১) বহাগ বিহুৰ দিনকেইটাত অসমীয়া ডেকা-গাভৰু, গাঁৱৰ ৰাইজে হুঁচৰি গাই। এই হুঁচৰিৰ দলত এজন গুৰি ধৰোঁতা থাকে। তেওঁক বাৰিক বুলি কোৱা হয় ।
২) হুঁচৰিৰ ভাগ দুটা। যেনেঃ-হুঁচৰি খোলা আৰু বিহুতলী নাচ বা যোজনা নাচ।
৩) অসমীয়া গামোচাৰ নামঃ- পানী, তিয়নী, ফুটুকী, কমৰবন্ধ, ফুলাম।
৪)বিভিন্ন প্ৰকাৰৰ অসমীয়া জাপিৰ নামঃ- বৰদৈয়া, সৰুদৈয়া,লাই লিঙিয়া, টুপী, হালোৱা, দাং, বৰৈ লগা, জৰু লগা।
৫)শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উত্সৱৰ মধু আলোড়ন----এই গীতটো বিহুৰ পতাকা উত্তোলনৰ সময়ত পৰিবেশন কৰা হয়। গীতটোৰ কথা আৰু সুৰ পুৰুষোত্তম দাসৰ আছিল।
৬)সাত বিহুৰ নাম একাদিক্ৰমেঃ-১)গৰু বিহু, ২)মানুহ বিহু ৩) গোঁসাই বিহু বা হাত বিহু, ৪) চেনেহী বিহু,৫) মাইকী বিহু, ৬)ৰঙালী বিহু, ৭) চেৰা বিহু।
৭)বিহু নাচ আৰু বিহুগীতৰ লগত ব্যৱহাৰ কৰা সুতুলি তিনি প্ৰকাৰৰ। যেনেঃ-বটল সুতুলি, পিঠা সুতুলি আৰু পক্ষী সুতুলি।
৮)নাচনিয়ে ব্যৱহাৰ কৰা গগনা দুই ধৰনৰ, যেনেঃ- ১)ৰামধন গগনা,২) লাহৰী গগনা।
৯)বিহু বিষয়ক অসমীয়া প্ৰথমখন পুঠি হৈছে-কবিৰাজ চক্ৰৱৰ্তীৰ আলিগান নামৰ পুঠিখন।
১০)বিহু নাচত অংশগ্ৰহন কৰা নাচনি সকলৰ মূৰৰ খোপাটোৰ নাম-নেঘেৰী খোপা।
১১)বিহুৰ বাদ্য ঢোলৰ প্ৰধান অংশ বোৰৰ নামঃ-১)কাঠৰ খোলা, ২)কাটনী, ৩) ফৰিং, ৪)মলুৱা, ৫)কোৱনি, ৬)কুৰল,৭)ফৰিঙা পুলি, ৮) বৰটি।
পঢ়ি বহুত কথা জানিলো | যিটো বহুতে মন নিদিয়ে
ReplyDeleteপঢ়ি চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনাক।
Deleteবহুত ভাল লাগিল । নজনা কথা বহুত শিকিলো
ReplyDeleteঅশেষ ধন্যবাদ জনালো আপোনালৈ।
Deleteভাল লাগিল
ReplyDeleteএয়াই মোৰ বাবে আনন্দ।
Delete