কষ্টৰ ফল সদায় মিঠা,
ভুকুতে কলটো নপকে,
এই কথা কেইফাঁকিয়েই যেন তাৰ লগত
আখৰে আখৰে ফলিয়াই আহিছে বছৰ বছৰ ধৰি। তথাপিওঁ সি কাহানিও হাতাশাক প্ৰশ্ৰয় দিয়া
নাই, থমকি ৰোৱা নাই জীৱন বাটত, অহৰ্নিশে চলাই গৈছে কঠোৰ শ্ৰম, কৰ্মব্যস্ততা। এটাৰ
পাছত এটা দিন আহিছে গৈছে। প্ৰতিদিনৰ ৰাতিপুৱা এক ন-উদ্যাম লৈ সি আগুৱাই গৈছে তাৰ
লক্ষ স্থানলৈ বুলি।
হুৰমুৰকৈ সোমাই আহিল সি, আহিয়েই
দেখিলে লগৰ আটাইকেইটাই অফিচত বিশেষ কাম নাই বাবে নিজৰ নিজৰ কম্পিউটাৰত বহি ফেচবুকত
কাৰোবাৰ লগত কথা পাতি সময় অতিবাহিত কৰি আছে, সি অহালৈ যেন কাৰোৰেই ভক্ষেপেই নাই,
তাৰ মুৰটো অচন্দাই কৰিলে................। সি ভাবিলে মনতে কাম-বন নাই খালি এইমখাই
ফেচবুক ফেচবুক, কি পাই বাৰু ইহঁতে সেই ফেচবুক ডালৰ মাজত।
এইটো অবিনাশ, সিওঁ সিহঁতৰ লগতে
একেটা কাৰ্য্যালয়তে চাকৰি কৰে, সিহঁতবোৰ হল-ঝৰ্ণা, মালবিকা, ৰেকিব, মানস, প্ৰভাকৰ
ইহঁতেই সিহঁত। অবিনাশে এইবোৰ চছিয়েল চাইটৰ বিষয়ে একো বুজি নাপায়, বুজিবলে বা
জানিবলৈ কেতিয়াওঁ ইচ্ছাও কৰা নাই, কিন্তু অফিচত কাম নাথাকিলে যেতিয়া সিহঁতবোৰ ফেচবুকত
নিজৰ নিজৰ বন্ধু-বান্ধৱীৰ লগত ব্যস্ত হৈ পৰে তেতিয়াই সি নিজকে বৰ অকলশৰীয়া অনুভৱ
কৰে। তাৰ কথা পাতিবলৈ লগ এটাও নথাকে, এনেয়ে সিহঁতে কামৰ মাজতে আজি ফেচবুকত কি
আপডেট দিলে, কাৰ কিমান ফ্ৰেইণ্ড আছে, কোনে কাৰ লগত কিমান কথা পাতিলে এইবোৰকেই পাতি
থাকে, তাকে শুনি শুনি তাৰ মুৰ গৰম হৈ যায়।
অবিনাশে কম্পিউটাৰ নজনা নহয়, সিও
জানে, তাৰ সমান কম্পিউটাৰ জনা মানুহ হয়তো গোটেই অফিচটোতেই কম ওলাব, কিন্তু সি
দৰকাৰী কামবোৰ কৰাৰ বাহিৰে অবাবতে সেইবোৰত সময় নষ্ট নকৰে, একো কাম নাথাকিলে সেয়ে
সি সিহঁতক আমনি নকৰি অফিচৰ সন্মুখতে থকা ফুলনীখনৰ কাষে কাষে খোজ কাঢ়ি ফুৰে।
এনেকৈ দিন গৈ মাহ, মাহৰ পাছত বছৰ
গৰকিলেগৈ, কিন্তু সিহঁতবোৰৰ কোনো পৰিবৰ্তন নাই বৰঞ্চ দিনক দিনে বেছিহে হৱলৈ ধৰিলে,
তাৰে মাজৰ এটাইটো কিবা বোলে ৱিকিপিডিয়ানে কি সেইভাগতো সোমাই লৈছে, আৰু বোলে কিবা
পুৰস্কাৰো পাইছে, বাকী বোৰৰ লগতে সি সেই পুৰস্কাৰ চাৰ্টিফিকেটবোৰ আনি অবিনাশকো
দেখুৱাইছে, কিন্তু তাৰ আগত কোৱা মানে হোলোঙাৰে কান খুজুওৱা একেই কথা। সি এইবোৰ
নুবুজে এনেয়ে চাইহে থলে।
মাজে মাজে অফিচ চুটীৰ পাছত
অবিনাশৰ লগৰ বোৰে নিজৰ নিজৰ গাৰ্ল ফ্ৰেইণ্ডৰ লগত সময় কতাই, পাৰ্কত গৈ ঘণ্টা ঘণ্টা
ধৰি কি কথা পাতি থাকে অবিনাশে একো আওভাও নুবুজে। কিন্তু এইবোৰকে দেখি দেখি তাৰো
ফেচবুকৰ প্ৰতি যেন কেইদিনমানৰ পৰা কিবা এটা আগ্ৰহ জন্মিছে সি নজনাকৈয়ে, সেয়ে সি
এদিন আনদিনাতকৈ অফিচলৈ সোনকালে আহিল, যাতে
লগৰ বোৰ অহাৰ আগেয়ে সি ফেচবুকনো কি বা কেনেকুৱা চাই লব পাৰে, নহলে সিহঁত অহাৰ পাছত
সি যদি ফেচবুক খোলে, আটাইকেইটাই তাৰ কিবা তাঁৰ-চাঁৰ চিগিল বুলিয়েই ভাবিব।
নাভাবিবনো কিয় সদায় এইবোৰৰ বিৰোধিতা কৰোতা বা আগ্ৰহ নেদেখুওৱা জনেই যদি ক্ষুদ
নিজেই ফেচবুক খোলে আচৰিততো হৱৰে কথা, সেয়ে আহিয়েই সি খৰধৰকৈ চিধাই কম্পিউটাৰটো অন
কৰি নেট সংযোগ কৰিলে, টাইপ মাৰি দিলে টাইটল বাৰত www.facebook.com তাৰ পাছত আহিল ফেচবুকৰ মেইন পেজটো, এতিয়া কি কৰিব,
ভাবিলে ঘড়ীটোলৈ চালে সময় তেতিয়া ৯.৩০ হৈছেহে, এহ বহুত সময় আছে অফিচৰ বাকী বোৰ
মানুহ আহিবলৈ, সেয়ে সি এইবাৰ ভালকৈ পঢ়িচালে চাইন আপ, চাইন ইন। তাৰ পাছত চাইন আপ
কৰিয়েই এটা একাউণ্ট খুলি ললে। তাৰ নিজৰ এখন ধুনীয়া ফটো সি তাৰ প্ৰফাইলত সংযোগ কৰি
ৰাখিলে। সেইদিনা প্ৰখম খুলিয়েই সি কি কৰিব একো বুজি পোৱা নাছিল, কেৱল ফ্ৰেইণ্ড
চাৰ্চ কৰিব পাৰিলে, ভাল লগা দেখাত ধুনীয়া ফটো থকা কেইজনীমান ছোৱালী চাইলৈ পঠাই
দিলে ফ্ৰেইণ্ড ৰিকুৱেষ্ট, ইটো সিটো প্ৰথম পৃষ্ঠাতে চাই চাই থাকোতেই সময় খিনি
কেতিয়া যে পাখি লগা কাঁড়ৰ দৰে পাৰহৈ গল ধৰিবই নোৱাৰিলে।
সময়বোৰ পাৰহৈ গৈ আছে, দিন যায়
মানে অবিনাশেও লুকাই চুৰকৈ ফেচবুক অফিচতেই খুলিবলৈ ললে, লাহে লাহে তাৰ ফ্ৰেইণ্ড
লিষ্টখনো দীঘল হবলৈ ধৰিলে। সদায় আহি ফেচবুকেই খোলে প্ৰথমে, আহিয়েই দেখে সি চাৰি
পাছজনী ধুনীয়া ছোৱালীয়ে তাৰ ফ্ৰেইণ্ড হৱৰ বাবে অপেক্ষা কৰি আছে, লগে লগে তাৰ মনটো
ভাল লাগি যায়। এক বুজাব নোৱাৰ অনুভুতিয়ে তাৰ মনটোত ধুমুহাৰ সৃষ্টি কৰি তোলে। তাৰে
দুই এজনীৰ লগত মাজে সময়ে মেচেজ লিখি কথাও পাতিছে, প্ৰথমে সি জনাই নাছিল তেনেকৈ যে
কথা পাতিব পাৰি, এদিন এজনী ছোৱালীয়ে সি ফেচবুক চাই থাকোতেই hi বুলি মাতিলে, তেতিয়াহে সি বুজিলে
যে ইয়াত লিখিলেই সেইগৰাকীয়ে দেখা পাব। এনেকৈয়ে এদিন দুদিনকৈ সি ফেচবুকৰ তলা-নলা
সকলো বুজিব পৰা হল। এতিয়া বাকী আছে তাৰ মনৰ পচন্দৰ এজনী জীৱন সংগী বিচৰাৰ, কিন্তু
কেনেকৈ সম্ভৱ ভাবি ভাবি পাৰ নোপোৱা হল। নহলে যে সি তাৰ কলিগবোৰৰ লগত সমানে খোজত
খোজ মিলাই আগুৱাই যাব নোৱাৰিব, সি সিহঁতক দেখুৱাই দিব বিচাৰে যে সিও পাৰে সিহঁতৰ
দৰে সকলো সম্ভৱ কৰিব, তাৰো আছে এজনী গাৰ্ল ফ্ৰেইণ্ড সিহঁতৰ দৰে। কিন্তু সি এতিয়াই
সিহঁতক সকলো দেখুৱাই নিদিয়ে, লাহে লাহে তাৰ বাকী থকা কামটো হৈ লওঁক, তাৰ পাছত সি
এদিন সকলোকে এটা চাৰ্প্ৰাইজ দিব আৰু সেইদিনা সিহঁত সকলো বিষ্ময়েৰে অৱাক হৈ ৰব।
সেইদিনটোলৈ আৰু বেছি দিন নাই যে সি মনতে ভাবিলে।
এদিন অবিনাশে দুই এটা আপডেট দি
থাকোতেই তাৰ এজন বন্ধুৱে তাক অসমীয়া কথা-বতৰা বুলি এটা ভাল গ্ৰুপত সুমুৱাই দিয়াৰ কথা কলে, সিওঁ না
নকৰিলে....লাহে লাহে গ্ৰুপটোত তাৰ ভাল লাগিল, গ্ৰুপৰ সদস্যবোৰৰ মৰম চেহেনে তাক
আপ্লুত কৰিলে, সিও এটা দুটাকৈ কিবা কিবি লিখিবলৈ ধৰিলে, সকলোৱে অবিনাশৰ লেখাবোৰ
ভাল পালে আৰু তাক অনুপ্ৰনিত কৰিলে, তাৰ উত্সাহ দুগুনে বাঢ়ি গল, মনটো ভাল লাগি গল।
এতিয়া সি তাৰ লগৰ বোৰতকৈ বেছি সময়হে ফেচবুকত কটোৱা হল, মাজতে সি দৰমহা পাই এটা
কম্পিউটাৰ কিনিলে কেৱল ফেচবুকৰ বাবে নহয়-অসমীয়া কথা-বতৰাৰ বাবেহে। এতিয়া আৰু সি
অফিচলৈ সোনকালে নাযায় লুকাই-চুৰকৈ ফেচবুক খুলিবলৈ, ঘৰতে হল উপলব্ধ হল তাৰ প্ৰিয়
ফেচবুক, প্ৰিয় অসমীয়া কথা-বতৰা।
জীৱনৰ ৩৪টা বসন্ত গৰকা অবিনাশে
পাৰহৈ অহা দিনবোৰত মৰম, ভালপোৱা, প্ৰেম কি বস্তু যে অনুভৱেই কৰিব পৰা নাছিল, আচলতে
অনুভৱ কৰিবলৈ আজৰিয়েই পোৱা নাছিল বুলিলেহে সঁচা কোৱা হৱ, সদায় সি তাৰ দৰিদ্ৰতাৰে
ভৰি থকা ঘৰখনৰ জোৰা-টাপলি মাৰি থাকেতেই কেতিয়া যে ৩৪টা বসন্ত পাৰহৈ গল গমেই
নাপালে, সৰুৰে পৰা কাৰোৰে মৰম নোপোৱা অবিনাশ অলপ যেন মৰম আকলুৱাহে আছিল তেনে নহয়
সি যথেষ্ট আময়িকও। লগৰবোৰে কেতিয়াবাই ঘৰ-সংসাৰ পাতি বাপেকী হল, এতিয়া সি এটা
চৰকাৰী কাম পালে, লাহে লাহে সি ঘৰখনক অলপ সকাহ দিব পৰা হল। ঘৰখনৰ অভাব বোৰ দুৰ কৰিব
পাৰি এতিয়াহে সি অলপ ভালকৈ উশাহ লব পৰা হৈছে। তাৰ লগে লগেই মাকে তাৰ ঘৰখন পতাৰ
কথাটো মাজে সময়ে উনুকিয়াই নথকা নহয়, কিন্তু সি এতিয়াই মন মেলা নাই সেইবোৰ জঞ্জালত
সোমাবলৈ, তাৰ কৰিব লগিয়া বহুত আছে ঘৰখনৰ বাবে। সেইবোৰ কৰি উঠিহে সি নিজৰ কথা ভাবিব
বুলি মনতে ভাবি থাকে।
লাহে লাহে মাকে পাকঘৰৰ ভাৰ সহিব
নোৱাৰা হৈ আহিল, সিয়ো নিৰুপাই হল, বাধ্য হৈ সি এইবাৰ ঘৰখন পাতিবলৈ সিদ্ধান্ত ললে,
কিন্তু মন কৰিলেই জানো হৱ, তাৰ বাবে আজিৰ দিনতনো কোন ছোৱালী ৰৈ থাকিব, এইবোৰকে
ভাবি ভাবি তাৰ ৰাতি বহু দেৰিলৈ টোপনী নহা হয়। কি হৱ কি নহৱ ভাবি থাকোতেই যেন
ৰাতিপুৱাবৰে হয়, তথাপিও নোলায় তাৰ সমীকৰণ,সদায় ভাবে কিন্তু সদায় একেই।
অ.ক.বত সি এদিন দুদিনকৈ নিগাজিকৈ
এখন আসন দখল কৰিবলৈ সক্ষম হল, অ.ক.বত থাকোতেই সি ৱিকিপিডিয়াৰ বিষয়ে জানিব পাৰিলে,
অবিনাশে অসমীয়া ভাষাটোৰ বাবে কিবা এটা কৰাৰ কথা চিন্তা কৰিলে, কিন্তু কেনেকৈ কৰিব,
বহুজনৰ পৰা সি সহায় পালে, ক্ৰমান্বয়ে সি ৱিকিপিডিয়াৰ লগতো জড়িত হৈ পৰিল, সমানে চলাই
গল অ,ক,বতো চৰ্চা। সমান্তৰাল ভাবে তাৰ কামবোৰে ৰাইজৰ সমাদৰ পাবলৈ ধৰিলে, এতিয়া তাক
চিনি নোপোৱা মানুহ খুউব কম আছে বুলিলেও ভুল কোৱা নহৱ। তাৰ লেখাবোৰৰ জনপ্ৰিয়াত
বাঢ়ি গৈ থাকিবলৈ ধৰিলে, লগতে তাৰ অনুগামীও।
এদিনৰ কথা অবিনাশে সদায় ব্যস্ত
থকাৰ দৰে সেইদিনাও ব্যস্ত হৈয়ে আছে, হঠাতে তালৈ আহিল এজনী সুন্দৰী যুৱতীৰ বন্ধুত্বৰ প্ৰস্তাব, হয়তো সেই
যুৱতি গৰাকীয়ে তাৰ লেখাবোৰৰ প্ৰতি আসক্ত হৈয়ে তালৈ বন্ধুত্বৰ প্ৰস্তাব
আগবঢ়াইছিলে। সি আগ-গুড়ি নাভাবি দেখি সহাৰি জনালে। সেয়াই আছিল আৰম্ভনি.....সি
তলকিবই নোৱাৰিলে যে সি এখন নতুন জগতত ভৰি দিলে তাৰ অলক্ষিতেই। মাজে মাজে দুয়োৰে
ভাব বিনিময় চলি থাকিল, প্ৰথম অৱস্থাত বান্ধৱী গৰাকীয়ে বৰ এটা বিশ্বাসত লোৱা নাছিল
তাক। লবনো কেনেকৈ যিহে ফেচবুকৰ ঘটনাবোৰ শুনি থাকে খৱৰ কাগজত, দুৰদৰ্শনৰ বাতৰিত, ভয়
লাগিবৰে কথা, কেনেকুৱাবা লৰা ঠিকতো নাই, সেয়ে বান্ধৱী গৰাকীয়ে নিজকে অলপ সংযত
কৰিহে দুই এষাৰ কথা পাতে তাকো বেছি সময় নহয় কেতিয়াবাহে ১০ মিনিট বা ১৫ মিনিট
মাত্ৰ, সিমানতে শেষ হয়। এনেকৈ চাওঁতে চাওঁতে সিহঁত দুয়ো দুয়োৰে ওচৰ চাপি আহিল নজনাকৈয়ে,
সিহঁতৰ কথা পতাৰ সময়ো যেন লাগে লাহে বাঢ়ি যাবলৈ ধৰিলে। বান্ধৱী গৰাকী আছিল
শ্যামলী, শ্যামলী বৰুৱা, ঘৰ তেজপুৰত, ঘৰৰ এজনীয়েই ছোৱালী সকলোৰে মৰমৰ। এতিয়া সিহঁত
দুয়োটাই প্ৰায়ে ৰাতি ৰাতি ১০,১১ বজালৈ কথাপাতে, ঘৰৰ কথা, বন্ধু বান্ধৱৰ কথা,
স্কুলীয়া জীৱনৰ কথা, চাকৰি জীৱনৰ কথা, এটা এটাকৈ সি তাৰ জীৱনত পাৰহৈ অহা দিনবোৰৰ
সকলো কথা তাইক কৈছে, তাইয়ো পাৰে মানে সকলোৱেই কৈছে। এতিয়া যেন ফেচবুকৰ বাহিৰে
সিহঁতৰ আন কথা ভাবিবলৈ আহৰি নাই, কেতিয়া দুয়ো আহি অফিচৰ পৰা আৰু তাই স্কুলৰ পৰা
আহি পাবহি, কেতিয়া কথা পাতিব পাৰিব তাকেই যেন সুবিধা বিচাৰি থাকে দুয়োটাৰে মনে।
কবলৈ পাহৰিছিলোৱেই শ্যামলী এগৰাকী শিক্ষয়ত্ৰী, সৌ সিদিনা নতুনকৈ চাকৰিত যোগ দিছে,
টেট পৰীক্ষাত উৰ্ত্তীন হৈ সোমাইছে, সেয়ে দুয়ো দিনৰ ভাগত তেনেকৈ সুবিধা নাপাই কথা
পাতিবলৈ।
শ্যামলীক তাৰ জীৱনত বান্ধৱী
হিচাপে অবিনাশ যেন খুবেই সুখী। আজিকালি তাৰ মনটো ভাল হৈয়ে থাকে, অনবৰতে তাৰ মুখত
এটা নহয় এটা গানৰ কলি শুনিবলৈ পোৱা যায়। ইয়াৰ অন্তৰালত আন কোনো নহয়, শ্যামলীৰ
প্ৰভাব আছে, শ্যামলীৰ এটা এটা কথাই তাক মুগ্ধ কৰে, তাই ব্যৱহাৰ, তাইৰ হাঁহি তাৰ
খুবেই ভাল লাগে, শ্যামলীৰো ভাল নলগা নহয়, তাৰ কথাবোৰে তাইকো ভবাই তোলে, কেতিয়াবা
ভাবে দুয়োটাই আৰু যদি কেইবছৰমানৰ আগতে দুয়ো দুয়োৰে জীৱনলৈ আহিলে হয়, তেতিয়া ইমান
দিনলৈ সিহঁত বহু দুৰেই আগুৱাই যাব পাৰিলে হয়, এই যে ভাল লাগে, সেয়ে দুয়োটাই কথা
পাতি পাতি কিমান সময় যায়গৈ কব নোৱাৰা হৈ থাকে, ঘড়ীটোলৈ চালে মনত পৰে যে ৰাতি বহুত
হল। তেতিয়া খৰধৰকৈ শুৱলৈ যায়। এনেকৈয়ে দৈনিক ৰুটীন যেন হৈ পৰিছে সিহঁতৰ
কথা-বতাৰাৰ।
আজি অ.ক.বৰ শীৰ্ষ সদস্য-সদস্যা
ক্ৰমে উচ্চজিত্ কলিতা আৰু মিতালী বৰ্মনৰ বিয়া, এইখৱৰটো দুয়োটাই অ.ক.বৰ মজিয়াতেই
শুনিছিল, কিন্তু আজি তেওঁলোকৰ বিয়া..............সঁচাই ভাবিয়েই ভাল লাগিছে, যি
সময়ত ইণ্টাৰনেট, ফেচবুক আদিক মানুহে আমোদ প্ৰমোদৰহে থল বুলি ভাবি আহিছে, সেইসময়তেই
ইন্টাৰনেটৰ যোগেদিয়েই বা ফেচবুকৰ যোগেদিয়েই এনেকৈ কাৰোবাৰ এখন ঘৰ সুন্দৰকৈ গঢ়ি
উঠিলে কিয় বাৰু ভাল নালাগিব। এইবিয়াখনৰ খৱৰে যেন আন বহুতৰ লগতে সিহঁতকো এখোজ
বেছিকৈহে ওচৰ চপাই আনিলে।
অবিনাশৰ আজি মনটো সেয়ে ফুৰ্টী
লাগি আছে, এই অ.ক.বৰ বিয়া খনৰ কথাটো কেতিয়াকৈ সি শ্যামলীক কব পাৰিব তাকেই ভাবি
ভাবি আহি আছিল অফিচৰ পৰা, আহিয়েই সি হাত মুখ ধুই খৰধৰকৈ ফেচবুক খুলিলে কিজানিবা
শ্যামলী আছেই.........কিন্তু ই কি শ্যামলী যে নাই, এতিয়াওঁ অহাই নাই ফেচবুকলৈ, কি
কৰা যায়, অপেক্ষা কৰিবলৈ যেন তাৰ আজি সময় নাই....শ্যামলীৰ লগত যোগাযোগৰ একমাত্ৰ
উপাই আছে যদি সেয়া তাৰবাবে ফেচবুকহে। সি নাজানে তাইৰ ফোন নম্বৰ, ইমান দিনে কথা
পাতি আছে যদিও ফোন নম্বৰটো লোৱা হোৱা নাই, আচলতে তাৰ বিশেষ প্ৰয়োজনো হোৱা নাছিল,
সদায় ৰাতি নেটত লগ পায়েই আৰু। কিন্তু আজি সি ভাবিছে-তাইৰ যদি ফোন নম্বৰটো থাকিল হয়
তেনেহলে সি আজি তাইক এটা এচ,এম, এচ দিও মাতিব পাৰিলে হয়, কিন্তু এতিয়া তাৰ হাতত আন
উপাই নাই। সি মনতে ভোৰ-ভোৰালে- হুহ ইমান দিন কথা-পাতিলি হেৰ, ফোন নম্বৰটোকে লব
নোৱাৰিলি, কিহৰ ডেকাটো হলি, ছোৱালী এজনীক পটাবলৈ ইমান দিন লাগে নেকি..? বোলো হেৰ, এনেকৈ হলে এদিন তই
লাখুটী লৈহে কইনা আনিবগৈ লাগিব কৈ থলো। বাবা, অ বাবা, চাহ আনিছো হু ল, চাহ কাপ খাই
ল তাৰ পাছত কামত লাগিবি (((মাকে এইবোৰৰ
ভু-ভাকেই নাপায়, কম্পিউটাৰটো মুখৰ আগত লৈ বহি থকা মানেই মাকে ভাবে সি কিবা অফিচৰ
কামত ব্যস্ত আছে বুলি, সেয়ে টেবুলতেই চাহ হাজিৰ দিলেহি, পিছে সিহে জানে কি অফিচৰ
কাম কৰি আছে))),..................একেবাৰে ওচৰত মাকে চাহৰ কাপটো আনি থোৱাতহে তাৰ
তন্ময়তা ভাগিল। সি ভাবিলে কিমান সময় বাৰু সি এনেকৈ ভাবি ৰৈ আছে। লগে লগে মনিটৰলৈ
চাই দেখে শ্যামলীয়ে তাক মাতি মাতি বহুত কেইটা মেচেজেই দিলে ইতিমধ্যে.......তাইৰ
একপ্ৰকাৰ অভিমানেই হৈছিল, হুহ ইমান সময়ে বা কি কৰিনো আছে জানো....ফেচবুক অন কৰি
এতিায়লৈকে ৰিপ্লাই নাই। খকামকাকৈ সি লিখি পেলালে তাইলৈ –
:-অ তুমি আহিলা, মই গমেই নাপাওঁ, মই মানে অলপ ৱিকিত ব্যস্ত
আছিলো, দিলে সি গোকাট মিছা কথা এটাকৈ, নকৈয়ো নোৱাৰে, সাৰিবতো লাগিব, তাইৰ অভিমানো
ভাঙিব লাগিব। সি সহজ হল, মাজে মাজে চাহৰ কাপত চুমুক মাৰি আছে কথাও পাতি আছে।
:-হুহ, মনত যে পৰিল, কোনোবা এজনী আছে বুলি, কেইটা মেচেজ দিলো
চোৱা এতিয়া..............সদায় সদায় মই চিঞৰি থাকিব নোৱাৰো হলে..........ৰৈ ৰৈ আমনি
লাগি যায়গৈ পাই, মা-হঁত কেতিয়াবাই শুলে, মইহে তোমাৰ বাবে ৰৈ আছো। ((শ্যামলীৰ
অভিমান সূচক বচন থল থলকৈ পৰিলহি তাৰ কানত))
:-কিনো কৰি থাকা ফেচবুক খুলি, কাৰোবাৰ লগত কথাপাতি থকা
নাইতো...? নহলে
মই ইমান সময়ে মাতি আছো কব নোৱাৰা কিয়...??? (শ্যমলীয়ে পুনৰ সুধিলে মনৰ খুধুৱনি মাৰিবলৈ)
:-নাই অ সঁচাকৈ কৈছো, মই অলপ ব্যস্ত আছিলো সেয়েহে।
:-ঠিক আছে বাৰু,
দুয়ো পুনৰ সহজ হৈ কথা পাতাত
লাগিল। এনেকৈ শ্যামলীয়ে যে কিমান ৰাতিলৈ তাৰ বাবে অপেক্ষা কৰি থাকিব লগিয়া হয়
টোপনিয়াই টোপনিয়াই তাৰ কোনো লেখ জোখ নাই। এদিন দুদিনকৈ সিহঁতৰ মাজত মৰম ভালপোৱা
বোৰে ঠাই লবলৈ ধৰিলে, দুয়ো দুয়োৰে লগত আজিকালি যথেষ্ট ফ্ৰি হৈ কথা পাতিব পৰা হল,
শ্যামলীয়েও অবিনাশৰ সকলো আবদাৰ পুৰাবলৈ ধৰিলে, পাৰে মানে হিয়াউজাৰি মৰম দিবলৈ
চেষ্টা ক্ৰুতি নকৰিলে। কালি হঠাতে শ্যামলীয়ে তাইৰ ফোন নম্বৰটো অবিনাশক দিলে, যাতে
সকলো সময়তে তাৰ খৱৰ লৈ থাকিব পাৰে, অবিনাশে সেইটো তাৰ মবাইলত সজতনে সাঁচি ৰাখিলে। আজিকালি শ্যামলীয়ে শয়নে-সপোনে অবিনাশৰ কথাই
ভাবি থাকে, স্কুললৈ যাওঁতে আহোতে, স্কুলত ক্লাচ কৰি থাকোতেওঁ কব নোৱাৰাকৈয়ে তাই
মনটো অবিনাশৰ ওচৰলৈ উৰা মাৰে, ভাবে তেওঁ বা এতিয়া কি কৰি আছে, কিবা খালেনে নাই,
ইত্যাদি ইত্যাদি। তাই এতিয়া ৰাতি ৰাতি প্ৰায়ে সপোন দেখে, অবিনাশৰ সপোন, এখন সুখৰ
সংসাৰৰ সোপন, কেতিয়াবা সাপোনতে তাই নিজকে অবিনাশৰ দুবাহুৰ মাজত বিচাৰি থাকে, তাৰ
মৰমৰ বাবে আকুল হৈ পৰে, সাৰপালেই তাইৰ খং এটাই জুমুৰি কৰি ধৰেহি, তাই মনৰ ভিতৰতে
কয়--ইমান যে ভাল লাগিছিল সপোনটো, চেহ সাৰ পাই গলো। ৰাতিপুৱা উঠিয়েই মবাইলোটো চাই
তাই, কিজানি অবিনাশৰ কিবা মেচেজ আছেই, অবিনাশেও তাই ভাল পাই বাবেই তাই শোৱাৰ পাছত
কিবা কিবি তাইৰ মেচেজত লিখি থয় আৰু সেয়া শ্যামলীয়ে ৰাতিপুৱা বিচনাতেই সাৰ পাই চকু
মোহাৰি মোহাৰি হেপাঁহ পলুৱাই পঢ়ি লয়, মনটো তাইৰ দিনটোৰ বাবে ভাল লাগি যায়, যেন এক
নতুন আশা বুকুত বান্ধি লৈ আগবাঢ়িহে যায় দিনটোৰ বাবে। কিমান যে কল্পনা তাইৰ
অবিনাশক লৈ কোনো লেখ নাই।
এদিন শ্যামলীয়ে অবিনাশক তাইৰ
মবাইল নম্বৰটো দিলে, যাতে সকলো সময়তে তাৰ লগত যোগাযোগ কৰিব পাৰে, এতিয়া সিহঁতে
মাজে মাজে সুবিধা অনুযায়ী ফোনতো কথা পাতে, কিন্তু বৰ বেছি সময়ৰ বাবে নহয়,
থুলমুলকৈহে। সকলো ঠিকেই আছে, কতো একো খুত নাই সিহঁতৰ মাজত। এনেকৈ সময়বোৰ পাৰহৈ
আছে।
বহুত হল আৰু, আৰু কিমান দিন এনেকৈ
থাকিব সিহঁত, দুয়োটায়ে ভাবে কথাটো, সমন্ধটোৰ এটা নাম দিব পাৰিলে ভাল আছিল, এই
কথাটো শ্যামলীয়ে কেইবাবাৰু অবিনাশক বুজাবৰ চেষ্টা নকৰা নহয়, কিন্তু সি তাইৰ লগত
ধেমালিকৈ কথাপাতি তাইৰ কথাটো পাতল কৰি দিয়ে, আচলতে সি কথাটো সিমান ভালকৈ গুৰুত্বই
দিয়া নাছিল, তাই যে সঁচাকৈয়ে ভাবিছে কথাটো সি বুজিব পৰা নাছিল। শ্যামলীয়ে ভাবিলে
নহৱ আৰু তেওঁৰ দ্বাৰা, নিজেই কিবা এটা কৰিব লাগিব, আজি তাই তাক কথাটো কৈয়েই দিব
সকলো লাজ অভিমান কাটি কৰি, নহলে যে এনেকৈ থাকিলে পাছলৈ বহুত দেৰি হৈ যাব পাৰে।
ইফালে অবিনাশে তাইকতো আকাৰে ইঙ্গিতে তাইকেই যে ভাল পায় সেইটো জনাই দিছেই, তাইহে
বুজিও নুবুজা ভাওঁ ধৰি থাকে। ৯টা বাজিত অবিনাশে ফেচবুক খুলিবৰ হল তাই ঘড়ীটোলৈ চাই
মনতে ভাবিলে কথাটো। মাকক পাকঘৰত অলপ সহায় কৰি ভাত সোনকালে খাবলৈ সকলো যোগাৰ কৰিলে,
যাতে আজৰি হৈ নিচিন্ত মনে অবিনাশৰ লগত কথাপাতিব পাৰে। কিন্তু মাকেনো কি
জানে...তাইৰ যে ইমান খৰধৰ কিহৰ বাবে। শ্যামলী আৰু ৰৈ থাকিব নোৱাৰিলে, ভাত খাবলৈ
তেতিয়াওঁ প্ৰায় ৩০মিনিটমান দেৰি আছে, সেয়ে তাই কামৰ মাজতেই মবাইলত ফেচবুক খুলি অবিনাশ
আছেনে নাই চালে। তাই অবিনাশক দেখি মনতে ভাবিলে, উৱা আজি দেখোন মোৰ মহাদেৱ সোনকালেই কৈলাশত
আৰ্বিভাৱ, কথা কি....! তাই তাক মাতষাৰ লগায়েই কামো কৰি আছে........
:-বাহঃ আজি দেখোন মোতকৈ আগতেই আহি ৰৈ আছা, কথা কি....? মই আকৌ ভাবিছিলো তুমি আহিবাহে
বুলি, ভালেই কৰিলৈ মই চিন্তাহে কৰি আছিলো ঘড়ীটোলৈ চাই। এতিয়া তুমি অলপ ৰবা হা, মই
মাক সহায় কৰি দিছো, ভাত খাইয়েই ভালকৈ কথা পাতিব পাৰিম।
:-নাই এনেয়ে
তোমাৰ লগত কথা পাতিবলৈ মন গল, সেয়ে অ। ঠিক আছে, তুমি আহা মানে মই অ.ক.বতেই চকু
ফুৰাও। (অবিনাশে
তাৰ প্ৰিয় লেখক বোৰৰ লেখাবোৰ প্ৰথমেই পঢ়াত লাগি)
শ্যামলীয়ে ভাত খাবলৈ বহিল, মাক
হঁতে ভাত খোৱাৰ মাজতে দিনটোৰ কথাবোৰ আলোচনা কৰি থাকিল, তাইৰ সেইবোৰলৈ ভক্ষ্যেপ
নাই, তাইৰ চিন্তা কেৱল কেতিয়া সোনকালে ভাত খাই অবিনাশৰ ওচৰ পায়গৈ। মাকে তাইৰ
কাণ্ডবোৰ আলেঙে আলেঙে লক্ষ কৰি আছিল, এপাকত সুধিয়েই পেলালে—মাজনী তই ইমান খৰধৰকৈ
খাই কলৈ যাৱ হা...?? লাহে লাহে খাচোন ভাত কেইটা।
তাইৰ মাকৰ কথা ইকানে সুমুৱাই
সিকানে যেন উলিয়াইহে দিলে........মুখেৰে একো নামাতি খৰধৰকৈ ভাত কেইটা খাই উধাতু
খাই পালেহি অবিনাশৰ ওচৰ।
:-শুনিছানে!মই
আহিলো দেই, তুমি আছানে বাৰু...? (যেন ঘৈনিয়েকেহে গিৰিয়েকক মাতিছে)
:-আছো আছো কোৱা,
তোমালৈকে ৰৈ আছো আক। পিছে মোক যে আজি শুনিছানে বুলি কলা, কথাটো কি অ....?? মনে মনে অবিনাশে বেয়া পোৱা নাই
তেনেকৈ মাতা বাবে।
:-ভাত খাই আহিলো
খৰধৰকৈ জানা, মাহঁতক তাতে এৰিলো। কিয় মই তোমাক তেনেকৈ মাতিব নোৱাৰো নেকি কিবা...??
:- ভাত খাওঁতে
তোমাৰ কিয়নো ইমান খৰধৰ হা ....?? কাৰ বাবেনো দৌৰাদৌৰিখন কৰা বাৰু....! (অবিনাশে খোচটো
ইচ্ছা কৰিয়েই মাৰি চালে)
:-হুহ তুমি
এইবোৰ নুবুজিবা বুইছা, এয়া আখৰাহে, ভাওনাৰ প্ৰস্তুতি আক। বাৰু সেইবোৰ বাদ, তুমি ৰৈ
থাকি আমনি পাবা বুলি ফুটাফট খাই আহিছো আক। আজি তোমাক অলপ কথা কবলগিয়া আছে জানা,
ভয়ো লাগে কিজানি তুমি বেয়া পাই যোৱা। কমনে নকম ভাবি আছো।
অবিনাশেও বহু কথাই কম কম বুলি বুকুৰ মাজত বহু দিনৰে
পৰাই সাঁচি ৰাখিছে। সি তাইক পাৰিবনে বাৰু সুধিব, সদায় ভাবে আজি কম, আজি কম, কিন্তু
সদায় কোৱা নহয়। তাইৰো একেই অৱস্থা, কেনেকৈনো ছোৱালী হৈ আগতে কয় বাৰু কথাবোৰ, তাইৰ মনটোৱে যেন কয় এতিয়াই সকলো কথা কৈ দিম
এফালৰ পৰা, নাই নোৱাৰে তাই, সকলো কথা কৈ দিয়াৰ পাছত যদি সি বেছি অভিমানী হৈ যায়।
নালাগে থাকক, চাওঁচোন কেইদিনমান আৰু, তেতিয়া অবিনাশৰো মনটোৰ ভিতৰলৈ কুকুটি-কুকুটি
সোমায় বুজি লব পাৰিব।
অবিনাশে কথাৰ মাজতে এবাৰ সুধিয়েই পেলালে, সি পেটত কথা
ৰাখিব নোৱাৰে, ওলাই যায়।----শুনাচোন! তোমাক কথা এটা কওঁ, তুমি যেন মোৰ কথাটোত
কেতিয়াওঁ ভুল নুবুজা, তোমাৰ যি সিদ্ধান্তই নহওঁক কিয় তাক মই আদৰি লম, কিন্তু তুমি
মোক বেয়া পাব নোৱাৰিবা, কেই মূৰ্হুত্ব নিৰবতাৰ পাছত..................... তোমাৰ
সপোনৰ ৰাজকুমাৰক মোৰ মাজত বিচাৰি পাইছানে কেতিয়াবা...??? আকৌ সেই নিৰবাতই চানি ধৰিলে.................কাৰো
একো মাতবোল নাই..........((দুয়োটাই অফলাইন হৈ আছে বাবে এটায়ো এটাক ধৰিব পৰা নাই
আছেনে নাই)).................শ্যামলীয়ে যেন নিজৰ চকু কেইটাকৈ বিশ্বাস কৰিব পৰা
নাই, তাই ভাবত বিভোৰ হৈ পৰিল........সিফালে অবিনাশৰ বুকুয়ে ধান-বনাদি বানিবলৈ
ধৰিছে, কি হল তাই বাৰু বেয়া পালে নেকি মোৰ কথাত...! একো নোকোৱা হল যে.....................নে
তাইৰ আন কোৰোবাৰ লগত.......................নাই নাই তেনে হৱই নোৱাৰে, তাৰ ইমান ভুল
হৱ নোৱাৰে। কেইমূৰ্হুত্বৰ ভিতৰতে অবিনাশৰ মনৰ মাজত হাজাৰটা এনে ধাৰনাই ভুমুকি মাৰি
তাৰ মনটোকেই খেলিমেলি কৰি দিলে। সি মনে মনে ভাবিলে-এয়া বাৰু কি কৰিলো মই, তেওঁ
চাগৈ মোক বৰ বেয়া পালে, চেহ কি দৰকাৰ আছিল বাৰু সুধিবলৈ আজি, গোটেই পৰিবেশটোৱেই
সলনি হৈ গল। খিলখিলকৈ হাঁহিমাতি থকা ৰূপহী শ্যামলীজনী যেন কাঁহ পৰি জিনহে গল। সি
হাঁহিবই নে কান্দিবই ভাবি নাপালে, এনেকৈ দোধোৰ-মোধোৰ হৈ থাকোতেই কেতিয়া যে তাৰ
চুকুহাল সেমেকি উঠিল কবই নোৱাৰিলে, তাৰ বুকু দুৰুদুৰকৈ কপি উঠিল, বুকুৰ মাজত এটা
চেপা শোকে ঠাহ মাৰি ধৰা যেন অনুভৱ কৰিলে সি, ইমান দিনে সি পাই অহা মৰমবোৰ যেন
পলকতে এজান কাল ধূমুহাই জোকাৰি থৈ গল এনে লাগিল।
এনে সময়তেই অবিনাশৰ মনৰ মাজত এটা দুখৰ সুৰে
ভুমিকিয়াহি---
“ মৰম তুমি কম নকৰিবা,
লাগিলে দুৰে দুৰে আতৰিয়েই থাকা,
ভালপাওঁ কিমান প্ৰমান দিবলৈ,
আনি দিব নোৱাৰো মই জোন-বেলি, তৰা”।।
ইফালে অবিনাশৰ প্ৰশ্নটো দেখি শ্যামলীৰ দুচকু বহল হৈ
পৰিল, তাই ভেবা লাগি চাই থাকিল, ইতিমধ্যে সি কৰা প্ৰশ্নটো তাই কিমান বাৰ পঢ়িলে কব
নোৱাৰে, ইমান দিনে তাই কম কম বুলি ভাবি থকা কথাটো যেন অবিনাশৰ প্ৰশ্নটোৰ মাজতেই
বিচাৰি পালে, লগতে বিচাৰি পালে তাই আৰু বহুত কিবাকিবি, সপোন বোৰে যেন প্ৰাণপাই
উঠিল, চাৰিওফালে সফলতাৰ জ্যোতিয়ে আবৰিহে পেলালে, তাই কি কব কি নকব ভাবি নাপালে,
ইমানে আনন্দ লাগিল যে তাইৰ দুগালেদি দুধাৰি তপত চকুলো বৈ আহিল, বহু সময়ৰ পাছত তাই
লিখিলে তালৈ-----ইমান দিনে মই তোমাৰ দৰে এজন পুৰুষক বিচাৰি ফুৰিছিলো জানা...! আবেগ
আনন্দৰ সমাহাৰত কৈ দিলে তাইয়ো তাইৰ মনৰ কথা একেষাৰতে।
অবিনাশৰ সকলো ধাৰণা ভুল প্ৰমানিত কৰি, তাৰ দুঃচিন্তাত
যতি পেলাই শ্যামলীৰ উত্তৰ আহিল, সিও আচৰিত হল, কাৰণ সি কেতিয়াওঁ ভবাই নাছিল যে তাই
তাক তেনে এটা উত্তৰ দিব অবিনাশৰো দুচকু সেমেকি গল, কিন্তু এয়া যে তাৰ আনন্দৰহে
সেমেকা চকু। ইতিমধ্যে ৱাল ঘড়ীটোৱে ২ বাজৰ সংকেত দিলে-টং টং টং। সি যেন ৰাতি ২
বজাতো চিঞৰি চিঞৰি সকলোকে জনাই দিব এই সুখৱৰটো, লগৰ সকলোকে যেন ৰাতিয়েই কৈ দিব, ঐ
চা হঁত তহতৰ দৰে আজি মোৰো আছে কোনোৱা এগৰাকী, যি মোৰ বাবে, কেৱল মোৰ বাবে সাঁচি
ৰাখিছে হৃদয়ৰ সমস্ত মৰম, ভালপোৱা। অবিনাশ আৰু শ্যামলী আজি পৃথিৱীৰ সকলোতেকৈ যেন
সুখী, সিহঁতৰ সুখৰ যেন কোনো জোখ নাই। এতিয়া দুয়ো দুয়োক লৈ ভবিষ্যতৰ সপোন গঢ়াত
ব্যস্ত।
কথাৰ মাজতে শ্যমলীয়ে অবিনাশক প্ৰায়ে শুনাই, মোৰ লগৰ
ছোৱালী সকলো তেজপুৰতেই বিয়া হৈছে, সিহঁতৰেই ভাল, নিজৰ ঠাইখন এৰি থৈ যাব লগা হোৱা
নাই, ওচৰতে নিজৰ মাকৰ ঘৰখনো পাই থাকে। মইহে ইমান দুৰলৈ যাব
লাগিবগৈ.................এইখন কেচেট শ্যামলীয়ে অবিনাশক লগ পোৱাৰে পৰা সিহঁতৰ
প্ৰেমৰ ৰেকৰ্ড প্লেয়াৰটোত বহুত বাৰ বজাইছে। বজাই বজাই অবিনাশৰ কান ফালি দিছে,
.............তাইৰ মনৰ দুখটো সি বুজিপাই, সি কেতিয়াও একো নামাতে, শান্তশিষ্ট লৰাৰ
দৰে তাইৰ আপত্তিবোৰ শুনিবলৈ বিচাৰে, কিন্তু সি বেচেৰাইনো কি কৰিব পাৰে, তাৰ ঘৰ
গুৱাহাটীত, তেজপুৰত ঘৰ হোৱাহেতেন এইখন কেচেটৰ মূল্য শূন্য।
আজি পুনৰ শ্যমলীয়ে সেইখন কেচেট লগাইছেহে, তাৰ আজি
সঁচাকৈয়ে খঙটো উঠি আহিল যদিওঁ সি একো নামাতিলে, মনে মনে চাইৰল। শ্যামলীয়ে কিবা
কিবি চাটিংত কৈ আছে, সি এটাও টু শব্দ কোৱা নাই। এবাৰত খং উঠাত কলে, ঠিক আছে বাৰু
তুমি তেজপুৰ এৰি কলৈকো যাব নালাগে, মই তোমাৰ বাবে এটা তেজপুৰৰ লৰাকেই চাই দিম।
শ্যামলীৰ যেন খং দুগুনেহে চৰিল, তাই কিবা কিবি বলকিয়েই থাকিল।
এনেকুৱা খুটখাট লাগি থাকে সিহঁতৰ মাজত, শ্যামলীয়ে
জানো সঁচাকৈ তাক এৰি থাকিব পাৰে...?? এইবোৰ কৈ চাগৈ তাই তাক জুখিহে চায় এনে লাগে তাৰ। এনে
সময়তেই অবিনাশে অকলশৰে বহি সুৰ জুৰে-----
অ আজি আছো কালি নাই বুজিছানে নাই,
দুদিনীয়া মৰমে হিয়া নুযুৰাই
জীৱন যে দুদিনীয়া ,
বুজোতা কোনো নাই।।
আজি শ্যামলীয়ে অবিনাশক তেজপুৰলৈ
মাতিছে, এবাৰ ওচৰৰ পৰা চাবলৈ বিচাৰে তাইৰ চেনেহৰ হেপাঁহৰ অবিনাশক, ইমান মৰম
ভালপোৱা থকা সেই চফলডেকা অবিনাশ বাৰু কেনেকুৱা হৱ ওচৰৰ পৰা দেখিবলৈ, ধুনীয়া তাৰ
কথাবোৰৰ দৰে তাৰ চেহেৰাটোও ধুনীয়ানে বাৰু....??? লগ পালে কি কি কথা পাতিম..? প্ৰথম লগপাই বাৰু তেওঁৰ চকুলৈ
চাব পাৰিমনে....?? মনৰ উত্কণ্ঠাত আছে তাই, এনেকুৱা এশএবুৰি কথাই
আহি তাইক জুলুম কৰেহি, অবিনাশৰো একেই অৱস্থা........তাৰো মনটোৱে শ্যামলীক এবাৰ যেন
কাষতে পাবলৈ উগুলথুগুল লগালে। সিও মনতে ভাবিথাকে মাজে মাজে কেনেকুৱাবা হৱ বাৰু তাৰ
ভাললগা সপোন কুঁৱৰীজনী, ফটোত দেখিছে সিহঁতে ইটোৱে সিটোক, কথাও পাতিছে কিন্তু
তথাপিওঁ যেন কিবা এটা আধৰুৱাহে হৈ আছে তেনেকুৱা লাগে। সেয়া জানিবলৈ এতিয়া সিহঁতৰ
সেইদিনটোলৈ অপেক্ষা কৰিব লাগিব................