Wednesday, 30 April 2014

ভূ-পৃষ্ঠৰ তাপমাত্ৰৰ পৰিবৰ্তন, আজি পৰিবেশৰ ভাৰষাম্য নিয়ন্ত্ৰনৰ বাহিৰত কিয়......?



       

            
        উহঃ বৰ গৰম, উত্কত গৰমত থাকিব নোৱাৰি ইচাটি-বিচাটি কৰে সকলোৱে। প্ৰায়বোৰ দুৰদৰ্শনৰ বাতৰিত বতৰৰ বতৰাত  দেখিবলৈ পাইছো এনে বাতৰি- গৰমৰ প্ৰকোপ ৩৯ ডিগ্ৰীলৈ বাহিছে । অহা তিনি দিনলৈ তাপমাত্ৰ কমাৰ কোনো লক্ষণ নাই। মানুহে সূৰ্য্যৰ প্ৰখৰ ৰদক সহিব নোৱাৰি বৰফ, আইচ ক্ৰিম, ডাব নাৰিকলৰ সহায় লৱলগীয়া হৈছে। কোনোবাই গৰমৰ পৰা হাত সাৰিবলৈ নদীত, পুখুৰীত নামি সাতুৰি-নাদুৰী গা ধুইছে, কোনোবাই গছৰ ছাঁত জিৰাইছে।


        পৃথিৱীৰ উপৰিভাগৰ উত্তপ বাহিলে বুলিয়েই সূৰ্য্যক দুষিলে হবনে...? সূৰ্য্যই বাৰু পূৰ্বতকৈ অধিক ৰশ্মি বিকিৰণ কৰিছে নেকি..? নে পৃথিৱীখন সূৰ্য্যৰ ওচৰ চাপি গৈছে..? এনে নানা প্ৰশ্নৰে সাধাৰণ মানুহৰ মনবোৰ উগুল-ঠুগুল কৰে। কিন্তু প্ৰকৃত্ব কাৰণটো কি...? আজিৰ পৰা ৩০ বছৰৰ আগতেতো এনে অৱস্থা কেতিয়াও নহৈছিল। ৩০ বছৰৰ আগত আজিৰ দৰে শীত-তাপ নিয়ন্ত্ৰন কৰাৰ ব্যৱস্থা সকলোৰে ঘৰত উপলব্ধ হোৱা নাছিল, তেতিয়াতো সকলোৰে ঘৰত আজিৰ দৰে বিজুলী বিচনী নাছিল, নাছিল সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ শীত-তাপ নিয়ন্ত্ৰন কৰিব পৰা ব্যক্তিগত যান-বাহন। তেনেহলে আজি কিয় মানুহে গৰমক সহিব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হবলৈ পালে..?? কিয়..? কিয়..? কিয়..? কিন্তু ইয়াৰ বাবে প্ৰকৃত্ব দায়ী কোন...??
ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে আমি মানুহবোৰই ইয়াৰ বাবে দোষী । সূৰ্য্য উত্তাপ সহিব নোৱাৰা অৱস্থা হোৱাটোত আমিয়েই প্ৰত্যক্ষভাবে অৰিহণা যোগোৱা নাইনে...?
 
        পূৰ্বতকৈ বনাঞ্চলৰ পৰিমান সীমিত লাহে লাহে হৈ আহিছে, মানুহে গছ বন কাটি-ধ্বংস কৰিবলৈ ললে, ফলত প্ৰৰ্য্যপ্ত পৰিমানে অক্সিজেনৰ অভাৱ তাৰ বিপৰীতে বায়ুমণ্ডলত কাৰ্বনডাই অক্সাইডৰ পৰিমান বৃদ্ধি, তাৰ লগে লগে একো একোবিধ উদ্ভিদৰ বিলুপ্ত হৈ পৰিছে। বে-আইনী ভাবে পাহাৰ খনন কাৰ্য্য, পাহাৰ ধংসৰ কৰাৰ ফলত বঙ্গোপসাগৰৰ পৰা উত্পত্তি হোৱা দক্ষিণ-পশ্চিম মৌচুমী বতাহে ঠেকা খাবলৈ নাপায়, সেয়ে  অসমত প্ৰতি বছৰে হোৱা বৰষুণৰ পৰিমান কমি আহিছে। এই সকলোবোৰৰ উদাহৰণ আনহে নালাগে, স্বয়ং ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি গুৱাহাটীলৈ যোৱাৰ পথত জোৰাবাট অঞ্চলৰ আশাপাশে চকু ফুৰালেই দেখা যাব কি দৰে ডাঙৰ ডাঙৰ বুল্দেজাৰে পাহাৰ খনন কাৰ্য্যত লিপ্ত হৈ আছে অহনিশে।  অবৈধ ভাবে নৈ, বিল, জান, সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চল বে-দখল কৰি একপক্ষীয় ভাবে প্ৰকৃতিৰ ওপৰত আমিয়েই মাধমাৰ সোধাইছো। ফলত বিভিন্ন প্ৰজাতিৰ চৰাই লুপ্ত প্ৰায় হৈছে, যেনেঃ- বৰটোকোলা, টোকোৰা চৰাই, শগুণ, ঘৰচিৰিকা, আদি। এককথাত কবলৈ গলে আমি সকলোৱে প্ৰকৃতিৰ কথা নাভাবি (প্ৰকৃতি মানে কেৱল হাবি-জংঘল, গছ-বনৰ কথাই কোৱা নাই, ইতৰ প্ৰাণী, পতংঙ্গ ইত্যাদি সকলোৰে কথা কব বিচাৰিছো) এফালৰ পৰা অত্যাচাৰ কৰাৰ যেন প্ৰতিযোগিতাহে পাতিছো। কিন্তু ইয়াৰ পৰিণাম যে কি ভয়াবহ হবলৈ আগবাঢ়ি গৈ আছে, সেই কথালৈ চৰকাৰ, স্বেচ্ছাচাৰী সংগঠন, বন-বিভাগ, সচেতন ৰাইজ, বুদ্ধিজীবি কাৰোৰে ভক্ষেপে নাই।

No comments:

Post a Comment