Tuesday, 21 August 2012

চোৰ আৰু গৃহস্থঃ-

এদিন মানুহ এঘৰত ৰাতি চোৰ এটা সোমাল, তাকেই ঘৰৰ ডাঙৰ লৰাটোৱে বন্ধুবোৰৰ আগত পাছদিনা কৈ আছিল এনেকৈ----
ঐ কালি আমাৰ ঘৰত ৰাতি চোৰ এটা সোমাল বুইছ! কালি ৰাতি ঠিক ১২টামান বাজিছে, মই শোৱাই নাই, ঘৰৰ বাকীবোৰ শুলে.....মই এনেতে শব্দ এটা শুনিলো পাক ঘৰত।..........চোৰোক....চোৰোক....
-মই হাতত সাৰে ভৰিত সাৰে গৈ দেখো যে এটা প্ৰকাণ্ড সিন্ধি....
-হমম.....তাৰ পাছত......
-মই ৰৈ আছো, সি কি কৰে চাই আছো,
-হমম.....তাৰ পাছত.....
-তাৰ পাছত মই হাতত মেচি দা খন লৈ ৰৈ আছো, 
-সি সিন্ধিটোৰে মূৰটো সুমুবাই দিছেহে। মই চকুদুটা মুদি ঘাপটো মাৰিম বুলি মেচি দাখন দাঙিছো আৰু......
-মাৰিলিনে ঘাপটো চোৰৰ মূৰত?
-নামাৰিলো, চাই আছো সি কি কৰে।.....মই ভাবি থাকোতেই সি গৈ আমাৰ ভাতৰ চৰুৰ ওচৰ পালেগৈ আৰু চৰুৰ পৰা ভাত উলিয়াই খোৱাত লাগিল........
-তাৰ পাছত তই তাক ধৰিলিনে ?
-নাই ধৰা, মই চাই আছো সি কি কৰে.....
-এইবাৰ মই ভাবিলো তাক গবামাৰি ধৰিমেই। এইবুলি পাছফালৰ পৰা লাহে লাহে গৈ তাক সাবটি ধৰিবলৈ হাত দুখন মেলি আগবাঢ়ি গৈ সাবটি...........
-ধৰিলিনে তাক গবামাৰি ?
-নাই ধৰা, মই চাই আছো সি কি কৰে। এই বুলি ভাবি থাকোতেই সি গৈ আমাৰ বাকচটো খুলিলেগৈ.......তাৰ পাছত সি মাৰ গাহণা বোৰ এপদ এপদকৈ গোটাই লৈ মোনাত ভৰাইছে।
-তাকে দেখি মই এইবাৰ তাক টাঙোন এডালেৰে পাছফালৰ পৰা মাৰ এটা সোধাম বুলি হাতত টাঙোন ডাল লৈ পাছফালৰ পৰা মাৰিছিলোৱেই কোবটো........
-সি মৰিল নে......?
-ধেত মাৰিলেহে মৰিব, নামাৰিলো। সি কি কৰে চাই আছো............
-তাৰ পাছত ভাবিলো...........ধেত, সেইটো মোৰ কাম নহয় নহয়, সেইটো পুলিচৰহে কাম।

No comments:

Post a Comment