পৃথিৱীৰ সৰ্ববৃহত্ নদী দ্বীপ মাজুলী আৰু ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দৰ বাবে অসমৰ নাম বিশ্বত কিছুদিন আগলৈকে জিলিকি আছিল, কিন্তু এটা আৰু সেই গৰিমা নাই। আজি ইতিহাস হৈ ৰল অসমৰ নাম............সকলো চকুৰ আগতে দেখি শুনিও আমি একো কৰিব পৰা নাই.............. ইয়াতকৈ দুখৰ কথা আমাৰ বাবে কি হৱ পাৰে..... কি নাছিল এই সূৰ্য্য উঠা দেশৰ, কি নাছিল আমাৰ চিৰচেনেহীৰ.........তেল, চাহ, নদী, পাহাৰ, বিল, উৰ্ব্বৰ কৃষি ভূমি কোনো বস্তুৰেই অভাব নাছিল। কিন্তু আজি এটা এটাকৈ সকলো কালৰ সোঁতত সকলো বিলিন হৱলৈ ধৰিছে, তথাপিও আমি নিচুপ কিয় সাধাৰণ মানুহে ৰোধ কৰিব নোৱাৰে প্ৰাকৃতিক দুৰ্য্যোগবোৰ, কিন্তু চৰকাৰে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। নদী বান্ধ গঢ়িবলৈ যি ধৰণে সকলো বাধা অতিক্ৰম কৰিবলৈ উঠি পৰি লাগিছে, ঠিক তেনেকৈ আমাৰ সম্পদবোৰৰো যদি ৰক্ষণাবেক্ষন দিলে হয় হাজাৰ হাজাৰ লোক গৃহহীন, নিবনুৱা, অভাব-অনাতন সকলোৱেইতো নাথাকিল হেতেন। চাওক ৰাইজ আমাৰ মৰমৰ মাজুলী কি দৰে প্ৰতিবছৰে সংকোচিত হৈ আহিছে.....................
চকুৰ প্ৰচাৰতে মাজুলীৰ খহনীয়াৰ ৰূপ সলনিৰ সীমিক্ষা এটি মাথো.......
১) ১৯৫০ চনত মুঠ আয়তন-------১২৪৬ বৰ্গ কিঃমিঃ
২) ১৯৭১ চনত মুঠ আয়তন-------৯২৪ বৰ্গ কিঃমিঃ
৩) ১৯৯৭ চনত মুঠ আয়তন------৮৭৫ বৰ্গ কিঃমিঃ
৪) ২০০১ চনত মুঠ আয়তন-------৬৫০ বৰ্গ কিঃমিঃ
৫) ২০০৪ চনত মুঠ আয়তন-----৫০২.২১ বৰ্গ কিঃমিঃ
৬) ১৯৭২ চনৰ পৰা ২০১০ চনলৈ মুঠ গৃহহীন ----৮৬৯৯ টা পৰিয়াল।
৭) ১৯৭২ চনৰ পৰা ২০১০ চনলৈ জাহ যোৱা মুঠ কৃষিভূমি-২,৭২,১৮৩ বিঘা মাটি।
৮) খহনীয়াত জাহ যোৱা মুঠ সত্ৰ----১০ খন।
৯) খহনীয়াত নিশ্চিহ্ন গাঁও-------৯০ খন।
১০)১৯৫০ চনত মাজুলীৰ দৈৰ্ঘ্য----২৫৬ কিঃমিঃ
১১)২০১১ চনত মাজুলীৰ দৈৰ্ঘ্য----৭৫-৮০ কিঃমিঃ
No comments:
Post a Comment