক সুধিলে মধুটিং বাগিছালৈ কোন বাটেৰে যাব লাগে, তেতিয়া তেওঁ কলে আমি সেইবাগিছালৈকে যাম আপুনি আমাৰ পিছে পিছে আহিলেই দেখুৱাই দিম, কথামতেই গাড়ীখনক অনুসৰণ কৰিলো, এনেকৈ বিচাৰি ফুৰোতেই আমাৰ প্ৰায় ১ঘণ্টামান দেৰি হৈ গল, তেতিয়ালৈ বেলি ডুবু ডুবু হৈছিল, ঠাণ্ডাও লাগিছিল, জেকেটটো পিন্ধি লৈ পুনৰ আগবাঢ়িলো, একাবেকা পথেৰ গৈ গৈ এটা সময়ত মধুটিং বাগিছাৰ তিনিআলিত আমাৰ গাড়ীখনে এইখনেই মধুটিং বাগান বুলি দেখুৱাই লগ এৰা দিলে, তেতিয়া পুনৰ এখন দোকানত সুধি আকৌ আগবাঢ়িলো, এইবাৰ এটা মাটিৰ পথৰে আগুৱাই গলো, দুৰৈত দেখিলো বাইদেউ গৰাকী আমাৰ বাবে অপেক্ষা কৰি কৰি আগুৱাই আহিছে। গাড়ী ৰখালো আৰু বাইদেউকো লগতে উঠাই ললো, মাজে মাজে সুধিলো কোনবাটেৰে যাম ইয়াৰ পৰা, তেওঁ দেখুৱাই গৈ থাকিল, কিছুসময়ৰ পাছতে গাড়ী গৈ তেওঁলোকৰ চোতালত ৰখালোগৈ।

গৃহস্থ ঘৰৰ সকলো যেন আমাৰ বাবেই অপেক্ষাৰত বুজিবলৈ বাকী নাথাকিল, সকলোৰে মুখত আনন্দৰ ৰেঙনি, ঘৰলৈ ইমান দুৰৰ পৰা আলহি আহিছে, কত থব কত নথব এনে লাগিল তেওঁলোকৰ। আদৰি-সাদৰি মাতি নিলে ঘৰৰ ভিতৰলৈ। কিন্তু বাগানাত কৰ্মৰত কৰ্মচাৰী এজনৰ নিজৰ ঘৰখনৰ দেখি ভাবিবলৈ বাধ্য হলো যে তেওঁ সঁচাকৈয়ে বাগানতে চাকৰি কৰেনে বাৰু..? হয়, সেয়াই সত্য আছিল। ঘৰৰ চৌপাশলৈ চকু ফুৰালো—বাৰীৰ চাৰিওকাষে জেওঁৰা দিয়া আছে, ঘৰখন মাটিৰে নিৰ্মান কৰা, ওপৰত টিংকেইচলামানৰ সৈতে কোনোমেত থিয় হৈ থকা এটি পজা। এইটোৱেই সেই বাইদেউ গৰাকীৰ ঘৰ। একেবাৰে সাধাৰণ তথা অভাৱ অনাতনে জুৰুলা কৰা এটি সৰু পৰিয়াল তেওঁলোকৰ, কাষতে খুড়াকৰ পৰিয়াল, তেওঁলোকৰো একেই অৱস্থা। তেতিয়াই মনত পৰিল মোৰ---- ধনীৰ ঘৰলৈ চাবলৈ যাবা, আৰু দুখীয়াৰ ঘৰলৈ খাবলৈ যাবা বুলি ডাকৰ বচন ফাকিলৈ। সঁচাকৈ....কেইমূৰ্হুত্বমানৰ ভিতৰতে এদিনৰ চিনাকি মই কেনেকৈ যে তেওঁলোকৰ ইমান আপোন হৈ পৰিলো মই গমকেই নাপালো, তেওঁলোকৰ সকলোৰে ব্যৱহাৰত মই মুগ্ধ হৈ পৰিলো, লগে লগে ভৰি-হাত ধুবলৈ গৰম পানীৰ বাল্টি, গামোচা পাছফালৰ চোতালত দিলেহি.....হাতমুখ ধুই উঠিয়েই দেখিলো চাহ বাতি, বিবিধ পিঠা আৰু জা-জলপানে সাজুহৈ মোক খা মোক খা কৰি। খাই বৈ উঠাৰ লগে লগে সলাবলৈ কাপোৰৰ পৰা আৰম্ভ কৰি কত যে কি নকৰিলে, ঠাণ্ডাত কোঙা হৈ পৰিছো বুলি ভাবি পাছফালৰ বাৰাণ্দাতে একুৰা জুইও ধৰি দিছে। মোৰ বুজিবলৈ বাকী নাথাকিল যে---তেওঁলোক ধনৰ ধনী নহলেও মৰম চেনেহেৰ ভৰি থকা একোখন বিশাল অন্তৰেৰে বহু ধনী, অজানিতে মুৰ দো-খাই আহিল মোৰ, ভক্তিত, শ্ৰদ্ধাত গদ গদ হলো, ভাবিবলৈ বাধ্য হলো বহু হাজাৰ জনৰ মাজতহে এনে মানুহক লগ পোৱা যায় কাত্চিত্ হে জীৱনত। ইতিমধ্যে জুই দপদপাই জ্বলি উঠিছে আমি বহি পৰিলো জুইৰ চাৰিও কাষে, কথা চলি থাকিল তাৰ মাজে মাজে, ঠাইখনৰ বিষয়ে জানিবলৈ ইটোসিঠো সুধি আছিলো, গম পালো তাৰ পৰা লক্ষীপথাৰ বৰ বেছি দুৰ নহয়, যত এসময়ত আলফা আৰু সামৰিক বাহিনীৰ লগত তীব্ৰ যুদ্ধ হৈছিল, তাৰ ওচৰতেই আলফাৰ কামাণ্ডাৰ ইন চিফ পৰেশ বৰুৱাৰ ঘাটি আছিল। এনেতে পাছফালৰ পৰা বাইদেউৱে আহি এখনি এৰীচাদৰৰে মোক মেৰিয়াই দিছেহি, ঘুৰি চাই বাইদেউৱে মুখলৈ চাই কৈছে---তোমাৰ ঠাণ্ডা লাগিব পাৰে, এইখনকে লৈ থাকাচোন। মই বোলো আপুনি মিচায়ে ইমান কষ্ট কৰিলে, মোৰ এইজেকেতটো আছেই দেখোন, ঠাণ্ডা আৰু কত লাগিব পাৰিব। তথাপিও এৰীচাদৰ দেখি ভাল লাগি গল, বহু দিনৰ আগতে এৰীচাদৰ লৈছিলো, এতিয়াও ঘৰত এৰীচাদৰ আছে যদিও লোৱা নহয়। একমাত্ৰ ছোৱালীজনী দিক্ষীতায়ে মাকক আলহি শুশ্ৰুষাত সহায় কৰি দিছে। বৰ মৰমলগা ছোৱালী, কম কথা কয় আৰু অনবৰতে মুখত এটি হাঁহি দেখা পালো। ঘৰখনৰ প্ৰতিজনৰ মাজত ইমান মিলাপ্ৰীতি দেখি আচৰিত নহৈও নোৱাৰিলো, মনতে ভাবিলো এই যান্ত্ৰিকতাৰ দিনত আভিজাত্যৰ প্ৰতিযোগীতাত ব্যস্ত বহুতেই হয়তো এনে মৰম চেনেহ কাহানিও পোৱা নাই, মোৰ সৌভাগ্য যে মই এনে মানুহৰ সানিধ্য লাভিবলৈ সক্ষম হলো। পুনৰ ভাবিলো ইয়ালৈ নহা হলে বহুত আমেজেই হেৰুৱালোহেতেন জীৱনত, যিবোৰ বহুত মূল্যবান মোৰ বাবে।

পৰিবেশটো দেখি আৰু ঘৰখনৰ অৱস্থাৰ কথা অনুমান কৰি মোৰ বন্ধুৰ উদন্ত ভাগিনৰ চিন্তা হল, সি পাৰিবনে নাই এই পৰিবেশত কটাব দুৰাতি, তাকে ভাবি সি একো কব নোৱাৰি ৰৈ আছে, এটাসময়ত মাকক বাহিৰলৈ মাতি আনি কলে..............অ মা, মই হলে এনেকুৱা ঘৰত থাকিব নোৱাৰো দেই, কেনেকৈ থাকিম, কত শুম। নাই মই লাগিলে হোটেলতে থাকিম, তোমালোক ইয়াতে থাকা যদি থাকা, মই কিন্তু নাথাকো। মাকে তাক বুজাবলৈ চেষ্টা কৰিলে কিন্তু কত আৰু পাৰে সৈমান কৰাব। মই কথাটো বুজিব পাৰি তাক কলো নাথাকো নুবুলিবি, তেওঁলোকে মনতে আঘাট পাব নহয়, আজি তেওঁলোকৰ এই অৱস্থাৰ বাবেই তই বাহিৰত থাকিলে তেওঁলোকৰ অৱস্থাটোক হাঁহাৰ দৰেহে হৱ, বৰ কষ্ট পাব তেওঁলোকে। লৰাটোৰ মনৰ ভাৱটো জানি মোৰ বহুত দুখ লাগিল, মানুহ দুখীয়া হল বুলি এনেকৈ ভাবিবলৈ কি শিক্ষাৰে শিক্ষিত হৈছে এইচাম ডেকা, ইতিমধ্যে গৃহস্থই কথাটো অনুমান কৰিব পাৰিছে চাগৈ, মোৰ নিজৰে দোষী দোষী লাগিল, মোক সেই বাইদেউ গৰাকীয়ে ভিতৰলৈ মাতি নি সুধিলে তুমি বাৰু আমাৰ ইয়াত থাকিবলৈ অসুবিধা পাবা নেকি.....? মই কলো---কিয় তেনেকৈ কৈছে বাইদেউ, মই একো অসুবিধা পোৱা নাই আপোনালোকৰ ঘৰত, বৰঞ্চ মই বেছি সুবিধাহে পাইছো, ইমান সুন্দৰ আপোনালোকৰ ঘৰৰ পৰিবেশটো, মোৰ ভাল লাগিছে, আপুনি চিন্তা নকৰিব, মই ইয়াত অলপো বেয়া নাপাও,......তেওঁলোকে ভাবিছিল মই তেওঁলোকৰ সমন্ধীয় নহয় যেতিয়া মইহে চাগৈ অসুবিধা পাইছো বুলি। কিছুসময়ৰ পাছত তেওঁলোকৰ বৰদেউতাক আহি ওলালহি, আৰু পৰিবেশটো দেখি বুজিব পাৰিলে চাৰি-পাঁচটাকৈ আলহি ভাৰ কেনেকৈনো তেওঁলোকে বহন কৰিব পাৰিব, সেয়ে তেওঁ কলে অসুবিধা হলে দুজনমান আমাৰ ঘৰলৈকে যাব পাৰি। কথা মতেই মোৰ বন্ধু আৰু উদন্ত ভাগিন যাবলৈ সাজু হল, মোৰ তেওঁলোকৰ ঘৰ এৰি যাবলৈহলে সত নগল, ইমান সুন্দৰ পৰিবেশ, সুন্দৰ ব্যৱহাৰ, ইমান খোলামনৰ মানুহৰ লগত লাগিলে মাটিয়ে বালিয়ে পৰি হলেও মই থাকিবলৈ ৰাজী আছো। কিন্তু কবও পৰা নাছিলো।
ক্ৰমাত ৰাতি হৈ অহাত বৰদেউতাকে আমাক ডেকা তিনিটাক লগ ধৰিলে তেওঁলোকৰ ঘৰখন চিনাকি হৈ আহিবলৈ, তাৰ পৰা প্ৰায় ৩ কি.মি. দুৰৈত তেওঁলোকৰ ঘৰ, কথা পেলাব নোৱাৰি ওলালো। তেওঁলোকৰ ঘৰগৈ পালোগৈ, দেখিলো সুউচ্ছ অট্টালিকা, প্ৰকাণ্ড চৌহদত আভিজাত্যৰ ৰহন ফুটি উঠিছে, বহিবলৈ দিলে, কথা বতৰা চলিল, কত থাকা, কি কৰাৰ পৰা আদি কৰি ৰভাতল সোমোলৈকে প্ৰশ্নৰ উত্তৰ দি দি ভাগৰি পৰিছিলো, ইফালে দিনৰ দিনটো ইমান দুৰ যাত্ৰা কৰা ভাগৰে আমাক হেচা মাৰি ধৰিছিল। প্ৰায় ২ ঘণ্টাৰো ওপৰ সময় আমি কথা-বতৰা পাতিলো যদিও তেওঁলোকৰ পৰা একাপ চাহ বা তামোলৰ বাবে কোনো ধৰনৰ প্ৰতিক্ৰিয়া নেদেখিহে আচৰিত হলো। একে ঠাই, একে বংশৰ একেপৰিয়াতে ইমান ভিন্ন আচৰনে মোক আচৰিত কৰি তুলিলে, এটা সময়ত কলে ভাতকেইটা তোমালোকে আমাৰ ঘৰতে খাবা বাৰু, তেতিয়া সময় ৯ বাজো বাজো, তেতিয়ালৈকে ঘৰৰ গৃহিনীয়ে পাকঘৰলৈ যোৱাৰ নামেই লোৱা নাই, মনতে ভাবিলো ইয়াত ভাত খাবলৈ হলে কেই বাজিব আজি ঠিক নাই, লাহে লাহে ৰাজনীতিৰ মহাভাৰতখন মেলিছেহে.............।। সেয়ে মই কলো নাই নাই আমাক বেয়া নাপাব, আমি ভাত তাতে খাম বুলি কৈ আহিছো নহয়, তাতে এওঁলোক ইয়াতে থাকিব যেতিয়া ভাত তাত নাখালে তেওঁলোকে বেয়া পাব নহয়, সেয়ে নালাগে আপোনালোকে জোগাৰ কৰিব।কিছুসময়ৰ পিছত আমি বিদাই লৈ বাইদেউহঁতৰ ঘৰলৈ আহিলো, তেতিয়ালৈ ৰাতি ভাতসাঁজ সাজু হলেই, নানাবিধৰ ব্যঞ্জনেৰে পাকঘৰ সুৱনি কৰাত ব্যস্ত আছিল মাক-জীয়েক আৰু খুৰীয়েক হঁত, ভাত খোৱলৈকে এইখিনি সময়ত কিমান যে কথাকৈ কৈ হাঁহি হাঁহি আমাৰ লগত মিলি গৈছে মাক-জীয়েক দুয়ো, ভাবিবই নোৱাৰো আমি যে কেইমূৰ্হুত্ব মানৰ আগতহে চিনাকি হৈছিলো, দীক্ষিতাই সংগীত চৰ্চা কৰে ঘৰতেই, আৰ্থিক ভাবে পৰিয়ালে সকলো জোগাৰ দিব পৰা নাই বাবে আক্ষেপো নকৰি নিজ গুণেৰেই দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ ভিতৰতে শ্ৰেষ্ঠা গায়িকাৰ সন্মান লাভ কৰিছে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰইও তেওঁৰ এই অসাধ্য সাধনাৰ বিষয়ে সুধি লোৱা সাক্ষাত্কাৰৰ এটি শ্ৰব্য বাণীবদ্ধ অংশ আমাক শুনাইছে। লুকাই লুকাই কব নোৱাৰাকৈ এই অসাধাৰণ ছোৱালীজনীলৈ চাইছো মই, মৰমলগা মুখখনত নাই অলপ দুখ, নাই অলপো আৰ্থিক ভাবে জুৰুলা কৰা হতাশাৰ চিন, মনতে ভগৱানক সুধিলো---কিয় বাৰু তুমি এনেকৈ পঠোৱা মানুহক, যাৰ প্ৰতিভা আছে তেওঁক অৰ্থ অবিহনেই পঠাইছা, যাৰ ধনঐচৈয্যৰে ভৰপুৰ তেওঁলোকৰ আকৌ সকলো থাকিও একো নাই যেন।............................ভাবি ভাবি পাৰ নাপালো...........

লাহে লাহে দীক্ষিতাৰ পঢ়াৰ কথা সুধিলো, বুজিলো সঁচাকৈ এক অনন্য মেধা শক্তিৰ অধিকাৰী তেওঁ, সকলোতে সাফল্যৰ উচ্চ সীখৰত আহোৰণ কৰিছে, মই তেওঁ পঢ়াৰ বিষয়ে নানা দিহা পৰামৰ্শ দিলো যিমান খিনি পাৰো, একান্ত মনে শুনি গল। তাৰ মাজতে আমাৰ একান্ত অনুৰুধোত তেওঁ এটি গীতৰ কলি গুণগুনাই শুনালে আমাক, জানিলো এক সুমধুৰ কণ্ঠৰো অধিকাৰী তেওঁ। গুণগুণোৱাৰ সময়ত ভেবা লাগি চাই থাকোতেই গল মোৰ, ভাত খাবলৈ বাইদেউৱে মাতোতেহে মোৰ তন্ময়তা ভাগিল।

পিছদিনা ৰাতিপুৱা চাহ বাগিছাৰ সৌন্দৰ্য আৰু গাঁৱৰ সুন্দৰ ধাননীপথাৰ দেখুৱাবলৈ মোক লৈ গল দীক্ষিতাই, দুৰৈত দেখিলো ৰিণিকি ৰিণিকি সেউজীয়া পাহাৰ, কনমানি এজনী ছোৱালীৰ দৰে হাঁহি হাঁহি মোক পথাৰৰ আলিৰ ওপৰেদি লৈ গৈছিল বহু দুৰলৈ, মাজে মাজে সুধিছে আপুনি পুখুৰীৰ জীয়া মাছ দেখা নাই নহয়, আহক আপোনাক দেখুৱাম মই.........মই একো নকৈ কেৱল হাঁহি মাৰি তেওঁৰ পিছে পিছে সকলোবোৰ উপভোগ কৰি মন্ত্ৰমুগ্ধৰ দৰে গৈ থাকিলো, ইমান সুন্দৰ পৰিবেশ, বিভিন্ন চৰাই মাত,................মাজে আনন্দতে জপিয়াই উঠে তাই, যেন আমাক পাই ফুৰ্টীৰ সীমা নাই, যেন মই কালি অহা নাই সিহঁতৰ গাঁৱলৈ বহুদিনৰহে চিনাকি মই তেনে লাগিল।

এনেকৈয়ে দুদিন দুৰাতি তেওঁলোকৰ ঘৰত কটাই, তৃতীয় দিনা পুৱা ৮ বজাত আমি তেওঁলোকৰ পৰা বিদায় ললো, পদুলিলৈকে সকলোৱে আগবঢ়াবলৈ আগুৱাই আহিল, বাইদেউৰ আৰু দিক্ষীতাৰ দুচকুত দেখিলো চকুপানী যেন ছোৱালীহে উলিয়াই দিবলৈ আগুৱাই আহিছে, বাইদেউৱে চাদৰৰ আচলেৰে দুচকু পানী মচিচে, মোৰো অজানিতে দুধাৰি চকুলো বৈ আহিল, নিজকে সংযত কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিও বিফল হলো, তেনেতে বাইদেউৱে আহি সাবতি ধৰিলেহি, বাৰে বাৰে কলে নিজৰ ঘৰৰ দৰে যেতিয়াই মন যায় তেতিয়াই আহিবা, মই আৰু ৰৈ থাকিব নোৱাৰিলো, উচুপি উঠিলো।................ঘৰলৈ উভতি আহিলো যদিও মনটো তেওঁলোকৰ তাতে থৈ আহিলো, উভতনি যাত্ৰাত তিনিচুকীয়াৰ টিলিঙ্গা মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ,বৰপুখুৰী, জয়সাগৰ আদিবোৰ চাই চাই পুনৰ ঘৰ অভিমুখে ৰাওঁনা হলো।

অসমৰ ঐতিহ্যৰ লগত জড়িত কেইখনমান ছবিঃ-

অংকীয়া ভাওনাৰ এজন ভাওৰীয়াক প্ৰসাধনেৰে চৰিত্ৰৰ লগত খাপখুৱাবলৈ ব্যস্ত এজন খনিকৰ।


১ম ছবিত--যোৰহাটৰ নিমাতীঘাট আৰু বৃহত্ নদী দ্বীপ মাজুলীক সংযোগ কৰি যাতায়তৰ একমাত্ৰ বাহন যন্ত্ৰচালিত নাও।

 
 ২য়-ছবিত গদাপাণিক বিচাৰি চাওদাঙে জয়মতীক জেৰেঙা পথাৰত শাস্তি দিয়া দৃশ্যৰ বাটৰ নাটৰ নাট্যৰূপ।

৩য় ছবিত-অসমৰ পাটপলুৰ সূতাৰে অসমীয়া শিপিনীয়ে নিজে কাটি বৈ উলিওৱা পাটৰ কেইযোৰমান সাজ।

 ৪ৰ্থ ছবিত-অসমৰ মূগাপলুৰ সূতাৰে অসমীয়া শিপিনীয়ে নিজে কাটি বৈ উলিওৱা মূগাৰ কেইযোৰমান সাজ।

 ৫ম ছবিত-অংকীয়া ভাওনা প্ৰদৰ্শনৰ আগমূৰ্হুত্বত পৰিবেশন কৰা বায়ন সকলৰ বৰধেমালী অনুষ্ঠানৰ খোল বাদনৰ  এটি দৃশ্য।

 ৬ৰ্থ ছবিত-অংকীয়া ভাওনা প্ৰদৰ্শনৰ আগমূৰ্হুত্বত পৰিবেশন কৰা গায়য়ন সকলৰ বৰধেমালী অনুষ্ঠানৰ তাল বাদনৰ  এটি দৃশ্য।

 ৭ম ছবিত-মাজুলীৰ এক ভিতৰুৱা অঞ্চলত সন্ধিয়া অকলশৰে লগ পোৱা এটি কনমানি মিচিং শিশু।

৮ম ছবিত-প্ৰভু শ্ৰীৰামচন্দ্ৰই দেৱী সীতাক উদ্ধৰ কৰিবলৈ বান্দৰ সেনাৰ সৈত্যে আলোচনাত মিলিত হোৱাৰ অংকীয়া নাট্যৰূপ।

 ৯ম ছবিত-কেইবাদশক পূৰ্বে মৌজাদাৰে ব্যৱহাৰ কৰা এটি আবাস গৃহৰ আলোকচিত্ৰ।

১০ম ছবিত-নগাঁও জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাহাৰ কাটি নিৰ্মাণ কৰা ৪ লেণ্ডযুক্ত অত্যাধুনিক পথৰ  এটি দৃশ্য।

আমাৰ মৰমৰ ফুলনি খনঃ-

এটি গোলাপী ৰঙৰ কবি ফুল।
এপাগি দালিয়া ফুল।
ছবিত আমাৰ ফুলনিৰ এপাহি হালধীয়া ইন্দ্ৰমালতি ফুল।
আমাৰ নাৰ্ছাৰীখনৰ একাংশ।
এটি বগা কবি ফুল। 
                                   
এপাহি হালধীয়া ৰঙা নাৰ্জী ফুল।
এপাহি হালধীয়া দালিয়া ফুল।
এপাহি গুলপীয়া ইন্দ্ৰমালতি ফুল।
আমাৰ ফুলনি ডৰা।

Wednesday, 23 October 2013

অনুভৱৰ দোমোজাত আমিবোৰঃ-




সময় সলনি হৈছে, সময়ৰ লগত খোজত খোজ মিলাই নিজকে খাপ খুৱাই লবলৈ সকলো বাধ্য, পৰিবেশ, প্ৰকৃতিৰো পৰিবৰ্তন হৈছো।হবই সদায়তো দিন একে হৈ নাথাকে।চকুৰ আগতে সকলো সলনি হৈ গল, কিবা সাধুকথা যেন লাগে নিজেই এবাৰ ভাবিলে। আজিৰ পৰা ২০ বছৰৰ আগৰ পৰিবেশ আৰু এতিয়াৰ পৰিবেশ বহু পাৰ্থক্য আছে। বিজ্ঞানে আমাক যথেষ্ট আগুৱাই নিছে, বুটাম এটা টিপিলেই হাজাৰ মাইল দুৰৰ যিকোনো লোকৰ লগত কথা পাতিব পৰা হলো, হাজাৰ মাইল দুৰলৈ মাত্ৰ ২,৩ ঘণ্টাতে যাব পৰা হলো, যত আগতে এটা খৱৰ পাবলৈ কেইবা সপ্তাহো লাগিছিল চিঠিৰ যোগেদি.......কিন্তু আমি যিমানেই উন্নতিৰ শিখৰত আৰোহণ কৰিছোহক, সিমানেই যেন আপোন মানুহৰ পৰা দুৰলৈহে গতি কৰিছো এনে লাগে, আন্তৰিকতাবোৰ যেন ক্ৰমান্বয়ে জহি খহি যাবলৈহে ধৰিছে, তেনেহলে এই উন্নতি কিহৰ বাবে....যি উন্নতিয়ে আমাৰ মৰম-চেনেহ,আন্তৰিকতাৰ মাজত হেঙাৰ হৈ থিয় দিয়ে

মোৰ ভালকৈ মনত আছে....আজিৰ পৰা ৩০,৩২ বছৰ আগৰ কথা—তেতিয়া মই সৰু আছিলো...সেই সময়ত চুবুৰীয়া ইঘৰৰ মানুহ সিঘৰলৈ প্ৰায়ে আহযাহ আছিল, দা-কটাৰীও ইঘৰ সিঘৰৰ পৰা খুজি আনি কাম কৰিছিল, কেতিয়াবা মাইয়ে ভাতৰান্ধিবলৈ লৈ মেছতো নাপালে বা মেছ শেষ হলে...কেৰাচিনৰ চাকিটো হাতত দি কয়...যাচোন ব-বৌহঁতৰ ঘৰলৈ জুই অকনমান লৈ আহগৈ...একেকোবে চেঙেলীয়া দৌৰ মাৰি গৈ জুই খুজি আনিছিলো, যাওঁতে দৌৰি গৈ আহোতে চাকিটো নুমাই যায় বুলি হাতেৰে বতাহ লাগিব নোৱাৰাকৈ আঁৰ বেৰ দি আনিছিলো, কেতিয়াবা ইঘৰৰ তৰকাৰী, ভাজি সিঘৰলৈ চালান দিছিল, কেতিয়াবা চুবুৰীয়া মহিলা সকলে একেলগে ঢেকীত পিঠাগুৰি খুন্দিছিল, কেতিয়াবা একেলগে তাঁত বাটি কৰিছিল। নিশা গৰমত আমাৰ চোতালত দেউতাৰ সমবয়সীয়া সকল বহি বিভিন্ন কথাৰ আলোচনা কৰিছিল।....খেতিৰ দিনত ইঘৰে সিঘৰৰ ধান মৰণা মৰাত সহায় কৰি দিছিল। এঘৰৰ লৰাছোৱালী দিনটো চুবুৰীৰ কোনোবা এঘৰতে খেলি-ধুলি কটাইছিল ---------কিন্তু এতিয়া কি হৈছে ? ইঘৰ সিঘৰৰ পৰা বয়বস্তু অনানিয়াতো দুৰৰে কথা, কাষৰ ঘৰত কি হৈছে ওচৰৰ ঘৰৰ মানুহে নাজানে, বাটেদি অহাযোৱা কৰোতে কাষেৰে পাৰহৈ যোৱা সকলেও আমি নিজে উপজাচি মাতিলেহে মাতষাৰ দিয়ে, দেখিলে নেদেখা ভাওঁ যোৰা যেন লাগে, যেন কিবা লাভৰ আশা নাথাকিলে কথা এটাও মুখেৰে নকব এনেলাগে.......আগৰ সেই ডেকাচাঙৰ আদ্দা,....নামঘৰৰ হজ....সমবায়ৰ সমুহীয়া খেতিকৰা,  বিয়নি মেল, সেইবোৰ সকলো যেন ক্ৰমান্বয়ে হেৰাই গৈছে। কাষৰ ঘৰৰ মানুহ কেইটা বা কোন কত থাকে সুধিলে চুবুৰীয়াই নাজানে.........কোনো কাৰো বাবে ৰৈ থাকিবলৈ যেন সময় নাই, এক যান্ত্ৰিকতাৰ মাজলৈ যেন কুৰুকি কুৰুকি সোমাই গৈছে সকলো............লৰাছোৱালী বোৰৰ মাজত মিলাপ্ৰীতি হবনো কেনেকৈ, খেলিবলৈ যে সিহঁতক মাক-দেউতাকে আজৰিয়েই নিদিয়ে...স্কুলৰ পৰা আহিল...আহিয়ে ডেঞ্চক্লাচ, গানৰ ক্লাচ, ছবিৰ ক্লাছ, টিউচন....এইবোৰ কৰোতেই সন্ধ্যা লাগে....ৰাতি আকৌ পঢ়িবৰে হয়। তাৰ মাজতে যদিও সময় পায় সিহঁতৰ খেলা-ধুলাৰ প্ৰতি যেন আগ্ৰহ নাথাকেই, কেৱল কম্পিউটাৰ, ভিডিঅ গেম এইবোৰতেই ব্যস্ত থাকে। সঁচাকৈ আচৰিত লাগে.......ইমান কম সময়ৰ ভিতৰত ইমান পৰিবৰ্তন কেতিয়াও ভবাই নাছিলো এনেকুৱা এটা যে পৰিবেশৰ মুখামুখি হৱ লাগিব কেতিয়াবা। এতিয়া আগৰ সেই চুবুৰীয়া মৰমীয়াল বৰদেউতা-ককা, দাদাইটি হঁতো কেতিয়াবাই ঢুকাল।দেউতাক ওচৰৰ কেইবাজনেও দদাই বুলি মাতিছিল (দদাই মানে খুড়া), এনেকৈ মাতোতে মাতোতে দাদাই গৈ এদিন দাইটি হলগৈ, পাছলৈ এনে হৈছিল দেউতাৰ ভাল নামটো কলে কোনেও চিনি নোপোৱা যেন হৈছিলগৈ, পাছলৈ আমক কোনোবাই চিনাকি দিলেও এইটো দাইটিৰ পুতেক বুলিহে কৈছিল, আমি বেয়া নাপাইছিলো।..........সেইমানুহো নাই আজি সেই মৰমো লগতে লৈ গল। আজি বহুত কথাই মনলৈ আহিল....এই কথাবোৰই মাৰ লগত চোতালত বহি পাতি আছিলো। নাই আৰু সেই দিন কাহানিও ঘুৰাই নাপাওঁ।

দিনতো নিজৰ কামত ব্যস্ত হৈ থাকি সন্ধ্যা গা-পা ধুই অলপ ওলাই যাওঁ, কিন্তু কতো কাকো দেখা নাপাওঁ....ডেকাচাঙখন উৱলি গৈছে.....দোকানৰ মুখত চঙেলীয়া ডেকা কেইটামান ৰৈ আছে....। তিনিমুনিটো উদং হৈয়ে আছে, আগতে গৰমত তাত বহুত লৰা-বুঢ়াই পাইচাৰি কৰি ফুৰিছিল, এতিয়া সকলো টিভিৰ সন্মোখত। কোনোবা এখন মৰমীয়াল গাঁৱৰ বাসিন্দা হৱ পৰা হলে, এই যান্ত্ৰিকতাৰ পৰা মুক্ত হব পৰা হেতেন । উহ উশাহ বন্ধ হৱৰ উপক্ৰমহে হৈছে আৰু।  

Monday, 21 October 2013

সামাজিক বান্ধোন বিবাহঃ-

বিবাহঃ (এক অনাবিল সুখৰ অনুভুতি আৰু অভিজ্ঞতাৰে পৰিপূৰ্ণ  তথা দুখন সঁচা অন্তৰৰ মিলনস্থলী, নৱজীৱনৰ শুভাৰম্ভনী অনুষ্ঠান,  যাৰ কোনো তুলনা নাই।)

লাই হালেজালে
ফুল চন্দন তুলসী,
লফা হালেজালে,
ফুল চন্দন তুলসী,
লফা হালেজালে পাতে হেই,
ফুল চন্দন তুলসী,
ভৰিল নে নভৰিল
ৰাধা তোমাৰ কলচী..??

.....................এনে বহু বিয়া নামেৰে মুখৰিত হৈ পৰা প্ৰতিঘৰ বিবাহস্থলী এক আনন্দময় পৰিবেশেৰে বিৰাজ কৰে অসমীয়া বিবাহানুষ্ঠনত সমূহত। তাৰেই কিছু অনুভুতি বহিঃপ্ৰকাশ মাথোন এই সামান্য লেখাটি........................................................................................................

“বিবাহ”................এটি সামাজিক বান্ধোন, দুটি ভিন্ন আত্মাৰ মিলন। এক নতুন স্বীকৃতি, যাক বিবাহ নামেৰে নামাকৰণ কৰা হৈছে। যুগ যুগ ধৰি এই প্ৰথা প্ৰচলিত হৈ আহিছে। ধৰ্ম আৰু স্থান ভেদে বিবাহৰ নিয়মাৱলীৰ কিছু বৈসাদৃশ্য আছে যদিও মূল কথা কিন্তু একেখিনিয়েই। সাংসাৰিক জীৱনৰ বাবে এই বান্ধোন সদ্য যৌৱনা পুৰুষ আৰু নাৰীৰ মিলনৰ বাবে এক সামাজিক স্বিকৃতি।

বিবাহৰ ক্ষেত্ৰত ল’ৰা ঘৰীয়াৰ কথা একাসৰিয়াকৈ থলো বাৰু। ছোৱালী ঘৰীয়াৰ আকৌ কথা সুকিয়া, কিয়নো সৰুৰে পৰাই ছোৱালী এজনী নিজৰ মাক-দেউতাকৰ ঘৰত ডাঙৰ দীঘল হৈ এদিন হঠাতে কেতিয়াও নেদেখা নুশুনা, নামটোও নজনা এজন যুৱকৰ লগত চিৰদিনৰ বাবে গোত্ৰ, কোষ চিঙি গুচি যাব লগীয়া হোৱাটো সাধাৰণ কথা নহয়। সেই সময়ত ছোৱালীজনীয়ে ল’ৰাটোৰ বিষয়ে একো নাজানেও, ল’ৰাটো কেনে হয়..? স্বভাৱ-চৰিত্ৰ কেনে..? কি ভালপায়, কি বেয়াপায়, এইবোৰ একো নজনাকৈয়ে বিবাহ পাশত আৱদ্ধ হব লগীয়া হয়। আজিকালি অৱশ্যে পূৰ্বতকৈ কিছু এই বান্ধোন বোৰ সালসলনি হৈছে। এতিয়া আৰু তাহানিৰ সেই আই পিতায়ে চাই দিয়া দৰা-কইনা খুব কমেইহে দেখিবলৈ পোৱা যায়। বেছিভাগ ল’ৰা ছোৱালীয়ে আজিৰ দিনত নিজৰ বিয়া নিজেই পচন্দ অনুসৰি আগতীয়াকৈ ঠিক কৰি পিছতহে পৰিয়ালক অৱগত কৰে। তেতিয়ালৈ পৰিয়ালৰ লোকে কৰিব লগীয়া বিশেষ একো নাথাকেগৈয়ে। তাৰোপৰি বহুক্ষেত্ৰত দেখিবলৈ পোৱা যায় আজিৰ দিনৰ বহুতেই বিবাহৰ আগতেই প্ৰায় একেলগে বসবাস কৰা কাৰ্য্যটো। যিটো অসমীয়া সমাজত কেতিয়াও গ্ৰহণযোগ্য নহয় বা হ’ব নোৱাৰে।

অসমীয়া সমাজৰ ৰীতি নীতিৰ কিছু বাধ্যবাধকতা আছে বাবেই আজিও বিবাহানুষ্ঠান নিজৰ পচন্দ মতে হলেও অনুষ্ঠনটি কিন্তু সামাজিক নীতিনিয়মৰ মাজেৰে বেছিভাগ সম্পন্ন হোৱা দেখা যায়। উন্নত দেশ সমূহত বিবাহ অনুষ্ঠান বুলিবলৈ সাক্ষী হৈ ৰৈছেগৈ মাত্ৰ দুটি স্বাক্ষৰ আৰু দুগৰাকী সাক্ষী ব্যক্তিৰ মাজতহে। কিন্তু অসমীয়া বোলছবি সাগৰলৈ বহু দুৰ নামৰ  বাক্য শাৰীৰ দৰে অসমীয়া বিবাহ অনুষ্ঠান সেই কাৰ্য্যৰ পৰা বহু যোজন দুৰত অৱস্থান কৰিছে এতিয়াও, যিটো কোনো কালে কোনো অসমীয়াই কামনা নকৰে।

বিবাহৰ উপযুক্ত ল’ৰা এজনৰ বাবে উপযুক্ত ছোৱালী বিচৰাৰ পৰা আদি কৰি প্ৰতিটো অনুষ্ঠান এক বিশেষ বিশেষ প্ৰৰ্য্যায়ক্ৰমে এধাপ এধাপকৈ আগবাঢ়ে, যাৰ লগত দুয়োঘৰৰ অৰ্থাত্ কইনাঘৰীয়া আৰু দ’ৰাঘৰীয়াৰ এক অনাবিল আনন্দ উলাস, উথপ-থপ (কৌতুহলী মন) সন্নিবিষ্ট হৈ থাকে। আনৰ কথা নকলোৱেই বা, নিজৰ ক্ষেত্ৰতে পাইছো। সৌ কেইদিনমান আগলৈকে বিবাহৰ বাবে কেনে উত্কণ্ঠা অনুভৱ হয়, নিজেই বুজি পোৱা নাছিলো। আজি পদে পদে সেই অনুভৱে মোক পুনৰ জীপাল কৰি তুলিছে। ছোৱালী এজনী এঘৰলৈ উলিয়াই দিয়াৰ যি দুখ, সেইদুখ কইনাঘৰীয়াই হে বুজিব পাৰে, দৰাঘৰীয়াত আকৌ তেনে কোনো অনুভুতিয়ে ঢুকি নাপায়, কাৰণ ন-কইনা আহি ঘৰ সোমাবহি বুলি সকলোৰে মনত সেই সময়ত আনন্দৰহে ৰেখাই বিৰাজ কৰা দেখা যায়। কইনাঘৰত হোমৰ গুৰিৰ পৰা আৰম্ভ কৰি কইনা দুৱাৰ ধৰি উলিয়াই দিয়ালৈকে প্ৰতিটো মূৰ্হুত্বত দুখে শোকে কইনাঘৰীয়াক কোঙা কৰি পেলায়। বিশেষকৈ হুমৰ গুৰিত যেতিয়া দুখেভৰা বিয়াগীত পৰিবেশন কৰা হয় তেতিয়া কইনাৰ সম্পৰ্কীয় সকলৰ চকু চলচলীয়া হৈ পৰা দেখা যায়।---যেনে.....

আখৈ দিয়া আখৈ দিয়া,
কইনাৰ সৰু ভাই,
আজিৰ পৰা তোমাৰ বাইদেউৰ
গোত্ৰ চিঙি যায়।

...............এনে এশাৰী দুখৰ বিয়াগীত আহি কানত পৰাৰ লগেলগেই হিয়াখন সাত পৰি যোৱাকৈ দুখে হেঁচা মাৰি ধৰে। কইনা সম্প্ৰদান কৰোতে আখৈ একাজলিকৈ হোমৰ জুইলৈ চতিয়াই দিয়া হয়। সাধাৰণতে এই কাৰ্য্য কইনাৰ ভায়েকৰ দ্বাৰা সম্প্ৰাদন কৰা হয়।

ইয়াৰ পিছত দ’ৰা কইনাক ভিতৰলৈ নি শেষ বাৰৰ বাবে পিতৃগৃহৰ জা-জলপানে অপ্যায়ন কৰা হয়। পুৱতি নিশা কইনাৰ মাতৃয়ে যেতিয়া আঁৰ কাপোৰেৰে কইনাক দুৱাৰ ধৰি ঘৰৰ বাহিৰ কৰি দিয়ে, কইনাই নিজ হাতেৰে ঘৰৰ চাললৈ চাউল উভতাই দলিয়াই, সেই মূৰ্হুত্বটি দুখেশোকে সকলোকে মিয়মান কৰি তোলে। সকলোৰে মনলৈ সেইসময়ত এটাই ভাব আহে আজিৰ পৰা আৰু এইখন ঘৰৰ লগত এই কন্যাৰ কোনোধৰণৰ সম্পৰ্ক কেতিয়াও যে নাথাকিব, সেইকথাটোৱেই বুকুত ঠাহ মাৰি ধৰে, আৰু তেতিয়াই সকলোৱে হিয়াধাকুৰি কান্দিবলৈ ধৰে। এই দৃশ্য সঁচাকৈয়ে হৃদয় বিদাৰক, কোনো হৃদয়বান ব্যক্তিয়ে এই ক্ষণত ক্ষান্ত হৈ নিৰৱে থাকিব নোৱাৰে। কৱ নোৱাৰাকৈয়ে দুচকুৱেদি লোটক বৈ আহি দুগাল তিয়াইহি।

ইফালে দোকমোকালিতে দ’ৰাঘৰীয়াত আকৌ উদুলি-মুদুলি পৰিবেশ, দ’ৰা কইনা আহি কেতিয়া ঘৰ পাবহি বা কেতিয়া আদৰিব পাৰি, আদৰাৰ সময়ত ঠাই বিশেষে পদুলিমুখতে কিছু মনোৰঞ্জনো কৰা দেখা যায়। দ’ৰা-কইনাক ৰভাতললৈ আদৰি আনি আঙঠি লুকুৱাৰ খেল, তেল সানি দিয়া কেঁচা তামোল নলীয়া কটাৰীৰে কাটিবলৈ দি ধেমেলীয়াকৈ কইনাৰ কৰ্মপটুতাৰ প্ৰমান চোৱাকে আদি কৰি যি আনন্দ সেয়াও এক অন্য অধ্যায়। দ্বিতীয় দিনা বাহি বিয়াৰ দিন বুলি ধৰি সেইদিনা সকলোৱে জীৰণি লোৱাৰ ব্যৱস্থা কৰা হয়। তৃতীয় দিনা নিশাৰ ভাগলৈ দহ ভকতৰ মাজত বৰ-কইনাক বহুৱাই খোৱা-খুৱী পুথি পাঠ কৰি শ্ৰৱণ কৰোৱা হয়। পুথি পাঠ আৰু প্ৰসাদ বিতৰণৰ অন্তত ভোজভাতৰ আয়োজন কৰা হয়। বিবাহৰ দিনৰ পৰা আঠ দিনৰ দিনা দৰাঘৰীয়া অঙহী বঙহিৰ সহিতে বৰ-কইনা কইনাঘৰলৈ বুলি ধাৱমান হয় আৰু দিনটো তাতেই কটাই বিয়লিবেলালৈ পুণৰ ঘৰমুৱা হয়। এনেদৰে দুখন হৃদয় বিভিন্ন সামাজিক প্ৰৰ্য্যাৰ মাজেৰে আজীৱন নৱ-দম্পত্তীৰ স্বীকৃতি প্ৰাপ্ত হৈ সাংসাৰিক জীৱনৰ শুভাৰম্ভ কৰে।

বৰা নিতুল,
নগাঁও,
২২/১০/২০১০

Tuesday, 15 October 2013

উজনিলৈ যাঁও আহা


নৈশ বাছৰ টিকট সোনকালেই কাটি থওঁ বুলি ৰাতিপুৱা ৯ মান বজাতেই গৈ কাউণ্টাৰ পালোগৈ। এশ টকীয়া দুখন উলিয়াই কাউণ্টাৰৰ ফুটাদি হাতটো ভৰাই দিলো---ডিব্ৰুগড়ৰ টিকট এটা দিব...? ১৭৫ টকা লৈ টিকট এটা দিলে কাউণ্টাৰৰ ব্যক্তিজনে। তাৰ পাছত দুই চাৰিটামান প্ৰয়োজনীয় বস্তু লৈ ঘৰলৈ উভতিলো।
ৰাতি ঠিক ৮.৩০ মান সোনকালেই ভাত কেইটামান নাকে-মুখে সুমুৱাই দি ততা-টৰিয়াকৈ ওলালো, হাতত এটা সৰু বেগ, প্ৰয়োজনীয় দুইএটা কাপোৰ, দাঁতোন, চাবোন, ফণি, ক্ৰিম এটা, ইত্যাদি ইত্যাদি। এনেকৈ ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ প্ৰতি মাহতে মই ৰাতিৰ বাছত এবাৰ ডিব্ৰুগড়লৈ যাব লগিয়া হয় মেডিকেল পঢ়ি থকা ভাইটিক পঢ়াৰ খৰচ-পাতি দি আহিবলৈ, কাৰণ সেই সময়ত আজিৰ দৰে দ্ৰুতবেগী ডাক-সেৱা নাছিল, মানিঅৰ্ডাৰ কৰিলেও বহুত দিন লাগিছিল তাৰ অতি প্ৰয়োজনীয় টকা কেইটা পাওঁতে। সেয়ে নিজেই গৈ দি আহোগৈ। এইদৰেই পাছলৈ অভ্যাসত পৰিনত হৈছিল, এটা সময়ত সেই ডিব্ৰুগড় যাত্ৰা শেষ হোৱাৰ পাছতো মই আন কোনো ঠাইলৈ প্ৰতি মাহে এবাৰ নোযোৱাকৈ থাকিব নোৱাৰা অভ্যাস হৈ গৈছিল।
সৰু ভাইটিটোৱে মোক চাইকেলৰে বাছ চেণ্টিকেটত থৈ আহিলগৈ। মই বাছ অহাৰ অপেক্ষাত, এটা সময়ত গুৱাহাটীৰ পৰা সেই নিদিষ্ট বাছখন আহি পালেহি, কিছু সংখ্যক মানুহ নামি অহাৰ পাছত মই উঠি গৈ হুৰমূৰকৈ মোৰ চিটৰ নম্বৰটো বিচাৰাত লাগিলো। হাতৰ বেগটো ওপৰৰ ডেক্সত ভৰাই দি চিটটো অলপ সুবিধানুসাৰে হুৱলাই দি দেহাটো এৰি দিলো। কিছু সময়ৰ পাছত বাছখনে গতি কৰিলে..........লাহে লাহে মোৰ চকু কেইটা জাপ খাইছিলেহে, তেনেতে কাষতে থকা ২০, ২২ বছৰীয়া এজনী ছোৱালীয়ে অক অক শব্দ কৰি বমি কৰি দিলে নহয়, খকমককৈ সাৰ পাই চাই দেখি চকু কপালত,....উহ যিটো কথাই বেয়া পাওঁ সেইটোৱেই হল, খিৰিকীয়েদি মূৰ উলিয়াবলৈকে নাপালেই, আধা বাছৰ ভিতৰত, আধা বাহিৰত পৰিল, কি হৱ এতিয়া, ছোৱালীজনীয়ে মোৰ ফালে চাই কলে অহ চৰি দেই দাদা, মই কি কম ভাবি নাপালো, বেগৰ পৰা পানীৰ বটল এটা উলিয়াই তেওঁলৈ আগবঢ়াই দিলো, তেওঁ মোক মূৰ দুপিয়াই হয়তো ধন্যবাদ এটা দিব বিচাৰিছিল, কিছু সময়ৰ পাছত ভিতৰত পৰা খিনিৰ পৰা উত্কত টেঙা টেঙা গোন্ধ এটা ওলাই গোটেই বাছখনত মলমলাই গৈছিল,.....বহু চেষ্টা কৰিও কোনো উপাই নাপালো পৰিত্ৰান পোৱাৰ। উপাই নাপাই এঘণ্টামান সময় যোৱাৰ পাছত আগ-পাছ নাভাবি গৈ কেবিন পালোগৈ......কনডাক্তৰে কলে কি হল..দাদা....?  এহ নকবা আৰু ছোৱালী এজনীয়ে মোৰ চিটৰ কাষতে বমি কৰিলেহে...এতিয়া গোন্ধত থাকিব নোৱাৰি, সেয়ে এইখিনি পালোহি....হেৰা বাটত কৰবাত মানে বোকাখাট মানত চিট খালী হৱ নেকি হে..? নাই দাদা বাটত নামিব লগিয়া নাই। চেহ মহা বিপদ...তেনেহলে তোমালোকৰ কেবিনতেই যাব লাগিব আজি। কিন্তু দাদা....কেবিনত আপুনি গলে ভয় খাব নহয়..ৰাতি গাড়ী বহুত বেগত যায়... দেখি আপুনি ভয়ো খাব পাৰে। হেৰা সেইবোৰ বাদ দিয়া...মই সেইবোৰ ভয়-চয় খোৱা মানুহ নহয় হে...মোক বহিবলৈ অলপ জেগা দিয়া বছ। ঠিক আছে তেনেহলে আপুনি ইয়াতে বহক। মই তেওঁৰ কাষতে বহি ললো ভালকৈ। গাড়ী তীব্ৰগতিত আগবাঢ়িছে, ঘণ্টাত প্ৰায় ১০০-১১০, কোনো কোনো সময়ত মিটাৰত দেখিলো ১৩০ লৈকে স্পীডত গৈছে গাড়ী খন।..........গছবোৰ, ঘৰবোৰ বিজুলী বেগেৰে কাষেৰে পাৰহৈ গৈছে, তাৰ লগে লগে দুই এখন নৈশ বাছ দুগুন গতিত বিপৰীত মূখে পাৰহৈ যোৱা যেন লাগিল। ৰাষ্ট্ৰীয় ঘাই পথৰ মাজৰ বগা চিন দালো বাছখনৰ তলেৰে পাৰহৈ গৈছে। লাহে লাহে মোৰ টোপনী আহিছিল, তেনেতে এটা তীব্ৰ জোৰত মৰা ব্ৰেকত মই কনডাক্তৰৰ গাত খুণ্ডা মাৰি দিলো, সন্মুখত বেয়া হোৱা এখন ৰখাই থোৱা গাড়ী আছিল, সেইখনৰ আকৌ বেকৰ লাইটো জ্বলাই ৰখা নাই। আমাৰ গাড়ীৰ দ্ৰাইভাৰে কুঁৱলীৰে ভৰা ৰাস্তাত সেইখনক ওচৰ পাওঁতেহে দেখি জোৰেৰে ব্ৰক মাৰি দিলে। সিও থত-মত খাই গল, বোলো টোপনী আহিছিল হে। এনেকৈ গৈ কেতিয়া যে ডিব্ৰুগড় পালোগৈ গমেই নাপালো...ৰাতিপুৱাও পুৱাও হৈছে....ঠাণ্ডা দিন...গাড়ী গৈ ডিব্ৰুগড়ৰ ফুলবাগানত গৈ ৰখালেগৈ...সকলো মানুহৰ লগতে মইও হাতত বেগটো লৈ নামি আহিলো....আই ঐ কি ঠাণ্ডা...ঐ..........চাৰিও ফালে কুঁৱলী..হাঁড় কপোৱা ঠাণ্ডা পৰিছে। কি কৰিম এতিয়া, ইমান সোনকালে কলৈ যামনো...এতিয়াই গৈ হুষ্টেলৰ দৰজা খটখট কৰিলে ভাইটি হতঁৰো টোপনীহে ক্ষতি হৱ, তাতে সেই মখাই ৰাতি ১১,১২ বজালৈ আদ্দা মাৰে আৰু ঠিক ১মান বজাৰ পৰা পঢ়িব, ৰাতিপুওৱাৰ সময়তহে শুৱলৈ যাব। গতিকে এতিয়াই নোযোৱাই ভাল হৱ বুলি ভাবি এখোজ দুখোজকৈ চাহৰ দোকান এখনৰ কাষলৈ আগবাঢ়িলো। কিছু সময়ৰ পাছত অনুভৱ কৰিলো মোৰ কাষতে ঠিয় দিছেগৈ সেই বমি কৰা ছোৱালীজনী....মনতে ভাবিলো এইজনীয়ে মোৰ পিছ নেৰিবই নেকি আজি ?  উস ভগৱান...ৰাতিতো জলাইয়ে আহিছে এতিয়াবা কি সমস্যাৰ সৃষ্টি কৰে। আহোতে কাৰ মুখ দেখিছিলো জানো...যিটো বেয়া পাওঁ সেইটোৱেই হৈ আহিছে। ঠিকেই মই ঠিকেই অনুমান কৰিছিলো মনতে..লগালেই নহয় মাত। দাদা আপুনি কোনফালে যাবনো..? মানে মই ডিব্ৰুগড়লৈ আজিহে আহিছো, চিনি নাপাওঁ ভালকৈ, সেয়েহে। মই বোলো...মই মেডিকেল কলেজ হুষ্টেললৈ যাম....তুমিনো কোন ফালে যাবা...? অনিশ্চা স্বত্তেও সুধিবলৈ বাধ্য। কলে মই মানে পল্টন বজাৰলৈ যাম, এতিয়া কোন ফালে যাব লাগে সেইটো দেখুৱাই দিলেই হৱ। হমম....পল্টন বজাৰলৈ যাবলৈ এতিয়াই কোনো গাড়ীও নাই.......অলপ ৰব লাগিব...টেম্পোবোৰ আহিব অলপ লাহে লাহে....। ঠিক আছে মই পল্টন বজাৰ পাৰহৈয়ে যাম মেডিকেললৈ তুমি মই যোৱা টেম্পু খনতে যাব পাৰিবা। এইবুলি দোকানীক কলো---হেৰা চাহ একাপ দিয়াহে....একমিনিট ভাবিলো, একাপ বুলিলে ছোৱালী জনীয়ে বেয়া পাব...হেৰা একাপ নহয়হে দুকাপ দিয়া। ছোৱালী জনীৰ ফালে চাই কলো...সদ্যহতে চাহ একাপকে খাই লোৱা...বুলি কবলৈহে পালো সিফালৰ পৰা শুনা পালোৱেই Thank you ,.........। মনতে---হুহ, গোটেই ৰাতিটো জ্বলালা এতিয়া thank you  কবলৈ আহিছে, বোলো.......তোমাৰ বাবেই মোৰ ৰাতিটো ভালকৈ টোপনী নাহিল....এতিয়াও আহিলা আকৌ মোৰ লগতেই যাবলৈ....।
খং নুঠিবনো কেলৈ....?? দেখাই শুনাই ধুনীয়া ছোৱালী এজনীক ইমান দীঘলীয়া যাত্ৰাৰ সহযাত্ৰী হিচাপে পালে..........চকুলৈ কিমান কল্পনা আহিলহেতেন, ৰাতিটো কথা পাতি পাতি বহুদিনৰ চিনাকি যেনেই হৈ পৰিলোহেতেন...কথাপাতোতে পাতোতে টোপনী আহিব, কব নোৱাৰাকৈ তেওঁ মূৰটো আনি মোৰ বাহুত থৈ নিশ্চিন্ত মনে টোপনী যাব, আৰু মই তেওঁ সাৰ পাই উঠিব বুলি অকনো নলৰোৱাকৈ একে ভাজতে ডিব্ৰুগড় লৈকে যাম, বাহু বিষাই যাব.........বিষালেও বিষাওক...ইচ্ছা কৰিও তেওঁৰ টোপনী ভাঙিবলৈ মন নাযাব। উস আৰু যে কি কি সপোন আহিল হেতেন ঐ....চব পন্দ কৰিদিলে বমি সোপাই......কিনো দৰকাৰ আছিল জাৰ্নি কৰাৰ আগত টেটু গুৰিলৈকে এসোপামান ঠেচি ঠেচি খাই আহিবলৈ.....আৰু যদি আগে পাছে এনেকুৱা হয়েই তেনেহলে এভমিন এটা খাই লোৱা হলেই হৈ যায়।..................তেনেতে মেডিকেল মেডিকেল বুলি চিঞৰা টেম্পোৱালাৰ মাতত স্তম্ভিত ঘুৰাই পালো..............
মেডিকেল, মেডিকেল...পল্টনবজাৰ, পল্টন বজাৰ.........নালিয়াপুল নালিয়াপুল....লাহে লাহে টেম্পোৰ লাইন লাগি গল। মই বোলো ...বলা এতিয়া সেইয়া টেম্পোবোৰ আহিছে.....এইবুলি টেম্পো এখনত উঠিলো। ছোৱালী জনীক পল্টন বজাৰ পোৱাৰ লগে লগে কলো তোমাৰ পল্টন বজাৰ এইখনেই ইয়াতে তুমি নামা এতিয়া। ছোৱালীজনীয়ে এইবাৰ মিচিকিয়া হাঁহি এটাৰে ধন্যবাদ সূচক ভাব এটা দেখুৱাই নামি গল। মই মনতে ভাবিলো উস ৰক্ষা...এইবাৰ যে মেডিকেল যাওঁ বুলি নকলে।
মেডিকেল পালোগৈ হাতমুখ ধুই চাহ-ৰুটীখাই লৈ ভাইটিৰ লগত অলপ কথা পাতি শুই গলো। কাৰণ ৰাতিৰ বাছত মই আকৌ ঘৰলৈ ঘুৰি আহিব লাগিব, সেয়ে ভাইটিক কলো তই ক্লাচলৈ যাওঁতেই মোৰ বাবে ৰাতিৰ গাড়ীৰ টিকট এটা কাটি আনিবি। দুপৰীয়া ২টা বজাত শোৱাৰ পৰা উঠি বোলো গা-টোকে ধুই লওঁ...উউউ যিহে লাইন বাথৰূমত.....এটা সোমাইছে, এটা ওলাইছে খালী নহয়হে নহয়....ফাকে ফাকে শালিকী ধোৱন এটা দিলো আৰু বোলো ভাত খাম আৰু, ভাইটি ৰান্ধনিক কৈ গৈছে বাবে ৰূমলৈকে ভাত আনি দি ঢাকি থৈছেই। আবেলি অলপ ওলাই যাওঁ বুলি ভাবিতেই ওলালহি কেনেবাকৈ খৱৰ পাই মোৰ লগৰ প্ৰাঞ্জল, সি তাতে পঢ়ি আছে, কোনোবাই কলে বোলে মই আহিছো বুলি। আমি একেলগে পঢ়িছিলো হাইস্কুলত ৬ বছৰ, তেতিয়াৰ সেই ঠাণ্ড-মুণ্ডা প্ৰাঞ্জল আৰু নাই, তাৰ ৰূপ সলনি হল। সি আহিয়েই মোক সাবতি ধৰি একেলেঠাৰীয়ে কেইবাটাও প্ৰশ্ন কৰিলে...তই মোৰ ৰূমলৈ যোৱা নাই কিয়..? বল এতিয়া...অলপ আদ্দ মাৰোগৈ...মই বোলো ঠিক আছে বল....
এইবুলি গৈ তাৰ ৰূম পাই বহিলো, কথাৰ মহলা কিমান যে কি ওলাল, তাৰ লগে লগে ৰূমমেট বোৰৰ লগতো চিনাকি পৰ্ব চলিল। এটা সময়ত সিহঁতে কথাৰ মাজতে কলে বোলে পাৰ্টি আৰম্ভ কৰা যাওঁক....মই বোলো কিহৰ পাৰ্টী অ...? বোলে ...একো তেনেকুৱা অকেজন নাই...আজি তই আহিছ যেতিয়া সেইটো ফুৰ্টীতেই হৈ যাওঁক বুলি টেবুলৰ তলৰ পৰা ডাঙৰ লালৰ বটল এটা উলিয়াই আনি সন্মোখত ৰাখিলে, লগে লগে আন এটাই ৪ টা গিলাচ আনিলে, এটাই ফটাফট দৌৰি গৈ গেটৰ সন্মুখৰ পৰা চানা অলপ আনিলেগৈ....। কৃষ্ণ, মোৰ চকু কপালত উঠিল। এই দিন দুপৰতে এইবোৰ কি...? বোলো ঐ কি কৰ, কি কৰ...তহঁতে...?  সি কলে----এইবোৰ আমাৰ চলিয়েই থাকে, মনগলেই হল। বোলো—পিছে হেৰি নহয়...কথা এটা কওঁ বেয়া-চেয়া নাপাবি আক...মই এইবিধ নধৰো নহয়...তহঁতৰ লগতে বহি থাকিম বাৰু, কিন্তু মোক জোৰ নকৰিবি দেই। প্ৰাঞ্জল জাঙুৰ খাই উঠিল...কি কথা কবলৈ আহিছ, ইমান দিনৰ মূৰত লগ পাইছো এতিয়া আক তই...চেঁচা পানী নাধালিবি দেই। মই বোলো—নাই নাই ভাই, মই এইবোৰ বেয়া পাওঁ সেয়েহে কৈছো, তেনেতে তাৰ ৰূমমেটে কলে....হয়, ঠিকেই যদি তুমি কেতিয়াও খোৱা নাই তেনেহলে জোৰ কৰা ভাল নহয়। মই তেওঁক ধন্যবাদ এটা দিলো। মনতে বোলো বাচিলো দেই...এইটোৰ পৰা। তাৰ পাছত কিছু সময় কটাই তাৰ ৰূমৰ পৰা পটলং মাৰিলো। ভাইটিক আহি কলোহি...সি কলে প্ৰাঞ্জলে আজি কালি দিনে ৰাতিয়ে খায়। তাৰ লগ নলবি, সি বহুত বেয়া হৈ গল। তেতিয়াহে বুজিলো........হুষ্টেলত গৈ কিছুমান খুবেই ভাল হয়গৈ আৰু কিছুমান ধংস হয়গৈ, মাক-দেউতাকৰ ইমান আশা ধুলিচাত কৰি পুতেকে কৰিছে সেয়া।

সন্ধিয়া হৈ আহিছে, মইও খাই বৈ উভতিবলৈ সাজু। বেগটো কান্ধতে লৈ ভাইটিৰ লগতে ৭.১৫ মিনিট মানত ওলালো, গাড়ীৰ সময় ৭.৩০ মিনিটত। সি আহি গেটলৈকে আগবঢ়াই গাড়ীত তুলি দিলে। গাড়ী চলিল, আহি আহি ফুলবাগানৰ ষ্টপেজত কিছু সময় ৰলে আৰু যাত্ৰী উঠাই লৈ আগবাঢ়িল। মোৰ কাষত এটা মাৰোৱাৰী সম্প্ৰদায়ৰ বিকত চেহেৰাৰ যাত্ৰী, সেইটো বহাৰ পাছত মোলৈ চিটৰ এটা চুকহে থাকিলগৈ। আকাশ ফৰকাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজেৰে গাড়ী আগবাঢ়িছে, লাইটৰ পোহৰত বিশ্ববিদ্যালয়ৰ চৌহদৰ কিছু কিছু দেখা যায়। এঘণ্টা মান যোৱাৰ পাছত গাড়ীৰ গতি বেগ বাঢ়িল, ভিতৰৰ লাইট নুমুৱাই দি কনডাক্তৰে দৰজাখন মাৰি কেবিনত বহিলগৈ। যাত্ৰীবোৰে কিছুদুৰ সাৰে থাকি লাহে লাহে টোপনীয়াবলৈ ধৰিছে, কিছু সময়ৰ পাছত গম পালো মোৰ কাষত থকা জনেও নাকেৰে ঘৰৰ্ ঘৰৰ্ শব্দ কৰি উঠিছে। মইও ভাবিলো ৰৈ থাকি লাভ নাই শুৱাই ভাল। শুই গলো---কেতিয়া টোপনী আহিল কব নোৱাৰো.....গাড়ী আহি শিৱসাগৰত ভাত খাবলৈ ৰখাওতেহে সাৰ পালো, সকলোৱে ভাত খাই বৈ আকৌ গাড়ীত বহিল। আকৌ গাড়ী চলিল তীব্ৰ বেগত।
নিশা ঠিক ৩বজাত আহি নগাঁও পালোহি, চহৰ সোমায়েই পানীগাঁও চাৰিআলীতে নামিলো এহাতত বেগটো লৈ।ইফালে সিফালে চালো...কতো এটাও নৰমনিচ পুৰি খাবলৈও নাই...নাইতো নায়েই পুলিচ এটাও নাই, ঘোপ মৰা এন্ধাৰ, কাৰেণ্টো নাই সেইখিনি সময়ত, ঠাণ্ডাত কপিগৈছে দেহা..........কি কৰা যায় এতিয়া, এই মাজ ৰাতিখন নমাই দিলেহি...ৰাতিপুৱাবলৈও বহুত বাকী। দুৰৈত কুকুৰৰ শব্দ কেইটামান শুনিলো..........ভৌ ভৌ ভৌ, ভুক ভুক ভুক।
কি কৰো এতিয়া, এইবুলি ওচৰৰে পাচলি দোকান এখনৰ পৰা হাতত তুলি ললো বাঁহৰ দাং এডাল, ভাবিলো কুকুৰে খেদিলে সেইদালেৰে লাঠিচাৰ্জ দিব পাৰিম। এইবুলি উপায়ন্তৰহৈ খোজ ললো আন্ধাৰৰ মাজেৰেই ঘৰমুৱাহৈ। সেইখিনৰ পৰা আমাৰ ঘৰলৈ প্ৰায় ২ কি.মি. বাট। প্ৰায় ১ ফাৰ্লংমান আহিছোহে, আহিল নহয় তেনেকুৱাতে সঁচাকৈ কুকুৰৰ জাক এটা, ভৌ ভৌৱাই....হেই হেই কৰিছো আৰু আগবাঢ়ি গৈয়েই আছো, নাই কুকুৰ কেইটাই আৰু বেছিকৈহে খেদি আহিছে, এইবাৰ বোলে কথা নাই আৰু বেগটো বাওঁহাতত লৈ সোঁহাতেৰে লাঠিচাৰ্জ আৰম্ভ কৰিদিলো আন্ধাৰে-মুন্ধাৰে, দুই এটাৰ গাত কোব দুটামান পৰি কেং কেং কেং কৰি দৌৰ দিলে, তেতিয়া বাকী কেইটাওঁ পলাল। আকৌ আগবাঢ়িলো............তেনিটা কেকুৰী পাৰহৈ পলিটেকনিকৰ হু্ষ্টেলৰ কাষেৰে ৰাস্তাদি আহি আছো, এইচোৱা বাটত আকৌ মানুহৰ ঘৰ-চৰ নাই, দুই এঘৰ আছে দুৰতহে, চিঞৰিলেই নুশুনে, তাতে শুনিলেও যিহে ঠাণ্ডা কত আৰু লেপৰ উমৰ পৰা মানুহ বাহিৰ ওলাব।
সেইসময়ত আকৌ কলঙৰ ওপৰত থকা আমাৰ গাঁৱলৈ অহা একমাত্ৰ দলং খন ভাঙি পকীকৰণৰ কাম চলি আছে, সেয়ে কাষেদি তলত এখন বাঁহৰ সাকোঁ সদৃশ দলং বনাই দিছে বাটৰুৱা অহা-যোৱা কৰিবলৈ। মই আহি আহি সেইখিনি পাইছোহে....তেনেতে বাঁহৰ সাঁকো খনৰ কাষতে দেখিলো একুৰা ৰঙা দপদপকৈ জ্বলি থকা জুই। মনতে ভাবিলো, এইৰাতি খন ইয়াত কোনে জুই ধৰিলে ইয়াত, কিবা ভূত-চুতেই নেকি.... ভয়ো লাগিছে, যামনে নাযাম এতিয়া, এনেও ঠাইখিনি অলপ জয়াল, দলংৰ দুইমূৰে দুজোপা প্ৰকাণ্ড আহত গছ, বাহঁৰ দলংখনদি যাবলৈ তললৈ গৰায়েদি নামি যাব লাগিব, একেবাৰে জুইকুৰা থকাৰ কাষেদি। ইফালে সিফালে চালো একো নেদেখি, কেবল আন্ধাৰ আৰু আন্ধাৰহে, কৃষ্ণ কৃষ্ণ বুলি তিনিচাৰিবাৰ মান ভগৱানক সোঁৱৰি মনতে মাতিলো প্ৰভু আজি বচাবা আৰু মোক। তুমিয়েইহে জানা আৰু মোক ভাললৈ নিচানে বেয়ালৈ নিচা। এইবুলি গৰায়েদি নামি গৈছে...ইফালে সিফালে চোৱা নাই...গা-টো গম গমকৈ লাগিছে সেইখিনি পাওঁতেই, গাৰ নোম দাং খাই গৈছে...সেই পুহমহীয়া ঠাণ্ডাতো মোৰ চোলা তিতি গৈছে, পাছলৈ চোৱা নাই, এনেকুৱা সময়ত বোলে পাছলৈ চাব নাপায়, বাঁহৰ দলংখন উঠিলো, দলঙৰ বাহঁবোৰে কেৰমেৰাই উঠিল, ভয় দুগুনে বেছিহে লাগিল............খৰধৰকৈ খোজ ললো, একেকোৱে গৈ কলঙৰ সিটো মূৰ উঠিলোগৈ..সিফালৰ গৰাটো উঠি আহত জোপা পাৰহৈহে উশাহটো সলাইছোগৈ...........তথাপিও ৰোৱা নাই মই...সৰ্বশৰীৰেদি কাৰেণ্টহে যেন পাৰহৈ গল। একেবাৰে গৈ গাঁৱৰ তিনিআলীটোত গৈহে ৰৈছো, তেতিয়া পাছলৈ চালো নাই একো নাই, এইবাৰ গাঁৱৰ মাজেৰে আগবাঢ়িলো, নামঘৰ দুটা পাৰ হোৱাৰ সময়তো গাটো গম গমকৈ লাগিল....ৰৈ নাথাকি ঘৰলৈ যোৱা গলিটোদি সোমাই গৈ এইবাৰ গৈ দুৱাৰ মুখতহে ৰৈছোগৈ। মাক মাত দিলো......সৰু ভাইটিতোও সাৰ পাই আছিল বাবে সিও ওলাই আহিল। মা আৰু ভাইটিয়ে অবাক দৃষ্টিৰে মোলৈ চাই ৰ লাগিল, বোলে এইৰাতিখন তই কেনেকৈ আহিলি কলং পাৰ হৈ, ভাইটিয়ে বোলে—আজি বেজিয়া খুৱাইদেউৰ পুতেক ঢুকাল নহয়, সেই বাঁহৰ দলঙৰ কাষতে খৰি দিছে বোলে, তই দেখা নাই, কেনেকৈ আহিলি সেইফালেদি। মই বোলো দেখিছো, কিন্তু কোনোবা মাছমৰিয়াই জুই ধৰিছিল বুলিহে ভাবিছিলো, তেনেতে আইয়ে ভিতৰৰ পৰা চাকিটো জ্বলাই আনি ধানখেৰ কেইডালমান আনি জুই ধৰি দিলে, তাতে হাত মুখ ধুই বাহিৰে বাহিৰে নিমপাত কেইটামান মুখত লৈহে ভিতৰ সোমাবলৈ দিলে। সেইদিনাৰ পৰা আৰু ৰাতিৰ গাড়ীত ডিব্ৰুগড়ৰ পৰা নাহো কেতিয়াওঁ।