(লগতে অসমীয়া মানুহৰ মৃত্যুৰ লগত নিহিত হৈ থকা চিৰ-যুগমীয়া নিয়ম নীতি সমূহ এই প্ৰবন্ধত আলোচনা কৰা হৈছে।)
মানুহৰ জীৱন চক্ৰৰ আৰম্ভনি হৈছে ভ্ৰুণ, ভ্ৰুণৰ পৰা বিকশিত হৈ এটা নিদিষ্ট সময়(দহমাহ দহদিন)ৰ পিছত জন্ম, জন্মৰ পিছত কৈশোৰ, তাৰ পিছত শৈশৱ, যৌৱন, বৃদ্ধাৱস্থা আৰু একেবাৰে শেষত মৃত্যু যাক কোনেও পৰিহাৰ কৰিব নোৱাৰে। জীৱনক নিঃশেষ কৰি মৃত্যুক আকোৱালি লোৱাটো চিৰ সত্য। এই জীৱনৰ পোৱা-নোপোৱাৰ হাহাকাৰ, ৰোগ-যান্ত্ৰনাৰ জীয়াতু ওৰ পেলাব পৰা একমাত্ৰ পথ মৃত্যু। ই কেতিয়াবা বৰ সংগোপনে আৰু কেতিয়াবা ক্ষণে ক্ষণে কাষ চাপি আহে।
মৃত্যু-শৰ্য্যাত পৰি অন্তিম ক্ষণ গণি থকাজনৰ নাড়ীৰ দুৰ্বল স্পন্দন, কফ, বায়ুৰ প্ৰাবল্য, কাণৰ লতি, নাকৰ পাহি লেৰেলি পৰাৰ লক্ষণ দেখা পোৱাৰ লগে লগে জাতি-কুটুম্ব ওচৰ চুবুৰীয়া ৰাইজে ৰোগশৰ্য্যাৰ কাষত পাল পাতি পৰ দিব লগিয়া হয়। শেষ যাত্ৰা কৰিব খোজা জনৰ কাণত গীতা, কীৰ্তন আদি পঢ়ি হৰিনাম শুনাই। শেষ ক্ষণ কাষ চাপি অহা লগে লগে আপনজন, বংশ-পৰিয়াল, বন্ধু-বান্ধৱ যি যত থাকে সেইসকলৰ হতুৱাই মুখত গাখীৰ, পঞ্চামৃত, গঙ্গা-মৃত্তিকাৰ তিলক দিয়ে। ধূপ-ধূনা চন্দনেৰে শেষ যাত্ৰাক মাঙ্গলিক যাত্ৰাৰ ৰূপ দিয়া হয় এই দৰেই।
অসমীয়া সমাজত ঘৰৰ ভিতৰত দেহ-ত্যাগ কৰিলে ঘৰ অশুচি হয় বুলি ভবা নিয়ম এতিয়াও বহুত ঠাইত আছে। সেই কাৰণে শেষ নিশ্বাস এৰাৰ আগে আগে ঘৰৰ ভিতৰৰ পৰা উলিয়াই চোতাললৈ লৈ গৈ পাটী বা ঢাৰীৰ ওপৰত শুৱাই দিয়া হয়। ঘৰতে থকা তুলসী এজোপা মাটিৰে সৈতে উঘালি আনি পূৱমুৱাকৈ শুৱাই থোৱা অন্তিম যাত্ৰীৰ শিতানত ৰুই দিয়া হয়। এগছি শলিতা, ধূপ-ধূনা জ্বলাই ৰখা হয়। শেষ নিশ্বাস এৰাৰ লগে লগেই বগা কাপোৰেৰে মূৰলৈকে ঢাকি দি মৃতকৰ দেহৰ ওপৰত ফুল ছটিয়াই শেষ শ্ৰদ্ধা জনোৱা হয়। খেৰৰ জুমুঠি এটাও কাষতে জ্বলাই ৰখা হয়।
আপোনজনক হেৰুৱাই মূৰ্চ্ছিত হোৱা ঘৰখনক সান্ত্বনা, ধৈৰ্য্যৰ উপদেশ দি পৰিচৰ্যা কৰি, সুস্থ কৰাৰ দ্বায়িত্ব গঞা ৰাইজে নিজেই মুৰ পাতি লয়। তেনেকৈ মৃতকৰ শেষকৃত্য সমাপন কৰিবৰ বাবেও ৰাইজে দেহে-কেহে খাটে। গাঁৱৰ কোনোবা এজন ঢুকাল বুলি খৱৰ বিয়পি পৰাৰ লগে লগেই ৰাতি দুপৰ, দবাপিটা বৰষুণ, ঠেঁটুৱৈ ধৰা জাৰ, সকলো নেওচি, নিজৰ দহোবন কাটি কৰি গাঁৱৰ ৰাইজ মৃতকৰ ঘৰ ভৰি পৰেহি। বাঁহ, কাঠ ৰাইজে নিজেই কাটি মৃতকৰ ঘৰৰ চোতালতে সাঙী(চাং) সাজে। সাঙী বা চিতাৰ বাবে যি গছ বা বাঁহ কটা হয় সেই জোপা গছৰ ডাল-পাত ঘৰৰ অন্য কামত আৰু ব্যৱহাৰ কৰিব নাপায়। যে কেইজোপা বাঁহ কাটে সেই বাঁহ জোপাও এবছৰলৈ চুৱা বুলি কোৱা হয়।সত্কাৰৰ বাবে কটা বাঁহ কোনেও দেই (পাৰহৈ) যাব নাপই বুলি বিশ্বাস আছে। ফলা বাঁহেৰে বাঁহৰ বুকু ওপৰলৈ দি যিখন চঁচালি সজা হয় সেই চঁচালিখন তিনিহাত এবেগেত জোখেৰে সজা নিয়ম। চঁচালি যি দুডাল বাঁহত বান্ধি দিয়া হয় সেই দুডালক মাদলি বোলা হয়। তাৰ পাছত মৃতকক সাঙীত তুলি টমালেৰে বান্ধি দিয়া হয় যাতে সহজতে লৰচৰ কৰি বাগৰি পৰিব নোৱাৰে।
(অসমীয়াৰ কোনো কোনো সম্প্ৰদায়ৰ লোকে মৃত্যুৰ লগে লগেই ব্ৰাহ্মণ পুৰোহিতক শ সত্কাৰৰ কাৰণে মাতি আনে। পুৰোহিতৰ দিহামতে মৃতকৰ গাৰ পুৰণা কাণি-কাপোৰ যিজনে পিণ্ড দিব সেইজনে সলাই দি মাহ-হালধিৰে স্নান কৰাই(কিছুমানে শ্মাশানত গৈ কৰে) নতুন কাপোৰ পিন্ধাই দিয়ে। তাৰ পাছত ঘৰৰ আটায়ে মৃতকৰ প্ৰতি মূৰ দোঁৱাই সেৱা আগবঢ়াই-যাতে তেওঁ সকলো দোষ-ক্ৰটি মৰিষণ কৰি যায়। তেওঁৰ আত্মা যাতে স্বৰ্গগামী হয় সেই অৰ্থেও ভগৱানক স্তুতি কৰা হয়।)
শ্মশান সাধাৰণতে নৈৰ পাৰত, গাঁৱৰ পৰা আছুতীয়া ঠাইত কৰি লোৱা হয়। কোনো কোনো লোকে মৃতকৰ ইচ্ছানুজায়ী নিজৰ বাৰীৰ চাৰিসীমাৰ ভিতৰৰ এঠাইত দাহ কৰে।মৃতদেহ চোতালত উলিয়াই থোৱা ঠাইখিনি খুটি মাৰি বা গছৰ ডাল-কাইট আদি দি বেঢ়ি থৈ তাতে তিলনি নোযোৱা পৰ্যন্ত চাকি জ্বলাই ৰখা হয়। শ্ৰাদ্ধৰ আগে আগে সেই ঠাই পৰিস্কাৰ কৰি লিপি পেলোৱা হয়।
ৰাইজে কোনো বিশেষ ব্যক্তিৰ ক্ষেত্ৰত খোল-তাল, বজাই হৰি কীৰ্তনেৰে ৰজনজনাই মৃতকক শ্মশানলৈ বুলি সাঙীৰ মাদলি দাঙি লওঁতে প্ৰথম সাঙী কান্ধত লোৱাৰ নিয়ম মৃতকৰ পুত্ৰসকলৰ বা তেনেই ওচৰ সমন্ধীয় চাৰিজনৰ। পুতেক, ভায়েক, নাতিয়েক, ভতিজাক, জোঁৱাই আদিয়ে প্ৰথমে কান্ধত লৈ শ্মশানলৈ যায়। পিতৃ-মাতৃৰ মৃত্যুত বৰপুত্ৰ অথবা কনিষ্ঠ পুত্ৰইহে মুখাগ্নি আদি কৰি পিণ্ডাদি দিব পাৰে। সন্তানৰ মৃত্যুত পিতৃয়ে অথবা জ্যেষ্ঠ ভাতৃয়ে সেই নিয়ম কৰে। সন্তান নোহোৱা জনৰ অন্ত্যেষ্টিক্ৰিয়া সমন্ধীয় কোনো লোকে কৰাৰ নিয়ম আছে।
ৰাইজৰ মাজৰ কেইজনমানে জুমুঠি, ধূণাৰ মলা, এখৰাহি ধান, ঘিউ আৰু মাটিৰ টেকেলীত আমপাতৰ সহিতে পানী এটেকেলী লৈ আগবাঢ়ি বাট বুলাই যায়। মৃতকক বাৰীৰ যি বাটেৰে উলিয়াই নিয়া হয় সেইবাটেৰ মূৰত কলপুলি এটা যোৱাৰ আগতে পুতি থোৱা হয়। ঘৰৰ যি জপনাদি ঘৰৰ মানুহ অহা-যোৱা কৰে সেই জপনাৰে মৰা শ উলিয়াই নিয়া নহয়। কাষদি জেওৰা ভাঙি হলেও বাট এটি উলিয়াই সেই ফালেদি নিয়া হয়। ৰাইজে হাতে হাতে দা, কুঠাৰ, শোৰ আৰু প্ৰয়োজনীয় মলা, কাপোৰ, ঘট, চাকি, শলিতা, তেল, গৰু-ঘিউ,ধান এখৰাহি আদি লৈ যায়।বাকী সকলে খৰি খেৰ ঠেলা বা গৰুগাড়ীৰে কঢ়িয়ালৈ যায়।সুবিধা হলে কেতিয়াবা চন্দন কাঠো নিয়া হয়। শ্মশানত ৰাইজে চিতা সাজিবলৈ ঈশান আৰু নৈঋত দিশ মূৱাকৈ এটা গাত কৰি তাৰ ওপৰত চিতা সজা কাম আৰম্ভ কৰে। যি ঠাইত চিতা সজা হয় সেই মাটি খিনি পইচা দি কিনি লোৱা হয় আৰু সেই পইচা গাত কৰি মাটিত পুতি দিয়া হয়।ওপৰলৈ মেল খোৱা আৰু তলৰ ফালে চেপা খোৱাকৈ চাৰিটা বাঁহৰ খুটা (কেৰেপা-কেৰেপিকৈ)পুতি সেইখুটাৰ মাজত এজাপ এজাপকৈ সাত জাপ খৰি দিয়া হয়, সেইসময়তে পৰিয়ালৰ লোকে মৃতকৰ শৰীৰত ঘিউ সানি দিয়ে।তাৰ পাছত চিতাত খৰি আধা জাপি লৈ মৃতদেহ শুৱাই দিয়া হয়। তাৰ পিছত পুনৰ সাত জাপ খৰি দি মৃতদেহটি সৰ্ম্পূনকৈ নেদেখা কৰি দিয়া হয়।প্ৰতি জাপ খৰিৰ মাজত একোডালকৈ আম খৰি দিয়া হয় যাতে জুই সহজে জ্বলিবলৈ সুবিধা পায়।জাতি কুটুম্বয়ো একোচলা খৰি গাত জাপি দিয়ে। পুৰুষ মৃতকক ওপৰ মূৱাকৈ আৰু মহিলা মহিলা মৃতকক তলমূৱাকৈ শুৱাই দিয়া হয়।চিতাৰ কাম সৰ্ম্পূন হলে মৃতকৰ বৰপুত্ৰ বা সৰুপুত্ৰৰ দ্বাৰা মুখাগ্নি কৰা হয়। মাজু পুত্ৰক মুখাগ্নি কৰিবলৈ দিয়া নহয়। মুখাগ্নি কৰা জনে আগমূৰ্হুত্বত টেকেলীৰ পানীৰে স্নান কৰি লয়। ৰাইজৰ নিৰ্দেশ ক্ৰমে মূখাগ্নি কৰোতা জনে হাতত জোৰ লৈ চিতাৰ চাৰিও কাষেৰে এপাক এপাকৈ সাত পাক প্ৰদক্ষিণ কৰে। প্ৰতিপাক ঘুৰুতে জোৰটো চিতাৰ মাজ অংশৰ তলত এবাৰকৈ টোৱাই দিয়াটো নিয়ম। প্ৰদক্ষিণৰ শেষত ৰাইজৰ লগত পৰিয়ালৰ উপস্থিত লোক আৰু মূখাগ্নি কৰা জনে আঠু লৈ সেৱা আগবঢ়াই। তাৰ পাছত চিতাত অগ্নি সংযোগ কৰে। চিতাৰ জুই দপদপাই জ্বলিলেই পৰিয়ালৰ লোক সকলক তাৰ পৰা ঘৰলৈ আহিবলৈ ৰাইজে নিৰ্দেশ দিয়ে। যেতিয়া মৃতদেহত জুইয়ে আগুৰি ধৰে তেতিয়া মৃতদেহটোত ছাঁই লাগি ধৰে, সেইবোৰ দুৰ কৰিবলৈ খৰাহিত নিয়া ধান সময়ে সময়ে চাতি মাৰি দিয়া হয়, যাতে ধানবোৰ ফুটি তাত গোট খোৱা ছাঁইবোৰ এৰাই যায় সহজতে।সৰ্ম্পূনকৈ দাহ হোৱাৰ পাছত চিতাৰ ছাঁই মাজৰ পৰা এটুকুৰা হাড় (তৰ্জনী বা কনিষ্ঠ আঙুলি)অস্থি বুলি ঘৰলৈ আনি বাঁহৰ চুঙা বা বটলত ভৰাই বাৰীৰ চুকত পুতি থয়। একেবাৰে শেষত জুইয়ে পুৰি ছাঁই হলে চিতাৰ কাষত মাটিৰ টেকেলী এটাত পানী ভৰাই তাৰ ওপৰত ৰঙা বা বগা কাপোৰ এখনেৰে বান্ধি থৈ আহে। ৰাইজৰ সকলোৱে চিতাৰ চাৰিও কাষে এচপৰা এচপৰা মাটি দি শেষ শ্ৰদ্ধা জনাই এফাকি ঘোষাৰে।
ৰাইজ শ্মশানৰ পৰা ঘৰা ঘৰি গৈ ঘৰৰ চৌহদত নোসোমাই পদুলি মুখতে ৰৈ মহানিমৰ পাত মুখত লৈ চোৱাই, এটি শিলত ভৰি থৈ গাত পানী ধালি ধানখেৰৰ জুইত গাটো সেকাৰ নিয়ম আছে, তাতেই সকলো পিন্ধি যোৱা কাণি-কাপোৰ তিয়াই দিয়া হয়। ব্ৰাহ্মণ সকলে লগুন সলাবও লাগে। মৃতকৰ ঘৰৰ সকলোৱে মৃতকক উলিয়াই নিয়াৰ লগে লগে মূৰে-গায়ে তিয়াই গা ধুই পেলোৱা নিয়ম। স্বামীৰ মৃত্যুত পত্নীৰ শিৰৰ আৰু কপালৰ সেন্দুৰ সেই স্থানতে চিৰদিনলৈ মচি দিয়া হয়। কাণৰ ডিঙিৰ অলঙ্কাৰ সোলোকাই দিয়া হয়। ফুল থকা বা ৰঙীন কাপোৰ সলাই বগা থান কাপোৰ শ্ৰাদ্ধ নোযোৱালৈকে পিন্ধিব লাগে পো-বোৱাৰী সকলোৱে।শ্ৰাদ্ধৰ পাছতো জীৱনৰ বাকী দিনত বিধৱা পত্নীয়ে উকা বগা কাপোৰহে পিন্ধিব লাগে।
(আই ওলাই মৃত্যু হলে, সৰ্প-দংশনত মৃত্যু হলে, অপমৃত্যু হলে, কলেৰা ৰোগত মৃত্যু হলে দাহ কৰা নহয়। সৰ্প-দংশনত মৃত্যু হোৱা মানুহক নদীত উটুৱাই দিয়া হয়-যাতে কোনো কবিৰাজে পাই ভাল কৰিব পাৰে। দাহ কৰিব নলগা মৃতকক পুতি থোৱা নিয়ম আছে। মৃত শিশুকো দাহ নকৰি পুতি থোৱাহে হয়। শ্মশান যাত্ৰাত ছোৱালী আৰু তিৰোতা মানুহ যোৱাৰ নিয়ম সাধাৰণতে নাই। কোনো বিশেষ ব্যক্তিৰ মৃত্যুত কৰা শোভাযাত্ৰাত কেতিয়াবা যোগ দিয়া দেখা যায়।)
মৃত্যুৰ দিনাই অথবা ৰাতি মৃত্যু হলে ৰাতিয়েই, ৰন্ধাগৰৰ চৰু-ঢাৰি, শোটা, বাঢ়নী পেলাই দিয়া নিয়ম আছে। যাৱতীয় ৰন্ধা আচবাব পৰিস্কাৰ কৰি ঘৰ-দুৱাৰ মচি লগা নিয়ম আছে। ঘৰৰ সমস্ত কাপোৰ-কাণি তিয়াই দিয়া হয়। শ্ৰাদ্ধ নোযোৱা পৰ্য্যন্ত পৰিয়ালৰ সকলোৱে মজিয়াত খেৰ পাৰিহে শুৱাৰ নিয়ম আছে। (আজিৰ দিনত সেইবোৰ নিয়মৰ কিছু পৰিবৰ্তন হোৱা দেখা যায়)। শ্ৰাদ্ধ নোযোৱা পৰ্য্যন্ত পৰিয়ালৰ লোক সকলে ওখ আসনত বহিব নেপায়, মজিয়াতহে বহিব পাৰে।
মৃত্যুৰ তিনি দিনলৈ মৃতকৰ সন্তান-স্ত্ৰীয়ে পানী এটোপাও খাব নেপায়। পিয়াহত অন্থ-কন্থ শুকাই গলে পানীত ডুব মাৰি তিনিচলু পানী খোৱাৰহে বিধান আছে। ব্ৰাহ্মণৰ হলে চতুৰ্থ দিনা চতুৰ্থা আৰু শূদ্ৰসকলৰ হলে মৃত্যুৰ তৃতীয় দিনা তিলনি কৰা হয়। তিলনিৰ বাৰে পুখুৰী বা নদীৰ পাৰত চাৰিডাল নল বা বাঁহৰ খুঁটা পুতি ওপৰত কলপাত বা নল-খাগৰি দি তিলনি বা চতুৰ্থাৰ পিণ্ড দিয়া হয়। কোনো-কোনোৱে পিণ্ড প্ৰক্ৰিয়া বাদ দি নাম-প্ৰসঙ্গৰে তিলনি কৰা দেখা যায়। তিলনিৰ দিনা পুনৰ মৃতকৰ পৰিয়ালৰ লোকে ঘৰৰ সকলো বয়-বস্তু, কাপোৰ কাণি তিয়াই সুদিৰ হোৱা নিয়ম। তিলনিৰ দিনা গঞা ৰাইজে কল, মাহ-প্ৰসাদ আদিৰে ৰাইজে চোতালতে পুথি একআধ্যায় পঢ়ি মৃতকৰ সদগতি জনাই মৃতকৰ পৰিয়ালক খাবলৈ দিয়ে, গৃহস্থই নিজে হাতেৰে বিলাই খায়। গৃহস্থই স্পৰ্শ কৰা বস্তু ৰাইজে শ্ৰাদ্ধ নোযোৱা পৰ্য্যন্ত নাখায়। সেইদিনাৰ পৰাই মৃতকৰ পৰিয়ালৰ পুৰুষ সকলে ধূতি, চেলেং, পৰিধান কৰিব লাগে। মুৰত ফনি, ভৰিত চেণ্ডল পিন্ধিব নাপায়। চাৰিদিনৰ পৰা শ্ৰাদ্ধৰ দিনালৈকে দিনত ফল-মূল সমান্য গ্ৰহন কৰিব পাৰে। শ্ৰাদ্ধপৰ্য্যন্ত মৃতকৰ পৰিয়ালৰ লোকে হাতত কটাৰী আদি লোৰ বস্তুও ৰাখিব লাগে। তিলনিৰ দিনৰ পৰা প্ৰতি দিনেই মৃতকৰ পৰিয়ালৰ লোকে বেলি ডুবাৰ সময়ত মাটিৰ চৰুত ৰন্ধা তেল,নিমখ, হালধি নিদিয়া সিদ্ধ আহাৰ কলপাতত গ্ৰহন কৰাৰ নিয়ম। ৰাইজে প্ৰতি সন্ধ্যা মৃতকৰ ঘৰত শাস্ত্ৰ পাঠ কৰে।বৰতৰ কেইদিন ৰাইজে আৰু ইস্ত-কুটুম্বই নানা ফল-মূলেৰে সহায়ৰ হাত আগবঢ়াই। দহদিনৰ দিনা দহা কৰা হয়। সেইদিনাও পুৱাতে সকলো কানি-কাপোৰ তিওৱা-বুৰোৱা হয়। ঘৰ-দুৱাৰ মচি পৰিস্কাৰ কৰা হয়।দহাৰ দিনা পুত্ৰ সন্তানে দাৰি চুলি কাটিব লাগে।মৃতকৰ পৰিয়ালৰ লোকে দহাৰ দিনাই মৃতকৰ চিতা-ভেটিত মাটি চপাই দি তাত জেওৰাৰে বেৰি দি ওপৰত চ্ন্দ্ৰতাপ বা বগা কাপোৰেৰে ঢাকি থৈ আহে। দহাৰ দিনা ৰাইজে কেচা পিঠাগুড়ি, এঁৱা গাখীৰ কল আদি লৈ আহি মৃতকৰ ঘৰত একঅধ্যায় পুথি পাঠ কৰি প্ৰসাদ বিতৰণ কৰে আৰু পৰিয়ালৰ লোকক খাবলৈ দিয়ে। ঠাই বিশেষে শূদ্ৰসকলৰ দহাত, মৃতকৰ ঘৰৰ ধানেৰে সান্দহ-চিৰা নিজে খুন্দি আনি মৃতকৰ ঘৰত দুপৰীয়া আঠীয়া কলেৰে ভোজন কৰে।
মূল শ্ৰাদ্ধৰ দিনা মাছকে আদিকৰি মৃতকে ভালপোৱা সকলো ব্যঞ্জন আৰু আধাসিজা ভাত কলপটুৱাত সজাই চিৰা-পিঠা আদিও লগতে দি পিণ্ড দয়া হয়।এই সকলো খিনি মৃতকৰ স্ত্ৰী বা কণ্যাই আচুতীয়াকৈ ৰান্ধি দিয়া নিয়ম।
শাস্ত্ৰৰ নিয়ম মতে শ্ৰাদ্ধৰ সকলো নয়ম সম্পন্ন কৰা হয়। তিথি-বাৰ-নক্ষত্ৰ আদিৰ পুহকৰ লাগিলে যি মতে বিধান দিয়া থাকে সেইমতে আছুতিয়াকৈ পুহকৰ খণ্ডোৱা হয়। পুহকৰৰ দান সকলো ব্ৰাহ্মণে গ্ৰহন নকৰে। মৃতকৰ অৰ্থে ব্ৰাহ্মণক কিছু বস্তু সামৰ্থানুযায়ী দান কৰা হয়। সেই দানৰ ভিতৰত বিশেষকৈ চেলেং, গামোচা, ধূতি, কাঁহৰ বস্তু আৰু কিছু টকা-পইচাও থাকে। দহদিনৰ দিনা দহা, এঘাৰ দিনৰ দিনা কাজ, আৰু বাৰদিনৰ দিনা ভোজ পাতে।
কাজৰ দিনা দিনত ৰাইজে তিনি প্ৰসঙ্গ কৰে, নাম গায় প্ৰসাদ বিতৰন কৰে, মৃতকৰ পৰিয়ালৰ সকলোকে খাবলৈ দিয়া হয়। প্ৰসাদ বিতৰণৰ অন্তত কোমল চাউল, দৈ নাৰিকলৰ লাডু, কেচা পিঠাগুড়িৰ লগত গুৰ (মিঠৈ) মিহলাই লাডু, আদি দোৰুলাত বিতৰন কৰি সকলোকে খাবলৈ দিয়া হয়। ৰাতিলৈ পুনৰ শাস্ত্ৰ পাঠ হয়, ৰাইজে মৃতকৰ পৰিয়ালক মত্স্য স্পৰ্শ কৰোৱই মৃতকৰ পৰিয়ালৰ লোকৰ ব্ৰত ভঙ্গ কৰে। গোটেই ৰাতিটো শাস্ত্ৰ পাঠ কৰা হয়, ইয়াক ওৰেশা পাঠ কৰা বোলে।
বাৰদিনৰ দিনা দিনত ৰাইজে নাম-প্ৰসঙ্গ কৰি প্ৰসাদ বিতৰণ কৰে, তাৰ পাছত সকলোৱে মাত্স্যৰ ভোজ গ্ৰহন কৰে। কোনো কোনো ঠাইত গোঁসাই ভকতেহে নিজ হাতে ভোজ ৰান্ধা নিয়ম আছে। শেষত ভকত সকলক মৃতকৰ পৰিয়ালে বস্ত্ৰ, লোণ দান-দক্ষিণা দিয়া নিয়ম।
শ্ৰাদ্ধৰ পিছত মৃতকৰ সত্কাৰত সদলবলে সহায় আগবঢ়োৱা ৰাইজৰ সকলোকে নিমন্ত্ৰন কৰি আনি ভোজ ভাত বা জনপান অপ্যায়ন কৰি সকলোকে সন্তোস্ত কৰে।
(প্ৰবন্ধটিত কিছু আভাস অসমৰ লোক-সংস্কৃতিৰ পৰা আৰু কিছু নিজা অভিজ্ঞতাৰে প্ৰস্তুত কৰা হৈছে।)