প্ৰথমেই
কওঁ ৰঙা আঁচুৰ গামোচা খন হৈছে অসমীয়া জাতিৰ প্ৰতীক স্বৰূপ। অসমীয়া শিপিনীসকলৰ
চানেকি গামোচাখন অসমীয়া লোক-কলাৰো এক অমূল্য সম্পদ। তাহানি আহোম ৰজাৰ দিনত একে
ৰাতিৰ ভিতৰতে অসমীয়া মহিলাই কপাহ নেওঠি,
সূতা কাটি, বাটি কৰি কৱচ কাপোৰ বৈ উলিয়াইছিল,
ঠিক সেইদৰে মৰমৰ দীঘ আৰু চেনেহৰ বাণীৰে বৈ উলিওৱা গামোচাখন অসমীয়া
স্বকীয় গৰিমাৰ পৰিচায়ক। বিভিন্ন উপলক্ষত বিভিন্ন ৰুচি অনুসৰি দুয়োমুৰে আছু দি,
সপোনৰ কাষৰি, লতাফুল, গুটিফুল
বাচি গামোচাখন শিপিনীয়ে বৈ উলিয়াই। তাৰোপৰি ৰঙালী বিহুৰ প্ৰথম দিনাই বিহু পতাকা
হিচাপে আমি ফুলাম গামোচাখনক মৰ্য্যদা দি উত্তোলন কৰি আহিছো আৰু বিহুৰ সময়ত মৰমৰ
চিনস্বৰূপে অসমীয়া গাভৰুৱে প্ৰিয়জনলৈ বুলি যতনাই ৰাখি বিহুৰ দিনা মঙ্গল কামনা কৰি
সেঁৱা জনাই বিহুৱান খন যাঁচে। তাতেই সোমাই থাকে চেনাইলৈ বুলি অন্তৰৰ হিয়াভৰা মৰম,
চেনেহ। বাপতি সহোন ৰঙালী বিহুটিত গামোচাৰ প্ৰয়োজনৰ কথা নকলোৱেই বা।
গামোচাখন কান্ধত নাথাকিলে বিহু বিহুয়েই নালাগে। এই মৰমৰ গামোচা খনৰ কথা কৈনোকৈ
থাকিলেও ওৰকে নপৰে। অসমীয়াৰ এই মৰমৰ গামোচাখনৰ মৰ্য্যদা হানি হোৱাতো আমি সকলোৱে কেতিয়াও
কামনা নকৰো।
কিন্তু
বহুদিনৰ পৰা দেখি আহিছো যে এচাম ৰাজনীতি বিদ,
মন্ত্ৰী-বিধায়ক, বিভিন্ন বিভাগৰ মূৰব্বী
বিযায়ই আমাৰ চেনেহৰ গামোচাখনক নিজ নিজ কাৰ্য্যালয়ত নিজৰ চকীখনত পাৰি আওজিবলৈ
ব্যৱহাৰ কৰি আহিছে আৰু সেইখনত আওজিয়েই গোটেই দিনটোৰ কাৰ্য্যালয়ৰ কাৰ্মভাৰ চলাই
গৈছে। এই কথাটো হয়তো ইচ্ছাকৃত বা অনিচ্ছাকৃত ভাবে বহুতৰেই চকুত পৰা নাই। এনেকৈ
গামোচাখনত আওজি কাৰ্য্যালয়ত কাম কৰা কাৰ্য্যটোৱে গামোচাখনক অপমান কৰাই নহয় ই
অসমীয়া সংস্কৃতিকো বুঢ়া আঙুলি প্ৰদৰ্শন কৰাৰ লেখিয়া হৈছে । যিখন গামোচা আমি
অসমীয়াই বিভিন্ন সময়ত বিহুয়ে সংক্ৰান্তিয়ে ডাঙৰক সেঁৱা কৰি বিহুৰ দিনা যাঁছো,
যিখন গামোচা গোঁসাইঘৰত শৰাই, থাপনা, আদি পাতিবলৈ ব্যৱহাৰ কৰো, যিখন গামোচা হুঁচৰি দলক
সেঁৱা জনাবলৈ বঁটা বা সফুৰাৰ ওপৰত দিবলৈ ব্যৱহাৰ কৰো, যিখন
গামোচাক আমি বিবাহৰ দিনা তামোলৰ ঠোকৰ ওপৰত দি আলহী-অতিথীক আদৰিবলৈ ব্যৱহাৰ কৰি
আহিছো, সেই একেখন গামোচা আন কোনোবাই বহি আওজিবলৈ ব্যৱহাৰ
কৰিব, তাকো অসম আৰু অসমীয়াক জোকে তেজপিয়াদি চুহি চুহি খোৱা
এচাম লোকে, সেয়া গ্ৰহণযোগ্য হ’ব নোৱাৰে।
এই লেখাৰ যোগেদি সেইসকল মন্ত্ৰী, বিষয়া, আমোলাৰ এই কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰিছো। যদিহে গামোচা ব্যৱহাৰ নকৰিলেই
নহয় তেনেহলে তিয়নি গামোচা এইদৰে ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালো।
ঠিক
সেইদৰে বিভিন্ন সময়ত অসমৰ প্ৰভাৱশালী,
অজস্ৰ কেলেংকাৰী, দুৰ্নীতিৰ বোকাৰে
লুটুৰি-পুতুৰী মন্ত্ৰী, বিধায়ক সকলক বিভিন্ন অনুষ্ঠানলৈ বহু
যোজন দুৰৰ পৰা আঁদৰণি জনোৱাৰ সময়তো দেখিবলৈ পাওঁ অসমীয়া সংস্কৃতিৰ প্ৰতীক বিহু দলৰ
বিহু-নাচ বা গায়ণ-বায়নক ব্যৱহাৰ কৰা হয় । এইদৰে বিহুদল বা গায়ণ-বায়নৰে কিয় আঁদৰি অনা হয়, সেইসকল তথাকথিত মন্ত্ৰী, বিধায়ক, নেতাৰ মগজুৱে হয়তো কাহানিও ঢুকি নাপায়গৈ।
কেইটামান অৰ্থৰ বিনিময়ত এচাম লোকে অসমীয়াৰ জাতীয় কলা-সংস্কৃতিক মন্ত্ৰী-বিধায়ক,
বিষয়া আমোলাক এনেদৰে আঁদৰণি জানাই ধনঘটাৰ আহিলা হিচাপে ব্যৱহাৰ
কৰাতো চুৰান্ত ঘৃণনীয় কাৰ্য্য বুলি ভাবো। সঁচাকৈ তেওঁলোক এই সন্মাৰ্নৰ উপযুক্ত
নে..?? নে তেওঁলোকক এনেকৈ আঁদৰি আনিব লাগিবই বুলি কিবা
নিয়ম-নীতি পূৰ্বৰে পৰাই আছে...? ই আমাৰ দৰে সাধাৰণ ৰাইজৰ বাবে
এতিয়াও এটা সাথৰ হৈ আছে। মই ভাবো গামোচা,
বিহুদলেই হওঁক বা গায়ণ-বায়নেই হওঁক আমাৰ অসমীয়াৰ এই সংস্কৃতিবোৰ বা
জাতীয় চিহ্নসমূহৰ সন্মাৰ্ন সেইসকল লোকতকৈ বহু ওপৰত। এনেবোৰ কাৰ্য্যৰ তীব্ৰ গৰিহণা
দিয়াৰ সচেতন মহলৰ দৃষ্টি আকৰ্ষণ আশা কৰিলো।
নগাঁও,
No comments:
Post a Comment