এক
সহিব নোৱাৰা সময়। বিদায় মূৰ্হুত্ব যেনেকুৱাই নহওঁক কিয় সেয়া এক অনাবিল বিষাদৰে ভৰা
পাহৰিব নোৱাৰা সময়। আমি প্ৰত্যেকেই জীৱনত কেতিয়াবা এনে এক মূৰ্হুত্বৰ সন্মুখীন
হৱলগীয়া হয় । কোনোবাই আত্মীয়-স্বজনক এৰি যোৱাৰ সময়ত, কোনোবাই কৰ্মময় জীৱনৰ অৱসৰ,
কোনোবাই স্বদেশ এৰি চিৰদিনলৈ যোৱাৰ সময়ত আৰু কোনোবাই জীৱনৰ সমস্ত মায়ামোহ,
ধন-ঐচৰ্য্য এৰি দেহ ত্যাগ কৰাৰ সময়ত আপোনজনে হিয়াধাকুৰি হুক-হুকাই উঠে শেষবাৰৰ
বাবে, কব লগিয়া বহু কথাই মনৰ মাজতে ওকমোকাই থাকে, কিন্তু একোৱেই কব পৰা নাযায়,
সকলো নিৰবে সহ্য কৰি যাবলগা হয়, কৰিবলৈ একোৱেই নাথাকে তেনেসময়ত.........লাহে লাহে
সময়ৰ সোঁতত সকলো পাহৰি পৰিস্থিতি পৰিবেশৰ লগত নিজকে খাপখুৱাই লবলৈও বাধ্য হয়। এনে
এক অনাবিল মূৰ্হুত্বত মোৰ অনুভুতি খিনি এনেকৈ লিপিবদ্ধ কৰিলো..............
এদিন
এনেকৈয়ে হঠাতেই মোৰ দেউতা চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ দিন আহিল। তাৰ আগতে এদিনো
ভাবি চোৱা নাছিলো যে দেউতাৰ এদিন চাকৰি শেষ হৱ।
কব নোৱাৰাকৈয়ে মোৰ মনত এক ভাবিব নোৱাৰা শোকে খুন্দমাৰি ধৰিছিল সেইদিনা,
ভাবিবলৈ বাধ্য হৈছিলো যে সেইদিনটোৰ পৰা আৰু মোৰ দেউতাৰ চাকৰি নাথাকে। অৰ্থাত্
সেইদিনাৰ পৰা দেউতাই আৰু মাহেকৰ মুৰত কোনো দৰমহা নাপায়....সকলো চৰকাৰী চাকৰিয়ালৰ
জীৱনলৈ এনে এটা অৱসৰৰ দিন এদিন আহেই। মোৰ দেউতাই প্ৰথম চাকৰিয়াল নহয় যে অৱসৰ গ্ৰহন
কৰিছিল, তেনেহলে—তেনেহলে মই কিয় সহজে মানি লব পৰা নাই ? নাজানো আন
মাক-দেউতাকে অৱসৰ লোৱাৰ দিনা তেওঁলোকৰ সন্তানে এনেকৈ দুখত ভাগি পৰেনে
নাই।---কথাবোৰ মই বাৰু বেছিকৈ চিন্তা কৰিছো নেকি- নিজকে নিজে শান্তনা দিবৰ বাবে
মাজে মাজে ভাবি চাইছিলো....নাই তেনেকুৱা নহয়....আনৰ লগত আমাৰ পৰিয়ালৰ আকাশ-পাতালৰ
পাৰ্থক্য আছে। কাৰণ সাধাৰণ প্ৰাইমেৰী শিক্ষকৰ চাৰিটি সন্তানৰে গঠিত অভাব অনাটনে জৰ্জৰিত পৰিয়াটোৰ আটাইকেইটা
প্ৰাণীয়েই মাহটোৰ শেষত দেউতাৰ দৰমহাৰ টকা কেইটালৈ অলেখ আশাৰে বাটচাই ৰব লাগিয়া
হৈছিল। দেউতাই নিজে কৰা খেতিৰ ধানেৰে বছৰটো নোযোৰেগৈ, তেল-নিমখৰ পৰা আদিকৰি সকলো
বাকী দোকানৰ পৰা কিনিবলগীয়া হয়, তাতে চাৰিটাকৈ লৰাক স্কুলৰ পঢ়া-শুনাৰ খৰচৰ কথা
নকলোৱেইবা, আগদিনা মাহিলী দৰমহা লৈ আহে আৰু মাহৰ ১০টা দিনৰ পাছত সেই একেই অৱস্থা
হয়গৈ। মাহৰ শেষৰ ফালে বাকী দোকানীৰ নানান কৰ্কথনা শুনিব লগা হয়। সেয়ে হয়তো সহজভাবে
লব পৰা নাছিলো। আজিৰ পৰা আৰু কোনো আশালৈ মাহৰ শেষৰ দৰমহা পোৱা দিনটোলৈ বাটচাব
লগিয়া নহয়, তাকেই ভাবি ভাবি দুচকুৱেদি কেতিয়া জানো দুধাৰি চকুপানী বৈ আহিল কবই
নোৱাৰিলো।
সেইদিনা
আছিল ২০০০ চনৰ ৩১ ডিচেম্বৰৰ দিন। লগৰ সমনীয়াহঁত ইংৰাজী নৱবৰ্ষক আদৰাৰ প্ৰস্তুতিত
ব্যস্ত, আৰু আমাৰ পৰিয়ালৰ সকলো সেইদিনা এক বুজাব নোৱাৰা দুখত ঘৰতেই চটফটাই ফুৰিছো।
সেইদিনটোতেই দেউতাক বিদ্যালয়ৰ পৰা বিদায় সম্ভাষন জনোৱা হৱ। সদায় অহাৰ দৰে সেইদিনাও
দেউতাৰ সহকৰ্মী মোহন বৰুৱা চাৰ আহি আমাৰ ঘৰ ওলাইছিলহি ঠিক ৯ মান বজাত, লগতে আহিছিল
আন এজন শিক্ষকো মটৰ চাইকেল লৈ দেউতাক ঘৰৰ পৰা লৈ যাবলৈ। দেউতা গা-পা ধুই ওলাই মানে
সদায় তেওঁ আহি আমাৰ সন্মুখৰ ৰূমৰ বিচনাতে দীঘল দি জীৰণী লয়হি, মায়ে চাহ একাপ দিয়ে
আৰু দেউতা ওলাই হলেই একেলগে দুয়ো বিদ্যালয়লৈ যায়গৈ। এয়া যেন দেউতা আৰু বৰুৱা চাৰৰ এক
দৈনিক ৰুটীনহে। সেইদিনাও আহি একেলগেই ওলাই গল। আমাৰ মা-দাদ-ভাইটি কাৰো মুখত হাঁহি
নাই...সকলোৱে যেন ইজনে সিজনৰ পৰা মনৰ মাজত থকা দুখখিনি লুকুৱাইহে ৰাখিছে। কিন্তু
নিজকে যেন কোনেওঁ বুজাব পৰা নাই।
আবেলি
ঠিক ৪মান বজাত দেউতাক সহকৰ্মী ৮জন মান আৰু বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে ঘৰত থবলৈ
আহিছিল। সকলোকে বহিবলৈ দি মা-চাহৰ খোলাত লাগিল, মই দুৰৰ পৰাই আলেঙে আলেঙে চাই
আছিলো, ওচৰলৈ যাবলৈ সাহস হোৱা নাছিল, আচলতে দেউতাৰ মুখামুখি হৱ পৰা
নাছিলো.......শঁৰাই, গামোচা, এখন এৰীকাপোৰ, এটা হাকোটা ছাতি, দুডালমান লাখুটি আৰু
এখন প্ৰশস্তিপত্ৰ, কেইটামান নামীদামী কলম আৰু এটা হাত ঘড়ীৰে আমাৰ একমাত্ৰ সন্মুখৰ
টেবুলখন ভৰি পৰিছিল। সহকৰ্মী সকলে দেউতাক কিবা কিবি কৈ বুজানি দি থকা শুনিছিলো.
যদিও দেউতাৰ মুখেৰে এটা শব্দও শুনা নাছিলো..............এনেকৈ কেইমূৰ্হুত্বমান পাৰ
হৈছিল.......হঠাতে কাণত পৰিল দেউতাৰ হুক-হুকনি...হয় সেয়া দেউতাই হুকহুকাই উঠিছে........ভিতৰত
মায়ে উচুপি উঠিছে........বুজিবলৈ বাকী নাথাকিল......মোৰ দুচকু চকুপানীৰে উপচি
পৰিল, নিজকে আনৰ চকুৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিছিলো যদিও চকুৰপানীক বাধা দিব
নোৱাৰিলো। মনলৈ অনেক ভাব আহিছিল সেই মূৰ্হুত্বত.........এতিয়া আমি কেনেকৈ চলিম,
কেনেকৈ ভাতৰ চাউল কিনিম, কেনেকৈ ঘৰৰ সমস্ত খৰচ উলিয়াম, দেউতায়েবা কেনেকৈ চলাব
ঘৰখন....এনেবোৰ যেন বহু প্ৰশ্নই একেসময়তে মনটো ভাৰক্ৰন্ত কৰিলেহি। এটা সময়ত সকলোৱে
দেউতাৰ পৰা বিদাই লৈ ঘৰলৈ বুলি উভতিল। আকৌ আমাৰ ঘৰখন নিৰ্যনতাৰে ভৰি পৰিল, কতো একো
শব্দ নাই....যেন কাঁহ পৰি যিনযোৱা অৱস্থা.....যি যতেই আছে ততেই থাকিল, দেউতা সেই
কাঠৰ চকীখনতে দেহাটো এৰি দি বহুত পৰ বহি থাকিল......মুখত এক সহিব নোৱাৰা চিন্তাই
যেন দেউতাক খুলি খুলি খাইছিল। এইবোৰ দেখি শুনিয়েই মই বহুদিনলৈ মা-দেউতাৰ পৰা
পঢ়া-শুনাৰ বাবে পইচা খোজা নাছিলো, কিজানিবা দেউতাই দিব নোৱাৰি মনত দুখ পাই, যিমান
পাৰো নিজেই নিজৰ কাম কৰি গৈছিলো, ভাইটি দুটাকো মনে মনে কৈছিলো---তহঁতে কিন্তু
মা-দেউতাক এতিয়া আৰু আগৰ দৰে পইচা নিবিচাৰিবি দেই—সৰু ভাইটিতো একেবাৰে সৰু আছিল,
সি একো নুবুজি সুধিছিল কিয় দাদা...দেউতাই পইচা নিদিয়ে বুলি কৈছে নেকি..??..কেনেকৈ
বুজাম তাক, কেনেকৈ কও মই দেউতাই আৰু পইচা কেতিয়াওঁ নাপাই বুলি। তথাপিওঁ তাক
বুজাবলৈ চেষ্টা কৰিছিলো, হয়তো সি লাহে লাহে বুজিব পাৰিছিল চাগৈ।
ইমান
খিনিলৈকে সকলো ঠিকেই বুজিছিলো । দেউতাৰ চাকৰি কৰাৰ দিনত সহকৰ্মীৰে আমাৰ ঘৰ প্ৰায়ে
ভৰি আছিল। বৰুৱা চাৰতো প্ৰায়ে আহোতে যাওঁতে মাৰ হাতৰ একাপ চাহ নাখালে হেপাহেই
নপলাইছিল, প্ৰতিদিনেই দুইতিনিজন মান শিক্ষক আমাৰ ঘৰত বিভিন্ন কাৰণত
সোমাইছিলহি.....কিন্তু দেউতাৰ সেই সহকৰ্মী সকল বিগত ১১ বছৰে এজনেও দেউতাৰ এটা খৱৰ
লোৱাৰ প্ৰয়োজন বোধ নকৰিলে.......আনকি দেউতা ২০১০-১১ বছৰ দুটা দুৰাৰোগ্য ৰোগত
আক্ৰন্ত হৈ শৰ্য্যগত অৱস্থাতো খৱৰ কৰিবলৈ কোনো এজন সহকৰ্মীয়ে অহা নাছিল। ভাবিবলৈ
বাধ্য হৈছিলো কিয়-কিয় দেউতাৰ সেইসকল সহকৰ্মীয়ে এনেকৈ দেউতাক অকলশৰীয়া কৰি পতাৰণা
কৰিলে, আমাৰ পদুলিয়েদি পাৰহৈ গলেও কিয় এবাৰ দেউতাৰ খৱৰ লোৱাৰ প্ৰয়োজন বোধ নকৰিলে,
চাকৰি জীৱনত গঢ়লোৱা সৰ্ম্পকবোৰ এনেকৈয়ে শেষ হৈ যায়নে, অৱসৰ মানেই সকলো শেষ নেকি ? হয়তো
তেওঁলোকৰো বাধ্য-বধকতা আহি পৰিছিল.....ইচ্ছা থাকিও যেন আহিব পৰা নাছিল তেওঁলোক।
আজি মোৰ দেউতা নাই, তেওঁ যোৱা ২০১১ চনৰ ১ আগষ্টৰ দিনা আমাক সকলোকে কন্দুৱাই এৰি থৈ
স্বৰ্গগামী হল, এনেকৈয়ে দেউতাৰ আমাৰ পৰা বিদায় ললে। তেখেতৰ আত্মাই চিৰশান্তি লাভ
কৰক।
No comments:
Post a Comment