গাঁৱৰ ঘৰ, চোতাল, বাৰীৰ তামোল-পাণ, এক অপূৰ্ব সৌন্দয্যৰে ভৰা ঘৰখনৰ প্ৰতিটো বস্তুৰে এক সুকীয়া গৌৰৱ আছে ।ডাঠ চকোৱাৰ বেৰ দি, মাজতে চোতাখন লৈ চৰাঘৰ, বৰঘৰ মাৰলঘৰ, গোসাঁই ঘৰ, ৰান্ধনিঘৰ আদি সুকীয়া সুকীয়াকৈ সজা গৃহ নিৰ্মাণ পদ্ধতি আধুনিক মাৰ্বল, টাইলচ, চিমনি লগোৱা পাকঘৰৰ লগত কেতিয়াও তুলনাই হৱ নোৱাৰে। চৰাঘৰ বৰঘৰৰ পৰা আতৰত অলপ ভিতৰফাললৈ সজা সাধাৰণতে কেঁচা ৰান্ধনিঘৰেই অসমীয়া সাতমপুৰুষীয়া মাদকতা বজাই ৰাখে। কাঁঠৰ খুটা দি সাজিলেও অথবা টিন দিলেও সাধাৰণতে ৰান্ধনিঘৰৰ মজিয়া, কেঁচাকৈ ৰখা নিয়ম বেলেগ পাকত খোৱা আলহী-অতিথি, ভকত কাৰণ আহিলে ঠাইতে পাক-ঘৰৰ এচুকত ঢৌ খুঁটি মাৰিবলৈ সহজ হয়। তাৰোপৰি ঘৰখন মুকলি মুকলি লগাকৈ দুইবেলা ৰঙা মাটিৰে মচি থবও পাৰি।
বাহী গাৰে বা জোতাই-মোজাই পাকঘৰত সোমোৱাৰ বাধা পৰম্পৰাগত। জুইশাল বা জুহাল হয় ভাত খোৱা মজিয়াৰ একাষতে পতা হয় নতুবা তাৰ কাৰণে আছুতীয়াকৈ কোঠা এচা বা এডোখৰ চালি থাকে।ৰান্ধনিশালৰ মজিয়াৰ ফালে খিৰিকী থাকিলেও পাকঘৰত সাধাৰণতে খিৰিকী দিয়া নিয়ম কমেই দেখা যায়। ৰন্ধা বা খোৱা আনে দেখিলে মুখ লগাৰ লগতে, আশঙ্কাৰ লগতে, খিৰিকী সৰকাই চোৰে পন্ধা বস্তু চৰুৰে সৈতে লৈ যোৱাৰ ভয়েই খিৰিকী নৰখাৰ হয়তো কাৰণ । পূৱ বা উত্তৰ মুৱাকৈ সাজি লোৱা মাটিৰ দুটা চৌকা অসমীয়া ৰন্ধনিগৰৰ প্ৰথম সম্পদ। ভাত ৰন্ধা ঠাইখনৰ পবিত্ৰতা ৰক্ষাৰ কাৰণে চৌকাৰ পৰা কিছু আঁতৰাই চাৰিওকাষে মাটিৰে সৰুকৈ আলি এটা দি লোৱা হয়। এই আলিটোৰ ভিতৰতহে চৰু, কেৰাহী, হেতা, ভাত-চৰুৰ গুৰি সৰা বুটি শোটা, হাত ধোৱা লোটা, চৰিয়া, ভাত-চৰু পোহৰোৱা গছা-চাকি ৰখা নিয়ম।
আলিৰ ইকাষে বাঁহেৰে সজা এখন পানীচাং, চৌকাৰ ওপৰত চালৰ ওপৰৰ পৰা ওলোমাই থোৱা সৰু, বৰ , ধোঁৱা লগা এসোপা টেকেলি, টেকেলিৰ ভিতৰৰ কোনোবাটোত শুকান ঠেকেৰা, কোনোবাটোত শুকান শিলিখা, কোনোৱাটোত আঠীয়াকলৰ শুকান বাকলি বা কোনোৱাটোত নিমখ, কোনোৱাটোত শুকান খৰিচা বা পকা খৰিচা, কোনোৱাটোত কলগছ শুকুৱাই কৰা কলাখাৰ। এই সকলোবোৰ ৰখা চাংখনক ধোঁৱা চাং বুলি কোৱা হয়।
হেন্দালিত শুকান খৰি, লাগনি খৰিৰ লগতে শুকাবলৈ থোৱা মহানিমৰ পাতৰ চালনী এখন, বা গুৰি খুন্দিবলৈ থোৱা কেইটামান শুকান বগৰী। পানী-চাঙত থোৱা টেকেলি, কলহ, মলাত পিঠাগুড়ি, সান্দহ, চিৰা-পিঠাৰ লগতে পকা কলৰ থোক এটা, ঔটেঙা দুটামান, ঢেঁকীয়া বা কচুশাক দুমুঠি, লাও এচিটা। কাঁঠৰ চৰিয়া এটাত চকলিয়াই থোৱা গুড় অলপ। লগতে শিলৰ বাটি এটাত সৰিয়হৰে কৰা খাৰলি, পানী-টেঙা অকণ। ইফালে শিকিয়াত ওলোমাই থোৱা থাকে এঁৱা গাখীৰৰ ঘটি এটা। দৈ-গাখীৰৰ টেকেলি আৰি থোৱা পানী-চাঙৰ কাষৰ খুঁটাটোত সাঁচতীয়া পাতি পইচা ভৰাই থোৱা বিন্ধা তিনিটামান থাকে, যাক কনকন লৰাছোৱালীয়ে খোলোং বুলি কয়। মজিয়াৰ বেৰত ওলমি থাকে খোৱা তেলৰ চিঁচা, দাঁত খৰকিয়াবলৈ খৰিকা থোৱা চুঙা। মজিয়াৰ বেৰত আউজাই থোৱা থাকে নিতৌ ধুই ধুই চকচকিয়া কৰা সৰু-বৰ পীৰা। আইনাৰ দৰে ঘঁহি-পিহি ধুই থোৱা ফুলকটা কাঁহৰ কাঁহী, বৰকাঁহী, বাটি, বান বাটি, পাণধোৱা লোটা, চৰিয়া, ঘটি, কাঁহৰ গিলাচ, পিতলৰ গিলাচ মজিয়াৰ চাঙত শাৰী শাৰীকৈ থোৱা থাকে। আৰু থাকে ফুলকটা শিলৰ পটাৰ বুকুত পটাগুটি, অনবৰতে জুই সাঁচি ৰাখিবলৈ তুঁহ দি থোৱা জুহালত লোহাৰ ডেগ।
দোক-মোকালিতে ঘৰ-চোতাল সাৰি আগদিনাৰ বাহী বাচন ফুট ছাঁইৰে ঘঁহি-পিহি ধুই, ৰঙা মাটিৰে পিৰালি, ঘৰ মচি, মূৰ তিয়াই গা-ধুই তিতা তিয়নীৰে আহি মজিয়াৰ ডাৰত ওলোমাই আগদিনাই তিয়াই-বুৰাই থোৱা ৰিহা-মেখেলা পিন্ধি ঘৰৰ গৃহিনীয়ে পবিত্ৰ হৈ পাকঘৰ সোমায়। খাবৰ পৰত বজাৰৰ বস্তুৰে জনপান কৰিবলৈ আঁঠুৰ মূৰত খোলা পতা নিয়ম অসমীয়া গৃহস্থীৰ বাবে আচহুৱা কথা। পানী অকণ দি মোহাৰি মাৰিলেই কুমলি উঠা কোমল চাউল, তেঁতেলীপতীয়া চিৰা, শুকান পিঠাগুড়ি এডলা আদি যদি নাথাকে তেনেহলেনো সেইখন অসমীয়া গৃহস্থীৰ আখলেই বুলিব নোৱাৰি।
মেলাহি বাটি এটাত দুখামোচমান পিঠাগুড়ি লৈ পকা চেনিচম্পা কল দুটা আৰু গুড় (মিঠৈ) গাখীৰৰ লগত জলপান তৈয়াৰ কৰি, আগদিনাই ৰাতি সিজাই থোৱা লুথৰিৰে লৰা-ছোৱালীবোৰক ৰাতিপুৱাৰ জেঙামাৰি, ডাঙৰৰ বাবে বানবাটিত চিৰা বা সান্দহ বা কোমল চাউল সজাই থয়। কঁৰীয়াত খীৰাই অনা গৰুৰ গাখীৰ আছেই। আকৌ মজিয়াৰ কাষত শলামাৰি থোৱা বা ঠাৰিডালৰ গুৰিত নিমখ লগাই থোৱা গোন্ধে আমোলমোলাই থকা পকা কঁঠালটোৱে মোক খা মোক খা কৰি থাকেই।
ৰাতিপুৱাৰ জাঁজ মাৰি পাকত ঘুৰা অসমীয়া গৃহিনীয়ে এফালে ভাতৰ চৰু পাতি, আনফালে হয় তাঁতকে দোমোৰ মাৰে, নহয় জহা, বৰা দুটামানকে উলিয়াই থওঁ বুলি ঢেঁকীকে জুৰি লয়। ধানবনোৱা কল (মেচিন) ওলোৱা কেইদিন হৈছে। হলেওঁ ঢেঁকীত বনোৱা চাউলৰ জোৰৰ লগত কলত বনোৱা চাউলে পাই জানো ? ঢেঁকীত ধান বানিলে তুঁহ ৰাহি, খুদ ৰাহি, চাউলখিনিৰো সুকিয়া ৰস থাকে। ধান জৰা-ফুকা কৰা চালনি, ডলা, তিয়োৱা হৈ নাথাকিলে ভাত ৰন্ধা গাৰে পিছে চুব নাপায়।
দুপৰীয়া সাজত মাটিমাহে ঔটেঙাই, জাতিলাও বিলাহী,কচুথোৰ পাতত দিয়া, কাঠ আলু, পোৰা মাছৰ পিটিকাই মোক খা মোক খা কৰি থাকে। কোনবিধ আগতে খাবা, কোনবিধ পাছত...ভাবি থাকোতেই সময় যায়। গৰমৰ দিনত আকৌ চৰুত পইটা ভাত থাকিলে পোৰা মাছ, পোৰা বেঙেনা, কঁঠাল গুটিৰে পিটিকা লগত কণ জলকীয়া খাবলৈ ঘৰৰ আটাইৰে হেতা-উপৰা লাগে। পথাৰৰ পৰা অহাজনৰ বাবে দৈ, পইটা ভাত, আঠীয়া কল গা শাঁত পেলোৱা জুৰণি।
খাৱৰ পৰাত মচা মজিয়াকে আকৌ পানী ছটিয়াই মচি দি ভাগে ভাগে বৰপীৰা পাৰি মূল মানুহকেইজনক পীৰাৰ কাষত লোটা, খৰিকা, গামোচা সজাই দি সকলোকে একেলগে খাবলৈ দিয়ে। ঘৰৰ মূলজনে বেঢ়া-কাঁহীত বা বান কাঁহীত ভাত খোৱা নিয়ম। কাঁহীৰ কেউকাষে বিভিন্ন ব্যঞ্জনৰ সৰু সৰু সজাই দিয়া থাকেই। ৰান্ধোতে-বাঢ়োতে কাঁহী-বাটি থেকেচ-নেকেচ্ কৰিব নাপাই, সেয়া বোলে কুলক্ষণীয়াৰহে চিন। ভাত খাওঁতে টকালি মাৰি বা চৰু চাই ভাত খাব নাপাই। এয়া আমাৰ অসমীয়াৰ নিয়ম।

No comments:
Post a Comment