Friday, 6 July 2012

অসমীয়াৰ কৃষি কাৰ্য্যৰ সজুলী


অতিজৰে পৰাই অসমীয়া মানুহ খেতিৰ লগত জডিত হৈ আহিছে , কিন্তু কালৰ সোঁতত যেন বহু অসমীয়াই এতিয়া কৃষি কৰ্ম অনিশ্চা প্ৰকাশ হৈছে। বৰ্তমান নৱপ্ৰজন্মৰ বহুতেই খেতি বা খেতিৰ সজুলীৰ বিষয়ে বহু কথাই অজ্ঞ । সেয়ে এই লেখাটি আগবঢালো ।আশাকৰো ৰাইজৰ উপকাৰ হৱ ।
নাঙল আৰু জুৱলি
খেতিয়কৰ আৰু খেতিৰ প্ৰধান আহিলা হৈছে নাঙল আৰু যুঁৱলি, এই নাঙল তৈয়াৰ কৰিবলৈ জামুক, পমা, নাইবা সোঁনাৰু গছ হলে ভাল হয়, পাৰিলে গছৰ কিছু বেকা অংশ পালে সাজিবলৈ সুবিধা হয়, গছৰ গা-ডোখৰৰ ৬ ফুটমান অংশ কাটি আনি তাক ছাচ, দা বা হাতোৰাহীৰে ছাচি ছাচি নাঙলৰ আকৃতি দিয়া হয়। নাঙলৰ হাতেৰে ধৰা অংশটোক কুটী বুলি কোৱা হয় আৰু মাটি চহাৱলৈ ব্যৱহাৰ কৰা অংশত এটুকুৰা লোৰ সংযোগ কৰা হয় যাক কোৱা হয় ফাল বুলি, ফালখন নাঙল তলৰ অংশৰ খোলনিত মজবুতকৈ লাগি থাকিবলৈ এডাল বাঁহৰ শলা লগোৱা হয়, তাক কোৱা হয় বেঙা বুলি। ফাল খনৰ কিছু ওপৰত এটা ফুটা কৰি তাত বাঁহৰ গুডি সহিতে ৭ ফুটমান দৈঘ্যৰ এটা বাঁহৰ ইহ লগোৱা হয় । ইহৰ আগফালে কেইটামান খাজ কাটি ৰখা হয়, সেই খাজত জুৱলি খন ৰছীৰে বান্ধিব পাৰি ।
      প্ৰায় ৬ ফুটমান দৈঘ্যৰ এটুকুৰা ভলুকা বাঁহ দুই মুৰে গাঠিৰে সৈতে কাটি জুৱলি বনোৱা হয়, জুৱলিৰ দুয়োটা মুৰত গৰুৰ ডিঙি সোমাব পৰাকৈ জোখেৰে দুটা ফুটা (ইপাৰ সিপাৰকৈ কৰা খোলনি) কৰি সেই ফুটাৰে দুটা বাঁহৰ খুটি সুমুৱাই দিয়া হয় যাতে গৰুৰ ডিঙিটো ইফালে-সিফালে লৰচৰ নকৰে। সেই খুটি দুটাক শলমাৰি বোলা হয়। জুৱলিৰ সোঁ-মাজতে আৰু দুটা সৰু ফুটা কৰি সৰু সৰু দুটা বাঁহৰ সলা লগাই দিয়া হয়, সেই দুটাক নিগনি খুটি বুলি কোৱা হয়। তাৰ তলেদি নাঙলৰ ইহটো দি ৰছীৰে বান্ধি দিয়া হয় ।
      নাঙল আৰু জুৱলি তৈয়াৰ হোৱাৰ পাছত বলধ গৰু দুটাৰ কান্ধত জুৱলিৰ দুই মুৰ লগাই বান্ধি দি হালোৱাই নাঙলৰ কুটীত ধৰি পথাৰত ঘুৰাই ঘুৰাই হাল বায়। হাল বোৱাৰো নিয়ম আছে, এপাক এপাক কৈ এটা নিদিষ্ট অংশ চহাই শেষ হলে সেই অংশক এটা আউচ বুলি কোৱা হয় ।এডৰা মাটি এবাৰ চহাই হলে এচাহ মাৰি হল বুলি কোৱা হয় । এইদৰে এডৰা মাটি কেইবা চাহো মাৰিলেহে খেতিৰ উপযুক্ত হৈ উঠে
মৈ
তিনি ফাল ৭ ফুটমান দৈঘ্যৰ বাঁহক পথালিকৈ ৰাখি মাজত খোলনি কৰি ২,৩ ফুট দৈঘ্যৰ ৪ডোখৰ বাঁহক সংযোগ কৰি তৈয়াৰ কৰা হয় মৈ, দেখিবলৈ মৈ ধেনুভিৰিয়া আকৃতিৰ। হাল মাৰাৰ শেষত পথাৰৰ ডাঙৰ ডাঙৰ চপৰাবোৰ (মাটি ডাঙৰ অংশ) ভাঙিবলৈ মৈ ব্যৱহাৰ কৰা হয়, জুৱলিৰ পৰা নাঙল সোলকাই মৈ খন দীখল দুডাল ৰছীৰে জুৱলিৰ লগত সংযোগ কৰি দিয়া হয়, হালোৱাই মৈ মাজৰ থিয় বাঁহৰ পাত দুডোখৰত ভৰি দি থিয় হৈ গৰু হালক নিৰ্দ্দেশ দি আগুৱাই লৈ যায় ।
লাহনি
পানী সিচা কাৰ্য্যত ব্যৱহাৰ কৰা এবিধ সজুলি। তেলৰ টিন বা আন টিনৰ ২ফুটমান কাটি এটা মুৰত বাঁহৰ নাল এটা লগাই আৰু আনটো মুৰত পঠালিকৈ বাঁহৰ শলা এডাল লগাই টিন ডোখৰ আৰু নালৰ মাজত সংযোগ কৰি ৰখা হয় । খেতিৰ মাটিত উপযুক্ত পানীৰে পৰিপূৰ্ন কৰিবলৈ ওচৰৰ পানী থকা অংশৰ পৰা লাহনিৰে পানী সিচাত ব্যৱহাৰ কৰা হয়
ওখোন
আগলি বাঁহৰ ৫ফুটমান আৰু সেইবাঁহৰ আগভাগত লাগি থকা আখি এটাৰ ৬ ইঞ্চি মান ৰাখি (বাঁহ গছৰ গাঠি) কাটি লোৱা হয় আৰু সেই আগবাঁহ ডোখৰৰ গোটেই গাটো কটাৰী বা দা-ৰে চাচি নিমজ কৰি লোৱা হয়। গাঠি অংশ ৰছী বা তাঁৰেৰে বান্ধি জ্বুইত কিছু সময় সেকি ধেনু আকৃতিৰ কৰি লোৱা হয় । সাধাৰনতে মৰণা মৰাৰ সময়ত মৰণাৰ খেৰ বোৰ জোকাৰিবলৈ বা গোটাবলৈ ওখোন ব্যৱহাৰ কৰা হয় । ঠাই বিশেষে এই সজুলি বোৰক বেলেগ বেলেগ নামৰে জনাজাত হৱ পাৰে
বিৰিয়া
এফাল ভলুকা বাঁহ, দুই মুৰ জোঙা কৰি ছাচি লৈ নিমজ কৰা হয়, মাজৰ অংশটি দুই মুৰতকৈ কিছু বহল আকাৰৰ কৰা হয়, যাতে কান্ধত লৱলৈ সুবিধা হয় । এই বিৰিয়া পথাৰৰ পৰা ধানৰ মুৰিয়া (ধানৰ একোটা মোঠা)বোৰ দুই মুৰত খোচমাৰি চিলাই কান্ধত লৈ কঢিওৱা কামত ব্যৱহাৰ কৰা হয় ।দুই মুৰত অতি কমেও ৫টাকৈ ১০টামান মুৰিয়া কঢিয়াই আনিব পাৰি
হোলোঙা
বিৰিয়া আৰু হোলোঙাৰ ব্যৱহাৰ প্ৰায় একেই । পাৰ্থক্য মাথো এটাই বিৰিয়া এফাল বাঁহেৰে তৈয়াৰ কৰা হয় আৰু হোলোঙা গোটা জাতি বাঁহেৰে তৈয়াৰ কৰা হয়
কাঁচি
লোৰে তৈয়াৰী এবিধ সজুলি। ইয়াক ধান কটা কামত ব্যৱহাৰ কৰা হয়। দেখিবলৈ কাঁচখন সাইলাখ কাঁচি জোনটোৰ দৰেই । সাধাৰনতে কমাৰেহে কাঁচি, কোৰ, নাঙলৰ ফাল আদি তৈয়াৰ কৰিব পাৰে। কাঁচিৰ এটা ফালে সৰু সৰু বেকা বেকা আগৰ পৰা গুৰিলৈকে অসংখ্য ধাৰ থকা দাঁত থাকে যিয়ে ধান সহজে কটাত সহায় কৰে ।গুৰিৰ অংশটো কিছু জোঙা কৰা থাকে যাতে তাত হাতেৰে ধৰিব পৰাকৈ এটা নাল লগাবলৈ সুবিধা হয় , নালটো কাঠৰে হাতৰ মুঠিৰ জোখেৰে কাটি লৈ এটা মুৰত বেৰি (লোৰ আঙঠি সদৃশ)লগোৱা হয় যাতে নালটো কেনেবাকৈ ফাটি নাযায়। বেৰি নালৰ মুৰত লগাই হলেই কাঁচিৰ জোঙা অংশটি জ্বুইত গৰম কৰি গৰমে গৰমে সেইটো বেৰিৰ মাজিদি নালটোত সুমুৱাই দিয়া হয় ।
কোৰ
লোৰে তৈয়াৰী এখন ৬ ইঞ্চিমান দৈঘ্যৰ এটা মুৰত ধাৰ থকা সজুলি যাৰ এটা ওপৰৰ ফালে এটা বাঁহৰ বা কাঠৰ নাল লগোৱা হয়। এই কোৰেৰে পথাৰৰ আলিবোৰৰ পাৰবোৰ কাটি কাটি ঘাঁহ থকা অংশ অতৰাই পেলাই পুনৰ নতুনকৈ আলি দিয়া হয় যাতে আলিবোৰ সমান আৰু পোনহৈ পৰে আৰু আলিৰ মাজেদি যাতে খেতিৰ লাগতিয়াল পানী বাহিৰলৈ ওলাই যাব নোৱাৰে
কোহোনা
ধান মেলিবলৈ আৰু গোটাবলৈ কোহোনা ব্যৱহাৰ কৰা হয়। দেখাত ধেনুখনৰ আকৃতিৰ কাঁঠৰ তক্তাৰে তৈয়াৰ কৰা হয়। কাঁঠৰ বহল তক্তা এখন অৰ্দ্ধ-চন্দ্ৰাকৃতিত কাটি লৈ ধেনুভিৰিয়া অংশটোৰ পৰা ২ ইঞ্চিমান তলত আৰু সোঁ আৰু বাঁও ফালৰ পৰা সোঁ-মাজত এটা ফুটা কৰি বাঁহৰ এটা ৬ ইঞ্চিমান দীঘল এটা নাল লগোৱা হয় ।
গৰুগাডী
দুটা কাঠৰ চকাযুক্ত এখন গাডী যাক এহাল বলধ গৰুৱে টানি লৈ যায় । পথাৰৰ ধান ঘৰলৈ কঢিওৱা কামত এই গাডী ব্যৱহাৰ হয় । গৰুগাডীৰ আগ অংশত নাঙত ব্যৱহাৰ কৰাৰ দৰেই এখন জুৱলী (জুৱলীৰ বিষয়ে আগতেই কোৱা হৈছে) থাকে।এই জুৱলিত ও হালৰ দৰেই দুফালে দুটা বলধ গৰু লগাই গাডী চলোৱা হয় । গাডীখনৰ দুফালে দুটা কাঠৰে তৈয়াৰী চকা থাকে, চকাৰ দান্তিবোৰ কাঠৰেই তৈয়াৰ কৰা। কাঠৰ দুইটা চকাত এচটা ফাল লগোৱা থাকে যাতে চকাবোৰ চলিলে সহজে কাঠবোৰ ক্ষয় বা নষ্টহৈ নাযায়, চকাৰ মাজৰ অংশটোক ঢোল বুলি কোৱা হয়।চকা দুটাৰ আকাৰ এটা বৃত্তৰ দৰে আৰু প্ৰায় ১.৫০মিটাৰমান ওখ থাকে। চকা দুটা এডাল লোহাৰ ধুৰাৰে (লোৰ ৪ইঞ্চিমান বহল আৰু প্ৰায় ৮ফুটমান দীঘল) সংযোগ হৈ থাকে,ধুৰাডালৰ দুইমুৰত চকা কেইটা সহজে ঘুৰিব পৰাকৈ মৰাপাট মেৰিয়াই দি তাত তেল লগাই দিয়া হয়। এই ধুৰাডাল আকৌ গাডীখনৰ লগত দয়োফালে দুটা টেটেলা আৰু দুডাল বাঁহৰ ফৰৰ লগত লগহৈ সংযোগ হৈ থাকে । টেটেলা হল কাঁঠৰে তৈয়াৰী দুই মুৰ সৰু আৰু মাজৰ ঠাইত অলপ মোটা, মোটা অংশটোত একোটাকৈ খাজ কৰা থাকে যাতে ধুৰাডাল সেই খাজত খাপ খাই পৰে ।টেটেলাৰ ওপৰৰ ফালটোত আকৌ ফৰ ডাল খাপ খাৱ পৰাকৈ খাজ কৰা থাকে। ফৰ মানে হৈছে ভলুকা বাঁহৰ ১২ৰ পৰা ১৪ফুটমান দীখল টুকুৰা, জুৱলিৰ লগত সংলগ্নহৈ একেবাৰে গাডীৰ পাছৰ অংশলৈকে থাকে। এক কথাত কৱলৈ গলে এতিয়াৰ ইন্ধন চালিত গাডীৰ যিটো আমি ছেচিছ বুলি কওঁ সেইটোৰ কাম কৰে। গৰুগাডীৰ চাঙখন বাঁহৰ কামিৰে বৈ বৈ তৈয়াৰ কৰা হয়, চাঙখনৰ আগফালৰ অংশত এচটা সৰু কাঠৰ তক্তা আৰু পাছৰ অংশত এচটা দীঘল তক্তা লগোৱা থাকে । এই তক্তা দুখনৰ দুইমুৰত দুটাকৈ বাঁহৰ ২ফুটমান ওখ খুটা লগাই তাত বাঁহৰ দাং লাগাই দিয়া হয় । খুটাৰ ওপৰৰ দাং পৰি যাব নোৱাৰাকৈ ৰছীৰে তলৰ চাংখনৰ লগত ওপৰৰ পৰা তললৈ পকাই পকাই দিয়া হয় । এখন গৰুগাডী সাজোতে অতি কমেও ১৫ৰ পৰা ২০দিন মান সময়ৰ প্ৰয়োজন হয় । গৰুগাডীৰ চালক জনক আকৌ গাৰুৱান বুলি কোৱা হয়
মোখোৰা
মোখোৰা হল বাঁহৰ সৰু সৰু ১ ছেণ্টি মিটাৰ মান বহল কাঠিৰ লগত ৫ মিলি মিটাৰ মান ডাঠ কাঠি তুলি গৰুৰ মূখৰ আকৃতিত বৈ বৈ তৈয়াৰ কৰা হয়। ইয়াক দেখিবলৈ আমাৰ প্লাষ্টিকৰ মগ এটাৰ দৰে। মৰণা মাৰোতে বা হাল বাওঁতে গৰুৰ মূখত পিন্ধাই দিয়া হয় যাতে গৰুহালে ধান বা অন্য খেতি খায় নষ্ট কৰিব নোৱাৰে ।
জাপি
বাঁহ আৰু তাল গছৰ পাত বা তকৌ গছৰ পাত ব্যৱহাৰ কৰি জাপি তৈয়াৰ কৰা হয়। এই জাপি ৰদ-বৰষুনৰ পৰা ৰক্ষা পাৱলৈ ব্যৱহাৰ কৰা হয়, জাপি বিহুত আৰু সন্মান সূচক সম্বধনা জনাবলৈও ব্যৱহাৰ কৰা হয়। জাপি জাপিৰ আকাৰ বিভিন্ন ধৰনৰ আছে, বৰ জাপি, সৰু জাপি। খেতি-পথাৰত ব্যৱহাৰ কৰা জাপিৰ আকাৰ ১ মিটাৰতকৈ কম বহল ঘুৰনীয়া (বৃত্তাকাৰ)। মাজ অংশটোত হালোৱাজনৰ মূৰত খাপ-খাই পৰাকৈ এটা জোঙা কৰা অংশ থাকে। প্ৰথমতে ঘুৰণীয়া আকৃতিৰ (চালনি আকৃতি) মাজত সৰু সৰু ফাক থাকা দুখন ছাল বৈ তৈয়াৰ কৰি লোৱা হয়, এই চালনি আকৃতিৰ ছাল দুখন বওঁতে একেবাৰে কেন্দ্ৰবিন্দুৰ পৰা আৰম্ভ কৰি ৮ ইঞ্চিমান বৈ হোৱাৰ পাছত এটা অলপ ডাঠ ঘুৰণীয়া শলিৰে বান্ধি ওপৰৰ অংশ জোঙা কৰা হয । এনেকৈ দুয়োখন ছাল বৈ হোৱাৰ পাছত তকৌ পাত বা তাল পাত ঘুনণীয়াকৈ কাটি দুইখন ছালৰ মাজত পাৰি দিয়া হয় আৰু ঠায়ে ঠায়ে গাঠি দিয়া হয়।
দোন
দোনৰ আকৃতি দেখিবলৈ একেবাৰে বগা কোমোৰা এটাতকৈ অলপ ডাঙৰ মাত্ৰ। কঁঠিয়া ধান (ধানক সঁচ) সজতনে ৰাখিবলৈ দোন ব্যৱহাৰ কৰা হয় ।জাতি বাঁহৰ কাঠি তুলি একমিটাৰ মান দীঘল আৰু প্ৰায় ২.৫ ফুট বহল কৈ এখন বাকনি (ছাল সদৃশ)বৈ তৈয়াৰ কৰি লোৱা হয় আৰু সেইখন মেৰিয়াই এটা ২ফুট মান বহল চুঙা আকৃতিৰ কৰি এটা মূৰ মোখনি মাৰা (বাঁহৰ কাঠিৰে বান্ধি) হয়। বাৰমিহলি ধানৰ ভালৰো ভাল ধান  বাচি লৈ পাছৰ বছৰৰ বাবে সঁচ হিচাপে ৰখিবলৈ দোনৰ ভিতৰখন ধানখেৰেৰে অলপো সুৰুঙা নথকাকৈ ভৰাই লোৱা হয়। কেনিও যাতে কোনো চিদ্ৰ নাথাকে তাক নিশ্চিত কৰিলৈ কঁঠিয়া ধান খিনি সজতনে দোনটোৰ ভিতৰত ভৰাই দোনৰ মূখখন বন্ধ কৰি দিয়া হয় । এনেকৈ দোনৰ ভিতৰত বহুদিনলৈ কঁঠিয়া ধান সাঁচি ৰাখিব পাৰি।
ডুলি
পথাৰৰ পৰা শস্য ঘৰলৈ আনি বছৰটোৰ বাবে সাঁচি ৰাখিবলৈ ডুলি ব্যৱহাৰ কৰা হয় । সাধাৰনতে ভঁডাৰ নাথাকিলে বা ভঁডালত ধান ৰাখিবলৈ প্ৰয্যাপ্ত ঠাইৰ অভাব হলেই ডুলি ধান থৱলৈ ব্যৱহাৰ কৰা হয় । ডুলিটো ওখই প্ৰায় ২ৰ পৰা ২.৫ মিটাৰ মান ওখ আৰু ১.৫ৰ পৰা ২ মিটাৰ মান বহল থাকে। বাঁহৰ ১ ইঞ্চিমান বহল কাঠি তুলি ঢাৰি বোৱাৰ নিচিনাকৈয়ে ডুলিৰ বাবেও বেৰ আৰু তলখন বৈ তৈয়াৰ কৰা হয় । ওপৰৰ ফালৰ মূখখন খোলাকৈ ৰখা হয় ধান উলিয়াবলৈ আৰু ভৰাবলৈ ।
ভঁডাল
ধান সংৰক্ষন কৰিবলৈ সাজি লোৱা ঘৰ । খেতিয়কে শস্য পথাৰৰ পৰা চপাই আনি সেই শস্য বছৰটোৰ কাৰণে বা ভবিষ্যতৰ কাৰণে সংৰক্ষনৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। দেখাত থকা ঘৰৰ দৰেই মাথো ইয়াৰ মজিয়া খন মাটিৰ পৰা ২ ফুটমান ওপৰত ৰাখি ঘৰটো সজা হয়, মাটিৰ পৰা মজিয়া খন ওপৰত সজা হয় যাতে শস্যবোৰ সহজে মাটি ভাপ লাগি সেমেকি বা নষ্ট হৈ নাযায়। ঘৰটো কাঁঠ বা বাঁহৰে ঘৰটো সজা হয়, মজিয়াখন মাটিৰ পৰা ওপৰত ৰাখিবলৈ ডাঙৰ কাঁঠৰ টুকুৰা বা ডাঙৰ শিল ব্যৱহাৰ কৰা হয়, যাক আমি উধান বুলি কওঁ। ওপৰৰ চালখন খেৰেৰে চোৱা হয়। ভঁডাল ঘৰটোৰ ভিতৰত বাঁহৰ বাকনি (বেৰ) খোটালি খোটালিকৈ দি কেইবাটাও কোঠা বনোৱা হয় যাতে বেলেগ বেলেগ ধান বেলেগে বেলেগে ৰাখিব পৰা যায় । ভঁডালৰ চাৰি বেৰৰ বাহিৰত মজিয়াৰ ১ ফুট মান বাঢি থাকে, সেই অংশটোক গাঢৰি বুলি কোৱা হয়

No comments:

Post a Comment