Friday, 6 July 2012

অসমীয়াৰ লোক কথাঃ-

আগকথাঃ-অসমীয়া সহজ-সৰল গাঁৱৰ মানুহৰ মুখত কথিত ৰূপত বহু কথাই শুনা যায়। অতিকৈ আপোন-আপোন ভাব আৰু মৰম চেনেহবোৰ সেই কথাবোৰত প্ৰকাশ পোৱা দেখা যায়। লাহে লাহে মানুহ আভিজাত্য তথা কৃত্ৰিমতাৰ মোহত মোহিত হৈ নিজস্বতা হেৰুৱাৰ উপক্ৰম হৈছে। সেয়ে সকলোখিনি লোক কথা অসমীয়াৰ মাজত চিৰদিন বৰ্তি থাকিব পৰাকৈ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ মোৰ এই প্ৰয়াস মাত্ৰ। আশাকৰো ৰাইজে আকোৱালি লৈ তথ্যখিনিৰ লগত হাত উজান দি যিখিনি পাৰে সংযোগ কৰিব।
আৰ্শীবাদ সমূহঃ-(সেৱা, সকাম, পূজা-অৰ্চনা)
১)হে প্ৰভু, আজি বছেৰেকীয়া/ আগবঢ়োৱা পূজা/ সকাম উপলক্ষে তোমাৰ শ্ৰীচৰণত এগছি প্ৰদীপ, এখনি শৰাই, গুৱা-পাণ, নৈবদ্য দি শৰণাপন্ন  হৈছে। তাতে দিয়া-থোৱা, মেলাতে অনেকখিনি ছিদ্ৰ ৰৈছে, অনেকখিনি আগ-পাছ, বঢ়া-টুটা অপৰাধ হৈছে।আমাৰ চিত্ত, বিত্ত, পাত্ৰ সকলো অশুদ্ধ, তোমাৰ নামৰ মহিমাৰে সৰ্ব অপৰাধ মৰিষণ কৰি নামৰ দশ অপৰাধ নিজে সামৰি লৈ, অহংভাব পৰিহাৰ কৰি, সমস্ত নাম, পাঠ, শৰাই, শলাবন্তি প্ৰভুৱে অছিদ্ৰৰূপে গ্ৰহণ কৰিব লাগে এইখিনি প্ৰাৰ্থনা---হৰি সন্তোষৰ অৰ্থে অ হৰি- অ ৰাম, অ ৰাম- অ হৰি।।
২)ঘৰৰ গৃহস্থক (সেৱকি)মূখ্য কৰি, ইষ্ট, মিত্ৰ, জাতি-কুটুম্ব, বন্ধুবৰ্গকে আদিকৰি গৃহৱতী প্ৰাণীকেইটিৰ সম্বন্ধি শ্ৰীহৰি প্ৰসন্ন হৈ নিলগৰ ঢৌ নিলগতে মাৰ নিয়াই, উপচক্ৰ, ব্যাঘ্ৰাদি, গ্ৰহদোষ, কালদোষ,দৈৱদোষ, আদি সৰ্বদোষৰ পৰা মুক্ত কৰি ভগৱন্তৰ বস্তু সুপ্ৰসন্ন হৈ মনৰ সত্বাঞ্ছিতখিনি সিদ্ধি দিব লাগে- বুলি জয় হৰি বোলা, জয় ৰাম বোলা।।
৩)দেৱী পূজা হলে পূজাৰ অন্তত সেই দেৱীয়ে যাতে সৰ্বতোপ্ৰকাৰে ৰক্ষা কৰে, কৃপা কৰে তাৰ বাবে দিয়া আৰ্শীবাদ---এই কৰ্মকে মূখ্য কৰি অখণ্ডমণ্ডলাকাৰং ব্যাপ্তং যেন চৰাচৰং তত্পদত্ দৰ্শিতম যেন তস্মৈ শ্ৰীগুৰুৱে নমঃ। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গৰু মহেশ্বৰ, চৰাচৰ জগতৰ গুৰুসে ইশ্বৰ। গুৰু হৰি যৈতে আছে তৈৰেপৰাই শিষ্যপুত্ৰৰ প্ৰতি প্ৰসন্ন হৈ শুভাশিস প্ৰদান কৰিব লাগে।গুৰু হৰি সন্তোষৰ অৰ্থে জয় হৰি বোলা।।
৪)হে প্ৰভু, দাসে কি জনাব। ৰাইজ বুলিলেই ৰজা, ভকত বুলিলেই ঈশ্বৰ, আপোনাসৱৰ শ্ৰীচৈতন্য মূৰ্তি এই অভাজনৰ ঘৰত পদধুলা দিয়েহি। আপোনাসৱক আনিব লাগিছিল কান্ধে কৰি, আহিছে পদে চলি। আপোনাসৱে দাসৰ দায়-দোষ মৰিষণ কৰি গাঁঠিৰে গুৱা খাই সন্তুষ্ট হৈ দাসক উদ্ধাৰ কৰি যায় যেন, দাসক আৰ্শীবাদ দিয়ে যেন।---অ হৰি , অ ৰাম-অ হৰি বোলা।
৫)বিয়াৰ আৰ্শীবাদত সদায় হৰগৌৰী বসতি হওঁক,সতী সাবিত্ৰীৰ দৰে হওঁক, পুত্ৰ-কণ্যা, ধন-যশৰে নদন-বদন হওঁক, সুখে সন্তোষে ৰাজতুল্য হৈ কাল নিয়াব লৈ আৰ্শীবাদ কৰা হয়।
৬)আশিস প্ৰাৰ্থনাৰ আগে আগে শৰাই বা বঁটাত আগ-গুৰি কটা তামোল-পাণ, শিকি-আধলি বা এটকা চাৰি অনাৰ মাননি আৰু কলপাতত বন্ধা লোণৰ টোপোলা (বিলাবৰ বাবে)ৰাইজলৈ বুলি আগবঢ়োৱা হয়। দণ্ড অপৰাধ মাৰ্জনাৰ কাৰণে, নামঘৰত সেৱা কৰোতে, সৰুৱে ডাঙৰক বিহু বা বিয়া-বাৰুত সেৱা কৰোতে, হুঁচৰি গোৱা ৰাইজক গৃহস্থই সেৱা জনাওঁতেও শৰাইত তামোল পান বা যুৰীয়া তামোল দিয়া হয় আৰু জেষ্ঠ সকলে আৰ্সীবাদ দিয়ে।
৭)বছেৰেকৰ বিহুত দিনা হুঁচৰিৰ দলে গৃহস্থক দিয়া আৰ্শীবাদ-এটা বাটিত নহৰু, এটা বাটিত পনৰু (বনৰু), এটা বাটিত খুটৰিয়া শাক---মূৰৰ চুলি ছিঙি আৰ্শীবাদ কৰিছোঁ গৃহস্থ কুশলে থাওক। জয় হৰি বোলা, জয় ৰাম বোলা।।
খ)অসমীয়াৰ গালি-শপনি সমূহঃ-
আগকথাঃ-অসমীয়া মানুহৰ পৰিয়ালৰ মাজত কাজিয়া, মাটিৰ সীমা, পথাৰৰ ধান, গৰু-মহ লৈ হোৱা ওচৰ চুবুৰীয়াৰ লগত বিবাদ, স্বামী-স্ত্ৰীৰ মাজত হোৱা কাজিয়া,সমনীয়াৰ লগত হোৱা কাজিয়াত গালি-শপনি, শাও-পাত, শপত আদিৰে অসমীয়া গঞা সমাজ প্ৰায়ে উতলি উঠে। এই সকলোবোৰ তলৰ আলোচনাটিত লিপিবদ্ধ কৰা হল।
১)বাঘৰ আগতেল খোৱা,
২)চুৱা-চেলেকাৰ জাত,
৩)গোলামৰ জাত,
৪)মেলেচৰ সঁচ,
৫)নেওচা যোৱা,
৬)খেকাৰ খোৱা,
৭)নষ্ট যোৱা,
৮)বাঘৰ মুখত যোৱা,
৯) জহনীত যোৱা,
১০)ৰসাতলে যোৱা,
১১)হতচিৰি হোৱা,
১২)কুলক্ষণীয়া,
১৩)বাৰে বাৰে গালি খাই থকাক চদকা খোৱা,
১৪)লাজ নোহোৱাক নিলাজ,
১৫)ঘৰে ঘৰে ঘুৰি ফুৰা (অসত্ ভাবেৰে) লুতুৰা স্বভাৱৰ মানুহক পদুলিশুঙা,
১৬)মূৰ্খ হলে গোট-গৰু,
১৭)শহুৰৰ ঘৰত গৈ চাপিলে চপনীয়া,
১৮)ভীৰুক মেখেলাতলীয়া,
১৯)পত্নীৰ কথা মতে যোৱাক তিৰোতা সিয়া,
২০)বেয়া কাম কৰাক নাক-কাণ কটা,
২১)কটাৰ-পো বন্দী, নৰাধম, পাষণ্ড, বুঢ়া শগুণ, বান্দৰী, চিকামূৱা, অচিন পাতকী, নিমখ হাৰাম, খাই পাত ফলাৰ জাত, অসভ্য, অভদ্ৰ, জধামূৰ্খ, মাকক পোহাই, বাপেৰৰ মূৰ খোৱা।
২২)তিৰোতাক পৰা গালিৰ ভিতৰত---বনৰী, নাটেশৰী, বাৰে-ঘৰী, বাৰে-বনৰী, গজমুৰী, শাঁখিনী, কুঠুনী, কুলক্ষণী, ৰাওমুঈ, পঘাখাতী, দাংকাটি, মতাছাৰী, বাঘতেলে-খাতী, নটী।
২৩)ভাই-ককাইৰ মাজত হোৱা কাজিয়াৰ গালিএকে চৰেই গাল ভাঙিম, দাঁত ভাঙি দিম, ঘুচিয়াই মুখ ভাঙিম, একে গোৰেই মুখ ভাঙিম, ঘোচাত দাঁতে-মুখে সমান কৰিম, লাঠিত পিঠি চিঙিম, জেওৰা খৰিৰে পিঠি ফালিম, একে গোৰতে পেটু উলিয়াম, একে ঘাপেই থম, একে মাৰেই থম, নচছা সুলত দিম, তেজ পিম, তোৰ মঙহ কাউৰী শগুনক দিম, মুৰ চোৱাম আদি।

গ)অসমীয়া শাওঁ-পাত সমূহঃ-

১)মুখত পোক লাগি মৰিবি,
২)জহনীত যাবি,
৩)মাউৰত মৰিবি,
৪)ভৰ বয়সত মাদলী ফুটিব,
৫)ৰৌ ৰৌ নৰকত পৰিবি,
৬)যিমানে বাঢ়িছ সিমানে টুটিবি,
৭)নাম নুমাব তোৰ,
৮)হতছিৰি হবি,
৯)বাপেৰ মাৰৰ মূৰ খাবি,
১০)চৈধ্য গোষ্ঠী নৰকত পৰিব তোৰ,
১১)ভেটিত তিতালাও গজিব,
১২)কাউৰী-শগুণে নোখোৱা হৱ তোক,
১৩)অকহি পুৰুষ তোৰ নৰকত পৰক,
১৪)শলা নুমুৱাদি নুমা,
১৫)তোৰ সবংশে নিৰ্বংশ হওক,
১৬)তোৰ পিণ্ড দিবলৈ কোনো নাথাকক,
১৭)একে জোলোকাই যা,
১৮)একে খুন্দাই সৰক,
১৯)কাতি মহীয়া জাগলত যাবি,
২০)পেটৰ পোৱালিৰ মূৰ চোৱা,
২১)জহন্নামে যাবি,
২২)ঘৰে ঘৰে মাগি ভাত নোপোৱা হ,
২৩)নৰকত পচি মৰ,
২৪)ৰসাতলে যা,
২৫)সেপ চোবাই মৰিবি,
২৬)কোনটো চকুৰে তোৰ জীৱ যাব ঈশ্বৰেহে জানিব,
২৭)হাইজাত যা,
২৮)তিৰোতা মানুহৰ শাওঁ-পাত---নেওচা যা, তিনি মোকোচা, কুমাৰণী গামোচা, আগত দহিবটা দিবলৈ বহি কটা, ফুলতে বাঁৰী হবি, ভৰ বয়সত ফুল সৰক, আঁঠু সাৱটা হ।

ঘ)অসমীয়া মানুহৰ শপতঃ-

আগকথাঃ-গোপন কথা লুকুৱাবলৈ বা কিবা কথাত নিষেধ কৰোঁতে অনেক ধৰণৰ শপত দিয়া অথবা নিজক নিৰ্দোষী প্ৰমান কৰিবলৈ বিভিন্ন শপত অসমীয়া সমাজত খোৱা দেখা যায়। সেইবোৰ ৰাইজলৈ মাজলৈ আগবঢ়াই দিছো-
১)অগ্নিক সাক্ষী কৰি,
২)দেৱতাক সাক্ষী কৰি,
৩)গুৰু-ভকতক সাক্ষী কৰি,
৪)জোন-বেলিলৈ চাই খোৱা শপত,
৫)বিদ্যাত ধৰি খোৱা শপত,
৬)বিশ্বকৰ্মাক ধৰি খোৱা শপত,
৭)গীত চুই, কীৰ্তন চুই, দহ ভকতলৈ চাই খোৱা শপত,
৮)ভূমি চই, কৰ্ণ চুই, জুই চুই, গোঁসাই থপনালৈ চাই খোৱা শপত,
৯)যদি মই কৰিছো মোৰ আই বোপাইৰ মূৰ খাম,
১০)কামাখ্যৰ শপত,
১১)মহাদেৱৰ শপত,
১২)দূৰ্গা মাৰ শপত,
১৩)সন্তানৰ মূৰত ধৰি খোৱা শপত,
১৪)মোৰ গালৈ চাই শপত খা কাকো নকওঁ বুলি,
১৫)কাৰোবাক যদি কৱ মোৰ মূৰকে খাবি,
১৬)ঈশ্বৰৰ শপত,
১৭)চন্দ্ৰ, সূৰ্য্য সাক্ষী আছে মই কৰা নাই,
১৮)মাৰ-বাপেৰৰ শপত কেতিয়াও নকৰিবি,

No comments:

Post a Comment