অসমীয়া থলুৱা জাতি-জনজাতিৰ মাজত, প্ৰকৃতিয়ে সৃষ্টি কৰা অপায়-অমঙ্গলৰ ফলত মানুহৰ মনত জন্ম দিয়া বিশ্বাসৰ পৰম্পৰাৰে বিপদ-বিঘিনিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আগবঢ়োৱা পূজা-পাতলৰ লগত অসমীয়া সংস্কৃতিৰ বহুতো ন-পুৰণি সংযোগ নিহিত হৈ আছে। ইয়াৰ বিপৰীতে একশৰণীয়া নামধৰ্মৰ প্ৰৱল প্ৰচাৰে বহুতো পূজা-পাতল নিস্তেজ কৰাৰ উপৰিও পূজা-পাতলত বলি বিধান আদিৰ বিলোপ সাধনো কিছু পৰিমাণে কৰিলে। সাধাৰণ অসমীয়াৰ মাজত প্ৰচলিত পূজা-পাতলবোৰৰ ভিতৰত বৈদিক, তান্ত্ৰিক, আৰু শৈৱ পদ্ধতিৰ যিবোৰ পূজা-অৰ্চনা, হোম-যজ্ঞ বিধি-বিধানমতে দেৱমন্দিৰ আৰু গৃহস্থৰ উপাসনা গৃহত চলি আহিছে সেই পূজা-পাতলবোৰৰ বিষয়ে বিষদভাবে এই প্ৰবন্ধটিত সন্নিবিষ্ট কৰা হৈছে।
শীতলা পূজা আৰু আইসবাহ
অসমত ফাগুন-চত মাহত পছোৱা বতাহ বয় আৰু ধুলিৰে বায়ুমণ্ডল উপচি পৰে। তাৰ লগে লগেই গ্ৰীষ্মৰও আগমন ঘটে, ধুলি, গৰম আৰু বৰষুণে আৱৰা এই বতৰতেই অসমত বসন্ত ৰোগৰ মানুহৰ শৰীৰত দেখা দিয়ে। বসন্ত ৰোগ আই তথা আদ্যশক্তি গোঁসানীৰ দান, বসন্ত আইৰেই এক ৰূপ---এই পবিত্ৰ বিশ্বাসেৰেই বসন্ত ৰোগৰ ভয়াবহতাক সাধাৰণ অসমীয়া মানুহে এক সুন্দৰ ৰূপ প্ৰদান কৰি আহিছে। আধুনিক চিকিত্সা বিজ্ঞানৰ মতে বসন্ত বা আই ঘাইকৈ তিনি বিধ---বৰ আই, মাজু আই আৰু সৰু আই। কিন্তু অসমীয়া লোক বিশ্বাস মতে আই সাত গৰাকী। উজনি অসমত প্ৰচলিত আই নামত আছে উজাইয়ে আহিলে আইৰে সাতেজনী সাতালি পৰ্বত জুৰি। নামনি অসমত প্ৰচলিতা আই নামত আই দহ গৰাকী অথবা বাৰ গৰাকী-শীতলা আই, তিলেনী আই, পানীমলা, ৰংমলা, বাঁহামুৰী, লাভামুৰী,পানীচমেৰী, ধনমালা, মৰুৱা, কাহুৰী, কেটেৰী, হাগুৰী।
পানীতোলা সবাহ
খেতিয়কৰ খেতি পথাৰত যেতিয়া খৰাং হৈ খেতি পথাৰত চিৰাল ফাট দিয়ে তেতিয়া কোনো কোনো সম্প্ৰদায়ৰ মাজত(বিশেষকৈ চুতীয়া সম্প্ৰদায়ৰ মাজত) খেতিৰ বাবে বৰষুণ কামনা কৰি জেঠমাহত তিনিদিন ধৰি এই সবাহ পতা হয়। অঙ্গখুত নথকা অপুস্পিতা কুমাৰী তিনিজনী (মাক-দেউতাক থকা ছোৱালী)ৰে তিনিটা এঁৱাঘটৰ পৰা ৰাইজ আৰু গায়ন-বায়নৰ লগত গৈ পানী তোলেগৈ। প্ৰথমদিনা পানী তুলি আনি নামঘৰৰ ওচৰত থকা বৰগছৰ গুৰিত তিনিবাৰ প্ৰদক্ষিণ কৰি পানী তিনিঘট নামঘৰত থৈ দিয়ে। পাছদিনা পুৱা বৰগছৰ গুৰিত পানী ঢালি দি আকৌ আগদিনাৰ দৰে পানী তোলেগৈ। সেইদিনাও আগৰদিনাৰ দৰে নামঘৰত থৈ দিয়েগৈ। তৃতীয় দিনাও সেইদৰে বৰগছৰ গুৰিত পানী ঢালি দি ওৰে দিন ওৰে ৰাতি গায়ন-বায়নেৰে নাম কীৰ্তন কৰা হয়। এই সবাহত পকামিঠৈ নিদিষ্ট নৈবেদ্য, মাহ-প্ৰসাদৰ শৰাই সজাই লোৱা হয়। ৰাতিৰ নামত ভীম চৰিতৰ পদ আদিৰে ভাও দিয়াও হয়। বহুৱা আদি ওলাই আনন্দমুখৰ পৰিবেশ সৃষ্টি কৰি তোলে সকলোৱে।
লখিমী সবাহ
শস্য অভিপতি শ্ৰীময়ী লক্ষ্মী দেৱী পথাৰৰ ধান দাই খেতিয়কে ঘৰলৈ নিয়াৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু কোনোৱা থিয় পৰ্বতত গৈ স্থিতি লয়গৈ বুলি লোক বিশ্বাস আছে। প্ৰজাৰ প্ৰতি অসন্তুষ্ট নহলে বৰ্ষাঋতুৰ লগে লগে লক্ষ্মী দেৱী বৰষুণ হৈ আকৌ পথাৰলৈ নামি আহে। এই বিশ্বসাৰ ভেটিত খেতিৰ ভৰপক দিয়াৰ আগতেই জেঠ-আহাৰ মাহত লখিমীক আদৰিবলৈ গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে নাম গাই পানী তুলিবলৈ যায়। পানী তুলিবলৈ যাওঁতে ধানেৰে ভৰি থকা দৱলি এটা, কলপটুৱাৰ দোৰোলা এটা আৰু জাকৈ এখন লগত লৈ যায়। কোনোবা পুখুৰী, বিল খালত চাকি এগছি, তামোল-পাণ এটা দি সেৱা কৰি জকাইৰে তিনি চাব মাৰি পানীৰ পৰা জাবৰ-জোঁথৰ যি উঠি আহে জাকৈৰে তুলি কলপটুৱাৰ দোৰোলাত ভৰাই লৈ আহি নামঘৰ তিনিবাৰ প্ৰদক্ষিণ কৰি সেই জাৱৰ-জোঁথৰ থপনাৰ আগত আগবঢ়াই, দুৱলিৰ ধানেৰে সানি ঘৰে ঘৰে ভগাই লয়। জাবৰৰ লগত মাছ আহিলে শুভ বুলি গণ্য কৰা হয়। এনে প্ৰসাদ ঘৰত থলে ঘৰলৈ প্ৰচুৰ শস্য আহে বুলি লোক বিশ্বাস কৰা হয়। আহোম সকলো এই পূজা ভাগ নিজাববীয়াকৈ হলে ভড়াঁলৰ আগত আৰু ৰাজহুৱাকৈ হলে নামঘৰৰ মুকলি ঠাইত পাতে। তেওঁলোকে আহুলখিমীক আদৰে বাঁহ আৰু টকৌ পাতেৰে সজা চাংঘৰত ফুল, তামোল, কল, পিঠাগুড়ি, কুকুৰা আৰু সুৰাৰে। আহুলখিমীৰ চাংঘৰৰ ওচৰতে হুচুংখোড়ালৈও পূজা আগবঢ়োৱা হয়। এই হুচুংখোড়া লক্ষ্মীদেৱীৰে পিতৃ বুলি আহোম সকলৰ মাজত বিশ্বাস আছে। তাৰোপৰি খেতিয়ক সকলে ঘৰলৈ প্ৰথম ধান অনাৰ আগে আগে ঘৰৰ গিহিনীয়ে লখিমী বুলি এথোক ধান আগলি কলপাত আৰু ফুলাম গামোচাৰে বান্ধি মূৰত তুলি পথাৰৰ পৰা ঘৰলৈ আনে আৰু ভড়াঁলৰ মুখতে বা ওচৰৰে চকোৱাত নতুবা বৰঘৰৰ বেৰতে খুঁচি থয়হি। লখিমী আনোতে পাছলৈ চাব নাপায় আৰু মুখেৰেও মাতিব নাপায়। পথাৰৰ সকলো ধান আনি ভড়াঁলত সুমুৱাই শেষ হলে ভাল দিন এটা চাই মাহ-প্ৰসাদ আগবঢ়াই প্ৰাৰ্থনা কৰে আৰু সেই আনি থোৱা ধানৰ থোকৰ লগতে বাকী ধান বোৰ লখিমী উৰুলি আদি দি ভড়াঁলত সুমুওৱা হয়। সেইদিনা গাঁৱৰ বা চুবুৰীয়া আন মানুহক পা-পইচা, বা ধান চাউল আদি দিব নাপায়। লখিমী সুমুওৱাৰ পাছত এমাহলৈ ভড়াঁল খুলিব নাপায় বুলি লোক বিশ্বাস আছে।

গো-পূজা
অসমীয়া চত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনটো গৰু-বিহুৰ দিন হিচাপে সমগ্ৰ অসমতে পালন কৰা হয়। সেইদিনা পুৱাতেই জাতিলাও, বেঙেনা, কেৰেলা, বৰ থেকেৰা, কেঁচা হালধি আদি চকল চকল কৰি কাটি বাঁহৰ চাতবাৰিত গাঁথি লৈ, প্ৰতি গৃহস্থই নিজৰ গৰু নৈ, বিল বা পুখুৰী আদিলৈ লৈ যায় আৰু গৰু শিঙত সৰিয়হৰ তেল দি কপালত মাহ-হালধিৰে ফোট দি, গাতো মাহ-হালধিৰে মালিচ কৰি স্নান কৰায়। লগতে নতুন পঘাও মাহ-হালধিৰে নোওৱা হয়। গৰু গালৈ চাতবাৰিৰ লাও, বেঙেনা আদি দলিয়াই লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বুলি শুবাশিস বৰিষণ কৰি গৰু পথাৰত মেলি দিয়া হয়। ধোৱা-পখলা নতুন পঘাৰ মাজে মাজে এঁৱা সূতা, তুলসীৰ পাত বান্ধি দিয়াও হয়। আবেলি দীঘলতি , মাখিয়তী গছৰ পাতেৰে গৰুৰ গাত আলফুলকৈ কোবাই---দীঘলতি দীঘপাত মাখি মাৰো জাত জাত বুলি মুখেৰে কৈ কৈ মহ, মাখি খেদি ঘৰলৈ লৈ অনা হয়। নতুনকৈ প্ৰস্তুত কৰা লাও পিঠা(পিঠাগুড়ি গুৰ জাতিলাওৰে কৰা পিঠা) আৰু মিঠৈ খুওৱা হয়। সন্ধিয়া গৰুক আমনি দিয়া মহ-মাখি খেদাবলৈ পদূলি মুখত, চোতালত আৰু গোহালিত তুঁহ, মাখিয়তী , বিহলঙনী, মৰলিয়া, ঔ-টেঙাপাত, ধানখেৰ আদিৰে জাগ দিয়া হয়। ঘৰলৈ প্ৰথম গৰু আহিলে গৰুক লক্ষ্মী বুলি ভাবি গৰুৰ ভৰি ধুৱাই, গাটো মচি দিয়ে আৰু লোণ খুৱাই আদৰণি জনোৱা হয়।
অগ্নি পূজা
খেতিয়কে পথাৰৰ পৰা নতুন ধান আৰু শস্য ঘৰ চপোৱাৰ পাছতেই অগ্নি দেৱতাক ভোগ দিয়া পূজা পাতা হয়।এই অগ্নিতেই প্ৰথম পিঠা দিয়া হয়। মাঘবিহুত উৰুকাৰ নিশা ৰাতিটো কটাই দোকমোকালিতে স্নান কৰি অগ্নিক মন্ত্ৰ মাতি সেৱা কৰা হয়। দীপান্দিতা অনুষ্ঠানতো অগ্নিক পূজা কৰা হয়। অগ্নিক সাক্ষী কৰিয়েই বিয়া , চকলং , হোম,যজ্ঞ আদি অনুষ্ঠিত কৰা হয়। বিবাহ অনুষ্ঠানত অগ্নিক সাক্ষী কৰি ৭বাৰ প্ৰদক্ষিণ কৰিলেহে বিবাহ সম্পন্ন হয়। আগ্নিলৈ ভৰি টোঁৱাবও নাপায়। ভৰি মেলি জুই ফুৱালে অগ্নিৰ দোষ লাগে বুলি লোক বিশ্বাস আছে, সেই বাবে জুই ফুওৱাৰ পাছত অগ্নিক সেৱা কৰা হয়। সেয়ে অগ্নিক দেৱতাৰূপে মানি চলা হয়। অগ্নি ঘৰত বা কাষত থাকিলে দেও-ভূত আঁতৰি যায় বুলি লোক বিশ্বাস কৰা হয়। সেয়ে প্ৰসূতিৰ ওচৰত ডাঙৰকৈ জুই ধৰি ৰখা হয়। সৰু সৰু লৰা-ছোৱালীৰ মূখ লগা হলে জুইত জলকীয়া দি মুখ লগা ভঙা হয়।
No comments:
Post a Comment