Friday, 6 July 2012

অসমীয়া ফকৰা-যোজনা

১) গছত কঁঠাল ওঠত তেল-নৌ খাওঁতেই চেলবেল।
২) আহক বাৰিষা কাতক পাত- ৰৈ যা ভিনিহি খাই যা ভাত।
৩) আদাক দেখি উঠিল গা- কেতুৰীয়ে বোলে মোকে খা।
৪) উলুৰ লগত বগৰী পোৰা
৫) উৰহৰ খং ভগা-ঢাৰিত।
৬) যতে বাঘৰ ভয় ততে ৰাতি হয়।
৭) বাতত লগ পালো কমাৰ-দা গঢি দে আমাৰ।
৮) দহো আঙুলিয়ে খায়-বুঢাই হেচুকিলেহে যায়।
৯) সাপো মৰক লাঠিও নাভাঙক।
১০)চুঙা চাই সোপা।
১১)আঠুৱা চাই ঠেং মেল।
১২)উৰহী গছৰ ওৰ।
১৩)কটা ঘাঁত চেঙা তেল।
১৪)বুঢাৰ কথা নুশুন একা-ঠেকাত পৰি কিয় কেকা।
১৫)নিজে খুটি পুটি উজুতি খোৱা।
১৬)লোকলৈ বুলি হুল পুটি নিজে মৰে ফুটি।
১৭)শগুনৰ শাওঁত বুঢা গৰু নমৰে।
১৮)চোৰ গলে বুদ্ধি-বৰষুন গলে জাপি।
১৯)কথাতে কটা যায়-কথাতে বঁটা পায়।
২০)হস্তীৰো পিচলে পাও সজনৰো বুৰে নাওঁ।
২১)আইৰো বাৰ্তা-গঙ্গাৰো যাত্ৰা।
২২)ইয়াতে মাৰিলো টিপা-গডগাওঁ পালেগৈ শিপা।
২৩)এনেই বুঢী নাচনি তাতে নাতিনিয়েকৰ বিয়া।
২৪)বাটৰ কছু গাত ঘহি ল।
২৫)খৰ খজুৱাই বহলাই ল।
২৬)জ্বলা জুইত ধিউ ঢাল।
২৭)হলা গছ দেখি আটায়ে বাগি কুঠাৰ মাৰে।
২৮)মূৰৰ ঘাম ভৰিত পেলা।
২৯)দিনৰ পাহাৰ ৰাতিৰ জুই-তাক নেখেদি থাকিবা শুই।
৩০)জুই জ্বলিলে ধোঁৱা ওলাবই।
২য় অংশঃ-
১) ষাঠি বছৰত বোলে আই-তাৰ সমান ভাগ্য নাই।
২) আইৰ ঘৰলৈ যাম,দুই হাতে খাম-বিধতাই বোলে ময়ো পাছে পাছে যাম।
৩) তিৰিৰ মেল কলহৰ ভেল।
৪) তিৰোতাৰ কপালে ধন-পুৰুষৰ কপালে জন।
৫) শুৱনি তিৰি উন্নতিৰ চিৰি।
৬)দুষ্ট তিৰিক নিদিবা ঠাই-ঘন পোৱাতীৰ নহবা জোঁৱাই।
৭)যি জনীয়ে সতত হামি মূখত কৰে-ডাকে বোলে তাইক নথৈবা ঘৰে।
৮)মাকতকৈ জীয়েক কাজী ঢেঁকীৰ থোৰাৰে বটে পাঁজি।
৯)টিক বলধা ওলাই মাটি-মাক ভালে জীয়েক জাতি।
১০)কটাৰি ধৰাবা শিলত-তিৰিক চলাবা কিলত।
১১)পুহত আহু জেঠত শালি-তেবেসে জানিবা গৃহস্থালি।
১২)খুৰক চিনিবা শাণত- তিৰিক চিনিবা স্নানত।
১৩)যি নাৰী বেলিলৈকে শোৱে-আনৰ মুখলৈ চাই থাকে।


No comments:

Post a Comment