Tuesday, 21 August 2012

জিকিৰঃ-

জিকিৰ মানে হৈছে স্মৰণ কৰা। আৰবী জিকৰ শব্দৰ পৰা ই নিস্পত্তি হৈছে। নিজৰ আত্মঃশুদ্ধিৰ কাৰণে আল্লাৰ নাম স্মৰণ কৰাই হৈছে এই জিকিৰৰ প্ৰধান উদ্দেশ্য। ই প্ৰকৃত ইচলামী নাম ধৰ্মৰ পিনে মুছলমানসকলৰ মন ঢাল খুওৱাৰ বাবে আজান পীৰে কলমা অৰ্থাত্ কলিমাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল।
ইছলামৰ নীতি-নিয়ম, দৰ্শন, আধ্যাত্মিক সাধনা এইবোৰেই হৈছে জিকিৰৰ বিষয়বস্তু। একেদৰে অসমীয়া দেহবিচাৰৰ গীতৰ দৰে দেহতত্ত্ব, দেহ আৰু আত্মাৰ সৰ্ম্পক, দেহ তথা সংসাৰৰ অনিত্যতা আদি জিকিৰ আজান পীৰে অতি সুন্দৰ ভাবে দাঙি ধৰিছে।
অসমীয়া বৈষ্ণৱ কাব্যৰ সৈতে জিকিৰৰ সাদৃশ্য দেখা পোৱা যায়। অসমত থাকি অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ তত্ত্ব আয়ত্ত কৰি আজান পীৰে জিকিৰৰ মাধ্যমেৰে নিষ্কাম ভক্তি আৰু সেই ধৰ্মৰ বিশেষত্বক গুৰুত্ব দিছে। নিৰাকাৰ ঈশ্বৰৰ ধ্যান-ধাৰণা বৈষ্ণৱ কাব্যৰ মূল দৰ্শনৰ দৰে নিৰাকাৰ নিৰ্গুণ অথবা সৰ্বগুণী বিশ্বব্যাপী পৰম-স্ৰষ্টাৰ সাধনাই হৈছে আজান পীৰ চাহাবৰ জিকিৰৰ মূল উদ্দেশ্য। শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱে গুৰুক গুৰুত্ব দিয়াৰ দৰে আজান পীৰেও দিছে। চুফী কাব্যৰ কল্পনা প্ৰৱণতাৰ পৰিবৰ্তে ভক্তিৰ আহ্বান জিকিৰৰ অন্য এক বিশেষত্ব।
অসমীয়া ভক্তি মূলক লোকগীত হিচাপে এই আজান ফকিৰ অথবা ছাহমিলনে ৰচনা কৰা জিকিৰ গীতখিনিৰ এক সুকীয়া ঐতিহ্য আছে, আছে সুকীয়া মৰ্য্যদা আৰু তাত্পৰ্য্য।

1 comment:

  1. জিকিৰ মোৰ প্রিয় লোকগীত

    ReplyDelete