কলঙৰ কদৰ্য্য ৰূপৰ কেইখনমান আলোকচিত্ৰ |
লুইতৰ বুকুৰ পৰা জন্ম হোৱা প্ৰকৃতিৰ এক অনন্য অৱদান
হৈছে কলং। এই কলং নগাঁও জিলাৰ মাজৰে বৈ গৈ চহৰ খনৰ এক অপৰূপ সৌন্দৰ্য্যৰে
শুভাবৰ্দ্ধন কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ কলিয়াবৰৰ হাতীমৰা নামে ঠাইৰ পৰা উত্পত্তি হৈ জিলাখনৰ মাজেৰে একা-বেকাকৈ বৈ আহি
শেষত জাগীৰ দুইখুটি মুখ নামে ঠাইত কপিলীৰ লগত মিলিত হৈ একেলগে আকৌ ব্ৰহ্মপুত্ৰত
পৰিছেগৈ।
এইখন
কলঙতেই এসময়ত মাছ মাৰিয়া বহু পৰিয়ালে
জীবিকা আৰ্জন কৰাৰ উপৰিও কলঙৰ বুকুৱেদি চলিছিল কিছু সৰু-সুৰা ব্যৱসায়। নাৱত
লৈ আহিছিল মাটিৰ চৰু-ধাৰি আদি আৰু ডাঙৰ ডাঙৰ বাঁহৰ ভুৰ আহি ঘাটে ঘাটে ৰৈ বাঁহৰ
ব্যৱসায় কৰিছিল। এটা সময়ত কলঙৰ বুকুত কোনো উন্নত দলং নাছিল বুলিলেও ভুল কৰা নহব,
তেনে সময়তেই প্ৰতিটো ঘাটত যাত্ৰী ইপাৰ
সিপাৰ কৰি সুন্দৰ যাতায়তৰ ব্যৱস্থাৰ গঢ় দিছিল একাংশ নাৱৰীয়াই।
তাৰোপৰি
এই কলঙৰ লগত কবি নৱকান্ত বৰুৱা, মহিম বৰাৰ জীৱনৰ বহু স্মৃতিও জড়িত হৈ আছে। কলঙৰ
বাকৰিক লৈয়ে এই সকল কবিয়ে বিভিন্ন সময়ত কবিতা, গল্প, প্ৰবন্ধ ৰচনা কৰি সাহিত্যৰ
ভঁড়াল চহকী কৰি আহিছে।
অতীজতে
কলংখন আজিৰ দৰে নাছিল, এবুকু পানীৰে ভৰা বহল কলঙহে আছিল। এই কলঙৰ পাৰৰ নেহৰুবালিতেই
নগঁঞা ৰাইজে কলঙৰ পাৰত বহি শোভা উপভোগ কৰিব পৰাকৈ ৫০ ফুটমান আঁতৰে আঁতৰে একোখনকৈ
লোহাৰ বেঞ্চ আছিল। বাৰিষা কালত ফেনে-ফুটুকাৰে ভৰা কলঙৰ শোভা আৰু মাজে মাজে ভূমুকি
মৰা শিহুৰ জলকেলি চাবলৈ সুন্দৰ সুবিধা আছিল। কিন্তু প্ৰকৃতিৰ পৰিবৰ্তনশীল নিয়মৰ
বাবেই হওঁক বা মানুহ অমনোযোগিতাৰ বাবেই হওঁক, কলঙৰ অতীজৰ সেই চেহেৰা আজি আৰু
দেখিবলৈ নাই। হেৰাই গ’ল কলঙৰ সেই নন্দন প্ৰাকৃতিক
দৃশ্য, হেৰাই গ’ল সেই নাৱৰীয়া সকল।
সময়
বাগৰৰ লগেলগে ব্ৰহ্মপুত্ৰৰ বুকু বালিৰে চান্দ পৰি আহিবলৈ ধৰিলে। ভৰ-বাৰিষা
ফেনে-ফুটুকাৰে বাহনী পানীৰে যেতিয়া ব্ৰহ্মপুত্ৰৰ বুকু ওফন্দি উঠে, তেতিয়া ভয়াবহ
ৰূপ লৈ ব্ৰহ্মপুত্ৰৰ পানী ইয়াৰ উপনৈ, সূঁতি সমূহৰ মাজেৰে প্ৰবল বেগেৰে বৈ আহি
বানপানীৰ সৃষ্টি কৰিবলৈ ধৰিলে। এই সমস্যাৰ কথা ভাবিয়েই এসময়ত বান-নিয়ন্ত্ৰন বিভাগে
কলঙৰ মুখত হাতীমূৰা নামে ঠাইত বিশাল আকাৰৰ বান্ধ মাৰি দিবলৈ বাধ্য হল। তেতিয়াৰে
পৰাই কলঙৰ বাহনী পানীয়ে ক্ষয়ক্ষতি নোহোৱা কৰিলে সঁচা, কিন্তু এই সুন্দৰ কলংখন লাহে
লাহে একেবাৰে পানী নোহোৱা হৈ মৃত অৱস্থালৈ গতি কৰিবলৈ ধৰিলে।
সম্প্ৰতি
কলঙৰ এক কৰ্দয্য ৰূপে কলঙপৰীয়া সচেতন ৰাইজক চিন্তিত কৰি তুলিছে। প্ৰশাসনৰ নিলিপ্ত
ভুমিকা সুবিধা গ্ৰহণ কৰি এচাম মানুহে কলঙৰ পাৰত জাৱৰ-জোথৰ, মৃত জীৱজন্তুৰ দেহ
বিসৰ্জন, বছৰটোৰ বিভিন্ন সময়ত পূজা-পাতল কৰা দেৱদেৱীৰ মূৰ্ত্তি বিসৰ্জন,
ধোৱা-ধুৱীয়ে লেতেৰা কাপোৰ ধোৱা, একাংশৰ
মল-মূত্ৰ ত্যাগৰ স্থান হিচাপে ব্যৱহাৰ, আন একাংশ কাণ্ডজ্ঞানহীন লোকে ডাষ্টবিন
হিচাপে ব্যৱহাৰ আৰু প্ৰশাসনৰ চকুত ধুলি মাৰি বেদখলকাৰী ক্ৰমে কলঙৰ বুকুলৈকে ঘৰ
সাজি বৰ্তমান কলঙৰ অস্তিত্বলৈ সংকট নমাই আনিছে।
বৰ্তমান
এই মৃত প্ৰায় কলঙক পুনৰ জীপাল কৰি তুলিবলৈ বিভিন্ন বেচৰকাৰী সন্থা, সচেতন
ব্যক্তিয়ে বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশানৰ দৃষ্টি আকৰ্ষন কৰিবলৈ চেষ্টা কৰি আহিছে
যদিও কাৰ্য্যক্ষেত্ৰত ই ফুটুকাৰ ফেনত পৰিনত হোৱাহে পৰিলক্ষিত হৈছে। জিলাখনৰ
কেইবাজনো মন্ত্ৰী, বিধায়ক, সংসদ সকলো আজি যেন নিৰৱ দৰ্শক। এনেকৈ সকলোৰে
অমনোযোগিতাই ঐতিহ্যৰ চিহ্ন কলঙক এদিন ইতিহাসত পৰিনত কৰিব যে সেয়া নুই কৰিব নোৱাৰি।
নিতুল বৰা,
নগাঁও,
২২/০৭/২০১৪
No comments:
Post a Comment