তুলসী দেৱীৰ নাম বৃন্দা, তেওঁ
নাৰায়ণৰ প্ৰিয়তমা পত্নী। বৃন্দাবনত বৃক্ষ আকাৰে থকাৰ বাবে তেওঁৰ নাম বৃন্দাবনী,
তেওঁ বিশ্বতে পূজিতা, তেওঁক সেয়েহে নাৰায়ণেও পূজা কৰে। তুলসীয়ে সকলোকে আনন্দ
প্ৰদান কৰে সেইবাবে তেওঁৰ আন এটা নাম হৈছে নন্দিনী। কৃষ্ণৰ জীৱনৰূপা মনোৰমা বাবে
তেওঁৰ নাম শ্ৰীকৃষ্ণজীৱনী, যিহেতু তেওঁক কৃষ্ণয়ো অৰ্চনা বন্দনা কৰে।
বৃন্দা, বৃন্দাবনী, বিশ্বৰ পাৱনী,
বিশ্বৰ পূজিতা, কৃষ্ণৰজীৱনী পুস্পসাৰা, নন্দিনী আৰু তুলসী এই কেইটা নামেৰে তুলসীক
পূজা কৰিলে অশ্বমেধ যজ্ঞ কৰাৰ সমান ফল লাভ কৰিব পাৰিব।
বিশেষকৈ কাতি মাহৰ পূৰ্ণিমা তিথি
তুলসী পূজাৰ প্ৰসস্ত দিন। তুলসীৰ পূজাই সকলোকে শোক দুখৰ পৰা মুক্ত কৰি শান্তি
প্ৰদান কৰে।
যি পদ্মহস্তা, পদ্মমুখী,
পদ্মস্থিতা, পদ্মনেত্ৰা আৰু লক্ষীৰূপা সেই সৌম্যৰূপিনী তুলসী দেৱীক কৰিছে। যিজনে
সংক্ৰান্তি আৰু চন্দ্ৰ সূৰ্য্যৰ গ্ৰহণৰ সময়ত সংযত হৈ তুলসী চৰিত্ৰ আৰু বন্দনা স্তৱ
পাঠ কৰে তেওঁৰ সৰ্বসিদ্ধি লাভৰ যোগ হাততে থাকে।
মন্ত্ৰ, জপ, যজ্ঞ, ক্ৰিয়া ধ্যান
তীৰ্থ এই সমস্তৰ অভাৱত এই তুলসী চৰিত্ৰ/স্তৱত সকলো সিদ্ধি লাভ হয়। যিজনে গুৰুকৃত স্তৱ পাঠ বা
শ্ৰৱন কৰে তেওঁ নিঃসন্দেহে মুক্তি লাভ কৰে।এয়াই হ’ল তুলসী দেৱীৰ পূজাৰ বিধি।
তুলসীৰ জন্ম কাহিনীত তলৰ কথাখিনি
উক্ত পুথিখনিত সন্নিবিষ্ট আছে......
কাৰ্ত্তিকী পূৰ্ণিমা ৰাতি শুক্ৰবাৰ দিনা।
শুভক্ষণে কন্যা শিশু জন্মিলে সিদিনা।।
জ্যোতিময়ী মূৰ্ক্তি কন্যা নয়ণাভিৰাম।
পুৰাবিদগণে দিলে তুলসী এই নাম।।
ভূমিষ্ঠা হৈয়েই কন্যা সংকল্প কৰিলে।
নাৰায়ণক পতিৰূপে মনতে ভাবিলে।।
নাৰায়ণক পতি ৰূপে সংকল্প কৰিলে।
সহস্ৰ শতেক বছৰ তপস্যা কৰিলে।।
দশ দশ শত বৰ্ষ নকৰি আহাৰ।
কঠোৰ তপস্যা শেষ নহ’ল কন্যাৰ।।
কঠোৰ তপস্যা দেখি ব্ৰহ্মা সনাতন।
বদৰিকাশ্ৰমলৈকে কৰিলে গমন।।
ব্ৰহ্মাক দেখিয়া দেৱী আনন্দিত মন।
ভক্তি ভাবে প্ৰনিপাত কৰে সেইক্ষণ।।
জগত বিধাতা দেৱীক সোধে মৰেমেৰে।
তুলসী নিচিন্তে কোৱা কিবা বৰ লাগে।।
তুলসীয়ে নাৰায়ণক পতি ৰূপে পাবলৈ
বৰ বিচাৰিলে আৰু গোবিন্দ প্ৰভুৱে তেওঁক বৰ দিলে কেনেকৈ সেয়া তলৰ
অংশত..............
গোবিন্দই ক’লে মোক মধুৰ বচনে।
ভাৰতত থাকিবা তুমি আনন্দিত মনে।।
তাতেই তপস্যা তুমি সদায় কৰিবা।
ফলৰূপে নাৰায়ণক পতিৰূপে পাবা।।
ব্ৰহ্মাই কৰিব দান তপস্যাৰ ফল।
প্ৰদান কৰিব বৰ তোমাৰ মঙ্গল।।
মোৰ অংশজাত হয় দেৱ নাৰায়ণ।
পতিৰূপে পাবা তেওঁক দেৱ নাৰায়ণ।।
No comments:
Post a Comment