ডালিয়া
এবিধ শীতকালীন ফুল। এইবিধ ফুল বিভিন্ন ৰঙৰ হয়। বগা, ৰঙা, গুলপীয়া, হালধীয়া আদি
ইয়াৰ বিভিন্ন ৰঙ আৰু আকাৰে মানুহৰ মন আকৰ্ষণ বেছিকৈ বৃদ্ধি কৰে। ইয়াৰ গা-গছডাল
কোমল আৰু ঠুনুকা হয়।
জলবায়ুঃ-
অসমৰ জলবায়ুত ব্যৱসায়িক ভিত্তিত এই ফুলৰ খেতি বাবে অতি সুন্দৰ। এই ফুলৰ সঠিক
বৃদ্ধি আৰু ফুল উত্পাদনৰ বাবে মধ্যমিয়া জলবায়ুৰ প্ৰয়োজন হয়। সাধাৰণতে অক্টোৱৰ
নৱেম্বৰ মাহৰ পৰা এই ফুল ৰুবৰ বাবে অতি উপযোগী সময়।
ডালিয়া
ফুলৰ বাবে প্ৰস্তুতিঃ- ডালিয়া ফুলৰ বাবে থলুৱা ভাবে গুটি পচাই পুলি গজালে বৰ ফলপ্ৰসু
নহয়। ইয়াৰ বাবে আমদানিকৃত সৰু বটলৰ সাফৰৰ দৰে মাটিৰ পাত্ৰত এধানিমান মাটিৰে সৈতে ৫
ইঞ্চিমান দৈৰ্ঘ্যৰ পুলি ক্ৰয় কৰিব লাগে। পুলিবোৰ সাধাৰণতে বহিঃৰাজ্যৰ পৰা স্থানীয়
নাৰ্ছাৰীবোৰে পাইকাৰী হাৰত ক্ৰয় কৰি আনি সেইবোৰ খুচুৰাকৈ বিক্ৰি কৰে। একোটা পুলিৰ
মূল্য প্ৰায় ১.৫০ টকাৰ পৰা ২.০০ টকালৈকে পোৱা যায়। এনে পুলি গুৱাহাটীৰ আশে-পাশে
থকা নাৰ্ছাৰীবোৰত সুলভ মূল্যত পোৱা যায়।
এই ফুল
ৰুবৰ বাবে আৰু এটা সুবিধা আছে যে এবাৰ এনে পুলিবোৰ নাৰ্ছাৰীৰ পৰা পাইকাৰী হাৰত
কিনি আনি পুলিবোৰ অলপ ডাঙৰ হলেই ইয়াৰ স্বাস্থ্যবান নিৰোগী ডাল পাতৰ সৈতে কাটি আন
ঠাইত ৰুলে বেছি লাভৱান হব পাৰি। তাৰোপৰি কিছুমান পুলি ওখ ৰ’দঘাই ঠাইত ৰুলে এটা সময়ত গছ বুঢ়া
হৈ মৰি যাব আৰু তেতিয়া গছডাল উভালি নেপেলাই ৰাখি থৱ লাগে। কাৰণ পুৰঠ গছৰ গুড়িত
আলুৰ সৃষ্টি হয় আৰু সেই আলু মাটিৰ তলতে বহুদিনলৈ থাকি যায়। পৰবৰ্ত্তী অনুকুল বতৰৰ
সময়ত সেই আলুৰ পৰা গজালি আহিব আৰু তাৰ পৰা পুৰঠ নিৰোগী ডাল কাটি পুনৰ নতুন ডালিয়া
পুলিৰ সৃষ্টি কৰিব পৰা যায়।
ডালিয়া
ফুলৰ পুলি ৰোৱা পদ্ধতিঃ- প্ৰথম অৱস্থাত চহোৱা মাটি আনি সেইবোৰৰ চপৰাবোৰ ভালকৈ
গুডি় কৰি চালনীৰে চালি লব লাগিব, তাৰ পিছত সেই মাটিৰ লগত হয় শুকান গোৱৰ নহলে
বইলাৰৰ বিস্থা চালনীৰে চালি মিহলাই লব লাগে। এতিয়া ওপৰত কৈ অহাৰ দৰে পুলিবোৰ ক্ৰয়
কৰি আনি সেইবোৰৰ গুড়িত লাগি থকা মাটিৰ সৰু পাত্ৰটো পৃথক কৰিব লাগে। বজাৰৰ পৰা আধাকেজি বস্তু ভৰাব পৰা প্লেষ্টিকৰ
থোনা কেজি হিচাপত কিনি আনি সেইবোৰত মাটিৰ মিশ্ৰনটো ভৰ্ত্তি কৰি ভৰাই সাজু কৰিব
লাগে। পুলিবোৰ ক্ৰয় কৰাৰ আগতেই থোনা আৰু মাটি প্ৰস্তুত কৰাটো প্ৰয়োজনীয়, কাৰণ
পুলিবোৰ বেছি দিন তেনেকৈ নুৰুৱাকৈ ৰাখিলে লেৰেলি মৰি যাব পাৰে। এতিয়া পুলিবোৰ এটা
এটাকৈ প্ৰতিটো থোনাত ৰুই শাৰী শাৰীকৈ থৈ গৈ সম্পূৰ্ণ ৰুই হলেই পুলিবোৰত সামান্য
পানীৰ যোগান ধৰিব লাগে। এই সময়ত পুলিবোৰত পাৰিলে ছাঁৰ ব্যৱস্থা কৰিলে ভাল। এনেকৈ
এসপ্তাহমান নিয়মিত পুৱা আৰু গধূলি পানী দিয়াৰ পিছত পুলিবোৰ ঠন ধৰি উঠিব। পানী
দিয়াৰ বাবে পুলি ৰুৱা থোনাবোৰৰ মাটি কামোৰ খাই পৰে আৰু সেয়ে প্ৰায় ১,২ সপ্তাহ মানৰ
পিছত থোনাবোৰৰ গা-টোত ধৰি দুইহাতেৰে অলপ মোহাৰি দিব লাগে যাতে ভিতৰৰ মাটিৰ খমলাবোৰ
ভাঙি যায় আৰু পুলিবোৰৰ শিপা সহজে বৃদ্ধি হ’ব পাৰে। এনেকৈ ৩০ ৰ পৰা ৪৫ দিনৰ ভিতৰত পুলিবোৰ প্ৰায় একফুট
মান দীঘল হ’বগৈ
আৰু তেতিয়াই সেইবোৰৰ পুৰঠ নিৰোগী ডাল কাটি আন মাটি ভৰ্ত্তি থোনাত একেই পদ্ধতিৰে
ৰুলেই নতুন পুলি সৃষ্টি হ’ব।
একে
ধৰণেৰে এই ফুলৰ পুলি ঘৰুৱা ভাবে মাটিতো ৰুব পাৰিব। কিন্তু মাটিত ৰুৱাৰ আগতে বহলকৈ
গাত খান্দি গাটৰ মাটিখিনি ভালকৈ গুড়ি কৰি ৰুব লাগে আৰু গুড়িত শুকান গোৱৰৰ গুড়ি
মিহলাই দিব লাগে। মাজে সময়ে গুড়িৰ মাটি খমলা বান্ধিলে খন্তি জাতীয় আহিলাৰে মাটিবোৰ
অলপ চিকুনাই দিব লাগে।
ডালিয়া
ফুলৰ পৰিচৰ্য্যাঃ- এই ফুলৰ গছ ২ মাহ মানৰ ভিতৰত পুৰঠ হয় আৰু ফুলৰ কলি ধৰিবলৈ আৰম্ভ
কৰে। এই সময়ত ফুলৰ গছজোপাৰ কাণ্ডৰ ওৰ্জন বাঢ়ে আৰু সেয়ে বেকা হৈ পৰি যোৱা সম্ভাৱনা
নুই কৰিবলৈ কিছুমান বাঁহৰ সৰু সৰু খুটি থোনাটোৰ মাটিত পুটি গছজোপাৰ ভাৰসাম্য
ৰক্ষাত সহায় কৰিব লাগে। এই ফুলৰ পাতবোৰ
সামান্য লেৰেলি যোৱা যেন দেখিলেই পুৱা গধূলি পানীৰ যোগান ধৰিব লাগে। প্ৰয়োজনতকৈ
অধিক পানী যোগান ধৰাৰ ফলত কেতিয়াবা গছৰ গুড়িটো গেলি ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।
বজাৰ
দখলঃ- ডালিয়া ফুলৰ গছে উপযুক্ত বাতাবৰণত পালে এজোপা ডালিয়া ফুলে ডাল মেলি মেলি চাৰি
পাঁচ পাহলৈকে, কেতিয়াবা তাতোধিক ফুলা দেখা যায়। এনেকৈ ফুলৰ কলি পেলোৱা আৰম্ভ
কৰিলেই বা ফুল ফুলিবলৈ ধৰিলেই গছবোৰ বিক্ৰিৰ বাবে উপযুক্ত হৈ পৰে। তেতিয়াই পাইকাৰী
হাৰত এইফুল থোনাৰ সৈতে প্ৰায় ৪০-৫০ টকালৈকে বিক্ৰি কৰিব পাৰি। তাৰোপৰি প্লাষ্টিকৰ
থোনাৰ পৰা বাহি কৰি মাটিৰে নিৰ্মিত টাবত বিক্ৰিৰ সময়ত ৰুই বজাৰলৈ উলিয়াই দিব
পাৰিলে, প্ৰতিজোপা ডালিয়াত গড়ে ৮০ ৰ পৰা ১২০ টকা পৰ্য্যন্ত মুনাফা আদায় কৰিব
পাৰি।
(এই
গোটেই পদ্ধতিখিনি আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাহে সন্নিবিষ্ট কৰা হৈছে। ইয়াত কোনো
ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰ কথা উল্লেখ কৰা হোৱা নাই। আশাকৰো ৰাইজৰ কিঞ্চিত হলেও সহায়ক
হ’ব)


No comments:
Post a Comment