Wednesday, 15 August 2012

লোকগীতঃ-


নামঘৰ দেখিলেই ভকতি কৰিবা,
থাপনা মচি লৈ শৰাইখন পাতিবা,
জ্বলাবা চাকি ধূপ-ধূণা মনভাই,
লগাবা কাকুটি ঘোষা।।

নামঘৰ দেখিলেই ভকতি কৰিবা,
থাপনা মচি লৈ শৰাইখন পাতিবা,
জ্বলাবা চাকি ধূপ-ধূণা মনভাই,
লগাবা কাকুটি ঘোষা।।

ভকতক দেখিলেই আদৰি আনিবা,
পদুলিৰ মুৰতে চৰণ ধুৱাই দিবা,
সাদৰি পাৰিবা ধৰা মনভাই,
সেয়াই হব ভকতৰ সেয়া,
অ.....অ....অ....সেয়াই হৱ ভকতৰ সেৱা।।

হৰিনাম ভাগৱত ভকতিৰ ভটিমা,
নামঘৰৰ মজিয়াত,
গুৰুৰ গুণ গৰিমা....
ছকুৰি ভকতৰ সেৱা মনভাই,
লগাবা কাকুটি ঘোষা।

নামঘৰ দেখিলেই ভকতি কৰিবা,
থাপনা মচি লৈ শৰাইখন পাতিবা,
জ্বলাবা চাকি ধূপ-ধূণা মনভাই,
লগাবা কাকুটি ঘোষা।
লগাবা কাকুটি ঘোষা।
লগাবা কাকুটি ঘোষা।


কীৰ্তনঘৰ শুৱনি অ....মনাই,
ভাগৱত ভকতি অ.....মনাই,
গোবিন্দাই ৰাম হৰি.. গোবিন্দ ৰাম,
মুখে মুখে হৰিনাম বৈকুণ্ঠ ঢাম।
মুখে মুখে হৰিনাম বৈকুণ্ঠ ঢাম।

কীৰ্তনঘৰ শুৱনি অ....মনাই,
ভাগৱত ভকতি অ.....মনাই,
গোবিন্দাই ৰাম হৰি.. গোবিন্দ ৰাম,
মুখে মুখে হৰিনাম বৈকুণ্ঠ ঢাম।
মুখে মুখে হৰিনাম বৈকুণ্ঠ ঢাম।

হৰিনাম শুৱনি অ.....মনাই
ভকতৰ চাপৰি অ...মনাই
গোবিন্দাই ৰাম হৰি গোবিন্দাই ৰাম
মুখে মখে হৰিনাম বৈকুণ্ঠ ঢাম।
মুখে মখে হৰিনাম বৈকুণ্ঠ ঢাম।
মুখে মখে হৰিনাম বৈকুণ্ঠ ঢাম।


কীৰ্তনঘৰ শুৱনি অ....মনাই,
ভাগৱত ভকতি অ.....মনাই,
গোবিন্দাই ৰাম হৰি.. গোবিন্দ ৰাম,
মুখে মুখে হৰিনাম বৈকুণ্ঠ ঢাম।
মুখে মুখে হৰিনাম বৈকুণ্ঠ ঢাম।
মুখে মখে হৰিনাম বৈকুণ্ঠ ঢাম।




No comments:

Post a Comment