Wednesday, 15 August 2012

ওজাপালিঃ-

ওজাপালিৰ আন এটা নাম পাঞ্চালি। এই শব্দটো সংস্কৃত পাঞ্চালিকা বা পাঞ্চালিকৰ পৰা আহিছে। পূৰ্বতে ইয়াৰ অৰ্থ আছিল নাচৰ পুতলা। এই গীতবোৰ আদিতে পুতলা নাচৰ লগত গোৱা হৈছিল। কিন্তু সময়ৰ লগে লগে পুতলা নাচ আৰু পাঞ্চালি দুটা ভিন্ন অনুষ্ঠানত পৰিণত হল। নৃত্য, সংলাপ, যুদ্ধৰ বৰ্ণনা আৰু লোমহৰ্ষক বা হাস্যপ্ৰধান দৃশ্যবোৰ উপযুক্ত গীত, কবিতা আৰু উপযুক্ত ৰাগ আদিৰে পৰিবেশন কৰা হয়।
পুৰণিকালৰ পৰা কামৰূপ জিলা, দৰং, গোৱালপাৰা আদিত কিছুমান সুকীয়া কলা-কৃষ্টিৰ আৱিৰ্ভাৱ হয়। ইয়াৰ ভিতৰত ওজাপালি অন্যতম।সভাসমিতি, বিয়া-সবাহ, পূজা-পাৰ্বনে অতি সামান্য অৰ্থৰ বিনিময়ত ওজাপালি পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ সুৰ, তাল, লয়, নৃত্য, শাৰী হৈ থিয় হোৱা দৃশ্য, চকুৰ চাৱনি, ৰাগ, কাহিনীভাগে সকলো শ্ৰেণীৰ লোককে অভিভূত কৰি তোলে।
এসময়ত ওজাপালিৰ যথেষ্ট আদৰ আছিল। কিন্তু যেতিয়াৰে পৰা চৌদিশে পশ্চিমীয়া সংস্কৃতিয়ে আৱৰি ধৰিলে, তেতিয়াৰে পৰা ক্ৰমশঃ অসমীয়া সংস্কৃতিৰ প্ৰতিটো অসমীয়া মানুহৰ ৰুচি কমি আহিবলৈ ধৰিলে।
ওজাপালি দুবিধ—সুকনান্নী আৰু ৰামায়ণ গোৱা ওজা। কামৰূপত ৰামায়ন গোৱা ওজাক সভা গোৱা বোলে। পদ্মপূৰাণৰ গীত-পদ গোৱা ওজাক সুকনান্নী ওজা বোলে। সুকনান্নী ওজাই ধুতী,গাত বগা চাদৰ আৰু কপালত বগা চন্দনৰ ফোট লয়। কিন্তু ৰামায়ণ গোৱা ওজাৰ সাজ-পাৰৰ বিশেষত্ব আছে। চাপকণ চোলা, কপালত দীঘল ৰঙা-হালধীয়া গামোচা। ভৰিত নূপুৰ, হাতত গামখাৰু আৰু কপালত চন্দনৰ ফোট লয়। মূৰৰ পাগুৰিটোৰ বিশেষত্ব আছে।
পুৰণিকালত ওজাজনে তিৰোতাৰ নিচিনাকৈ দীঘল চুলি ৰাখিছিল আৰু খোপা বান্ধিছিল যদিও বৰ্তমান ই লোপ পাইছে বুলিব পাৰি। আখ্যানৰ লগত ৰিজাই কিছুমান খুহুতীয়া কথাৰ মাজেৰে বৰ্ণনা দি দৰ্শকক হাঁহিৰ খোৰাক যোগায় আৰু আমোদ দিয়ে। সভা গোৱা ওজাই খুটিতাল বজায়। কিন্তু সুকনান্নী ওজাই এখন হাতেৰে বুঢ়া আঙুলিত ৰচীৰে মেৰিয়াই খঞ্জিৰা বজায়। সোঁহাতৰ বুঢ়া আঙুলিৰ কাম যথেষ্ট। ৰামায়ণ ওজাৰ লগত দেওধনী নাথাকে, কিন্তু সুকনান্নী ওজাৰ দেওধনী একপ্ৰকাৰ প্ৰধান অংগ বুলিব পাৰি। আজিকালি এই দেওধনী লোপ পাই আহিছে। দেওধনীয়ে কিছুমান অলৌকিক শক্তি দেখুৱাই মানুহৰ মন আকৰ্ষন কৰে।
ওজা সকলৰ স্মৃতি শক্তি প্ৰখৰ আছিল, তেওঁলোকে নিজৰ সুললীত সুৰেৰে গোৱা ওজাপালিৰ যোগেদি ভাগৰুৱা মন জীপাল কৰি তোলে আৰু সমাজক একগোট কৰি ৰাখিবলৈ সমৰ্থৱান হয়।
চৌষষ্টি কলাৰ ভিতৰত বিশেষকৈ সাহিত্য, সংগীত, নৃত্যকলাৰ সমন্বয় ওজাপালি। শংকৰী যুগৰো বহুকাল আগতে সুস্থ আৰু প্ৰচলিত আছিল ওজাপালি। ওজাপালিক অসমীয়া জাতিৰ এটা অতি আপুৰুগীয়া আৰু প্ৰধান কলা হিচাপে গণ্য কৰা হয়।

1 comment:

  1. পঢ়ি ভাল লাগিল৷ পঢ়ৈ সমাজে পঢ়ি সহজতেই বুজি পাব ৷

    ReplyDelete