কেইদিনমানৰ আগতে পুৰণি ট্ৰাঙ্ক এটা খুচৰি থাকোতে বহু
দিনৰ আগতে লিখা কেইখনমান পুৰণি চিঠি পালো, চিঠি কেইখন একে উশাহতে কেইবাবাৰো
পঢ়িলো, আকৌ সেই দিনবোৰলৈ মনত পৰি গল। এহ এসময়ত কমখন চিঠি নিলিখিছিলোনে বাৰু..? কৰবাৰ পৰা কবনোৱাৰাকৈ লাজ ভাব এটা
জুমুৰি কৰিলেহি, ইফালে সিফালে চালো কোনোবাই দেখিছে নেকি বাৰু..?
বাই মৰা ভিনিহী,
চোতালৰ আগৰ জাবৰ,
বেৰৰ ফাকৰ ফটাকানি
তাত কিহৰ আদৰ।
...............................ওহো মনটোৱে নামানিলে,
আকৌ মনত পলেলো।
তেতিয়া মই সপ্তমানত আছিলো, গৰমৰ বন্ধত গাঁৱৰ স্কুলখনত
সমূহীয়া বিনামূলীয়া পাঠদান হৈছিল, তালৈ আমিও গৈছিলো, দীপলিপ এজনী ছোৱালীও আহিছিল,
বহিছিল ঠিক মোৰ পোনে পোনে, কব নোৱাৰাকৈয়ে আঁৰ চকুৰে শিক্ষকৰ চকুত ধুলি মাৰি
চাইছিলো তাইলৈ, সঁচাই বৰ ধুনীয়া, সেয়াই আছিল আৰম্ভনি। ল’ৰাবোৰৰ মাজত যেন এক প্ৰতিযোগীতাহে
চলিছিল, কোনে, কেনেকৈ তাইৰ লগত দুই এটা কথা পাতি মনৰ বুজ লব পাৰে। মই কিন্তু নিৰবে
আছিলো, চাইছিলো লুকাই চুৰকৈ, তেওঁও চাইছিল যে নুবুজাকৈ নাছিলো।
এমাহ যোৰা পাঠদান চাই থাকোতেই শেষেই হব হ’ল। একো নোকোৱাকৈয়ে এৰাএৰি হবলৈ মন
নাছিল, সেয়ে এদিন ঘৰলৈ আহি কোঠাৰ দুৱাৰখন বন্ধ কৰি লৈ বাহিৰা বহী খনৰ পাতত জীৱনৰ
প্ৰথমখন চিঠি লিখাৰ আখৰা চলালো, লিখোহে লিখো, কিবা নহয় কিবা এটা ভুল হয়েই, পাতবোৰ
মোহাৰি দলিয়াই দিছিলো। কাগজৰ লাড়ুৰে মজিয়া একাকাৰ। এনেকৈ পিচদিনা কিতাপৰ মাজত
চিঠিখন লৈ গৈছিলো, এপাকত দেখিলো বাহিৰলৈ পানী খাবলৈ গৈছে তেওঁ, সাউতকৈ ময়ো সৰুপানী
চুবলৈ বুলি কৈ বাহিৰলৈ সুঁহুৰি মাৰি মাৰি ওলাই আহিলো। দুৰৰ পৰাই মোক দেখি
মিচিকিয়ালে, চলপাই অকনো সুযোগৰ সত ব্যৱহাৰ কৰো বুলি পকেটৰ পৰা চিঠিখন উলিয়াই
কাষেদি পাৰহৈ যাওঁতেই বাহুত ইচ্ছা কৰিয়েই খুন্দা এটা মাৰিলো, অহ দুখ পালা নেকি..? বুলি কৈ ওচৰলৈ গৈ হাতৰ টিপাতে
চিঠিখন দিলো, সেই মূৰ্হুত্বত মোৰ শৰীৰেদি ৪৪০ ভল্ট পাৰহৈ গৈছিল, বুকুখন ধান বনাদি
বানিছিল, ক’ত আৰু
সৰুপানী চুবলৈ যোৱা হয়, কেইমূৰ্হুত্ব মান পিছতেই উভতিলো। শ্ৰেণীত বহু সময়লৈকে সহজ
হব পৰা নাছিলো। পিচৰ দিনাৰ পাৰ আমাৰ পাঠদান সমাপ্ত। জীৱনৰ প্ৰথম চিঠিৰ অধ্যায়
এনেকৈয়ে যৱনিকা পৰিল।
গ’ল কথা গুচিল। নৱম মান পালোগৈ, প্ৰৱেশিকা পৰীক্ষালৈ হাতত
মাথো দুটা বছৰ, আমাৰ দিনত আকৌ অষ্টম, নৱম, দশম মানৰ তিনিবছৰৰ পাঠ্যক্ৰমৰ পৰা
প্ৰশ্নকাকত কটা হৈছিল প্ৰৱেশিকা পৰীক্ষাত। সেয়ে সেই কেইবছৰত বাহিৰা কিতাপ সমুলি
পঢ়া মানা আছিল। এই অধমো জানো কম আছিলো, লুকাই চুৰকৈ হলেও তেতিয়া সকলোৰে প্ৰিয়
আলোচনী ৰঙা ৰঙা আখৰৰ বিস্ময়খন পঢ়িছিলো। যোগাযোগৰ মাধ্যম বুলিবলৈ তেতিয়াৰ দিনত
আছিল মাত্ৰ চিঠি। ৰাশিফল আৰু পত্ৰবন্ধুৰ শিতানটো মোৰ প্ৰিয় আছিল, পচন্দৰ
বন্ধু-বান্ধৱীৰ নাম,বয়স,ঠিকনা বিচৰি পিটপিটাই ফুৰিছিলো, এনেকৈয়ে সুন্দৰ নামৰ কোনোবা
অচিন বান্ধৱীলৈ লিখি পঠিয়াইছিলো লানি নিচিগা চিঠি। বহুতৰে পৰা উত্তৰো আহিছিল,
স্কুলৰ পৰা ঘুৰি আহি যেতিয়া পঢ়া টেবুলৰ ওপৰত পাতল সেউজীয়া নীলা ৰঙৰ ইনলেণ্ড লেটাৰ
বা লেফাফা পৰি থকা দেখিছিলো, কাপোৰ-কানি নসলোৱাকৈ ঘেচাঘেচ ফালিছিলো আৰু একেউশাহে
দুবাৰ তিনিবাৰমান পঢ়িছিলো। চিঠি সামৰি থৈ কিবা এটা খাই আহিয়েই উত্তৰ লিখাত ব্যস্ত
হৈ পৰো। পিচদিনা স্কুললৈ যাওঁতে ডাঘৰত ২ টকাৰ টিকত লগাই পঠিয়াই দিছিলো বান্ধৱীলৈ।
পিচলৈ বহুত চিঠি লিখা হৈছিলো বাবেই ৭৫ পইচা দামৰ ইনলেণ্ডলেটাৰ এসোপামান কিনি আনি
লুকুৱাই থৈছিলো টেবুল কাপোৰৰ তলত। সেয়ে চাৰিটা ভাজৰ ইনলেণ্ডলেটাৰ খন সিদিনা
ট্ৰাংকৰ পৰা উলিয়াই নিজেই নষ্টালজিক হৈ পৰিলো। কেইবাজনীও উজনিৰ গাভৰুৰ লগত
ঘনিষ্ঠতা ও ভাল বন্ধুত্বৰ সম্পৰ্ক এটা গঢ় লৈ উঠিছিল। এতিয়াও মনত আছে ডিব্ৰগড়ৰ
ইটাখোলা নামৰ গাঁৱৰ সেই দীপিকা ভূঞাৰ চিঠি বোৰৰ কথা। এটা সময়ততো ডাকোৱালে নাম
দেখিলেই মোক চিনি পোৱা হৈ গৈছিলগৈ। তাৰ পিচত তাঁৰথকা ফোন আহিল, কম সময়তে
দুৰ-দুৰণিলৈ বুটাম টিপিয়েই কথা পাতিব পৰা হোৱাত, চিঠি লিখাৰ অভ্যাসটো লাহে লাহে
কমি আহিবলৈ ধৰিলে, অৱশ্যে জিলাৰ বাহিৰলৈ ফোন কৰিবলৈ হলে তেতিয়া অপাৰেটৰক কৈ বুকিং
কৰি ট্ৰাংক ক’ল কৰিব
লাগিছিল, যিবোৰক এচ.টি.ডি বুলি ধৰা হৈছিল।অভাৱনীয় বিজ্ঞানৰ ফলপ্ৰসু সৃষ্টিৰ হাতত
এদিন চিঠিয়ে হাৰ মানিলে।
এনে চিঠিৰ আলমতেই ৰিদিপ দত্তই লিখা সেই গীতটোলৈ আজি
বৰকৈ মনত পৰিছে............
তোলৈ চিঠি লিখোতে..... লিখোতে,
আঙুলি বিষালে.......বিষালে,
ডাকোৱালে চিঠি আনিব........আনিব,
বুলি ভাবি থাকোতে থাকোতে...
অহ হ হ.............
উচ্চতৰ মাধ্যমিকৰ দুবছৰীয়া পাঠ্যক্ৰমক এতিয়া আই.এ. বা
পি.উ বুলি কলে হয়তো আজিৰ দিনৰ ছাত্ৰ-ছাত্ৰীয়ে বুজিকেই নাপাব। মই তেতিয়া উচ্চতৰ
মাধ্যমিক বিজ্ঞানৰ ছাত্ৰ আছিলো। বায়ল’জি বিভাগৰ ধুনীয়া শিক্ষয়ত্ৰী গৰাকীয়ে উদ্ভিদ বিদ্যাৰ
পাঠদান কৰাৰ সময়ত হাতত কিতাপখন লৈ একেবাৰে সন্মুখৰ ডেক্সখনৰ কাষতে থিয় দি
পঢ়ুৱাইছিল, প্ৰথম বেঞ্চতে বহিছিলো মই, সেই বাবেই নে অন্য কোনো কাৰণতে (যিটো মোৰ
বাবে সাঁথৰ আছিল)নাজনো, প্ৰতিটো পেৰাগ্ৰাফৰ অন্তত মোলৈ চালৈ সেই ভুৱনভোলোৱা
হাঁহিটো মাৰি কৈছিল.....বুজি পাইছা..? মই কেৱল মূৰ দুপিয়াছিলো। এইলৈ লগৰ সমনীয়া মখাই কমখন
জোকাইছিলনে, দুটামানেতো মোৰ পৰা যোৰকৈ পইচা কেইটামান সৰাকাইছিলো। দুটামানৰ আকৌ
এইকথা লৈ ইৰ্ষাও হৈছিল, সেইবাবেই মই বেঞ্চ সলনি কৰি চাৰিখনমান পিচৰ বেঞ্চত
বহিছিলোগৈ যদিও বাইদেউৰ দৃষ্টিৰ পৰা সাৰিব পৰা নাছিলো।
তাৰ পিছত মহাবিদ্যালয়ৰ দেওনা পাৰহৈ এদিন
বিশ্ববিদ্যলয়ৰ দুৱাৰ খটখটাইছিলোগৈ। তেতিয়া অলপ চিৰিয়াচ হলো, অভিজ্ঞতাও বাঢ়িল
আগতকৈ। এইবোৰত লাগি থাকিবলৈ সময় তেনেকৈ নোপোৱা হলো যদিও তাৰ মাজতে দুই এগৰাকীয়ে যে
পাঠ্যক্ৰমৰ বিভিন্ন বিষয় শিকাৰ কৃত্ৰিম আগ্ৰহেৰে মোৰ কাষ চাপিব খুজিছিল, সেইকথা
মোৰ চকুত ধৰা পৰিছিল, কিন্তু সুবিধা পোৱা নাছিল বেছি আগবাঢ়িবলৈ। চলে বুদ্ধিৰে
দুজনীমানে যে মোৰ কাষত বহাৰ বিভিন্ন আজুহাত দেখুৱাইছিল সেয়া বুজিছিলো। কেতিয়াবা
কোনোবাজনীয়ে কিতাপৰ মাজত ৰঙা ফুল সুমুৱাই দিছিল, বুজিও সেই কথা নুবুজাৰ ভাওত
আছিলো। সময়ৰ লগে লগে সকলো নিজ নিজ পথত অগ্ৰসৰ হৈছিল, ময়ো নিজে বাটে বাট বুলিছিলো।
চিঠি লিখাৰ অভ্যাসটো আছিল বুলি বন্ধুমহলত জানিছিল
বাবেই, দুজন বন্ধুক মাজে সময়ে সিহঁতৰ প্ৰেমিকালৈ ময়েই চিঠি লিখি দিব লগা হৈছিল।
প্ৰথম অৱস্থাত সিহঁতক বুজাবলৈ চেষ্টা কৰিছিলো যে—আনৰ চিঠি আনে লিখিবলৈ বহুত
অসুবিধা, তহঁতৰ মনৰ কথা তহঁতেহে জানিবি বুলি। কিন্তু মোৰ সকলো চেষ্টা বিফল কৰিছিল
সিহঁতৰ আঁকোৰগোজ স্বভাৱটোৱে, উপায়ন্তৰ হৈ এদিন আনৰ প্ৰেমিকৰ ভাওত পক্সি মাৰিবলৈ
বাধ্য হৈছিলো। আৰম্ভ কৰিছিলো কানসমনীয়া এটাৰ প্ৰথম প্ৰেমৰ প্ৰথম চিঠিৰে.........সি
কৈ গৈছিল, মই হুবহু লিখি গৈছিলো।.............
“মৰমৰ”
নয়নমনি,
মৰম ল’বা। আশা কৰো তুমি ভালেই আছা। তোমালৈ বুলি এইখন মোৰ
প্ৰথম চিঠি। এনেকৈ হঠাতে তোমালৈ চিঠিৰে এটা জৰুৰী কথা কবলগা হোৱা বাবে যাতে তুমি
মোক ভুল নুবুজা, সেই আশাৰে...............কিন্তু মনৰ কথাটো কেনেকৈ ক’ৰ পৰা আৰম্ভ কৰো ভাবিবই পৰা
নাইচোন।
জানা, নয়নি..........মোৰ জীৱনত বহুত মানুহকেই লগ
পাইছো। সেইসকলৰ মাজৰ কিছুমান কেৱল ভাললগাই নহয়, বহুত আপোন যেন লাগে আৰু কিছুমানক
অকাৰণতে ভাল নালাগে, দেখিলেই মনৰ মাজত এটা বিৰক্তিৰ ভাবহে জাগে। আৰু সেই ভাল লগা,
আপোন যেন লগা সকলৰ মাজত যদি তুমিও বিশেষ এগৰাকী হোৱা তেনেহলে বাৰু তুমিয়েই কোৱা কি
সতেৰেনো মই তোমাক পাহৰিব পাৰো। মোৰ কথাবোৰৰ মাজত তুমি বিচাৰিব জানিব বহুত কিবাকিবি
পাবা বুলি আশা কৰিলো। প্ৰথম চিঠিতেই বহলাই নাথাকো, তোমাৰ উত্তৰ পালে পুনৰ লিখিম
বুলি আশাৰে ৰ’লো।
ইতি,
প্ৰশান্ত,
১১/০৯/১৯৯৬
পিচলৈ মোৰ সেই কানসমনীয়া বন্ধুৰ প্ৰেমৰ গুটিয়েই গজালি
হল, থাল-ঠেঙুলি মেলি লহপহকৈ বাঢ়িল। সংসাৰৰ মায়াজালত এসময়ত চিঠিৰ পাণ্ডুলিপি লিখা
সেই কথাবোৰ পাহৰিলেগৈ।
(চিঠিখনৰ কিছু অংশহে মনত আছিল বাবে তাকেই আগবঢ়ালো,
আৰু কিছু আছিল যদিও এই মূৰ্হুত্বত মনলৈ অহা নাই।)
বৰা নিতুল,
নগাঁও,
১৩/০৮/২০১৩
No comments:
Post a Comment