যোৱা বছৰ এনে এটা দিনত ছোৱালী চাবলৈ গৈছিলো।জীৱনত প্ৰথম এনেকৈ ছোৱালী চাবলৈ যোৱাৰ সৌভাগ্য হৈছিল। গৈছিলো মানে মোৰ বাবে নহয় আকৌ, মোৰ বন্ধু (শিক্ষক) এজনৰ বাবেহে। তাক আমি লগৰ বোৰে মাষ্টৰ বুলি মাতিলেহে সকলোৱে ভালকৈ বুজি পায়। নগাঁৱৰ পৰা প্ৰায় ১৫ কি.মি. দুৰৰ পুৰণিগুদাম চলচলি গাঁৱত। খৱৰটো সিয়েই আনিছিল, তাৰ লগৰ শিক্ষক এজনৰ খুৰশালি ছোৱালী। আটাইকেইটাৰ সময় মিলাই ওলালো সেইদিনটোত ছোৱালী চাবলৈ বুলি। আমি একেলগৰ ৫টা সাজিকাচি ওলাইছো। সি মাষ্টৰ আনদিনা চাৰিআলীৰ আদ্দলৈ ফিটফাট হৈ যায়, কথা কি নাজানো, সেইদিনা কিন্তু জধলা-মধলাহৈ ওলাইছে, কিবা পোচাক যোৰেই তাক চজা নাই। সি আহি পোৱাৰ লগে লগে মই কলো, বোলো হেৰৌ সদায় ফিটফাট হৈ থাক, আজি আকৌ কি চাৰ্ট পিন্ধিলি এইটো ? এনেই তাৰ ৰংটো অলপ কম, তাতে কলপতীয়া ৰঙৰ চোলা এটা পিন্ধিলে সি । সি বোলে হৱ দে, ছোৱালীয়ে পচন্দ কৰে যদি এনেকৈয়ে কৰিব। বোলো ছোৱালীয়ে তোক চাবলৈ মাতিছেনে তইহে ছোৱালীক চাবলৈ ওলাইছ। কিছু সময়ৰ পাছত সমনীয়া আটাইকেইটা গোট খালে। মাষ্টৰৰ অলট গাড়ীখনৰ এক্সেলেটৰত ডবাই দিলো। ঠিক ৩.৪৫ মান বজাত গৈ ছোৱালী ঘৰ পালোগৈ। গাড়ীখন চোতালতে ৰখাই নামিছোহে ছোৱালী ঘৰৰ অঙহী-বঙহী সকলোৱে আগবাঢ়ি আহি আদৰি-সাদৰি ভিতৰলৈ মাতি নিলে। বহক বহক, ভালে ভালে পালেহি নহয় ? বাটত একো অসুবিধা হোৱা নাইতো ? ইত্যাদি বহুকেইটা প্ৰশ্ন একেলেঠাৰীয়ে বয়সস্থ মানুহ এজনে সুধি পেলালে। মনতে ভাবিলো সেইজন ছোৱালীৰ দেউতাকেই হৱ নিশ্চয়। ইফালে সিফালে ডিঙি মেলি মেলি চালো ছোৱালীবা কোন জনী এতিয়া ? দুই এজনী ছোৱালীয়ে জুমা-জুমি কৰি ফুচফুচোৱা শুনা পালো, দৰাটোবা কোনটো এতিয়া ? মোৰ বুজিবলৈ বাকী নাথাকিল যে সিহঁত কেইজনীয়ে কোনটোৰ বাবে ছোৱালী চাবলৈ আহিছো ধৰিব পৰা নাই, অকল সিহঁত কেইজনীয়েই নে ? ছোৱালীঘৰৰ বাকীবোৰেও ধৰিব যে পৰা নাই....বুজিবলৈ আৰু বাকী নাথাকিল...যেতিয়া দেউতাক বুলি ভৱা মানুহ জনে কিছুসময়ৰ পাছত পুনৰ প্ৰশ্ন কৰিলে আমাৰ আটাইকেইটালৈ চাই। চিধা প্ৰশ্ন---এতিয়া কথা এটা হল নহয় ?----আমি বোলো কওঁকচোন ? কলে ----লৰাবা এতিয়া কোনজন সেইটোহে ধৰিব পৰা নাই আমি ? আপোনালোকে আকৌ বেয়া নাপাব দেই সোধাৰ কাৰণে ?...আমি বোলো নাই নাই কিয় বেয়া পাম....লৰা আমাৰ সেইজন....মাষ্টৰলৈ আঙুলি টোৱাই একেলগে দুটাই কৈয়েই পেলালো। লগতে মই যোগ দিলো –বোলো আপুনি আমাক আপুনি বুলি নকলেই ভাল পাম, কাৰণ আমি আপোনাৰ লৰাৰ সমনীয়াহে.....মানুহজনে হৱ বাৰু বুলি সলাগিলে। লগে লগেই মইও মোৰ মনৰ খু-ধুৱনিটো বোলো এই সুজুগতে মাৰি লওঁ...বোলো পিছে আপুনি ছোৱালীৰ দেউতাক হৱ পাই ? বোলে নহয়, মই ছোৱালীৰ দেউতাক নহয়, মই খুড়াকহে দেই, কাষতে মোৰ ঘৰ, ছোৱালীৰ দেউতাক সামৰিক বাহিনীৰ কিবা বোলেনে কামণ্ডাৰ। বাৰু তোমালোক অকনমান বহাচোন মই ভিতৰৰ পৰা আহিছো ? ভালবাৰু বুলি সলাগিলো। এইসুজুগতে মাষ্টৰক বোলো হেৰৌ ছোৱালীৰ দেউতাক কিন্তু আৰ্মি কামাণ্ডাৰ দেই, টেৰিবেৰি নকৰিবি, চিধাই ফুটাফুটা কৰিদিব চালনিৰ নিচিনাকৈ, লগে লগে আটাইকেইটাই হা হা কৈ হাঁহি দিলে। মাষ্টৰে লাজতে ৰঙাচিঙা পৰি---ধেত্ ৰহ অ শুনিব কেনেবাকৈ, বেয়া হৱ কথাটো। তাক বোলো হেৰি ঐ—ছোৱালী সমাজলৈ মাতিব লাগিব নেকি, নাহেহে নাহে যে, কেতিয়া চাওঁ কেতিয়া চাওঁ লাগি আছে। ক-বেগেতে দেখুৱাবলৈ। এনেকৈ কোৱাকুই কৰি থাকোতেই মাতিলে ভিতৰলৈ চাহ খাবলৈ, এক দুই কৈ খোজ ললো, পিৰিক পাৰাকৈ ইফালে সিফালে চালো, নাই দেখোন ছোৱালীৰ সুংশুত্ৰই নাই। (চেহ-মনতে ভাবিলো, আমি কিবা চাহ-ভাত খাবলৈ আহিছো নেকি, ছোৱালীহে আগতে দেখুৱাব লাগে, পচন্দ নহলে খোৱা বোৱাৰ কথাই নাহে।) ভিতৰত দাইনিং টেবুলত দেখিলো........ (মনতে ভাবিলো)বাপৰে...ইমানবোৰ খাব পাৰিমনে আজি...ইমান আদৰ সাদৰ কৰেনে আজিহে গম পালো।..ছোৱালী চাবলৈ আহিলে এই গতি হয় নেকি, মাষ্টৰক ফুচফুচাই বোলো হেৰৌ ভাতগাল খাই আহিছোহে এতিয়া এইসোপা কোনটো পেটত খাও ? তেনেতে খুড়াকে মাত লগালেই নহয়, বোলে – কিবা অসুবিধা পাইছা নেকি ?,,.. লগে লগে চৰচৰনি খোৱাদি মুখৰ পৰা যেনেতেনেহে কলো নাই নাই একো অসুবিধা পোৱা নাই—ন মাষ্টৰ ? মাষ্টৰে পোন্দোৱাকৈ মোলৈ চালে, সুবিধা পাই ভৰিত গচক এটাও দিলে, মই আইঔ বুলিলো—মুখৰ পৰা ওলাই গল অ, ৰাখিবই নোৱাৰিলো নহয়--মোক কলে সি পালি ? চেপচেপাই থাক....মনে মনে খাই থাক।
খাই হোৱাৰ পাছত পুনৰ আমি আহি দ্ৰয়িং ৰুমত বহিলোহি, তেতিয়ালৈকে ছোৱালী দেখাই নাই, মনৰ উত্কন্থা বাঢ়িবলৈ ধৰিলে যিমানে সময় পাৰ হল। তেনেকৈ ভাবি থাকোতেই...দেখিলো হাতত তামোল পানৰ বটা এটা লৈ ধুনীয়া অসমীয়া সাজ এযোৰ পিন্ধি ঠিক নকইনাৰ লেখিয়াকৈ সোমাই আহিছে ছোৱালীজনী, ইহতে কি চাইছিল নাজানো, মই কিন্তু ভৰিৰ পৰা মূৰলৈকে চাইছিলো, ভাল, ছোৱালী জনী ধুনীয়াই দেখোন, চুলিকোচাও দীঘল, তেনেকৈ ভাবি থাকোতেই কেতিয়াযে আহি ছোৱালীয়ে--- প্ৰথমে মোৰেই মুখৰ আগত তামোলৰ বটাতো আগবঢ়াই দি কলেহি তামোল খাওঁক....হু...হমম.....মই খপজপকৈ বটাৰ পৰা তামোল আৰু চপ অলপ লৈ হৱ বুলিকৈ পাছ দিলো, মাষ্টৰে আকৌ মোলৈ কেৰাহিকৈ পোন্দোৱকৈ চাইছে যে মই গম পাইছো। তাৰ পাছত কথা পাতিবলৈ দি খুড়াক মাক ভিতৰলৈ গল। দুই এষাৰ কথা আৰম্ভ হল....লগৰ কেইটাই কিবা কিবি মানে কিমানলৈ পঢ়িলা....বিয়া হৱলৈ মন আছেনে নাই...ইত্যাদি ইত্যাদি সুধি আছে। মই চাই আছো....ছোৱালীজনীয়ে সিহঁতৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ মাজে মাজে মোলৈ চাই থাকিল, কিয় নাজানো.....এনেকৈ এবাৰ হোৱা হলে কথা নাছিল, কিন্তু বুজিব পাৰিলো মই.....তেওঁ প্ৰায়ে মোৰ ফালেহে চাবলৈ ধৰিছে, অলপ অপ্ৰস্তুত অনুভৱ কৰিলো যদিও কথাৰ প্ৰসঙ্গ সলাই তেওঁ চকুৰ চাৱনিৰ পৰা পলাব বিচাৰিছিলো, মনতে ভাবিলো তেওঁ কিজানি মোকে চাবলৈ অহা লৰাটো বুলি ভূল কৰা নাইতো, চেহ কি যে ভাব বোৰ মনলৈ আহিছে। এহ যি ভাবে ভাবক, মই কিবা কৈছো নেকি মোলৈকে চাইথাকা বুলি। মাষ্টৰে ধৰিব পাৰিছে কথাটো....তাৰ পেটে পেটে মোৰ ওপৰত বৰ খং যে উঠিছে ধৰিব পাৰিছিলো মই। লাহে লাহে সন্ধিয়া হৈ আহিল, কথা শেষ কৰি আমিও যাৱলৈ ওলালো, সকলোকে মাত লগাই আমি বাহিৰ পালোগৈ। আকৌ গাড়ীৰ দ্ৰাইভাৰ ময়েই হৱ লগা হল। সকলো বহিল গাড়ীত, মইও দুৱাৰখন খুলি যাওঁ বুলি মাতষাৰ লগাই কব নোৱাৰাকৈ এবাৰ চাই পঠিয়ালো, দেখিলো তেতিয়াওঁ তেওঁৰ একেই চকুৰ ভাষা। মোৰ বুজিবলৈ আৰু একো বাকী নাথাকিল। গম পালো, নিজকে নিজে মনতে কলো আজি মাষ্টৰৰ গালি খাবলৈ সাজু হ বোপাই। বাটতত মাষ্টৰে মই ভবাটোকে কবলৈ ধৰিলে, ৰঞ্জিতে তাক জুখি চাবলৈ বুলি শুধিলে, হৰা মিতা, কোৱা এতিয়া ছোৱালী কেনে লাগিল, মই একো মাতবোল কৰা নাই, একান্তমনে গাড়ী চলাই আছো। মাষ্টৰে যেন কোনোবা এটাই কিবা কোৱালৈহে বাটচাই আছিল------হুহ তহঁতক লৈ ছোৱালী চাবলৈ আহে নেকি, ছোৱালীয়ে মোক পাট্টাই নিদিলে, তাকহে পাট্টা দিলে,চকুৰ কি চাৱনি, সিয়েই বিয়া পাতিব এইজনী ছোৱালী। গোটেই বাটতো মোকেই একাবেকাকৈ বকি বকিয়েই আহিল সি, মোৰ মনে মনে হাঁহি উঠিল। এবাৰ কলো মোৰ গাত কি দোষ, মই এতিয়া বুকুত লিখি ৰাখিলেহে হৱ—যে ইয়াত চকু নিদিবা বুলি, আটাইকেইটাই ধেক-ধেকাই হাঁহিলে...মাষ্টৰৰ খং দুগুণে বাঢ়িল। মই কলো তোকনো কিহে পাইছিল আজি সেই কলপতীয়া চাৰ্টটো পিন্ধি আহিবলৈ ? এনেয়ে হলে চাৰ্টৰ স্ত্ৰী ভাগিবলেকে নিদিয়। ছোৱালী চাবলৈ আহিলে অলপ সাজি কাচি আহিব লাগে যে নাজান তই ? এতিয়া মোৰহে দোষ হল, মই কিবা কৈছো নেকি ছোৱালী জনীক যে মোলৈকে চাই থাকিবা বুলি ? একোনামাতি মনে মনে বহি থাকিল। এইবাৰ বহাগত তাৰ বিয়া হৈ গল, পিছে সেইজনী ছোৱালীৰ লগত নহল আৰু। তাৰ কইনাৰ ঘৰ মৰিকলংতহে হলগৈ। কিন্তু এইবাৰ আমাৰ লগৰ কাকোৱেই প্ৰথমবাৰ চাবলৈ যাওঁতে নিনিলে লগত।তাতে আকৌ পাছদিন আমাৰ ঘৰলৈ আহোতে তাক আমাৰ আকৌ ককাইদেউৱে এধানিকে দুধানি কৰি লগালে---বোলে হেৰি কৰিবি, তই এইবাৰ ছোৱালী চাবলৈ গলে ইহঁত কেইটাক নিনিবি, অকলেই চাই আহিবি।সেয়ে হৱলা পাছৰ বাৰ মৰিকলঙত ছোৱালী চাই আহিহে কৈছে আজি ছোৱলী চাই আহিছো বুলি। আকৌ আটাইকেইটাই জোকালে তাক, যোৱাবাৰৰ দৰে হয় বুলিয়েই নিনিলে আমাক........হা হা হা হা...আটাইকেইটাৰ হাঁহিৰে আমাৰ সংঘটো ৰজনজনাই গল।
No comments:
Post a Comment