Tuesday, 10 June 2014

এজোপা মৃত্যুমুখী বকুল গছৰ প্ৰাণ বচালে কেইজনমান প্ৰকৃতিপ্ৰেমী তথা সমাজ সচেতন ব্যক্তিয়েঃ-





যি সময়ত এচাম মানুহে দিনে-নিশাই বনাঞ্চলৰ মূল্যবান গছ-বন কাটি তহিলং কৰি নিঃশেষ কৰিছে, তেনে সময়তেই কেইজনমান সমাজ সচেতন, প্ৰকৃতিপ্ৰেমীৰ অপ্ৰাণ চেষ্টা, সঠিক পদক্ষেপৰ বলত এজোপা ৰোগাক্ৰান্ত গছ পুনৰ জীবিত হৈ উঠিছে। আজিৰ দিনত এয়া সঁচাকৈ এটি ভাল খৱৰ বুলি ভাবো। কিন্তু এয়া কোনো বনাঞ্চলৰ মাজত থকা এজোপা গছৰ কথা নহয়, নগাওঁ চহৰৰ মাজ মজিয়াত থকা চহৰ খনৰ অন্যতম কলা-কৃষ্টিৰ প্ৰাণকেন্দ্ৰ নগাওঁ নাট্য মন্দিৰৰ চৌহদৰ এজোপা পূৰ্ণবয়স্ক বকুল গছৰ কথাহে। নগাওঁ নাট্য মন্দিৰৰ চৌহদৰ মূল তোৰণখন দুয়োফালে থকা দুজোপা বকুল গছৰ, এজোপা গছ প্ৰায় ২,৩ বছৰমানৰ পৰা এক অচিন ৰোগত (গছজোপাৰ সকলোবোৰ পাত কেকোৰা খাই পৰিছিল) ৰোগাক্ৰান্ত হৈ ক্ৰমে মৃত্যুৰ দিশে গতি কৰিছিল। বিগত সময়চোৱাত চহৰৰ মাজমজিয়াতে এজোপা গছ এইদৰে দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ থকাৰ পিছতো নাট্য মন্দিৰ পৰিচালনা সমিতি বা আন কোনো সক্ৰিয় স্বেচ্ছাচাৰী সংগঠন কিম্বা প্ৰকৃতিপ্ৰেমী, কোনো সচেতন ব্যক্তিৰ ইচ্ছাকৃত্ব বা অনিচ্ছাকৃত ভাবে দৃষ্টিগোচৰ নোহোৱাতো অতি পৰিতাপৰ কথা।

সৌভাগ্যক্ৰম যোৱা ফেব্ৰুৱাৰী মাহত (২০১৪ চনৰ) নগাওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা শ্ৰীনৃপেন্দ্ৰ কুমাৰ শৰ্ম্মা,  ব্যক্তিগত কিছু আজুহাতত নাট্যমন্দিৰ প্ৰাংঙ্গনত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পিছতে ৰোগাক্ৰান্ত গছজোপা তেখেতৰ দৃষ্টিগোচৰ হয়, আৰু লগে লগে তেখেতে মন্দিৰ তত্বাবধানত থকা ব্যক্তিগৰাকীক মাতি আনি সুধিলে যে এই গছজোপাৰ কি হৈছে..? এই গছজোপাৰ বিষয়ে আপোনালোকে কমিতিৰ তৰফৰ পৰা কিবা পদক্ষেপ লৈছেনে..? কাৰণ অতি সোনকালে এইগছজোপাৰ চিকিত্সা নকৰিলে গছজোপা মৃত্যু মুখত পৰিব।.....সেই সময়ত ব্যক্তিগৰাকীৰ ভাষ্য এনেধৰণৰ--- যে এই গছজোপা যোৱা কেইবাবছৰৰ পৰা এনে অৱস্থাতেই আছে, গতিকে ইমান চিন্তাৰ বিষয় নহয় বুলি গা-এৰা মন্তব্য দি দায় সৰাৰ চেষ্টা কৰিলে। তত্স্বত্তেও উক্ত অভিযন্তা গৰাকীয়ে গছজোপাৰ প্ৰতি কিবা এটা কৰাৰ মানসেৰে তেওঁ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে নগাওঁ মহাবিদ্যালয় উদ্ভিদ বিজ্ঞানৰ প্ৰবক্তা ডঃ ফৰিষ্টা য়াছমিনক ব্যক্তিগত ভাবে লগ কৰি বিষয়টো অৱগত কৰালে। লগে লগে দ্বিতীয় দিনা ডঃ ফৰিষ্টা য়াছমিনে নগাঁৱৰ কণিষ্ঠ মহাবিদ্যালয় ৰামানুজন মহাবিদ্যালয়ৰ জনৈক ডঃ নাথক সহযোগী হিচাপে লৈ সোঁশৰীৰে আহি উপস্থিত হৈ ৰোগাক্ৰান্ত গছজোপা পৰ্য্যবেক্ষণ কৰি পৰীক্ষা নিৰীক্ষা কৰাৰ দিহা কৰিলে লগতে গছজোপাত কিছুমান ঔষধ প্ৰয়োগৰ ব্যৱস্থা কৰিলে। তাৰোপৰি মাজে সময়ে আহি তেওঁ ব্যক্তিগত ভাবেই গছজোপাৰ ওপৰত দৃষ্টি ৰাখিলে।

এইদৰে একমাহ যোৰা সময়ৰ ব্যৱধানত গছ-জোপাৰ ৰোগ কিছু প্ৰশমন ঘটিবলৈ ধৰিলে যদিও সম্পূৰ্ণ ৰোগমুক্ত হৈ উঠা নাই। এই সময়চোৱাৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উক্ত অভিযন্তা গৰাকীয়ে ৰোগাক্ৰান্ত গছজোপাৰ স্বাস্থ্যৰ বুজ লৈ আছিল আৰু শেহতীয়াভাবে তেওঁ নগাঁও চহৰৰ সমীপবৰ্তী চিলঙনীত থকা নগাঁও কৃষিবিজ্ঞান পৰীক্ষাকেন্দ্ৰৰ কৰ্তৃপক্ষক বিষয়টো অৱগত কৰালে, আৰু লগে লগে কৃষিবিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী জনৈক ডঃ গুহৰ নেতৃত্বত কেইজনমান বিষয়ববীয়া তথা এদল বিজ্ঞানী আহি গছজোপা পৰ্য্যবেক্ষণ কৰি পুনৰ ঔষধ প্ৰয়োগ কৰিলে আৰু গছজোপাৰ গুড়িৰ মাটিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিলে। কৃষিবিজ্ঞানীৰ দলটোৱে নিয়মিত ভাবে গছজোপাৰ গুড়িত পানী যোগান, তেওঁলোকে দিয়া ঔষধ-পাতি গছজোপাৰ ডাল-পাতত নিদিষ্ট সময়ৰ মূৰেমূৰে প্ৰয়োগৰ পৰামৰ্শ দি বৰ্তমানেও গছজোপা পৰ্য্যবেক্ষণত ৰাখিছে। ঔষধ প্ৰয়োগ কৰা বা চিকিত্সা কৰাৰ পিছত বৰ্তমান গছজোপা কিছু আৰোগ্য হোৱাৰ পথ আগবাঢ়িছে যদিও অধিক পৰিচৰ্য্যৰ আৱশ্যক আছে। আজিৰ দিনত ই এক সঁচাকৈ প্ৰশংসনীয় কাৰ্য্য বুলি ভাবো।

মন্দিৰ পৰিচালনা কমিতিয়ে মন্দিৰৰ তোঁৰণৰ দুয়োকাষে থকা গছ দুজোপাৰ গুড়িত শুৱনী দেখিবলৈ পকী কৰি দিছিল যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা গৰাকী আৰু কৃষিবিজ্ঞানী সকলৰ পৰামৰ্শত মন্দিৰ পৰিচালনা সমিতিয়ে সেই পকীৰ পিলাৰ ভাঙিবলৈ বাধ্য হয়।
এই সু-খৱৰটি লগতে ৰাইজৰ জ্ঞাতাৰ্থে জনাও যে নিজৰ ঘৰৰ চৌহদতে হওঁক বা মন্দিৰ-মজ্জিদৰ প্ৰাঙ্গনতেই হওঁক, কোনো ধৰণৰ গছৰ গুড়ি পকী কৰাৰ ব্যৱস্থা নকৰে যেন। ই মানুহৰ দৃষ্টিত দেখিবলৈ সুন্দৰ হয় যদিও গছজোপাক মৃত্যুমুখলৈ জানিবুজি থেলি দিয়াৰ লেখিয়া কাৰ্য্য হে হয়, কিয়নো যি কোনো উদ্ভিদে গুড়িৰ শিপাৰ বা মূলৰ যোগেদি মাটিৰ পৰা পানী, খনিজ লোণ আদি শোষণ কৰি পাতৰ সহায়ত নিজৰ আহাৰ প্ৰস্তুত কৰে। তেনেস্থলত গছৰ গুড়িটোকে যদি বায়ু, পানী পাব নোৱাৰাকৈ বন্ধ কৰি দিয়া হয়, তেনেহলে সি একপ্ৰকাৰ কোনো এটা জীৱক জানিবুজি উশাহ লব নোৱাৰাকৈ টেটু চেপি ধৰা কাৰ্য্যৰ সমতুল্য হব বুলি ভাবো।

বৰা নিতুল,
নগাওঁ,

No comments:

Post a Comment