(শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত একশৰণ ভাগৱতী ধৰ্মৰ গুনানুকীৰ্তন কৰা বৰ্তমানে সমগ্ৰ অসমত জনপ্ৰিয়তা আৰ্জন কৰা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ বোলা অনুষ্ঠানটিৰ বিষয়ে হয়তো নজনা বা নুশুনা ৰাইজ খুবেই কম আছে। কিন্তু এই সংঘৰ উত্পত্তি কেনেকৈ, কৰ পৰা হৈছিল সেয়া হয়তো বহুতেই নাজানে।এইখিনি তথ্য মোৰ ককাৰ মুখতেই শুনিছিলো। তাকেই ৰাইজলৈ চমুকৈ আগবঢ়ালো।)
সেয়া আছিল ১৯২৪ চনৰ আগৰ কথা, নগাঁৱৰ পৰা প্ৰায় উত্তৰ-পূৱ দিশত পলাশনি নামৰ এখন গাঁও আছিল, সেইখন গাঁৱত শাৰী শাৰীকৈ বহুত পলাশ গছ আছিল বাবেই গাঁওখনৰ নাম পলাশনি হল। সেই গাঁৱৰে এহাল দুখীয়া খেতিয়ক স্বামী-স্ত্ৰী আছিল, তেওঁলোকে কোনোমতে লোকৰ খেতি আধি কৰি আৰু একমাত্ৰ খিৰতি গাইজনীৰ গাখীৰ বেছি যি দুপইচা পাইছিল তাৰেই পৰিয়াল ভৰণ-পোষণৰ খৰচ উলিয়াইছিল। এদিন হঠাতে তেওঁলোকৰ বৃদ্ধ মাতৃ এক অচিন ৰোগত শৰ্য্যাগত হৈছিল আৰু নানা বেজ-বেজলী, গাঁৱলীয়া দৰৱেও তেওঁক আৰোগ্য কৰিব পৰা নাছিল।
এদিনাখন হঠাতে বৃদ্ধ মাতৃৰ বিয়োগ হল। তেতিয়া খেতিয়কে তিলনি, দহা-কাজৰ বাবে এজন ব্ৰাহ্মণক নিমন্ত্ৰন দিলেগৈ, যথাসময়ত ব্ৰাহ্মণও আহিল, সকলো কাম-কাজ সুকলামে কৰিলে, এতিয়া যাৱৰ বেলিকা ব্ৰাহ্মণৰ ভোজনীটো বাকী আছে, সেয়ে খেতিয়কে গুৱা-পান বঁটাত সাজু কৰি সামান্য অৰিহাণাৰে ব্ৰহ্মণদেৱক বিদায় দিবলৈ আগবাঢ়ি আহিল.......ব্ৰাহ্মণে আৰ্শীবাদ কৰি বঁটাৰ গুৱাপাণ তুলি দেখে তেনেই সামান্য মাননীহে দিছে, ব্ৰাহ্মণে খঙত অগ্নিশৰ্মা হৈ তীক্ষ্ণ বাক্যবাণ খেতিয়কলৈ মাৰিলে, বোলে তই যদি মোক উচিত ভোজনী দি সন্তোষ্ট কৰিব নোৱাৰ, তেনেহলে তোৰ মাতৃৰ আত্মাই কেতিয়াও শান্তি নাপাব বৰঞ্চ নৰকলৈহে যাৱ। খেতিয়কৰ মুৰত স্বৰগ হে যেন ভাগি পৰিল, উপায়ন্তৰ হৈ ব্ৰাহ্মণৰ ভৰিত দীঘল দি পৰিল, ক্ষান্ত হওঁক দেউ.....মোৰ আৰু আপোনাক দিবলৈ একো নাই.....মোৰ সামৰ্থৰ ভিতৰত যি পাৰো দিছো......আপুনি আমাৰ দুখীয়া পৰিয়াটোলৈ চাই সেয়া গ্ৰহণ কৰক......মোক ক্ষমা কৰক। নাই ব্ৰাহ্মণ কোনো কাৰণতে মান্তি নহয়.......খঙত অগ্নিশৰ্মাহৈ পুনৰ কলে---কেলৈ তই মোৰ আগত মিছা মাতি আৰু এক পাপ আকোৱালি লৈছ.....নিজ মাতৃৰ আত্মাৰ সদগতিৰ কাৰণে তই এইকণো ত্যাগ কৰিব নোৱাৰনে ? তই কেনে পুত্ৰ সেই মাতৃৰ ? প্ৰভু মই সঁচাকথাই কৈছো মোৰ আৰু আপোনাক দিবলৈ একোৱেই নাই, বিশ্বাস কৰক। আকৌ ব্ৰাহ্মণে খঙত ভোৰভোৰাই কল---কেলৈ তোৰ সেই গাইজনী গোহালীতে আছে দেখোন, সেইজনী মোক দি মোৰ ভোজনী সৰ্ম্পূন কৰ, নহলে মই এতিয়াই তহঁতক অভিশাপ দিম। তেতিয়া খেতিয়ক উপায়ন্তৰ হৈ কলে—প্ৰভু, সেই গাইজনীয়েই মোৰ একমাত্ৰ সম্বল, সেইজনীৰ গাখীৰকণ বেছিয়েই আমি প্ৰাণীকেইটা জীয়াই আছো, সেইজনী আপোনাক দিয়ে আমি নিগমে মৰিম। নানান কাকুতি-মিনতি কৰিও ব্ৰাহ্মণক পতিয়ন নিয়াব নোৱাৰি অৱশেষত ব্ৰাহ্মণক নিজৰ মৰমৰ গাইজনী দি দিলে। আৰু সেইদিনাই খেতিয়কে প্ৰতীজ্ঞা কৰিলে আজিৰ পৰা মই কেতিয়াও ব্ৰাহ্মণ শ্ৰাদ্ধ,পিণ্ডত নলগাও.......আজিৰ পৰাই মই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ দেৱৰ একশৰণ ভাগৱতী ধৰ্ম গ্ৰহণ কৰিলো, তেতিয়াৰে পৰাই শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰাচৰ কৰি খেতিয়কে আৰম্ভ কৰিলে এক সভাৰ আয়োজন কৰিলে, কালক্ৰমত সেইসভাৰ নাম (১৯২৪চনত)জ্ঞানমালিনী সভা নামেৰে প্ৰচাৰ হল।
উজনিৰ যোৰহাটৰ টিয়কৰ দুইনৈ মুখৰ ৰমাকান্ত মুক্তিয়াৰ আতাই শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ সমস্ত শাস্ত্ৰ অধ্যয়ণ কৰি একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰৰ অৰ্থে সমাজৰ সেৱা, গুৰুসেৱাত ব্ৰতী হৈছিল। পাছলৈ তেওঁ অসমৰ বিভিন্ন ঠাইত মহাপুৰুষ গুৰুজনাৰ ধৰ্ম তত্ত্ব, আদৰ্শ, প্ৰচাৰ কৰি ১৯৩০ চনত আতাদেউ আহি উপস্থিত হৈছিলহি নগাঁও জিলাৰ পলাশনি গাঁৱত। সেইখিনি সময়তে পলাশনি অঞ্চলৰ ৰাইজৰ মাজত নকৈ গঢ়লৈ উঠা জ্ঞানমালিনী সভাই সমাদৰ লাভ কৰিছিল। জ্ঞানমালিনী ধৰ্মালোচনী সভাতেই ১৯৩০ চনত জ্ঞানমালিনী সভাৰ ঠাইত শঙ্কৰ সঙ্ঘ নামাকৰণ হৱ লাগে বুলি আতাদেৱে প্ৰস্তাৱ আগবঢ়াইছিল। উপস্থিত ৰাইজে সেই প্ৰস্তাৱ মানি লোৱাত সেইদিনাৰ পৰাই জ্ঞানমালিনী সভাই শঙ্কৰ সঙ্ঘ নামলৈ ৰূপান্তৰ হল। এই শঙ্কৰ সঙ্ঘই বৰ্তমান উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহত্ ধৰ্মীয় অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।
No comments:
Post a Comment