নেওঠনী,--কপাহ পেৰি পেৰি গুটি গুচোৱা পদ্ধতিটোক নেওঠনী বুলি কোৱা হয়। এই পৰম্পৰা অসমীয়াৰ অতি প্ৰচীন। নেওঠনীৰ সহায়ত কপাহৰ গুটি আৰু আঁহ পৃথক পৃথক কৰিব পাৰি। তাহানি অসমীয়াৰ ঘৰে ঘৰে এইবিধ নেওঠনী আছিল। বৰ্তমানৰ দৰে সূতা আদিৰ তেতিয়া আৱিস্কাৰেই হোৱা নাছিল আৰু হৈছিল যদিও সেয়া ক্ৰয় কৰিবলৈ আৰ্থিক ভাবে সক্ষম নাছিল। নিজৰ ঘৰতেই কপাহৰ খেতি কৰি সেইবোৰৰ পাৰ সূতা কাটি কাপোৰ বৈ লৈছিল। সধাৰণতে আঘোণ-কাতি মাহত কপাহৰ কলি ওলায় আৰু ফাগুন-চত মাহত কপাহ পোৱা যায়। কপাহৰ কলবোৰ চিঙি আনি সেইবোৰ ফালি তাৰ পৰা কপাহবোৰ বাহিৰ কৰা হয়, প্ৰথমতে কপাহবোৰ ভালদৰে চাফ-চিকুণ কৰি বাছি লব লাগে। কোনো কোনো ঠাই কিছুমান অসমীয়া মহিলাই বৰালি মাছৰ দাঁতেৰেও কপাহৰ পৰা লেতেৰা অংশ বা জাৱৰ আদি আতৰ কৰিছিল।
অলপ অলপ কপাহ বাওঁহাতত লৈ সোঁহাতেৰে মুঠিত ধৰি নেওঠনীটো ঘূৰাই থাকিব লাগে। ইয়াৰ ফলত গাৰ ফালে পেৰি লোৱা কপাহখিনি গোটখাব আৰু লেটেৰা জাৱৰ বোৰ সন্মোখৰ ফালে বাহিৰ হৈ যাব। (নেওঠনী দেখিবলৈ মাজ-অংশ মোটা আৰু দুইমুৰ ক্ৰমান্বয়ে সৰু কাঠেৰে তৈয়াৰী) পিছত বাঁহৰ ধেনুৰ সহায়ত কপাহখিনি ধুনি লৈ মাজত একোডাল বাঁহৰ চাৰি চে.মি.মান দীঘল শলিৰে ঘূৰাই কপাহখিনি একোডাল ডাঙৰ মমবাতিৰ সমান কৰি লবলাগিব। ইয়াৰ পাছতেই যঁতৰত সুমুৱাই দি সূতা কাটিব পাৰি। নেওঠনী এটা সময়ত জীৱিকাৰ আহিলা হিচাপেও ব্যৱহাৰ কৰা হৈছিল।
এসময়ত কপাহী কাপোৰৰ বৰ আদৰ আছিল বাবেই নেওঠনীৰ জনপ্ৰিয়তা আৰু প্ৰচলনো আছিল। স্বাধীনতা সংগ্ৰামী সকলে কপাহী কাপোৰ ব্যৱহাৰ কৰিছিল, সেই সময়ত বিদেশী বস্ত্ৰ দাহণ কৰি বৰ্জন কৰিছিল। মহামানৱ মহাত্মা গান্ধীয়েই কপাহীকাপোৰ নিজে যঁতৰত সূতা কাটি বৈ লৈ পিন্ধিছিল। তাহানি একেৰাতিৰ ভিতৰতে কপাহ নেওঠী সূতা কাটি কাপোৰ বৈ স্বামীক ৰণলৈ পঠাইছিল। এনে কপাহী কাপোৰক কবচ কাপোৰ বোলা হয়। লোকবিশ্বাস আছিল যে এনেকৈ এৰাতিতে বৈ দিয়া এনে কবচ পিন্ধি ৰণলৈ গলে ৰণত মৃত্যু নহয়।–তাৰেই উদাহৰণ হৈছে----
আহোম স্বৰ্গদেউসকলৰ দুজন প্ৰধান মন্ত্ৰী আছিল-এজন বুঢ়াগোহাঁই আৰু আনজনক বৰগোহাঁই বোলা হৈছিল। এবাৰ ফ্ৰাচেংমুং বৰগোহাঁই ডাঙৰীয়া কলিয়াবৰৰ ৰণলৈ হঠাতে যাবলগীয়া হৈছিল। এই ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নীৰ নামেই আছিল মূলা গাভৰু। স্বামী ততাতৈয়াকৈ ৰণলৈ যাবলৈ ওলোৱাত বৰা বিমোৰত পৰিল, কি কৰিব, ইমান কম সময়ত সূতা কাটি কবচ কাপোৰ বোৱা নহয়গৈ। উপায়ন্তৰ হৈ মূলাগাভৰুৱে স্বামীক ৰণলৈ যাবলৈ বাধা দিছিল, তত্স্বত্তেও স্বামী ৰণলৈ গল আৰু সেই ৰণতেই মূলাগাভৰুৰ স্বামীৰ মৃত্যু হৈছিল।
No comments:
Post a Comment