Wednesday, 15 August 2012

জীৱনৰ বাটে-ঘাটে

(১)
ঘৰৰ পৰা ঠিক ৯ বজাত ওলাই গৈছোঁ, অফিচলৈ বুলি, আজি কেইদিনমান অনিচ্ছা স্বত্তেও বাছৰে অহাযোৱা কৰিছোঁ, নগাঁৱৰ পৰা হোজাইলৈ৬৫ কি.মি. দুৰ। সময়তকৈ অলপ দেৰিয়েই হোৱা বাবে প্ৰথমেই যিখন বাছ পালোঁ সেইখনতেই খৰধৰকৈ উঠিলো, উঠিয়েই দেখো বাছখনত মানুহ ঠাহ খাই আছে, খালী চিট বুলিবলৈ এটাও নাই, উপাইটো নাই সেই ভাবিয়েই থিয় হৈ ৰলোঁ, গাড়ী চলিল, কণ্ডাক্টৰক সুধিলো- বোলো হেৰৌ, নামিব লগিয়া মানুহ কত আছে অ, মানে চিট কত খালী হ….সি বোলে চাৰিআলীতহে হৱ, তাৰমানে কঠিয়াতলীতহে চিট পাম, থিয় হৈয়ে ২৫ কি.মি. দুৰ যাব লাগিব। ইফালে বাছৰ ভিতৰত ভৰি দিবলৈও ঠাই নাই, হেন্দিমেনৰ চিঞৰদাদা অলপ ভিতৰলৈ সোমাই যাওঁক, সোমাই যাওঁক। অলপ ভিতৰৰ ফালে সোমাই গলোঁ। দেখিলো নগাঁও ছোৱালী কলেজৰ ৫জনীমান ছোৱালী চিট নাপাই থিয় হৈয়ে আছে, মাজতে ৰলোঁ, ছোৱালী কেইজনীৰ কাষতে এজন দেখাই শুনাই ভদ্ৰ যেনেই লগা মানুহ থিয় দি আছে, সম্ভৱত সামৰিক বাহিনী নাইবা আৰক্ষী বাহিনীৰ লোক যেন অনুমান হল চেহেৰা আৰু চুলিৰ কাটতো দেখি। মানুহজনৰ কাষতে মই। কিছুদুৰ যোৱাৰ পাছত থিয় হৈ থকা মানুহ কিছু নামি গল আৰু অলপ পাতলকৈ ৰব পৰা হলো। বাহিৰৰ তীব্ৰগতিত পাৰ হৈ যোৱা প্ৰকৃতিক দৃশ্যবোৰ চাই চাই বতাহ খাই গৈ আছো তেনেকৈয়ে, দুয়োহাত ওপৰৰ হেণ্দেলত দি, ইফালে সিফালে চাই থাকোতেই হঠাতে দেখা পালো সেই ভদ্ৰমানুহজনে ওচৰতে থিয় হৈ থকা ছোৱালীজনক শাৰীৰিক (গোপন স্থানত) স্পৰ্শ কৰিছে, কি কাণ্ড, বাছৰ ভিতৰতো এনে মানুহ, তাতে দিন-দুপৰতে। ছোৱালীজনীয়ে অপ্ৰস্তুত হৈ পৰিছে, তেওঁক বাৰে বাৰে কিবা আজুহাত দেখুৱাই আঁতৰি থাকিবলে বিচাৰিছে, কিন্তু পৰা নাই বাধা দিব, এনেবোৰ কথাত মোৰ আকৌ খংটো ফটকৈ উঠি আহেই, ভাবিলোঁ দিওঁ নেকি ভালকৈ কেইকোৱমান….. পাছত ভাবিলোঁ….কিবা কম হয়….যদি ছোৱালীজনীয়ে কয় মানুহজনে মোক একো কৰা নাই, তেতিয়া মইহে বিপদত পৰিম। এনেকৈ কিছুদুৰ পাৰহৈ গলোঁ, ওচৰৰ দুই এগৰাকী মহিলাৰো চকুত পৰিছে কিন্তু কোনেই প্ৰতিবাদ কৰা নাই। বাকী পুৰুষ যাত্ৰীসকললৈ চালোঁ, কেইজনমান টোপনীত লালকাল, দুজনে মবাইলত ব্যস্ত হৈ কথা পাতি গৈ আছে, তাৰেই সুবিধা লৈছে মানুহজনে। মোৰো চাই থকাৰ ধৈৰ্য নোহোৱা হল। কি কৰা যায় এতিয়া, নেদেখা ভাওঁ ধৰি থাকিলেও নিজৰ ওচৰতে হাৰি যোৱা যেন লাগিব, ভাবিলোঁ এই কথাই কথা নহয়, এনেকৈ যদি আমি ভাবোঁ যে কাৰ ছোৱালী, ৰ ছোৱালী, যি হয় হওক, কি দৰকাৰ বাটৰ জেং চপাই লবলৈ, তেনেহলে একো প্ৰব্লেম নহয়েই। আৰু যদি আমি এনেকৈ প্ৰতিবাদ নকৰি সেইজনাক সুবিধাহে কৰি দিওঁ তেনেহলে কালিলৈ দেখোন মোৰো ভনীৰ ক্ষেত্ৰত এনে হয় তেতিয়া? কথাটো মনলৈ আহাৰ লগে লগেই দাঁত-মুখ কৰচি উঠিল মোৰ, আৰু এক মুৰ্হূতও পলম নকৰি চিধাই ড্ৰাইভাৰৰ ওচৰত গৈ কলোঁঐ ড্ৰাইভাৰ গাড়ী ৰাখ৷হেন্দিমেনে কলে দাদা নামিব নেকি? মই বোলো আগতে গাড়ীখন ৰখাবলৈ দে৷…. গাড়ী ৰখিল,চিধাই মানুহজনক উদ্দেশ্যি কলোঁআপুনি অলপ নামি আহকচোন৷ বোলে কিয় ? কোনো প্ৰশ্ন নকৰিব, আপুনি এতিয়াওঁ বুজি পোৱা নাই যদি মই কিয়টো তেনেহলে সকলোৰে আগত কৈ দিব লাগিব নেকি? নে চিধাই নামি আহিব? একো নুবুজাৰ ভাওঁ ধৰিব নালাগে,
…..মানুহজন সোঁ-সোঁৱাই বাহিৰলৈ নামি আহিল….আৰু একো নামাতিলে। মই কলোঁ কিবা বুজিলেনে এতিয়া নে মই কব লাগিব………আপুনি সেই ছোৱালীজনীৰ কাষত ৰৈ কি কৰি আছিল নিজকে সোধক৷…..ভাগ্য ভাল যে আপোনাৰ লগত এতিয়া লাগি থাকিবলৈ মোৰ সময় নাই….নহলে আপোনাক ভালকৈ বুজাই দিলোঁহেতেন। এনেকৈ কবলৈহে পালোঁ গাড়ীৰ ভিতৰৰ দুগৰাকী মহিলাইও আহি কলেহি এই মানুহজনে বহুত দেৰিৰ পৰা সেই ছোৱালীকেইজনীক অসুবিধা দি আহিছে, দুই এজনে ওলাই আহি ঐ ধৰ তাক, মাৰ তাক আদি বাক্য প্ৰয়োগ কৰি প্ৰায় উদ্যন্ত হৈ উঠিছিলেই। মই আৰু দুজন মানুহে চোচামাৰি আহা ডেকা কেইজনক বাধা দি কলোঁবোলো হেৰিআমি তেনেকৈ মাৰধৰ কৰিব বিচাৰা হলে বাছৰ ভিতৰতে কৈ দিব পাৰিলোঁহেতেন, আৰু তাতেই মাৰপিটো কৰিব পাৰিলোঁ হয়….তাৰ ফলত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টিহে হ, আৰু এটা ডাঙৰ বদনাম হৈ চাৰিও ফালে টিলকে টাল কৰিব সাংবাদিক মখাই পালে, আমাৰো দেৰিহে হবগৈ। ৰাইজ অলপ শান্ত হল, হেন্দমেনক বোলো গাড়ী যাবলৈ দে৷ নহলে গন্দগোলহে হবগৈ। মানুহজন তেনেতে যাবলৈ ধৰিছে আৰু, ঠিক তেনেতে মই মাত লগালোঁ হেৰিশুনক ঘৰত নিজৰ যদি লৰা-ছোৱালী আছে তেনেহলে সিহঁতৰ মুখলৈ চাই এই অপকৰ্মবোৰ এৰি অলপ ভাল মানুহ হবলৈ চেষ্টা কৰিব। …………মানুহজনৰ মুখত অপৰাধীৰ চিন এটা স্পষ্টকৈ দেখা পালোঁ, লাজ, অনুশোচনাত ৰঙা চিঙা পৰি একো নামাতি আঁতৰি গল পাছৰ বাছৰ সন্ধানত। জীৱনত প্ৰথম বাৰৰ কাৰণে মোৰ এনে অভিজ্ঞতা হল।
(২)
সময় সলনি হৈছে, সময়ৰ লগত খোজত খোজ মিলাই নিজকে খাপ খুৱাই লবলৈ সকলো বাধ্য, পৰিৱেশ, প্ৰকৃতিৰো পৰিৱৰ্তন হৈছো। হবই সদায়তো দিন একে হৈ নাথাকে। চকুৰ আগতে সকলো সলনি হৈ গ, কিবা সাধুকথা যেন লাগে নিজেই এবাৰ ভাবিলে। আজিৰ পৰা ২০ বছৰৰ আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ বহু পাৰ্থক্য আছে। বিজ্ঞানে আমাক যথেষ্ট আগুৱাই নিছে, বুটাম এটা টিপিলেই হাজাৰ মাইল দুৰৰ যিকোনো লোকৰ লগত কথা পাতিব পৰা হলোঁ, হাজাৰ মাইল দূৰলৈ মাত্ৰ ২, ৩ ঘণ্টাতে যাব পৰা হলোঁ, যত আগতে এটা খৱৰ পাবলৈ কেইবা সপ্তাহো লাগিছিল চিঠিৰ যোগেদি…….কিন্তু আমি যিমানেই উন্নতিৰ শিখৰত আৰোহণ কৰিছোহক, সিমানেই যেন আপোন মানুহৰ পৰা দুৰলৈহে গতি কৰিছোঁ এনে লাগে, আন্তৰিকতা বহুত অভাব দেখা পাওঁ সকলো ক্ষেত্ৰতে, তেনেহলে এই উন্নতি কিহৰ বাবে….যি উন্নতিয়ে আমাৰ আন্তৰিকতাৰ মাজত হেঙাৰ হৈ থিয় দিয়ে ?
মোৰ ভালকৈ মনত আছে, আজিৰ পৰা ৩০-৩২ বছৰ আগৰ কথাতেতিয়া মই সৰু আছিলোঁসেই সময়ত চুবুৰীয়া ইঘৰৰ মানুহ সিঘৰলৈ প্ৰায়ে আহযাহ আছিল, দা-কটাৰীও ইঘৰ সিঘৰৰ পৰা খুজি আনি কাম কৰিছিল, কেতিয়াবা মাইয়ে ভাত ৰান্ধিবলৈ লৈ মেছতো নাপালে বা মেছ শেষ হলে কেৰাচিনৰ চাকিটো হাতত দি কয়যাচোন ব-বৌহঁতৰ ঘৰলৈ জুই অকনমান লৈ আহগৈএকেকোবে চেঙেলীয়া দৌৰ মাৰি গৈ জুই খুজি আনিছিলোঁ, যাওঁতে দৌৰি গৈ আহোতে চাকিটো নুমাই যায় বুলি হাতেৰে বতাহ লাগিব নোৱাৰাকৈ আঁৰ বেৰ দি আনিছিলোঁ, কেতিয়াবা ইঘৰৰ তৰকাৰী, ভাজি সিঘৰলৈ চালান দিছিল, কেতিয়াবা চুবুৰীয়া মহিলাসকলে একেলগে ঢেকীত পিঠাগুৰি খুন্দিছিল, কেতিয়াবা একেলগে তাঁত বাটি কৰিছিল। নিশা গৰমত আমাৰ চোতালত দেউতাৰ সমবয়সীয়া সকল বহি বিভিন্ন কথাৰ আলোচনা কৰিছিল। খেতিৰ দিনত ইঘৰে সিঘৰৰ ধানৰ মৰণা মৰাত সহায় কৰি দিছিল। এঘৰৰ লৰা-ছোৱালী দিনটো চুবুৰীৰ কোনোবা এঘৰতে খেলি-ধুলি কটাইছিল; কিন্তু এতিয়া কি হৈছে? ইঘৰ সিঘৰৰ পৰা বয়বস্তু অনা-নিয়াতো দূৰৰে কথা, কাষৰ ঘৰত কি হৈছে ওচৰৰ ঘৰৰ মানুহে নাজানে, বাটেদি অহা যোৱা কৰোঁতে আমি মাতিলেহে মাতষাৰ দিয়ে, দেখিলে নেদেখা ভাওঁ যোৰা যেন লাগে, যেন কিবা লাভৰ আশা নাথাকিলে কথা এটাও মুখেৰে নকব এনে লাগে৷ আগৰ সেই ডেকাচাংৰ আড্ডা, নামঘৰৰ হজ, সমবায়ৰ সমুহীয়া খেতি কৰা, বিয়নি মেল, সেইবোৰ সকলো যেন ক্ৰমান্বয়ে হেৰাই গৈছে। কাষৰ ঘৰৰ মানুহ কেইটা বা কোন কত থাকে সুধিলে নাজানে৷ কোনো কাৰো বাবে ৰৈ থাকিবলৈ যেন সময় নাই, এক যান্ত্ৰিকতাৰ মাজলৈ যেন কুৰুকি কুৰুকি সোমাই গৈছে সকলো৷ লৰা-ছোৱালী বোৰৰ মাজত মিলাপ্ৰীতি হবনো কেনেকৈ, খেলিবলৈ যে সিহঁতক মাক-দেউতাকে আজৰিয়েই নিদিয়ে৷ স্কুলৰ পৰা আহিল, আহিয়েই ডাঞ্চৰ ক্লাচ, গানৰ ক্লাচ, ছবিৰ ক্লাছ, টিউচন…. এইবোৰ কৰোতেই সন্ধ্যা লাগে, ৰাতি আকৌ পঢ়িবৰে হয়। তাৰ মাজতে যদিও সময় পায় সিহঁতৰ খেলা-ধুলাৰ প্ৰতি যেন আগ্ৰহ নাথাকেই, কেৱল কম্পিউটাৰ, ভিডিঅ গেম এইবোৰতেই ব্যস্ত থাকে।
সঁচাকৈ আচৰিত লাগে৷ ইমান কম সময়ৰ ভিতৰত ইমান পৰিৱৰ্তন যে হব কেতিয়াও ভবাই নাছিলোঁ৷ এতিয়া আগৰ সেই চুবুৰীয়া মৰমীয়াল ককা, বৰদেউতা, দাদাইটি হতো কেতিয়াবাই ঢুকাল। দেউতাক ওচৰৰ কেইবাজনেও দদাই বুলি মাতিছিল (দদাই মানে খুড়া, এনেকৈ মাতোতে মাতোতে দাদাই গৈ এদিন দাইটি হলগৈ, পাছলৈ এনে হৈছিল দেউতাৰ ভাল নামটো কলে কোনেও চিনি নোপোৱা যেন হৈছিলগৈ, পাছলৈ আমক কোনোবাই চিনাকি দিলেও এইটো দাইটিৰ পিতেক বুলিহে কৈছিল, আমি বেয়া নাপাইছিলোঁ।……….সেই মানুহো নাই আজি সেই মৰমো লগতে লৈ গল। আজি বহুত কথাই মনলৈ আহিল….এই কথাবোৰই মাৰ লগত চোতালত বহি পাতি আছিলোঁ। নাই আৰু সেই দিন কাহানিও ঘুৰাই নাপাওঁ। দিনতো নিজৰ কামত ব্যস্ত হৈ থাকি সন্ধ্যা গা-পা ধুই অলপ ওলাই যাওঁ, কিন্তু কতো কাকো দেখা নাপাওঁ….ডেকাচাংখন উৱলি গৈছে…..দোকানৰ মুখত চঙেলিয়া ডেকা কেইটামান ৰৈ আছে….। তিনিমুনিটো উদং হৈয়ে আছে, আগতে গৰমত তাত বহুত লৰা-বুঢ়া সকলো পাইচাৰি কৰিফুৰিছিল, এতিয়া সকলো টিভিৰ সন্মোখত। কোনোবা এখন মৰমীয়াল গাঁৱৰ বাসিন্দ হব পৰা হলে, এই যান্ত্ৰিকতাৰ পৰা মুক্ত হব পাৰিলোহেন । উঃ উশাহ বন্ধ হবৰ উপক্ৰমহে হৈছে আৰু।

No comments:

Post a Comment