ধঁপাত খোৱা এবিধ আহিলা)
(এই লেখাটি পঢ়ি যাতে কোনেও হোকা তৈয়াৰ কৰিবলৈ চেষ্টা নকৰে। ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক)
আজু ককাহঁতৰ দিনৰ পৰাই অসমীয়া মানুহে হোকাৰে ধঁপাত খোৱাৰ এটা এৰাব নোৱাৰা অভ্যাস আছিল। বিশেষকৈ খেতিয়ক সকলৰ প্ৰতিঘৰতেই একোটাকৈ হোকা নিজাকৈ আছিলেই, হোকাত চোহা এটা মাৰি নললে যেন কোনো কামতেই খেতিয়ক সকলে মন বহুৱাব পৰা নাছিল। অসমীয়া মানুহে অকল চিলিমৰ সহায়তো কানি খাই এলেহুৱা হৈ শুই থাকি সোৰোপা, কানীয়া নাম পাইছিল। লাহে লাহে কানি আতৰি গল আৰু কানি এৰাৰ পাছতেই হোকা-চিলিমৰ সহায়ত ধঁপাত খাবলৈ ধৰিলে।
হোকাৰ প্ৰস্তুত প্ৰনালীঃ-নাৰিকলৰ বাকলিবিলাক এৰুৱাই ভিতৰৰ পানী আৰু শাহবিলাক ফুটা কৰি উলিয়াই লৈ এটি ডাঙৰ ফুটা কৰিব লাগে, এই ফুটাটোৰে নাৰিকলটোৰ ভিতৰত পানী অলপ এটা নিদিষ্ট জোখত ভৰাই দিব লাগে। এতিয়া বাঁহৰ বা কাঠৰ ভিতৰটো ফুটা থকা চুঙাৰ নিচিনা মাৰি এডাল এহাতমান দীঘল কৰি সেই নলীডাল নাৰিকলৰ বাকলি এৰুওৱা গোটা নাৰিকলটোৰ ফুটাত নলীডাল সুমুৱাই দিব লাগে আৰু ফুটা আৰু নলীৰ গুড়িটো ভালকৈ টান কৰিবলৈ তাত ফটাকানি সুমুৱাই দিব লাগে। কাষতে এটা সৰু ফুটা মুখেৰে চুহিবলৈ কৰি ৰাখিব লাগে। এতিয়া নলীডালৰ ওপৰখিনি ভালদৰে চাঁচি-চুচি লৈ চিলিমৰ ফুটা নলীটোৰ মুখত সুমুৱাব পৰা কৰি লোৱা হয়, যাতে চিলিমটো নলীডালত ভালদৰে সোমাব পাৰে। চিলিমৰ ভিতৰত মাটিৰ এটি বগৰী গুটিৰ সমান এটা সৰু টুকুৰা সুমুৱাই দিব লাগে। এই গুটিটোক টিকৰা বোলা হয়। প্ৰতিবাৰ ধঁপাত খোৱাৰ আগতে চিলিমৰ ভিতৰত এই টিকৰাটো সুমুৱাব লাগে। চিলিম বিলাক আকৌ হীৰা মাটিৰে তৈয়াৰ কৰা হয়, কুমাৰ বাঢ়ৈ সকলে এইবোৰ চিলিম বজাৰত বিক্ৰিও কৰে। চিলিম ডাঙৰ আৰু সৰু দুবিধ থাকে, ডাঙৰবিধ হোকাত ব্যৱহাৰ হয় আৰু সৰু বিধ চিলিম সাধাৰণতে ভাং আদি খাবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া চিলিম সংযোগ হোৱাৰ পাছত এক গ্ৰমামান ধঁপাত চিলিমত ভৰাই দি একেবাৰে ওপৰত চিলিমৰ মুখত জুইৰ অঙঠা এটা দিব লাগে। এতিয়া সৰ্ম্পূন সাজু, মুখেৰে গুৰিত কৰি থোৱা সৰু ফুটাটোৰে লাহেকৈ ওপৰলৈ চুহি দিলেই অঙঠাৰ জুই ধঁপাতত লাগি ধৰিব আৰু হোকাৰে ধোঁৱা ওলাব। হোকাৰ ভিতৰত থকা পানীৰ মাজেদি সেই ধোঁৱা পাৰহৈ মুখ আহি পাব আৰু কুৰুক কুৰুক এটি ধুনীয়া শব্দও ফুটি উঠিব। হোকাৰ পানী খিনিয়ে চাকনিৰ দৰে কাম কৰিব, ধোঁৱাৰ লগত যদি কিবা গেদ আহি সেয়া পানীৰ মাজতেই ৰৈ যাব।এই পানী প্ৰতিদিনেই সলনি কৰিব লাগে। হোকাৰ পানীখিনি ঔষধতো ব্যৱহাৰ কৰা হয়, এই পানীৰে জোক মাৰিবও পাৰি। হোকাৰ পানীৰে দাঁত ঘহিলে দাঁতৰ পোকও মৰে।
ধঁপাতৰ খেতি এবিধ লাভজনক খেতি। ধঁপাত সেৱন স্বাস্থ্যৰ বাবে অপকাৰী যদিও মানুহে খায়। ই শস্যৰ অনিষ্টকাৰী পোক-পৰুৱা নিয়ন্ত্ৰনৰ বাবেও উপকাৰী। ধঁপাত এবিধ ৰাগিয়াল বস্তু, সেয়ে অভ্যাস কৰাৰ পাছত ইয়াক এৰিবলৈ টান। কিছুমান ক্ষেত্ৰত উপকাৰী যদিও ইয়াৰ ধোঁৱাই পদুষনো একেবাৰে নকৰা নহয়, বহু সময় যদি হোকা খোৱাজনৰ কাষত বহি ধোঁৱা পাই থাকে তেনেহলে কাষত থকা জনে বেলেগকৈ হোকা নাখালেওঁ চলিব।
হোকা খোৱাৰ বাবে অসমীয়া সকলে নিজৰ ঘৰৰ মাটিৰ বেৰৰ কামিত ফুটা কৰি এডাল লোৰ হাকোটা কৰি আঁৰি থোৱা নিয়ম, পুৰুষ-মহিলা সকলোৱেই হোকা খায়, সম্ভ্ৰান্ত অসমীয়া সকলে পিতলৰে তৈয়াৰী হোকা ব্যৱহাৰ কৰিছিল। মণিৰাম দেৱানেও হোকা খোৱাটো এৰিব নোৱাৰা হৈছিল। তাকে লৈ এটি গীতও ৰচনা হৈছিল—সোণৰ ধোঁৱা খোৱাত খালি ঐ মণিৰাম, ৰূপৰ ধোঁৱা খোৱাত খালি,-----কিনো দায় লগালি ৰজাৰ ঘৰতে........গলত চিপজৰী ললি।
No comments:
Post a Comment