অসমীয়া সমাজত বহুলভাবে প্ৰচলিত এবিধ নাম।সাধাৰণতে পাল পাতি গোৱা নাম-প্ৰসঙ্গকে পাল নাম বুলি কোৱা হয়। পাল শব্দ সংস্কৃত পৰ্যায় শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হল হৰিনাম। শাস্ত্ৰ পাঠ ইয়াৰ মূল কাৰ্য। এখন থাপনা বা বেদী পাতি কীৰ্তন, দশম, ভাগৱত, আদি ধৰ্মীয় পুথি যিকেইখন পঢ়িব, সেইকেইখন থাপনা পতা ঠাইত ঠগাৰ ওপৰত ৰাখি থৈ চৌদিশে ধূপ-ধূনা, বন্তি জ্বলাই ফুল আদিৰে সুশোভিত কৰি নৈবেদ্য পাতি পালনাম পতা হয়। যিজন ভকতে বা পাঠকে শাস্ত্ৰ পাঠ কৰিব তেওঁক বিশেষভাবে নিমন্ত্ৰণ কৰিব লাগে। সাধাৰণতে এদিনীয়া, তিনিদিনীয়া, সাতদিনীয়া, দহদিনীয়া কৈ পাল নাম পতা দেখা যায়।
অসমীয়াৰ নামঘৰ নাইবা একোঘৰ মানুহৰ চোতালত বা ৰাইজৰ সুবিধা থকা ঠাইতো পালনাম পতা হয়। পাল নাম প্ৰতিবছৰেই অনুষ্ঠিত হয় আৰু প্ৰতিঘৰ মানুহেই পালনামলৈ বুলি বৰঙণি আগবঢ়াই। নামনি আৰু উজনিৰ ফালে সম পৰিমাণেই এইবিধ নাম উদযাপন কৰা হয়। পালনাম যি সময়ৰ পৰাই আৰম্ভ হয় অৰ্থাত্ শাস্ত্ৰ পাঠ কৰি থকা হয়, সেইখন পুথিত আধ্যা (অধ্যায়) শেষ নোহোৱাকৈ পঢ়োঁতাজন আসনৰ পৰা উঠিব নাপায়। এইদৰে পাঠ কৰোতে কিবা কাৰণত বাহিৰলৈ উঠি যাব লগা হলেও আন এজনে সেই শাস্ত্ৰ পঢ়া আসন গ্ৰহণ কৰিব লাগে। শাস্ত্ৰ পঢ়া লোক নাথাকিলে যিজনে পঢ়ি থাকিব সেইজনৰ নিজৰ ডিঙিৰ গামোচাখন আসনত থৈহে বাহিৰলৈ যাব পাৰিব। এনেকৈ অতি পবিত্ৰভাবে শাস্ত্ৰপাঠ কৰা হয়।
শাস্ত্ৰপাঠ কৰা লোকজন শাস্ত্ৰত পাৰ্গত লোক। যিকোনো শ্লোকৰেই অৰ্থ ভাঙি ৰহণ সজাই বুজাই দিব পাৰে। পাঠকৰা লোকজনৰ শৰীৰত পৰিস্কাৰভাবে ধুই-পখালি লোৱা ধূতি, চোলা আৰু কান্ধত এখনি গামোচা, চেলেং থাকিব লাগে। গামোচা চেলেং নাথাকিলে শাস্ত্ৰত যেন বহিবই নোৱাৰে ৰাইজে তেনে ভাব পোষণ কৰে। শাস্ত্ৰৰ আধ্যা নপৰালৈকে এটুপি পানীও পাঠকে গ্ৰহণ নকৰে। পুৱা, সন্ধিয়া সময়ত তালৰ সহায়ত নাম ধৰা হয়। এই সময়খিনিক পঢ়ান কৰা বুলিও কোৱা হয়। আধ্যা পৰিলে হৰিধ্বনিও দিয়া দেখা যায়।পঢ়ানৰ শেষত নৈবেদ্য ভাঙি প্ৰসাদ বিতৰণ কৰা হয়। ইয়াৰ পাছত আকৌ নতুনকৈ নৈবেদ্য পাতি শাস্ত্ৰ-পাঠ কৰা হয়। কিছুমান শাস্ত্ৰ শুনি থকা ভক্তই পালনামৰ কেইদিন ঘৰলৈকে নাযায়। ভক্তসকলৰ ধাৰণা হয় যে এই শাস্ত্ৰ-পাঠ এৰিও ঘৰলৈ যাব নাপায়। পালনামক বৈষ্ণৱ পৰম্পৰাৰ এটি অন্যতম ভাগ বুলিও বিবেচনা কৰা হয়।
পাল-নামৰ জন্মদাতা মহাপুৰুষ শঙ্কৰদেৱ। গুৰুজনাই ধুৱাহাটা বেলগুৰি সত্ৰত প্ৰথমে পালনাম পাতি আৰম্ভনি কৰিছিল। তেতিয়াৰে পৰাই অসমৰ চুকে-কোণে এই সংস্কৃতি বিয়পি পৰে। আহোম ৰজা সকলেও অপায়-অমঙ্গল আদিৰ পৰা পৰিত্ৰন পাবলৈ ধৰ্মীয় অনুষ্ঠানেৰে শান্তি দিবৰ বাবেও পাল নাম পাতিছিল।
সেয়েহে আহোম ৰজাৰ ফালৰ পৰাই পাল নাম ধৰিবলৈ শঙ্কৰদেৱৰ প্ৰিয় শিষ্য মাধৱ দেৱক ধৰি লৈ গৈছিল। মাধৱদেৱে ৰাম ৰাম ধ্বনিৰে আহোম ৰজাৰ ৰাজধানীত শাস্ত্ৰীয় ধৰ্ম প্ৰচাৰ কৰিছিলয়। শঙ্কৰদেৱেও পাটবাউসী সত্ৰৰ পৰা গৈ সানেৰী সত্ৰত সাতদিন পাল নাম পাতিছিল। সুন্দৰীদিয়া সত্ৰতো মাধৱদেৱে পাল নাম পাতিছিল। অসমৰ বিখ্যাত আউনীআটী সত্ৰত আজিও পালনাম চলিয়েই থাকে।
No comments:
Post a Comment