(এইযাত্ৰা পথত মোৰ সৰুসৰু ঘটনাৰ
দুজন নায়কৰ চিনাকি মুখে ভুমুকি মাৰিছে, বিচাৰিলে চিনি পাব পাৰে।) দুৰণীবতীয়া যাত্ৰা বুলিলে এনেও বৰ
ভালপাওঁ। জানুৱাৰী মাহ, তাতে শীতৰ শেষ। আমি যাত্ৰা কৰিছিলো চতিয়াৰ ৰঞ্জিত শইকীয়াৰ
বিয়া খাবলৈ বুলি। নগাঁৱৰপৰা তেজপুৰলৈ আৰু তাৰপৰা পিছত বিশ্বনাথচাৰিআলীৰ কাষৰ
চতিয়াৰ এখন ভিতৰুৱা গাঁৱলৈ। আমাৰ দলটোৰ নগাঁৱৰ পৰা যাবলগীয়া আছিলো-তীৰ্থ, ৰঞ্জিত
আৰু মই। তেজপুৰত অপেক্ষাৰত আছিল নগাঁৱৰে ৰিপুঞ্জয় (নাৰায়ণ),গোলাঘাটৰ মানৱ, কঙ্কন
আৰু কঙ্কনৰ ভনীয়েক শিখা। সেইসময়ত আমাৰ ঘৰত এখন পুৰণা ফিয়েট গাড়ী আছিল AMK-0062 নম্বৰৰ। দেউতাৰ পৰা অনুমতি লৈ
আগতীয়াকৈ গাড়ীখনৰ সকলো ঠিক-ঠাক কৰি ৰাখিছিলো। সময়ত যাতে একো অসুবিধা নহয়,
তিনিদিনৰ প্ৰগেম, তাতে দুৰণীবৰতী বাট।
সেইদিনা ঠিক ২ মান বজাত নগাঁৱৰ পৰা আমি তিনিও যাত্ৰা কৰিলো প্ৰথমে তেজপুৰ অভিমুখে। তেজপুৰতে আমাৰ বাবে ৰৈ থকা আটাইকে বহুদিনৰ মূৰত পাই একেলগে বিয়ালৈ যোৱাৰ আনন্দত সকলো মতলিয়া হৈ পৰিলো।সকলোৱে কিছু সময় কটাই চতিয়ালৈ বুলি যাত্ৰাৰম্ভ কৰিলো। গাড়ীৰ ডিকিত সকলোৰে নিজানিজা বেগবোৰে ভৰ্তি হৈ পৰিল। এইবাৰ গাড়ী তীব্ৰবেগত এৰিদিলো। বাটৰ দুয়োকাষে সেইজীয়া চাহবাগিছা আৰু শিৰিখ গছবোৰে যেন প্ৰকৃতিৰ ৰূপ দুগুনে চৰাইছে। বালিপাৰাৰ ওচৰতে আমি গাড়ী ৰখালো, দুজনমানে পথৰ সিটোপাৰে গৈ সৰুপানী চুবলৈ লাগিল, আমি দুজনমানে কাষৰ চাহবাগান খনৰ ফালে কৈ ক্লিক ক্লিকাবলৈ লাগিলো। কিছু সময়ৰ পিছত আকৌ গাড়ী এৰি দিলো, কাষেৰে গছবোৰ আৰু বিপৰীত মুখী গাড়ীবোৰ খুব জোৰেৰে পাৰহৈ গৈছে। লাহে লাহে আন্ধৰ নামি আহিছিল। মইও গাড়ীৰ হেড লাইট জ্বলাই গাড়ীৰ গতিবেগ পূৰ্বতকৈ কিছু কমাই দিলো।
বালিপাৰা, জামুগুৰি পাৰহৈ প্ৰায় ডেৰঘণ্টাৰ পিছত চতিয়া পালোগৈ, এইবাৰ গাড়ী এটা সৰুপথেৰে
আগবঢ়ালো। গাঁৱৰ মাজেৰে মিহিপথ যদিও ভাললাগিল, কিছুআগবাঢ়ি যোৱাৰ পিছত আমি
দুৰৰপৰাই দেখাপালো বিয়াঘৰৰ ৰভাতলীখন। দেখিয়েই মনটো ভাল লাগিছিল। এইবাৰ গাড়ী গৈ
একেবাৰে বিয়াঘৰৰ গেটৰ সন্মুখত ৰখালোগৈ। লগে লগে আমাক দেখি বিয়াঘৰীয়া চিনাকি
অচিনাকি সকলো আগবাঢ়ি আহিল, দুই এক চিনাকিয়ে আকোৱালি ধৰিলে, সঁচাকৈ আচৰিত হল, হয়তো
তেওঁলোকে ভবাই নাছিল আমি গৈ যে সঁচাকৈয়ে ওলামগৈ। ভিতৰলৈ আদৰি-সাদৰি মাতিনিলে আমাক।
আমিও নিজৰ-নিজৰ বেগবোৰ হাতে-হাতে লৈ এটা কোঠাত সোমলোগৈ। গাঁৱৰ সহজ সৰল মানুহবোৰে
আমাক দেখি তলৰপৰা ওপৰলৈকে চাইছে। বুজিছিলো তেওঁলোকৰ মনত অলেখ প্ৰশ্নৰে ভিৰ
কৰিছেহি। এনেতে ভিতৰৰ পৰা চাহ-পিঠপনাৰ সৰ্জিত এজাগ গাভৰুৱে আহি আমাৰ হাতে হাতে
দিলেহি। লাহে-লাহে আমি ইজন-সিজনৰ লগত চিনাকি হৈ খুৱ কম সময়ৰ ভিতৰতে আপোনা হৈ পৰিলো
সকলোৰে। চাহ-পানী খাই আমি এইবাৰ সকলোৰে লগত বিহু মাৰিবলৈ লাগিলো, দুটামানে ঢোল,
তাল লৈ বিহুগাইছে, আমি সহযোগ কৰিছো আৰু আমাৰ একমাত্ৰ সহযাত্ৰী শিখাই নাচিছে,
লগে-লগে মানৱ আৰু নাৰায়ণে ওচৰতে ৰৈ থকা গাঁৱৰ দুজনী মানক জোৰকৰি নাচিবলৈ টানি
আনিলে।হায়ৌ........................
মাজনী লৈ আহিছো
কেমেৰা,
মাজনী লৈ যাম তোমাৰ চেহেৰামাজনী লৈ যাম তোমাৰ চেহেৰামাজনী লৈ যাম তোমাৰ চেহেৰা।মাজনী ভগা বেৰেত ওলমাই থম।মাজনী বতাহতে হালিবামাজনী মোলৈনো চাই হাঁহিবা,অ মাজনী মৰমকে একোলা লৈ।
মাজনী লৈ যাম তোমাৰ চেহেৰামাজনী লৈ যাম তোমাৰ চেহেৰামাজনী লৈ যাম তোমাৰ চেহেৰা।মাজনী ভগা বেৰেত ওলমাই থম।মাজনী বতাহতে হালিবামাজনী মোলৈনো চাই হাঁহিবা,অ মাজনী মৰমকে একোলা লৈ।
কোনোবা কোনৰ পৰা উফৰি আহিল শুইট্ শুইট্ সুহুৰি কেইটামান। ঢোলৰ চেওত ৰব নোৱাৰি শেষৰ ফাললৈ লৰা-বুঢ়া সকলোৱে নাচিবলৈ ধৰিলে, এক উত্সৱ মুখৰ পৰিবেশে বিয়াঘৰ ৰজনজনাই উঠিল, মানুহৰ সমাগম কবনোৱাৰাকৈয়ে বাঢ়ি গল। একেলেঠাৰীয়ে প্ৰায় ডেৰঘণ্টা বিহুমাৰিহে ক্ষান্ত হল ৰাইজ। সকলোৱে আদৰিসাদৰি এইবাৰ কথাপাতিবলৈ ধৰিলে—আমিও সকলোৰে লগত একাত্ম হৈ কাৰোবাক বৰমা-কাৰোবাক জেঠাই, কাৰোবাক পেহী, বৰদেউতা, খুড়া যি যেনেকৈ পাৰিছে তেনেকৈয়ে সম্বোধৰ কৰি মিলি পৰিলো। এনেকৈ খুৱ কমসময়ৰ ভিতৰতে আমি সকলোৰে প্ৰিয় হৈ পৰিলো। ৰাতিৰসাজ ভাত খোৱলৈকে কেনেকৈ সময় পাৰহৈ গল গমকেই নাপালে গৃহস্থ আলহী সকলোৰে। সকলোৱে মিলি খাইবৈ নিশা ১ মান বজাত সকলো ভাগে-ভাগে শুই পৰিলো, শিখাক ওচৰৰে ছোৱালী কেইজনীমানে একপ্ৰকাৰ জোৰকৰিয়েই লৈ গল একেলগে শুবলৈ।
পিছদিনা অৰ্থাত্ বিয়াৰ দিনা কাহিলীপুৱাতেই উঠি আটাইকেইটাই যিয়ে যেনেকৈ পাৰে কপিকপি গা-পা ধুই আজৰি হলো, গৃহস্থ উঠে মানে আমাৰ বাহিৰৰ কামফেৰা শেষ, ৰাতিয়েই আলোচনা ৰাতিপুৱা সোনকালে উঠিব লাগিব, নহলে ৰাইজৰ লাইন লাগি যাব যে খাটাং। চাহৰ খোলা আৰম্ভ হয় মানে গাঁৱৰ ইমুৰলৈ খোজ ললো। দেখিলো দুই এঘৰৰ বোৱাৰী-জীয়াৰীয়ে হাতত বাঢ়নি লৈ বাহিচোতাল সাৰিছে, মাজে মাজে আমালৈ চাইছে, ভাবিছে চাগৈ এইপুৱাতে এয়া বিয়াঘৰৰে আলহি হৱ পাৰে।গাঁওখনৰ পৰিবেশটোও ভাললাগিল, কেঁচা পথটোৰ দুয়োকাষে সুন্দৰ পথাৰ আৰু কুঁহিয়ানি, এঠাত দেখিলো কুঁহিয়াৰ পেৰি আছে। ওচৰচাপি গলো, গৃহস্থক সুধি পাৰোমানে কুঁহিয়াৰ খালো খালিপেটতে। কিছুদুৰ গৈ উভতি আহিলো বিয়াঘৰলৈ, বিয়াঘৰত যেন সকলোৰে ব্যস্ততাৰ সীমা নাই। ৰাতিপুৱাৰে পৰা সকলোৱে নিজ নিজ কামত লাগিছে। আমিও চাহপানী খাই কামত লাগিলো, আমাৰ দুটামানে মেনথেল লাইট আনিবলৈ চেণ্টাৰৰ দোকানলৈ গ’ল, দুটামানে অভ্যৰ্থনা কক্ষৰ সা-সৰঞ্জাম গোটোৱাত ব্যস্ত। আমি দুটামানে বিয়াঘৰৰ চকিবোৰ শাৰী শাৰীকৈ পাৰিলো। দুটামানে বাটচ’ৰাত টেকেলী পাতি আমপাত নাৰিকলেৰে সাজাই দিলো। ৰঞ্জিতে ডাঙৰ শৰাই এখন আনি তাতে কেঁচা তামোলৰ ঠোক এটা সৰু টেবুল এখনত দি ফুলাম নতুন গামোচাৰে ঢাকি দিছে।
দুপৰীয়ালৈ আইসকলে পানীতুলিবলৈ ওলাল, আগে আগে আমাৰ কঙ্কনৰ ঢোলৰ চেওঁ, লগেলগে আমিবোৰো, আয়তিসকলৰ মুখত বিয়ানামে পানীতোলাঘাট মুখৰিত কৰি তুলিছে...................অ মন জৰী, পানী তুলিবলৈ নানিলা গাড়ীআহোতে যাওঁতে বিষালে ভৰি।অ মন জৰী, পানী তুলিবলৈ নানিলা গাড়ী নৈ হ’ল দূৰণি, বাট হ’ল ঘুৰণিৰাইজৰ নচলে ভৰি,অত ধন কেলৈ লাগিছে, বিয়ালৈ নানিলা গাড়ী। বিয়ালৈ অহা আলহি অপ্যায়নত আমি ব্যস্ত হৈ পৰিলো, এইবোৰ কৰাৰ অভ্যাস আছিল বাবেই কোনো অসুবিধা নোহোৱাকৈ সকলামে সকলোবোৰ কৰিব পাৰিলো। সন্ধ্যাহৈ আহিল, বিয়াঘৰত মানুহৰ ভিৰ বাঢ়িছে, আমি সকলো তেতিয়াও অভ্যৰ্থনাতে ব্যস্ত, সময় কেনেকৈ পাৰহৈ গলগমকে নাপালো। ৰাতি দৰা নোৱাবৰ সময় হল। দৰাৰ সখী আক আমাৰ সকলোৰে মৰমৰ ৰিপুঞ্জয়, সি আক পানী এটোপা দেমকেয়াৰ টনিক নধৰিলেই নচলেই, ((নহলেনো তেজপুৰত সেই দেমকেয়াৰ টনিকৰ দোকানৰ মুখতে এদিন শুই পৰেনে...??)) তাতে সখীয়েকৰ বিয়া আৰু কোনেপায়। ৰভাৰতলীত সকলোব্যস্ত দৰাক নোওৱাত, আমাৰ সখী আক ব্যস্ত বাৰীৰ পিছফালে গাঁৱৰ বন্ধুকেইজনমানৰ লগত দেমকেয়াৰ টনিক খোৱাত। সখীক বিচাৰিলেই নহয় ৰাইজে, বোলে নোৱাব লাগে, কি কৰা যায় এতিয়া ??? তাক নেদেখি মোৰ বুজিবলৈ বাকী নাথাকিল, সেয়ে বিচাৰিগলো বাৰীৰফালে, পালোগৈ সঁচাকৈয়ে কেঁচা পায়খানাটোৰ কাষতে থিয় হৈ দুটামানৰ লগত টনিকত ব্যস্ত। বোলো হেৰৌ, সখীহৈ এয়া কি কৰি আছ ?? বোলো নোৱাবলৈ সখীবিচাৰি আছে, বেগাই আহ। তেতিয়াহে খৰধৰকৈ আহিল। পিছেপিছে তাৰ কাপোৰবোৰলৈ মইও আহিলো। ৰাইজৰ মাজেৰে সখী সোমাই অহাত দুই এগৰাকীৰ নাকত দেমকেয়াৰৰ মলমলিয়া গোন্ধ লাগিলত কোৱা শুনাপালো...........উৱা আমাৰ সখী গোন্ধে আমোলমোলাই আহিছে, ৰাইজৰ মাজৰে পৰা হাঁহিৰ ৰোল বাগৰি অহা শুনা পালো। মোৰ কানমূৰ গৰমহৈ গল। তাৰ কাপোৰ তাক দি থৈ ফৰিংচিটিকা দিলো, ভাবিলো মোকো সেইবিভাগৰ বুলি নাভাবিলেই হল আৰু।
ৰাতিলৈ দৰাঘৰীয়া হৈ আটাইবোৰ গৈ কইনাঘৰ পালোগৈ, কইনাঘৰৰ পৰাই আমি তেজপুৰৰ ৰূমলৈ উভতি আহিলো, সেইদিনা তেজপুৰতে কটাই খোৱাউৰিৰ দিনা পুৱাতে আকৌ চতিয়াৰ দৰাঘৰলৈ উভতি গলো। আগতেই গাঁৱৰ দুইএঘৰলৈ কৰা নিমন্ত্ৰন ৰক্ষা কৰিবলৈও গলো, এঘৰত গৈ পকা পকা বগৰি কুটি জলকীয়া ভোহাৰি খালো। সৰুসৰু ছোৱালীবোৰে আমাক গাঁৱৰ ভিতৰত ফুৰাবলৈও নিলে, সুন্দৰ পৰিবেশে আমাৰ মনপ্ৰাণ চঞ্চলা কৰি পেলালে। জুমনী, গুণমানি হঁতৰ অকৃত্ৰিম মৰমে আমাক সকলোকে মুহিলে। কি খাম, কি কৰিম, সোকলো আলপৈচান ধৰাতেই সিহঁত ব্যস্ত। ৰাতিলৈ খোৱা-খোৱী পুথি আৰম্ভ হল। কইনাঘৰীয়াও আহি পালেহি। আমি দুজনমানে খোৱাবোৱাৰ জোগাৰ কৰাত লাগিলো। গাঁৱৰ গাভৰুহতঁও সহায় কৰিদিলেহি। তাৰ মাজে মাজেই হাঁহি-ধেমালিৰ ৰোল। বয়সীয়াল ককা-আইতাহঁতৰ বাবে গৰমপানীও সাজু কৰিলো। শিখামনি, গুণিমনিহঁতে তামোল খুন্দিছে। আমিবোৰে পুনৰ ৰিচিপচন কৰাত লাগিলো। ককা-আইতা, জেঠাই, পেহী সকলোৱে খাবলৈ বহিল, গৰমপানীৰ কেটলী এটাৰে সকলোকে গৰম পানী দি গলো, সকলোকে যেনেকৈ পাৰিছিলো তেনেকৈয়ে শুশ্ৰুষা কৰিলো। খোৱাৰ শেষত বয়সস্থ সকলক শিখা আৰু গুণমনিয়ে খুন্দা তামোলৰ সোৱাদ দিলে। সকলোৱে মূৰৰ চুলিৰ সমান আয়ুস হওঁক বুলি আশীৰ্বাদো কৰিলে। দুদিনীয়া চিনাকিয়ে মৰমে আমাৰ সকলোকে আকলুৱা কৰিলে।
ৰাতিটো কটাই আমি পিছদিনা দুপৰীয়া ঘৰমূৱা হোৱাৰ সময় হল। সকলোৱে নিজৰ নিজৰ বয়বস্তু সামৰিছে। দৰা-কইনাৰ লগতে বিয়াঘৰীয়া সকলোৰে পৰা বিদায় ল’লো, ওচৰ চুবুৰীয়াও একদুই কৰি গোট খালেহি। আমি যেন মাত্ৰ তিনিদিন নহয় বহুত দিন কটালো গাঁওখনত তেনে লাগিল, সকলো আপোন লোকক এৰি অহাৰ দুখে খুন্দমাৰি ধৰিছিল, আইতা-জেঠাই, পেহী, গাঁৱৰ বন্ধুবৰ্গই আকৌ আহিবা তোমালোক বুলি বাৰে বাৰে কোৱা কথা কেইষাৰ এতিয়াও কানত বাজিয়েই আছে। জুমণী, গুণমনিহঁতৰ দুচকু সেমেকি উঠিল, আমিও আৰু দ’ৰা-কইনাক শুভেচ্ছা জনাই পলম নকৰি গাড়ীত বহিলোহি, মোৰ পুৰণা ফিয়েটখনৰ ইঞ্জিনে চেকুৰী উঠিল, এৰিদিলো গাড়ী সন্মুখলৈ, লগত লৈ আহিলো বহুতো সঁচামৰম, চেনেহ, ভালপোৱা, আৰু গাঁৱৰ কেঁচামাটিৰ গোন্ধ। যিয়ে মোক আজিও হাতবাউলি ৰিঙায়াই।
No comments:
Post a Comment